অহমিকাৰ বীজত অহংকাৰৰ বটবৃক্ষ-বিৰিঞ্চি মহন্ত

“অহংকাৰে মানুহক কেতিয়াও মহান নকৰে বৰং ই লাহে লাহে মানুহক নিসংগ কৰি তোলে।” ( ৰবীন্দ্ৰনাথ ঠাকুৰ)

সৰুতে এটা সাধু শুনিছিলোঁ। এটা অহংকাৰী কুকুৰা আছিল। সি থকা ঠাইখিনিত তাৰ সমান ডাঙৰ অৰ্থাৎ হৃষ্ট-পুষ্ট চেহেৰা আন কুকুৰা নাছিল বাবে অন্য কুকুৰাবোৰে তাক সমীহ কৰিছিল। তাৰ কাষলৈ কোনো আহিলেও, সি যুঁজ কৰি আঁতৰাই পঠিয়াইছিল। সি কাৰো লগ ল’বলৈ বিচৰা নাছিল। সি পুৱাই ডাক দিয়াৰ লগে লগে ঘৰৰ গৃহস্থই সাৰ পাইছিল। গৃহস্থই তাৰ খোৱা-বোৱাত যত্ন লৈছিল। আনবোৰতকৈ তাক প্ৰাধান্য দিয়া বুলি ভাবি সি লাহে লাহে মদগৰ্বী হৈ পৰিবলৈ ধৰিলে। সি মনতে ভাবিলে যে সি ডাক দিয়াৰ বাবেহে ৰাতিপুৱায়। এদিন সি পলমকৈ ডাক দিয়াত, সেইদিনা গৃহস্থৰো উঠাত পলম হ’ল। সি মনতে বৰ ৰং পালে।  লাহে লাহে সি আৰু অহংকাৰী হৈ পৰিল। সি আকৌ মনতে ভাবিলে – ” কাইলৈ মই ডাক নিদিওঁ, ৰাতি নুপুৱাব আৰু চাৰিওফালে আন্ধাৰ হৈ থাকিব।” ভবামতেই সি পিছদিনা ডাক নিদিয়াকৈ থাকিল। কিন্তু পিছদিনা ৰাতিপুৱা গৃহস্থই কুকুৰা গঁড়ালৰ দুৱাৰ খুলি দিয়াত সি দেখিলে যে বাহিৰত পোহৰে ঢলফাট দিছে। সি গঁড়ালৰপৰা ওলাই আহিল। তথাপি সি ভাবিলে যে হয়তো ভুলতে সি কিজানি ডাক দিলে, সেইবাবে ৰাতিপুৱাল। পিছদিনাও সি ডাক নিদিয়াকৈ শুই থাকিল। কিন্তু সি ভবামতে একো নহ’ল। ৰাতিও পুৱাল আৰু ৰ’দ ওলাই তাৰ চকুত চাট মাৰি ধৰিলে। গৃহস্থই চোতালত তাৰ লগতে আন কুকুৰাবোৰক খাবলৈ দি ক’লে – ” ই দেখোন ডাক-চাক নিদিয়া হৈছে, কিবা বেমাৰ-চেমাৰেই লাগিছে কিজানি। ইয়াক মাৰি খাই পেলোৱাই ভাল হ’ব। এনেও ই আৰু কেইদিনমানৰ পাছত বুঢ়া হ’ব। ” গৃহস্থৰ কথা শুনি কুকুৰাটোৱে দুটামান চাউল খাই, বাৰীৰ ফালে গুছি গ’ল। সি বাৰীত সোমাই জুপুকা মাৰি বহি ভাবিবলৈ ধৰিলে, আচলতে সি ভবাৰ দৰে তাৰ ডাকত ৰাতিও নুপুৱায় আৰু পোহৰো নহয়। সিহে সময়ৰ মতে চলি ডাক দিয়ে। প্ৰকৃতিৰ নিয়ম মতেহে দিন-ৰাতি হয়। সি যদি প্ৰকৃতিৰ এই নিয়মৰ বিপৰীতে যায়, গৃহস্থই তাক মাৰি এসাঁজ তৃপ্তিৰে খাব সেয়া ধুৰূপ। কুকুৰাটোৱে এইবোৰকে ভাবি জুপুকা লাগি থাকোঁতে, তাক সমীহ কৰি চলা আন কুকুৰাবোৰে তালৈ চাই খাদ্য বিচাৰি ওচৰে-পাজৰে মাটি খুঁচৰি ফুৰিল। হয়তো তাৰ বেমাৰ বুলি ভাবি তাক আমনিও নকৰিলে আৰু তাক গুৰুত্বও নিদিলে। কুকুৰাটোৱে বুজিলে যে সি নিজকে মইবৰ বুলি ভাবি থাকোতে নিজৰ স্বজাতিৰ মাজতে অকলশৰীয়া হৈ পৰিছে। স্বজাতিৰ মাজতে অজাতি হৈ থকা মানে নিজৰেই মৰণ বুলি ভাবি অহংকাৰ এৰি কুকুৰাটোৱে আনবোৰৰ লগ ল’লেহি। 

