গোপীয়ে এটা শিক্ষা পালে- কুমকুম শৰ্মাবৰুৱা

(Gopi Learns a Lesson )

এখন গাঁৱত গোপী নামৰ এটা ল’ৰা আছিল।সি পঢ়া-শুনা কৰিও ভাল নাপাইছিল আৰু কাম-কাজতো বৰ এলেহুৱা আছিল।তাৰ দেউতাক সৰুতেই ঢুকাইছিল। তাৰ মাকে অতি কষ্টেৰে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি ঘৰখন যেনেতেনে চলাই আছিল।গোপীয়ে মাকক কোনো কামতে সহায় নকৰিছিল।মাকৰ তাক লৈয়েই বৰ চিন্তা হৈছিল।সি স্কুললৈও নগৈছিল বা কোনো কাম-বন শিকিবও নুখুজিছিল।সি গোটেই দিনটো লগ- সমনীয়াৰ লগত মাৰ্বল খেলি কটাইছিল অথবা ৰাস্তাত এনেয়ে অনাই-বনাই ঘূৰি ফুৰিছিল।

এনেদৰে সময়বোৰ অবাবতে নষ্ট কৰি থকা দেখি গোপীৰ মাকে এদিন গোপীক ক’লে, 

“বাছা, মই যিমান দিনলৈকে সক্ষম হৈ থাকো,সিমান দিনলৈকে বাৰু দুয়োৰে কাৰণে উপাৰ্জন কৰিব পাৰিম। কিন্তু মই যেতিয়া নাথাকিম তেতিয়া তোমাক কোনে খুৱাব?তুমি কি কৰি খাবা বুলি ভাবিছা?গতিকে কাইলৈ তুমি নগৰলৈ যোৱা আৰু যেতিয়ালৈকে তুমি কিবা এটা উপাৰ্জনৰ বাট উলিয়াব নোৱাৰা তেতিয়ালৈকে উভতি নাহিবা।”

গোপীয়ে মাকৰ মনটো সলাবলৈ খুব যত্ন কৰিলে ,কিন্তু নোৱাৰিলে।শেষত একো বেলেগ উপায় নাপাই,সি ঘৰ এৰি যোৱাটোকে মনস্থ কৰিলে।বৰ দুখ মনেৰে গোপীয়ে মাকৰপৰা বিদায় ল’লে।গোপীৰ মাকৰ মনতো বৰ দুখ লাগিছিল, কিন্তু পুতেকৰ ভবিষ্যতৰ কথা ভাবি তেওঁ অন্তৰ ডাঠ কৰিলে। তেওঁ হাতত থকা সমুদায় টকা দহোটা গোপীৰ হাতত দিলে আৰু মূৰত হাত ফুৰাই আশীৰ্বাদ দি বিদায় দিলে।

গোপী খোজকাঢ়িয়েই ৰে’ল ষ্টেচনলৈ গ’ল আৰু তাৰ হাতত থকা দহ টকাৰ পাঁচ টকা দি ওচৰৰ নগৰখনলৈ এটা টিকট কিনিলে।তাৰ পিছত সি পাথৰৰ এখন বেঞ্চত বহি  ৰেলখনৰ বাবে অপেক্ষা কৰি থাকিল।সি প্ৰথমে ষ্টেচনত বহুত মানুহ দেখিয়েই আচৰিত হ’ল।তাৰে বহুতেই আকৌ ইংৰাজী আৰু হিন্দী ভাষাতহে কথা পাতিছিল। আনকি সৰু সৰু ল’ৰা-ছোৱালীবোৰেও অচিনাকি কোনোবা সমবয়সীয়া বন্ধুক লগ পালে ইংৰাজী বা হিন্দীতহে কথা পাতিছিল।গোপীয়ে বহি বহি সকলো শুনি থাকিল। ওচৰতে কেইটামান বনুৱাই অতি ক্ষিপ্ৰতাৰে ঝাড়ু বান্ধি থকাও সি দেখিবলৈ পালে।সিহঁতে সেইবোৰ ৰেলত উঠাই নগৰত বেচিবলৈ নিব।এজন মানুহে গোপীৰ ওচৰতে আন এজন মানুহক মূৰটো তল-ওপৰ কৰি লৰাই লৰাই ” Yes, Yes, Yes”  (হয়,হয়,হয়) বুলি কোৱা শুনিবলৈ পালে সি। গোপীয়ে শব্দতো মনত ৰাখি থ’লে। তাৰপিছত সি দেখিলে এগৰাকী মাকে ল’ৰা এটাৰ হাতত ধৰি ইংৰাজীত ” No, no ice-cream for you today” ,(নহ’ব,আজি তুমি আইছক্ৰিম খাব নোৱাৰা )বুলি কৈছে। মানুহগৰাকীৰ চেহেৰা ভাৰতীয় মানুহৰ দৰে নহয় যেন লাগিল গোপীৰ। গোপীয়ে অকল No (নহয়) শব্দটোৰ বাহিৰে তেওঁ কোৱা কোনো কথাই বুজি নাপালে।তাৰ মনটো তথাপি ভাল লাগিল। বিনা কষ্টই সি ইংৰাজী ভাষাৰ দুটা শব্দ শিকিলে বুলি ভাবিলে।

