অৱজ্ঞা….এক বিষ-মাতু কুকুৰাছোৱা
“তুমি মোলৈ বেলেগ নাম্বাৰৰ পৰা কিয় ফোন কৰিছিলা?”
মেজিকখনত উঠিয়েই কথাষাৰ কাণত পৰাত ল’ৰাটোলৈ চালো।ল’ৰাটোৰ কাষতে এজনী ছোৱালী বহি আছে। ধুনীয়া মৰম লগা ছোৱালীজনী।মেজিকখনত মানুহো বেছি নাই। সিহঁতৰ বাহিৰে মোৰে সৈতে পাঁচজন মাথোন। কিন্তু কোন ক’ত বহি আছে ল’ৰা-ছোৱালীহালৰ সেইবোৰলৈ কাণসাৰ নাই।
ল’ৰাটোৰ কথাষাৰ শুনি মই সিহঁতলৈ চালোঁ। ধুনীয়া ছোৱালীজনীৰ চকুকেইটা সজল হৈ আছে।তাই মাত্ৰ কৈছে,
“কিয় তুমি মোৰ ফোন বা মেচেজবোৰ ইগ’নৰ কৰিছা। আগতে দেখোন তোমাৰ সময়ৰ অভাৱ নাছিল আৰু এতিয়া সময় নাই বুলি কিয় কোৱা বাৰে বাৰে।”
ল’ৰাটোয়ে এবাৰ আমালৈ চাই নিমাতে ৰ’ল।ময়ো ল’ৰাটোলৈ চালো,অলপ আচহুৱা আচৰণ যেন সি মেজিকখনৰপৰা নামিবলৈ পালেই ভাল পাব! ছোৱালীজনীৰ লগত পতা কথা-বতৰাবোৰৰ সুৰবোৰো কঠিন,যেন সি টানত পৰিহে উত্তৰ দি আছে!
ছোৱালীজনীৰ সজল হৈ থকা চকুৰেও লাহেকৈ বৰষুণৰ ৰূপ লৈছে।চকুলোৰ বৰষুণ!! চাবলৈ বৰ টান হয়। মোৰ কাষতে বহি যোৱা মহিলাগৰাকীয়ে এবাৰ মোৰ ফালে চাই পুনৰ সিহঁতলৈ মন কৰিলে।মই অন্যমনস্কভাবে বাহিৰলৈ চাইছো যদিও, সিহঁতৰ কথাবোৰে বাৰে বাৰে চকু সিহঁতলৈ ঘূৰাই আনে।গন্তব্যস্থান পাই মই মেজিকৰ পৰা নামিলো যদিও মনটোক দিনটো এটা কথাই ভাৰাক্ৰান্ত কৰি ৰাখিলে।
“ইগ’নৰ” শব্দটো ইংৰাজীত ক’লে অলপ সহজ যেন লাগিলেও, যেতিয়া অসমীয়াৰ ৰূপ লৈ ই “অৱজ্ঞা বা অৱহেলা” হয়,তেতিয়া শব্দকেইটা উচ্চাৰণ কৰিলেই অপমান পোৱা যেন ভাৱ হয় মনৰ মাজতে।
আছে, বহুতো আছে, যি নিজৰ স্বাৰ্থ বা প্ৰয়োজনৰ বাবে সম্পৰ্ক গঢ়ে আৰু প্ৰয়োজনবোৰ শেষ হোৱাৰ পাছতেই সম্পৰ্কও শেষ কৰি দিয়ে।হয়তো এই ল’ৰাজনৰ ছোৱালীজনীৰ ওচৰত থকা প্ৰয়োজনবোৰো ক্ৰমাৎ শেষ হৈ আহিল! তাৰ বাবে এই সম্পৰ্ক ভঙা-গঢ়াটো এক প্ৰকাৰৰ খেলো হ’ব পাৰে!! সেয়ে সি এই ব্যস্ততাৰ অজুহাত হিচাপে “ইগ’নৰ”ৰ সহায় লৈছে।