 সাধুকথা হ’লেও এই কুকুৰাটোৰ কাহিনীয়ে বুজাই দিয়ে যে মানুহৰ অহমিকা অৰ্থাৎ মইবৰতাই মানুহক অন্ধ কৰি তোলে। মানুহৰ সহজাত প্ৰবৃত্তি লোভ-মোহ, খং-ৰাগ, অনুৰাগ-বিৰাগ,  হতাশাৰ লগতে  আন কিছুমান স্বভাৱগত প্ৰবৃত্তিও সুপ্ত হৈ থাকে। পৰিস্থিতিৰ সাপেক্ষে এই প্ৰবৃত্তিবোৰ জাগ্ৰত হৈ উঠে। অহমিকা ভাবো  এই সুপ্ত প্ৰবৃত্তিৰেই এটা ভাগ। এই অহমিকা ভাবেই খং আৰু অহংকাৰৰ  সৃষ্টি কৰে। অহমিকাৰ অভিধানিক অৰ্থ মইবৰ, দম্ভ ভাব। যি ভাবে মানুহক আনতকৈ শ্ৰেষ্ঠ ধাৰণা জন্মায়। 

নিজকে নিজেই ডাঙৰ বুলি ভাবি, আনক হেয় জ্ঞান কৰা বা হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা কিম্বা নিজেই কৰা কামবোৰহে ভাল আনৰ কামত ভুল উলিয়াবলৈ চেষ্টা কৰা আচৰণতে অহংকাৰৰ জন্ম। কাঠত ঘূণে ধৰিলে কাঠৰ বাহিৰত সেই ঘূণ পোকটো নেদেখাৰ দৰেই, মানুহৰ স্বভাৱত অহংকাৰ জন্মিলে ইয়াক দেখা নাযায়। কিন্তু আচৰণত প্ৰকাশ ঘটে। অহংকাৰ মানুহৰ স্বভাৱৰ ঘূণ পোক সদৃশ। মানুহৰ স্বভাৱত যেতিয়া ই ক্ৰিয়া কৰে, তেতিয়া মানুহে আনৰ হাজাৰ ভাল গুণকো দেখা নাপায় আৰু নিজৰ সামান্যতাকো অসমান্য বুলি ভাবি লয়। অহংকাৰী মানুহে আনৰ ভাল দেখা নোপোৱাৰ লগতে আনে কৰা কোনো ভাল কামৰ প্ৰশংসাও নকৰে আৰু বেলেগ কোনোবাই কৰিলেও সহ্য কৰিব নোৱাৰি সেই কামৰ খুঁত বিচাৰি ফুৰে আৰু সামান্য ভুলকে এনে স্বভাৱৰ মানুহে বিয়াগোম কৰি প্ৰচাৰ কৰাৰ চেষ্টা কৰে। 

প্ৰকৃতাৰ্থত অহংকাৰ জন্ম হয় মানুহৰ অহমিকা স্বভাৱৰপৰা আৰু এই অহমিকা ভাবৰ সৃষ্টি হয় তুলনাৰপৰা। যেতিয়া মানুহে  নিজতকৈ সৰু বুলি ভবাজনৰ লগত, ঐশ্বৰ্যশালী লোকে দৰিদ্ৰজনৰ লগত আৰু নিজকে উচ্চবৰ্ণ অথবা শিক্ষিত বুলি ভবাজনে নিম্ন আৰু অশিক্ষিত লোকৰ লগত নিজকে ৰিজনি কৰে তেতিয়া মানুহৰ মনত মইবৰ ভাবে ক্ৰিয়া কৰে। এই মইবৰতা প্ৰকাশ ঘটে মানুহৰ আচৰণত। 

