‎বৃদ্ধকালৰ জীয়া ছবি : ‘অস্তৰাগ’- ববিতা শৰ্মা

 ‎

সংক্ষিপ্ততে অস্তৰাগ

‎ গ্ৰন্থৰ প্ৰকাৰ : উপন্যাস

‎ গ্ৰন্থকাৰ : হোমেন বৰগোহাঞি

‎ প্ৰকাশক : শ্ৰীভূমি পাবলিচিং কোম্পানী

‎ ৭৯ মহাত্মা গান্ধী ৰ’ড

‎ কলকাতা — ৭০০০০৯

‎ প্ৰথম প্ৰকাশ : আগষ্ট ১৯৮৬

‎ দ্বিতীয় প্ৰকাশ : এপ্ৰিল, ১৯৮৯

‎( ইতিমধ্যে গ্ৰন্থখনৰ নটা সংস্কৰণ প্ৰকাশ পাইছে । ২০১৮ চনৰ অক্টোবৰত গ্ৰন্থখনৰ নৱম সংস্কৰণটো  ষ্টুডেণ্টচ্ ষ্ট’ৰচে প্ৰকাশ কৰি উলিয়াইছে । )

‎মূল্য : ১১০ টকা   

‎পৃষ্ঠা : ১২৬

‎OLD AGE : THE 

‎CROWN OF LIFE, OUR

‎PLAY’S LAST ACT .

‎বাৰ্ধক্য হৈছে জীৱন নাটৰ অন্তিমটো অংক। সামগ্ৰিকভাৱে মানুহৰ জীৱন পৰিক্ৰমাক চাৰিটা স্তৰত ভাগ কৰা হয়। সেই কেইটা হ’ল ক্ৰমে –    

 ক) শৈশৱ কাল

‎খ) কৈশোৰ কাল

‎গ) যৌৱন কাল আৰু

‎ঘ) বৃদ্ধকাল। 

জীৱন পৰিক্ৰমাৰ‌ এই প্ৰতিটো স্তৰৰে আছে এক সুকীয়া মাদকতা। প্ৰতিটো স্তৰতে নিহিত হৈ থাকে জীৱনৰ এক সুকীয়া সৌন্দৰ্য। আকৌ এই মাদকতা, এই সৌন্দৰ্যবোৰৰ আঁৰে আঁৰে থাকে কিছুমান সমস্যা, দুখ-কষ্ট, অসুবিধা। আচলতে সুখে-দুখেহে জীৱন। জীৱনৰ চাৰিটা স্তৰৰ ভিতৰত বৃদ্ধকালৰ এক বিশেষ তাৎপৰ্য আছে। সাধাৰণতে ষাঠি বছৰ বয়স অতিক্ৰম কৰাৰ পাছত এজন ব্যক্তিক বৃদ্ধ বুলি ধৰা হয়। এই সময়ছোৱাত বেছিভাগ লোকেই কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে, সাংসাৰিক দায়িত্বৰ পৰাও মুক্ত হয়। গতিকে তেওঁৰ হাতত ৰৈ যায় অফুৰন্ত সময়। ইয়াৰ বিপৰীতে ঘৰৰ আন আন সদস্যসকল নিজ নিজ কাম-কাজ, দায়িত্ব আদি লৈ ব্যস্ত থাকে। আনহাতে ঘৰৰ নতুন চামৰ লগত প্ৰজন্মৰ ব্যৱধানৰ বাবে প্ৰায়ে তেওঁলোকৰ মতবিৰোধ ঘটে। 

‎”উপন্যাসৰ ভিতৰত ৰচনাশৈলীৰ ফালৰ পৰা মই ‘মৎস্যগন্ধা’ খন লিখি অলপ সন্তুষ্টি লাভ কৰিছিলোঁ। ‘অস্তৰাগ’ নামৰ উপন্যাস লিখিও লেখক হিচাপে মই কিছু সন্তুষ্টি লাভ কৰিছিলোঁ।…”

‎                                      —– হোমেন বৰগোহাঞি

‎হোমেন বৰগোহাঞিৰ ‘অস্তৰাগ’

