প্ৰেমিক হোৱাটো সহজ কিন্তু পতি হোৱাটো…… নমি ফুকন বৰা

শৰতৰ হিমশীতল বতাহজাকে বাৰে বাৰে দি থৈ যায় এৰি অহা দিনবোৰৰ স্মৃতি। স্মৃতিবোৰ শুকান সৰাপাত হোৱা হ’লে মৰহি শেষ হৈ গ’লহেঁতেন।কিন্তু ই বসন্তৰ নকুঁহিপাতৰ দৰে ঠন ধৰি উঠে। সিদিনা আছিল শৰতৰেই কোনোবা এটি দিন।বিয়া এখনত নীলাঞ্জনাৰ স’তে চিনাকি হৈছিলোঁ।চিনাকি,বন্ধুত্ব আৰু এদিন প্ৰেম। প্ৰায় পাঁচবছৰ প্ৰেমৰ বাত গা জুৰাই শৰতৰ কোনোবা এটি দিনতেই সমাজক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলোঁ।  

ক্ৰমে  দিন বাগৰিল।পত্নীৰ ধৰ্ম পালন কৰাত তিলমানো ইফাল-সিফাল নকৰাকৈ  ঘৰখন নিয়াৰিকৈ চলাই নিলে।শহুৰ-শাহু আৰু দেওৰ-ননদৰে ভৰা ঘৰখনত সকলোকে মৰমৰ বান্ধোনেৰে বান্ধি তাই  হৈ পৰিল আদৰ্শ বোৱাৰী।প্ৰতিজনৰে প্ৰতিটো কথাৰে খেয়াল ৰাখি সমুদ্ৰক পিতৃত্বৰ সুখেৰে উপচাই এজনী পুতলাৰ মাক হ’ল।

“এচিকূট সেন্দূৰৰ ওজন কিমান এগৰাকী নাৰীয়েহে  বুজিব পাৰে।কেতিয়াবা কেতিয়াবা সেন্দূৰৰ ভৰত মুখখনো বন্ধ হৈ পৰে আৰু হৃদয়খনো শিল হৈ পৰে।বুকুখনে প্ৰচণ্ড বিষত  উশাহ ল’ব নোৱাৰা হয়। একাকীত্বৰ সাগৰত সাঁতুৰি থকা দুৰ্ভগীয়া নাৰী মই উসঃ!”………….দিনবোৰ সুখেৰে অতিবাহিত হৈ আছিল। কিন্তু লাহে লাহে  সলনি হৈ পৰিলোঁ।মই বিচৰাখিনি নীলাঞ্জনাৰ মাজত নোপোৱা হ’লোঁ।সামান্য কথাতেই তাইৰ বিৰোধিতা কৰিবলৈ ল’লোঁ। প্ৰথম অৱস্থাত  বুজাবলৈ বিচাৰিছিল যদিও তিলটোকে তাল কৰি প্ৰতিদিনে কাজিয়াৰ সৃষ্টি কৰি এদিন তাইক গতা মাৰি দিলোঁ।গতাটোত শৰীৰত দুখ পোৱা নাছিল ঠিকেই, কিন্তু দুখ পাইছিল বুকুত যাৰ বাবে মনটো  ভাগি গৈছিল। ক্ৰমে তাইৰ পৰা দূৰত্ব বঢ়াই অচিন সুখ বিচাৰি সামাজিক মাধ্যমত নাৰীৰ সৈতে বন্ধুত্ব স্থাপন কৰি প্ৰেমৰ ৰাগীত উটি-ভাঁহি ফুৰিবলৈ ধৰিলোঁ।পিতৃৰ দায়িত্বৰে সন্তানক খোৱা-পিন্ধা ,শিক্ষাৰ খৰচ সকলোবোৰ মূৰ পাতি ল’লোঁ যদিও তাইৰ মনটোৰ খবৰ এদিনো নেৰাখিলোঁ।আৰু এদিন সামান্য পেটৰ বিষতেই  তাই একেবাৰে আঁতৰি গ’ল।সামান্য পেট বিষ নে?নহয় বছৰ বছৰ ধৰি ভুগি থকা অসুখ!যিটোৰ তিলমানো সম্ভেদেই নেপালোঁ।পামনো কেনেকৈ?কিমান দিন যে হ’ল  তাইৰ চকুলৈ চাই কথা নপতা।দুই চকুৱেই হেনো মানুহৰ মনৰ প্ৰতিবিম্ব।মুখেৰে  যিমান ফাঁকি কথা ক’লেও চকু দুটাই হেনো ফাঁকি দিব নোৱাৰে।কৈ দিয়ে জীৱনৰ সমস্ত দুখ-বেদনা,সুখৰ কথা।কিন্তু মই জানো বুজিব পাৰিলোঁ! কাষত থাকিও বহু যোজন দূৰত অৱস্থান কৰিলোঁ।সুখে-দুখে লগ দিয়াৰ শপত খাই দলিয়াই পেলালোঁ ।