ভালকৈ চালে দেখা যায় যে  অহমিকা ভাবেই মানুহক আত্মগৌৰৱী কৰি অহংকাৰী কৰি তোলে। নিজকে আনতকৈ গুণী, কাৰ্যক্ষম আদি তুলনামূলক ধাৰণা পোষণে মানুহৰ মনলৈ অহমিকা ভাব আনে আৰু এই অহমিকা ভাবসম্পন্ন মানুহে আত্মশ্লাঘাত নিমগ্ন হৈ আনক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে। অহমিকা ভাবেই আকৌ মানুহক আত্মগৌৰৱী কৰি তোলাৰ লগতে ঈৰ্ষান্বিত আৰু ক্ৰোধাম্বিতও কৰি তোলে। এই ঈৰ্ষা, ক্ৰোধ, অহংকাৰে পিছে মানুহে নজনাকৈয়ে নিজকে প্ৰথমে দহন কৰে।খং আৰু অহংকাৰে নিজকে দহন কৰাৰ লগতে পতনৰ দিশে মানুহক লৈ যায় বুলি জনাৰ পাছতো মানুহে এই ভাবক এৰাই চলিব নোৱাৰে।কাৰণ এই ভাবে এবাৰ ক্ৰিয়া কৰাৰ ফলশ্ৰুতিত একপ্ৰকাৰে জ্ঞানৰ দুৱাৰ বন্ধ কৰি পেলায়। সন্দেহ ভাব জাগ্ৰত হ’লে মানুহে যেনেকৈ ভালকো বেয়া দেখে ঠিক তেনেকৈ অহং ভাবসম্পন্ন মানুহৰ ভাল-বেয়া বিচাৰ কৰাৰ ক্ষমতা লুপ্ত হৈ পৰে। 

অহং ভাবত মগন হৈ থকা মানুহে নিজৰ দোষ দেখাতো দূৰৈৰ কথা, এনে স্বভাৱৰ মানুহে আনে সেই দোষ আঙুলিয়াই দিলেও মানি ল’ব নোখোজে।কাৰণ দোষ স্বীকাৰ কৰা বা নিজৰ কামত ভুল দেখাটো অহংকাৰৰ বিপৰীত ধৰ্ম। ইয়াৰ কাৰণ এটাই দোষ স্বীকাৰ কৰা মানেই অহংকাৰত মত্ত হৈ থকা মানুহে নিজক আনৰ দৃষ্টিত সৰু হোৱাৰ অহেতুক ভয়।সেয়ে ভুলে-শুদ্ধই নিজকে এই শ্ৰেণীৰ মানুহে দোষমুক্ত কৰাৰ চেষ্টা কৰে। আনৰ উপদেশ বা পৰামৰ্শ এওঁলোকে মানি চলা মানে নিজকে তল পৰি যোৱা বুলি ভাবি লয়। অহংকাৰে মানুহক পৰনিন্দাতো লিপ্ত কৰে। আনৰ ভালৰ বিপৰীতে অহংভাবে মানুহক আনৰ বেয়াখিনিৰ প্ৰতিহে বেছি দৃষ্টি নিক্ষেপ কৰোৱায়। 

আত্মপ্ৰশংসা অহং মনৰ মানুহৰ প্ৰধান আহাৰ স্বৰূপ। আহাৰ অবিহনে জীৱৰ জীৱন বিপন্ন হোৱাৰ দৰেই, প্ৰশংসাৰ অবিহনে অহংকাৰ নিস্প্ৰভ। সেয়ে আনে প্ৰশংসা নকৰিলেও অহমিকাত মত্ত হৈ থকা মানুহে নিজেই নিজৰ গুণ বখানি আত্মতৃপ্তি লাভ কৰাৰ লগতে আনৰপৰা প্ৰশংসিত হোৱাৰ বাট মুকলি কৰি লৈ একপ্ৰকাৰে অহংকাৰৰ বীজকেই আপডাল কৰাৰ চেষ্টা কৰে।কিন্তু নিজৰ গুণ বখনাৰ কাৰ্যই যে আনৰ কাণত শেল হৈ পৰে, সেই কথাও অহমিকাই মানুহক পাহৰাই ৰাখে।কাৰণ প্ৰশংসা আনে কৰিলেহে অমূল্য, নিজকে নিজেই কৰা প্ৰশংসাই আনৰ চকুত হেয়হে প্ৰতিপন্ন কৰে।

