চেনিৰ তিতা-উপাসা ভাগৱতী

যিমান পাৰে খৰধৰকৈ লিমাই হাত চলালে। গেছৰ এটা চুলাত চাউলকেইটা ধুই পানী দি দিলে উতলিবলৈ। সিজিলে মাৰ কাঢ়ি দিব। এই কামটো আগতে মাকক কৰা দেখিছিল। ডাঙৰ চচপেন এটাত ভাত বঢ়াই এটা সময়ত এটা বাতি বা চৰিয়াত মাৰ কাঢ়ি দিয়ে । তাই আৰু ভায়েকে সেই ভাতৰ মাৰখিনিত মিঠাতেল আৰু নিমখ অকণ দি খাই বৰ ভাল পায়। সদায় সেইবাবে হেতা-ওপৰা লাগে। মাৰখিনি কাঢ়িবলৈ লৈ কথাবোৰ মনত পৰি মুখেৰে মিচিকি হাঁহি এটা ওলাই গ’ল তাইৰ।  এই প্ৰেচাৰ কুকাৰ নামৰ বস্তুবিধ হোৱাৰপৰা পলকতে সকলো হ’ব পৰা আৰু বিশেষকৈ ভাতৰ মাৰ কাঢ়িবলগীয়া জঞ্জালটো নোহোৱা হোৱাত সকলো মহিলাৰে মুখত হাঁহি বিৰিঙিছিল। কিন্তু হ’লে কি হ’ব এতিয়া তাৰবাবেই বহুতে বেমাৰত ভুগিব লগা হৈছে বুলি সন্দেহ হৈছে। লিমাহঁতে আগতে প্ৰেচাৰত দি পলকতে হোৱা ভাতসাঁজ আজিকালি খাবলৈ এৰিলে। ঋষভৰ চুগাৰ বাঢ়িছে বুলি জনাৰপৰাই তাই এই কামটো কৰিবলৈ লৈছে। পূৰ্বতে সি উখোৱা চাউল আনি দিছিল তাৰবাবে বেলেগকৈ ৰান্ধি দিবলৈ। কেতিয়াবা থাকি যোৱা ভাত পেলাই নিদি তাই খাই গোন্ধ পাই  একেবাৰেই ভাত সাঁজ খাব নোৱাৰে। কেনেকৈনো ঋষভে খাই ভাবিয়েই নাপায়। অৱশ্যে এইবুলিয়েই ভাতকেইটামান কমকৈ যায় পেটলৈ। সেইটোৱেই চাগৈ প্ৰকৃত কথা। এতিয়া তাই সাধাৰণ চাউলকেইটাকে এইদৰে পগাই মাৰ পেলাই খাবলৈ লৈছে। নিজৰ লগতে লাহে লাহে জোখতকৈ বেছিকৈ বাঢ়িব ধৰা চুগাৰৰ বাবে জটিল হৈ পৰা ঋষভৰ স্বাস্থ্যৰ কথাও চিন্তা কৰিবলগীয়া হৈছে। কথাবোৰ ভাবি থাকোতেই চচপেনৰ বকবককৈ উতলা শব্দত ভাৱৰ যতি পৰিল। চাউল এটা পিটিকি চাই তাই মাৰ কাঢ়িবলৈ ল’লে। এই মাৰ কাঢ়ি খোৱা ভাতকেইটা তাই খাবলৈ বৰ বেয়া পায়। একো সা-সোৱাদ নাথাকে। যিমানেই আন পদবোৰ সুস্বাদুকৈ ৰান্ধক লাগে তাইৰ মুখত নালাগে। উপায় নাই এতিয়া মানুহজনৰ স্বাস্থ্যটোৰ কথা ভাবি  তাই খাবলৈ বাধ্য হৈছে।  অকলে অকলে দুটা মানুহৰ ভাত কিমাননো ভাগে ভাগে ৰান্ধিব। ন-কৈ নিজলৈ ৰান্ধিবলৈ মন নাযায়।এৰা এই যে মনটোৰ ভাল-বেয়া কোনোবাই বুজি পায় নে? নাই কোনো বুজোতা নাই। যি সেই মাকেই বুজি পাইছিল। মুখ দেখিয়েই অনুমান কৰিছিল। কিবা এটা কাম পাচিবলৈ আহি তাই বাহিৰা কিতাপ এখন পঢ়িবলৈ লৈ থকা দেখিলেই কৈ উঠে –“অ তই পঢ়িছ ন, হ’ব দে মোৰ কামটো পিছত কৰিলেও হ’ব।” তেনেদৰেই পঢ়িবলৈ বুলি ওলাই যোৱাৰ দিনা  বা ঘৰলৈ বন্ধত আহিলে তাই ভালপোৱা পদবোৰ ৰান্ধি তাইক আনন্দ দিয়াৰ প্ৰয়াস কৰে । কি যে ভাল লাগে ! বিয়াৰ পিছৰেপৰা সেই আশাৰ মুদা মৰিল। 