ভালদৰে চালে দেখা যায়, আমাক অৱজ্ঞা সেইসকলেই কৰে, যাক আমি অধিক গুৰুত্ব দিওঁ বা যাৰ বাবে এসময়ত আমি আমাৰ অমূল্য সময়বোৰ খৰছ কৰোঁ।এক কথাত আমি যাক আপোন বুলি ভাবোঁ। কিন্তু এবাৰো ভাবি নাচাওঁ তেওঁৰ আমাৰ প্ৰতি থকা মানসিকতা কেনেধৰণৰ৷ মই তেওঁক বা তেওঁৰ লগত গঢ়ি তোলা সম্পৰ্কটোক গুৰুত্ব সহকাৰে লোৱাৰ দৰে তেওঁ লৈছে নে নাই৷তেওঁ কৰা কিছুমান আচৰণে যদিও বুজাই দিয়ে, কাষত থকা সময়ত কিন্তু সেই কথাবোৰ গৌণ হৈ পৰে বাবেই সময়ত ই অৱজ্ঞাৰ ৰূপ লয়।কাৰণ প্ৰয়োজনতকৈ অধিক হ’লেই সকলো বিষলৈ সলনি হয়।
সম্পৰ্ক লাগিলে যিয়েই নহওক যেতিয়া কাৰোবাৰ পৰা অৱহেলিত হ’বলগীয়া হয়, তেন্তে সেই সম্পৰ্কৰ পৰা আঁতৰি অহাই ভাল। কাৰণ নিজৰ সন্মানতকৈ ডাঙৰ একোয়েই নাই। আত্মসন্মানেই যদি নাথাকে, আনে আপোনাক কি সন্মান কৰিব! য’ত বাৰে বাৰে নিজৰ উপস্থিতিৰ কথা জনাব লগা হয়, সেই ঠাইলৈ যোৱাৰো কোনো প্ৰয়োজন নাই। যাৰ আপোনাৰ প্ৰতি আন্তৰিকতা থাকিব, তেওঁ হাজাৰ ব্যস্ততাৰ মাজতো আপোনাৰ এটা খবৰ নোলোৱাকৈ নাথাকে। কাৰণ খবৰ লবলৈ সময় আৰু শব্দ নহয়, মনৰ তাড়না থাকিব লাগিব।
লাগে, কিছুমান কথাক ইগ’নৰ কৰিব পাৰিব লাগে। জীয়াই থাকিবলৈ সহজ হয়।কিন্তু মানুহে মানুহক অৱজ্ঞা কৰাতকৈ বেয়া পোৱাৰ কাৰণবোৰ খোলা-খুলিকৈ কৈ দিব লাগে।কিয়নো এজনে আনজনক অৱজ্ঞা কৰিবলগীয়া হৈছে কাৰণটো জানিব পাৰিলে, ইজনে সিজনৰ প্ৰতি থকা ভাববোৰ বেয়া নহয়। সম্পৰ্ক ভাগিলে ভাঙোতাজনে অনুভৱ নকৰে,ভাগোতাজনেহে বুজি পায়!! মানুহৰ নখ বাঢ়িলে বুলিয়েই জানো আঙুলিবোৰ কাটি পেলায়? সম্পৰ্কবোৰো একেই কোনোবাজনৰ ভুল হ’লে ভুলবোৰহে আঁতৰাব লাগে, সম্পৰ্কবোৰকে শেষ কৰি দিব নালাগে।
সকলোতকৈ ডাঙৰ কথা, নিজৰ ওচৰত নিজেই সবল হৈ থাকিব লাগে।কোনোবাই ইগ’নৰ কৰিলে বুলিয়েই নিজে হীনমন্যতাত ভোগাৰ কোনো প্ৰয়োজন নাই। নিজক নিজেই চিনি পাবলৈ শিকিব লাগে।নিজৰ ভাল লগা কামবোৰ কৰি নিজকে আগুৱাই নিব পাৰি।কাৰণ প্ৰতিজন মানুহৰে কিছুমান প্ৰতিভা আছে। নিজৰ মাজত থকা প্ৰতিভাখিনি বিচাৰি আগুৱাই যাওক।নিজৰ ভাল লগা কামবোৰে নিজক সুখী কৰে। যেতিয়া আপুনি বা মই নিজে সুখী হ’ব পাৰিম,তেতিয়াহে আমাৰ লগত থকাজনকো সুখী কৰিব পাৰিম।
*******

5:22 PM
ভাল লাগিল