আটাইতকৈ ডাঙৰ কথা, অহংকাৰে মানুহক যোগ্য আৰু অযোগ্য বিচাৰ কৰাৰ ক্ষমতাও নোহোৱা কৰি পেলায়। এই অক্ষমতাৰ বাবেই অহং ভাবসম্পন্ন মানুহে কোনো সময়ত আনৰ পুতৌ বা তাচ্ছিল্যকো প্ৰশংসা বুলি ভাবি লয়। সেয়ে বহু সময়ত অহং ভাবসম্পন্ন মানুহ যোগ্যজনৰ লগতে আনৰো হাঁহিয়াতৰ পাত্ৰ হ’ব লগা হয়। 

 অহমিকা ভাবত আচ্ছন্ন হৈ থকা মানুহে অহংকাৰকে পৰম বিভূতি বুলি ভাবি লয় আৰু ভূষণ স্বৰূপে পিন্ধি লোৱা এই অহংকাৰ যাতে চ্যুত নহয়, তাৰবাবেও চেষ্টা কৰে। অহংকাৰে মানুহৰ মান-অপমানবোধৰ প্ৰৱণতাও অধিক কৰি তোলে। অহংকাৰী মনৰ মানুহে তেওঁৰ প্ৰতি কোনে কেনেকৈ আচৰণ কৰে, তাৰ প্ৰতি সদা সচেতন। ক’ৰবাত হীন-দেঢ়ি হ’লেই, তেনে লোক ক্ৰোধিত বা অভিমানী হৈ উঠে। অহংকাৰে মানুহক ক্ষমা-দয়াৰ দৰে মহৎ গুণসমূহৰপৰাও আঁতৰাই ৰাখে আৰু এনে মানুহ এবাৰ ৰুষ্ট হ’লে সহজে তেওঁলোক তুষ্ট কৰাটো কঠিন। ইয়াৰ মূল কাৰণো হৈছে অহংকাৰেই। আচলতে অহংভাবেই এনে কৰাৰপৰা তেওঁলোকক বিৰত ৰাখে। বহু সময়ত অহংকাৰে মান্য বুলি গণ্য কৰাজনকো মান্যতা প্ৰদান কৰিবলৈ নিদিয়ে। কাৰণ আনক মান্যতা প্ৰদান কৰি নিজকে লঘু হোৱা যেন বোধ কৰে অহং মনৰ মানুহে।

স্বভাৱ অনুসৰি মানুহৰ প্ৰবৃত্তিত থকা আন কিছুমান ৰিপুৰ আচৰণৰ ক্ষেত্ৰত ব্যৱহাৰ অনুযায়ী সজ হ’লেও, অহংকাৰৰ আচৰণ বা ব্যৱহাৰ কেতিয়াও সজ নহয়।বহু সময়ত মানুহে অহংকাৰে  আশয় বা মান বঢ়াই বুলি ভাবে।কোনো সময়ত আকৌ অহংকাৰকেই মানুহে স্বাভিমানৰ প্ৰতীক বুলিও ভাবে। স্বাভিমানৰ দোহাই দি আনৰ অনুগ্ৰহ ল’ব নিবিচাৰে। প্ৰকৃততে এই স্বাভিমানৰ আধাৰ কিন্তু শিক্ষাহে। কাৰণ সুশিক্ষাইহে মানুহক স্বাভিমানী কৰি তোলে।সুশিক্ষিত এজন মানুহে জানে যে আনৰ অনুগ্ৰহত থাকিলে মানুহৰ নিজস্বতা হেৰায়। আনৰ অনুগ্ৰহ গ্ৰহণ নকৰা আৰু উপদেশ নতুবা সজ পৰামৰ্শ গ্ৰহণ নকৰাৰ মাজত পাৰ্থক্য থকাৰ দৰে অহংকাৰ আৰু স্বাভিমানৰ মাজতো পাৰ্থক্য আছে। কাৰণ বহু সময়ত অহংকাৰৰ বাবেও মানুহে নিজস্বতা হেৰুৱাই পেলায়। ভালদৰে বিশ্লেষণ কৰি চালে আনৰ অনুগ্ৰহত জীয়াই থাকিব নিবিচৰা গুণটো সুশিক্ষাৰ ফলশ্ৰুতিহে।