কলিং বেলৰ শব্দত ভাৱবোৰে ফাহি ছিটিকা দিলে। হাতখন চাদৰৰ আঁচলতে মোহাৰি মোহাৰি বাৰাণ্ডালৈ ওলাই গ’ল তাই। ঋষভ পালেহি। গ্ৰীলৰ দৰ্জাখনৰ এল হুক ডাল খুলি দিলে লিমাই। মানুহজন খৰধৰকৈ ভিতৰ সোমালে। তাই লগে লগে  অভ্যাস বশতঃ হুকডাল মাৰি মানুহজনৰ পিছ ল’লে। ভিতৰ সোমাওঁতেই ভোৰভোৰণিবোৰ কাণত পৰিল। —” মানুহৰ ঘৰলৈ ফুৰিবলৈ যাবলৈ নোৱাৰা হ’ম যেন পাইছো। ইমান আমনি কৰে।নাখাওঁ…. বেমাৰ হৈছে বুলি ক’লেও,একো নহয় অকণমান খোৱা, এদিন খালে একো নহয়, নহয়  খোৱা খোৱা বুলি খাবলৈ দিব;খাবলৈ মন নাথাকিলেও খাবই লাগিব। লাগিলে মানুহ পেট বিষাই চুগাৰ বেছি হৈ মৰি যাওক।একেবাৰে নুবুজে দেই এই মানুহবোৰে।” কথাবোৰ কাণত পৰোঁতেই লিমাই বুজি উঠিল যে কোনোবা এঘৰত কাণ্ডটো কৰিলে। মানুহবোৰে ইমান কথা জানিও ঘৰলৈ আলহী গ’লে জোৰ-জবৰদস্তিকৈ খুওৱাটো যেন বৰ ভাল কথা, কিছুমান মানুহে সেইবুলিয়েই ভাবে। কিন্তু তাৰ পিছত সেই আলহী মানুহজনেই সকলো ভুগিব লগা হয় সেই কথা জানিও চকুমুদা কুলিৰ ভাও ধৰে। কি যে বিপদ! বেমাৰ হ’লে কব– “আমাৰ ঘৰত দিওঁতে একো কোৱা নাই নহয়। আৰামকৈ যি দিছোঁ সকলো খাইছে, একো বাচ-বিচাৰ কৰা নাই নহয় বুজিছা। বেমাৰ কিয় নহ’ব?” ইপিনে তেওঁৱেই যে ঠেচি ঠেচি খোৱাই এই অৱস্থা কৰিলে বুজিয়েই নাপায়। অৱশ্যে তাৰ মাজতে কিছুমান মানুহে নাখাওঁ বুলি গোঁজ পুতি বহি থাকি নিজৰ স্বাস্থ্য ঠিকেই ৰক্ষা কৰি আছে। আমাৰ এওঁলোকৰ দৰে মানুহৰ বৰ বিপদ। বেয়া পাব বুলি মাত মাতিব নোৱাৰে। আজিও এছাটি ভালকৈ পাই আহিছে তেনে, কথাষাৰ ভাবি ভাবি ঋষভৰ কাষ পালেগৈ লিমা।

 — “কি হ’ল হয়নে ? ইমানকৈ কি ভোৰ-ভোৰাই আছে হয়নে?” লিমাই সুধিলে।

— ‘ কি ক’বা আৰু… এই যে আজি বিনু বৌৰ ঘৰলৈ গৈছিলোঁ বুজিছা।বহুদিন যোৱা নাই।খুৰীৰো খবৰ এটা লৈ অহা হ’ব বুলিয়েই গ’লো।চাহ বনাওগৈ বুলি উঠিব খোজা বৌক মই লগে লগে চেনি নিদিব দেই বুলি কওঁতে হ’ব বুলি কৈ আকৌ ভুলতে আনিলোঁ বুলি প্ৰথমেই চেনি দিয়া চাহকাপেই হাতত তুলি দিলে । মই বোলো ভুল হ’ল আৰু একো কথা নাই।তথাপিও সেই কাপ নাখাওঁ বুলি কোৱাত পুনৰ একাপ যেনেতেনে বাকি আনিলে চেনি নিদিয়াকৈ বুজিছা।'” ঋষভে খঙতে টিকিচি-বিকিচি হৈ কৈ থাকিল।