“হে ভগৱান কিহৰ বাবে ইমান শাস্তি দিছা……”

নীলাৰ ডায়েৰী লিখাৰ অভ্যাস নাছিল যদিও এখন সৰু বহীত মাজে মাজে কিবাকিবি লিখা মন কৰিছিলোঁ।আগতে কেতিয়াও পঢ়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিলোঁ যদিও তাই লিখা সৰু টোকাবোৰ পঢ়ি আজি বাৰুকৈয়ে অনুতপ্ত।কথাবোৰ চিনেমাৰ দৰে চকুৰ আগত ভাঁহি উঠিছে।তাইক হেৰুৱাই অনুভৱ কৰিছোঁ কি ভুল কৰিলোঁ মই।কিন্তু এই ভুলৰ জানো শুধৰণি আছে ! নাই ,অক্ষমনীয় ভুল এইয়া।উত্তৰ পালোঁ নিজৰ মাজতে।

“ক্ষমা কৰিবা নীলা হাতযোৰ কৰিছোঁ”–নীলাৰ হাঁহি থকা ফটোখনৰ আগত  আঠুকাঢ়ি কান্দি কান্দি অচেতনপ্ৰায় অৱস্থাৰে……

“অহাজনমতো যেন মই তোমাক পত্নী হিচাপে পাওঁ নীলা।মোৰ অপৰাধবোৰৰ শাস্তি পাবলৈকে যেন নীলাক মোৰ পত্নী কৰি পঠাবা প্ৰভু”………

কৰযোৰে প্ৰাৰ্থনা কৰিলোঁ।অনুভৱ কৰিলোঁ প্ৰেমিক হোৱাটো সহজ কিন্তু পতি হোৱাটো টান।

*******

6 Comments

  • Found 1777szpakistan and it’s a quick loading website, so I had a good experience, definitely worth a look.

    Reply
  • Alright folks, let’s talk LuckyDayCasino. Tried it out last night and had a decent run. Nothing spectacular, but the slots were fun and the site was easy to navigate. Could use a few more table games though. Check it out yourself at luckydaycasino!

    Reply
  • Anyadwinov? Never heard of it before. Looked like a solid spot. Games are fun, variety seems good, and the signup bonus got me going. See for yourself at anyadwinov. Good luck!

    Reply
  • Downloaded the kwin68app and gotta say, it’s pretty convenient. Games are optimized for mobile, which is a big plus for me. Plus, quick payouts! Take a punt: kwin68app

    Reply
  • Jili49casino has got a lot of Jili slots, which I really like. Easy to navigate and I had a few decent wins there. Would recommend, lads: jili49casino

    Reply
  • Gave bbetwin a whirl the other night. Wasn’t expecting much, but ended up staying for a while. Decent selection and a few interesting promotions. Could be worth a look: bbetwin

    Reply

Leave a Reply to anyadwinov Cancel reply

Your email address will not be published. Required fields are marked *