মইবৰ, দম্ভালি, অহংকাৰ এই স্বভাৱৰ মানুহ সকলোৰে অপ্ৰিয়। নিজকে জহাই ফুৰা বা নিজৰ গুণ বখানি ফুৰা মানুহক বেলেগেতো বাদেই আপোন মানুহেও ভাল নাপায়। অহংকাৰত মত্ত হৈ থকাজন যদি প্ৰতিপত্তিশালী ব্যক্তি হয়, তেতিয়া সাধাৰণ মানুহে ভয়তে তেওঁৰ দোষক আওকাণ কৰিলেও মানুহজনৰ প্ৰতি ভাল ভাব নাৰাখে। অহংকাৰীৰ প্ৰতি মনৰ ভিতৰত এক আক্ৰোশ ভাব সকলোৰে ৰৈ যায় আৰু সুযোগ বা সুবিধা মিলিলে সেই আক্ৰোশ ভাবৰ বৰ্হিঃপ্ৰকাশ নঘটাকৈও নাথাকে।আক্ৰোশ ভাবৰ বৰ্হিঃপ্ৰকাশ ঘটিলেই মানুহৰ অহমিকাত আঘাত কৰে আৰু অহমিকাত লগা আঘাতে মানুহৰ অহংকাৰ চূৰ্ণ কৰি পেলায়। 

মই জানো বা পাৰোঁ এয়া মানুহৰ আত্মবিশ্বাস। কিন্তু ময়েই জানো কিম্বা মইহে পাৰিম এয়াই মানুহৰ অহমিকা বা অহংকাৰ। যেতিয়া আমি ময়েই জানো বুলি ভাবি লওঁ, তাৰ পাছত আৰু আমাৰ শিকাৰ আগ্ৰহ নোহোৱা হৈ পৰে। কিন্তু এই পৃথিৱীত জনা বা শিকাৰ শেষ নাই। কিন্তু অহংভাব বা অহমিকাই মানুহক মইবৰ কৰি তোলাৰ বাবে শিকিবলৈ আগ্ৰহী কৰা দূৰৈৰ কথা, নজনাটোক জানিবলৈ চেষ্টা কৰাৰ মানে আনৰ ওচৰত সৰু হোৱা বুলিহে ভাবি লয়। আচলতে এই মই শব্দটোতে অহংকাৰ প্ৰতিফলিত হয়। অহংভাবে আনৰ ক্ষতি কৰাতকৈ নিজৰহে ক্ষতি সাধন কৰে। 

পৰিশেষত মানুহে অহংকাৰ কৰা ধন-সম্পদ, সৌন্দৰ্য, সফলতা সকলো সময়ৰ দান। কিন্তু মানুহৰ অহংকাৰৰ ফলত সময়ে দিয়া দানসমূহক সময়েই কাঢ়ি লৈ যায়। অহংকাৰত মত্ত হৈ থকা মানুহ অন্ধ হৈ থাকে বাবে নিজৰ ধ্বংসকো দেখা নাপায়।এই পৃথিৱীত কোনো মানুহ স্বয়ংসম্পূৰ্ণ নহয় আৰু হ’বও নোৱাৰে। আটাইতকৈ কঠিন পদাৰ্থ লোহাকো গলাই পেলাব পৰা আহিলা আছে। সকলো নিমিষতে ভস্মীভূত কৰি পেলোৱা জুইকো চেঁচা কৰি তুলিবলৈ পানী আছে। পৃথিৱী প্ৰকৃতিগত কোনো বস্তুৰেই যেতিয়া স্থায়িত্ব নাই,  সময়ৰ হাতত ধৰি আগবাঢ়ি যোৱা মানুহৰ অহংকাৰৰ স্থায়িত্বই বা ক’ত! 

*******

3 Comments

  • Looking for that VIP treatment? Heard 789pvip is where it’s at. Good luck and let me know of your success at: 789pvip

    Reply
  • Downloaded the 32winapp for my phone. It’s pretty smooth. Easy to use and I’ve had some good luck. Give this download a try and let me know what you get here: 32winapp

    Reply
  • Dragon Hatch, nghe cái tên là thấy muốn chơi rồi! Game nổ hũ này đồ họa đỉnh, tỷ lệ ăn cũng ngon nữa. Anh em nào thích slot game thì vào dragonhatchvn chiến ngay thôi!

    Reply

Leave a Reply to 789pvip Cancel reply

Your email address will not be published. Required fields are marked *