— ” তেতিয়াহ’লে ভোৰভোৰাই আছে কেলৈ হয়নে?” লিমাই বিৰক্তিৰে ক’লে ।

–“এহ! ৰ’বাচোন কথাখিনি কৈ ল’বলৈ দিয়া, মাজতে মাতটো দি নিদিবা। এনেয়ে খং উঠি আহিছে আৰু খং উঠাই নল’বা দেই। ” কথাৰ মাজতে কথা কৈ কথাৰ আঁত হেৰুওৱা ঋষভে কৈ উঠিল।

— “বাৰু কওক মাত নিদিওঁ আৰু।”

— “চাহকাপ চেনি নহ’লে কি হ’ব,প্লেটত দিয়া সকলোবোৰ চেনি-গুৰৰ সমাহাৰ। মিঠাই-মন্দাৰে প্লেট ভৰ্তি। মিঠা নাখাওঁ বুলি কোৱাত লগে লগে কৈছে — সেইকেইটা গুৰেৰে কৰা খাব পাৰিবা দিয়া। গুৰ খাব পাৰি নহয়। একো নহয়। ” মই বোলো, মইহে জানিছোঁ একো হয়নে নহয়!মাছ বুলি নাখাই জি জি বুলি খোৱাৰ লেখীয়া কথা মানুহে বুজিয়েই নাপায়। মই ইমানকৈ ক’লো নাই, নুশুনে। অকণমান ভাঙি খাইহে ৰক্ষা।যেন তেওঁলোকহে ডাক্তৰ । এতিয়া ঘৰত ক’লেই তুমিও জাপ মাৰি উঠিবা। মই এতিয়া কি কৰোঁ ভাবিয়েই পাৰ পোৱা নাই বুজিছা। সেইবাবেই তোমাক কথাবোৰ সোধাৰ লগে লগে কৈছোঁ।”

— “বুজিছো ,বুজিছো। হ’ব আৰু, কি কৰিব উপায়তো নাই। মই কেতিয়াবা গ’লে ভালকৈ বুজাই ক’ম দিয়ক বৌক।গুৰ আৰু চেনি খোৱা যে একেটাই কথা।আহক, আহক।ভাত হৈয়েই আছে খাই মোক আজৰি কৰি দিয়কহি।”

কথা সেইখিনিতে শাম কটা হ’লে বৰ ভাল কথা আছিল। কিন্তু সিমানতে শেষ নহ’ল।এদিন দুয়োটা গৈ ওলালোগৈ খুৰীৰ ঘৰ।বহুদেৰি বহি কথা-বতৰা পাতি চাহ খাবলৈ গৈ দেখিছোঁ সমস্ত চেনি-গুৰ দিয়া সামগ্ৰীয়ে মানুহজনৰ কাষত মোক খা মোক খাকৈ পৰি আছে । মানুহজনেও চাহৰ লগত বস্তু ল’বলৈ লৈ চুৰ্তি হেৰুৱাইছে। বৌৱে মোৰ ফালে সেমেনা-সেমেনিকৈ চাই এওঁক কৈছে….

—-“এইটো খাই চোৱাচোন ‘মন পছন্দ’ৰপৰা অনা, এইটো ‘মৌচুমী’ৰ, এইটো তুমি ভাল পাবা ‘স্প্ৰিং ভেলী’ৰ। তুমি খাই ভালপোৱা নহয়, খোৱা খোৱা।”

বৌৱে ঠিকেই কৈছিল, এইবোৰ মিষ্টাৰ ঋষভৰ খুবেই প্রিয়।বজাৰলৈ গ’লেই মিঠাই অনাটো ঋষভৰ বৰ চখ । এতিয়া এই চেনিৰ বাবে হোৱা বেমাৰটো লগ হোৱাৰপৰা পূৰ্বতকৈ এই চখটো কমিছে যদিও লিমাই ভালপোৱা কিছুমান মিঠাই মাজে মধ্যে কিনি আনে।নিজে খোৱাৰ লোভটো বহুত কমিছে।

অলপ সময় ভেবা চেকা খাই থাকি ঋষভে চাহৰ লগত কিবা লওঁ বুলি বস্তু এপদলৈ হাত মেলিলে। এনেয়েও লোভীয়া জিভা।সন্মুখত এইদৰে ভালপোৱা বস্তুবোৰ সজাই থ’লে লোভ লাগিবই।তাতে খাব নোৱাৰা বস্তুলৈ সকলোৰে লোভ এটা থাকেই। ঘৰত হোৱা হ’লে বেলেগ কথা।এতিয়া নিজে ক’ব নোৱাৰা অৱস্থা ।  ঋষভে খাবলৈ হাত মেলা দেখিয়েই লিমাৰ টিঙিচকৈ খংটো উঠিল।নিজে মুখখন কিয় বাচি খাব নোৱাৰে। অলপ ঘোপাকৈ ঋষভলৈ চাই অলপ খঙেৰেই ক’লোঁ