ঠিক সেই সময়তে ৰে’লখনে এটা দীঘলীয়া উকি মাৰি ষ্টেচনত সোমালহি।এজন মানুহে খৰধৰকৈ উঠি চিঞৰি উঠিল, ” Alright, hurry up now” (সকলো ঠিকে আছে,খৰধৰ কৰা এতিয়া)।গোপীয়ে আৰু এটা শব্দ এইবাৰ মনত ৰাখি থ’লে,”Alright” ।

অন্য মানুহৰ লগতে গোপীও ৰেলত খৰধৰকৈ উঠিল আৰু খিৰিকীৰ কাষৰ ছিট এটাত বহি ল’লে। গোপীয়ে ৰে’লত উঠিও সহজ হ’ব নোৱাৰিলে। ইঞ্জিনটোৱে বৰ শব্দ কৰিবলৈ ধৰিলে।এজন মানুহে বগা ইউনিফৰ্ম পিন্ধি সেউজীয়া ৰঙৰ পতাকা এখন লৈ প্লেটফৰ্মত ইফালৰপৰা সিফাললৈ অহা-যোৱা কৰি আছিল।ৰে’লখন লাহে লাহে ষ্টেচনৰপৰা ওলাই যাবলৈ ধৰিলে আৰু অলপ পাছতেই ই বেগাই যাবলৈ ধৰিলে।

“চুগ্-চুগ্ , চুগ্-চুগ্ , চুগ্-চুগ্ ।” 

গোপীয়ে শব্দটোৰ লগত তাল মিলাই যাবলৈ ধৰিলে।

পিছৰ ষ্টেচনটোত ক’লা কোট আৰু বগা টুপী পিন্ধা এজন মানুহ দবাটোলৈ সোমাই আহিল।তেওঁ আছিল টিকট সংগ্ৰহ কৰোঁতা ( Ticket Collector, চমুকৈ TC)।এটা দীঘলীয়া হামি মাৰি তেওঁ গোপীৰ বিপৰীত ছিটটোত বহি লৈ কোঠাটোৰ যাত্ৰীবোৰৰ টিকটবোৰ এফালৰ পৰা পৰীক্ষা কৰিবলৈ ধৰিলে।গোপীয়ে একান্তমনে খিড়িকীৰে বাহিৰলৈ চাই যোৱাৰ কাৰণে TC সোমোৱা কথাটো গমেই নাপালে।সকলোৰে টিকট পৰীক্ষা কৰাৰ পিছত টি.ছি জনে গোপীৰ কান্ধত লাহেকৈ ধৰি টিকটটো চাবলৈ বিচাৰিলে।তেওঁক ভাল লগাবলৈ গোপীয়ে তাৰ ইংৰাজী জ্ঞান দেখুৱাবলৈ ক’লে, “Yes”(হয়)। টিকেটটো নিদিয়া দেখি টি.ছি জনে ইংৰাজীতে আকৌ ক’লে “Your ticket please”( অনুগ্ৰহ কৰি তোমাৰ টিকেটটো দেখুওৱা)।গোপীয়ে শিকা ইংৰাজী দ্বিতীয় শব্দটো মনত পেলাই এইবাৰ ডাঙৰকৈ ক’লে, “No” ( নাই, নহ’ব)।