—“এইবোৰ বস্তু এওঁ খাব নোৱাৰে নহয়, এওঁক নিদিব। সন্মুখত থাকিলে খাওঁ খাওঁ লাগিবই।তাতে আপুনি বাৰেপ্ৰতি খাবলৈ জোৰ কৰি আছে।যিটো বস্তু দেহলৈ বেয়া বুলি জানে, সেই বস্তুটো খাবলৈ মানুহক জোৰ কৰিব নালাগে নহয়।পৰাপক্ষত মানুহক সেই বস্তুটোৰপৰা আঁতৰত ৰখাৰহে চেষ্টা কৰিব লাগে। আগলৈ আহিলে এইদৰে মিঠা বস্তু এওঁৰ সন্মুখত নাৰাখিব।একো নাই যদি শুদা চাহকাপকে দিব।নহ’লে নিদিয়াকৈ থাককচোন। মানুহজনে যদি ঘৰত ঠিকেই অহাৰ খাই থাকি এইদৰে মানুহৰ তাগিদাত বাহিৰত শৰীৰ বিৰুদ্ধ ভোজন কৰি থাকে, তেনেহ’লে কি হ’ব আপোনালোকেই চিন্তা কৰিব দেই। মই তেওঁৰ শৰীৰৰ চিন্তাত কি খালে ভাল হ’ব, কেনেকৈ আগতকৈ চুগাৰ কমে তাৰে চিন্তাত থাকোঁ। আজিহে দেখিলোঁ আৰু এইদৰে আনে যচা বিষ তুল্য ভোজন খাই থকা বুলি  লগত আহিলোঁ বুলি দেখা পালোঁ।এওঁ মাজে মাজে কয় কিন্তু ইমানদিনে মই এওঁ লোভ সামৰিব নোৱাৰি খাই বুলিয়েই ভাবি থাকিলোঁ। কিন্তু এই লোভ ভাব জাগ্ৰত কৰাত আপোনালোকৰ দৰে মানুহৰ সম্পূৰ্ণ উদগনি আছে।”

কথাষাৰে কদোৰ বাহত জুই দিয়াৰ দৰে হ’ল। বহুতো নুশুনিব লগা কথা শুনাৰ লগতে, লিমা আনৰ চকুত মুখৰা তথা গিৰীয়েকক সকলো ক্ষেত্ৰতে চেপা মাৰি ধৰি থকা এগৰাকী পত্নীলৈ পৰিণত হ’ল। যিয়ে গিৰীয়েকজনে খাবলৈ খুজিলেও খাদ্য খাবলৈ নিদিয়ে। লিমা পিছে এইক্ষেত্ৰত সদায় স্থিৰ হৈ ৰৈ থাকিল। নিজৰ ঘৰৰ কথা তথা স্বাস্থ্যৰ কথা নিজেহে বুজি পাব। আনক যিমান ক’লেও, প্ৰকৃত অৰ্থ কোনেও বুজি নাপায় বা পাবলৈ ইচ্ছা প্ৰকাশ নকৰে।জানি-বুজিও মানুহে ওলোটাটোহে বুজে।লিমাৰ চেনিৰ এই তিতাবোৰ আঁতৰাই আগুৱাই যাবই লাগিব। 

চেনিৰ এই তিতাবোৰে দেহৰ লগতে মনবোৰো তিতা কৰি তোলে। এতিয়া লিমাই নিজেও চেনি খাবলৈ এৰিছে। ইউটিউব, ফেচবুক ৰিল আদিত দিয়া এই বিষয়ৰ কথাই মানুহক যেন পূৰ্বতকৈ সজাগ কৰি তুলিছে।এতিয়া খুৰীহঁতৰ ঘৰখনেও কি ভাল,কি বেয়া ফটফটাই ক’ব পৰা হ’ল। লিমাইহে মুখ মেলি চাই থাকে। এৰা, এইবোৰে মানুহক বৰ জ্ঞানী কৰি তুলিছে। হওক তেওঁ কথাবোৰ দেৰিকৈ হ’লেও বুজি পাইছে যে। কিন্তু সেই প্ৰথম এৰি দিয়া কাঁড় পাতে দিয়া আঘাত আজিও ৰৈ গ’ল বুকুত।

*******

3 Comments

  • Anyone else having trouble with the f12betlogin? Keeps saying wrong password even though I’m sure it’s correct. Is this normal? Click through here: f12betlogin

    Reply
  • Heard 13wwin has a good welcome bonus. Anyone know the details? Worth signing up just for that? Click here to learn: 13wwin

    Reply
  • Yo, checking out jljl999! It’s got that classic vibe, you know? Could be a good spot to unwind after a long day. Have a look-see: jljl999

    Reply

Leave a Reply to jljl999 Cancel reply

Your email address will not be published. Required fields are marked *