টিকট সংগ্ৰহ কৰোঁতাজনে গোপীক বহাৰপৰা টানি আনিলে আৰু অকণমান জোৰকৈয়ে কাণ-চেপা এটা দিলে। তাৰপিছত খঙেৰে তেওঁ ক’লে, 

“এহ্,টিকট নোহোৱাকৈ ভ্ৰমণ কৰিবলৈ আহিছে। পাছৰ ষ্টেচনটোত তুমি মোৰ লগত বাহিৰলৈ নামি যাব লাগিব।”

এইবাৰ গোপীয়ে সি শিকা শেষ ইংৰাজী শব্দটো মনত পেলাই লাহেকৈ ক’লে, “Alright” (ঠিক আছে )।

টি.ছি.জনে ঘোপাকৈ চাই তাক দুৱাৰৰ ওচৰলৈ লৈ গ’ল।ৰে’লখন ৰখোৱাৰ লগে লগেই তেওঁ গোপীক ধৰি ৰে’ল বিভাগৰ পুলিচৰ ওচৰলৈ লৈ গ’ল। টি.ছি.জনৰ ব্যৱহাৰ দেখি বেচেৰা গোপী বৰ বিমোৰত পৰিল।লগতে পুলিচ দেখিও সি বৰ ভয় খালে।

এজন পুলিচে গোপীক অসমীয়া ভাষাতে কথা সুধিবলৈ ধৰিলে।তেতিয়া ভয় ভাৱ আঁতৰি সহজ হৈ গোপীয়েও অসমীয়াতে উত্তৰ দিবলৈ ধৰিলে।যেতিয়া তেওঁ গোপীক কিয় টিকট নোলোৱাকৈ ৰে’লত উঠিছিল বুলি সুধিলে, গোপীয়ে লাহেকৈ জেপৰপৰা টিকটটো উলিয়াই দেখুৱালে।তেতিয়া টি.ছি.জন বৰ বিবুধিত পৰিল।তেওঁ ক’লে,

“যদি তাৰ টিকট আছিলেই তেতিয়াহ’লে মই বিচাৰোঁতে সি কিয় ” No” (নাই) বুলি কৈছিল?” 

গোপীয়ে বুজি পালে যে সি কিবা ভুল উত্তৰ দিছিল।এইটো কথা ভাবি সি বৰ লাজ পালে যে টি.ছি.জনে তাক সোধা এটা শব্দও সি বুজি পোৱা নাছিল। কিয়নো তাৰ হিন্দী বা ইংৰাজী ভাষাৰ সামান্য জ্ঞানো নাছিল। সি মনতে ভাবিলে যে সি অসমীয়া ভাষাৰ লগতে হিন্দী, ইংৰাজীও ভালদৰে লিখিবলৈ পঢ়িবলৈ শিকিব। গোপীয়ে তেতিয়াই মন স্থিৰ কৰি পেলালে যে সি উভতি গৈ অধ্যয়ণ আৰু কাম-বন দুয়োটাকে মন দি কৰিব।অকণমান সঁকিয়াই দিয়েই পুলিচ আৰু টি.ছি. দুয়োজনে তাক এৰি দিলে। গোপীয়ে দুখ মনেৰে কিন্তু পৰিপক্ক (বুজন) হৈ ঘৰলৈ ঘূৰিল।

(উৎস: বাঙ্গালোৰৰ ” Vasan Book Depot” এ প্ৰকাশ কৰা ” Grandma’s Tales” নামৰ সাধু কিতাপখনৰ ” Gopi Learns a Lesson” নামৰ সাধুটো। কিতাপখনৰ লেখিকা Smt. Jayashree Venugopal)

*******

One comment

  • গীতা মণি দত্ত ।

    বৰ সুন্দৰ সাধু ।

    Reply

Leave a Reply to গীতা মণি দত্ত । Cancel reply

Your email address will not be published. Required fields are marked *