‎বৃদ্ধকাল মানুহৰ দ্বিতীয় ল’ৰালি। কাৰণ বৃদ্ধকালত ব্যক্তি এজন পুনৰ ল’ৰালিলৈ উভটি যায।শিশুৰ দৰে আচৰণ কৰে।মান-অভিমান বেছি হয়।আনৰ গুৰুত্ব বিচাৰে। দৰাচলতে বৃদ্ধকালৰ এনে আচৰণৰ আঁৰৰ কাৰণ হ’ল এই সময়ছোৱাত মানুহ এজনে সন্মুখীন হোৱা বিভিন্ন সমস্যা।এই সময়ছোৱাত মানুহৰ শাৰীৰিক আৰু মানসিক শক্তি কমি আহে।চিন্তা শক্তি হ্ৰাস পায়।গতিকে নিজকে অৱহেলিত বুলি ভাবি তেওঁলোকে হীনমন্যতাত ভোগে।এইবোৰৰ লগতে কিছুমান পাৰিপাৰ্শ্বিক কাৰকেও বৃদ্ধকালক সমস্যাবহুল কৰি তোলে।জীৱন সংগীৰ মৃত্যু, চাকৰিৰ তাগিদাত সন্তান ঘৰৰ পৰা আঁতৰত থকা, পুৰণি বন্ধু-বান্ধৱৰ লগত যোগসূত্ৰ হেৰাই যোৱা,পৰিৱৰ্তিত সময়ৰ লগত খাপ খাব নোৱাৰা আদি কাৰকসমূহে বৃদ্ধকালত ব্যক্তি এজনক ব্যতিব্যস্ত কৰি তোলে।সেয়েহে বৃদ্ধকালত ব্যক্তিসকলৰ ঠেঁহ-পেঁচ, মান-অভিমানবোৰ বাঢ়ি আহে।বয়সৰ লগে লগে শ্ৰৱণ শক্তি কম হৈ অহাৰ ফলত কথা-বতৰা পাতিবলৈও অসুবিধা পায়।গতিকে বৃদ্ধসকলে ভালেমান সময়ত একাকী জীৱন কটাবলৈ ভাল পোৱা হৈ পৰে।বৃদ্ধকালৰ এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈকে হয়তো প্ৰাচীন ভাৰতীয় পৰম্পৰাত চাৰি আশ্ৰমৰ ধাৰণাটো অনা হৈছিল।প্ৰাচীন কালত এক আদৰ্শ জীৱনক ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস নামেৰে চাৰি আশ্ৰমৰ ভাগ কৰা হৈছিল।প্ৰাচীন পৰম্পৰাত বৃদ্ধকাল হ’ল বানপ্ৰস্থ আশ্ৰম।এজন ব্যক্তিয়ে নিজৰ গৃহস্থী ধৰ্ম সফলতাৰে শেষ কৰি বানপ্ৰস্থ আশ্ৰমত প্ৰৱেশ কৰে।বানপ্ৰস্থ শব্দটোৰ অৰ্থ হ’ল বনৰ মাজত অৱসৰ যাপন কৰা।সংসাৰ ধৰ্ম পালনৰ পাছত ব্যক্তি এজনে মায়া-মোহ ত্যাগ কৰি বনৰ মাজত অৱসৰ যাপন কৰে আৰু জীৱনৰ শেষ সময় উপস্থিত হ’লে তেওঁ সন্ন্যাস লৈ কেৱল ঈশ্বৰৰ চিন্তাত সময় অতিবাহিত কৰি নিশ্চিত মৃত্যুৰ বাবে সাজু হয়।কিন্তু পৰিৱৰ্তিত সময়ত প্ৰাচীন ভাৰতীয় পৰম্পৰাৰ চাৰি আশ্ৰমৰ ধাৰণা লোপ পালে।মৃত্যুৰ সময়লৈকে মানুহ পৰিয়ালৰ লগতে থাকিবলৈ ল’লে।পৰিৱৰ্তিত সময়ে মানুহৰ জীৱনলৈ ভালেমান পৰিৱৰ্তন আনিলে।কৃষিপ্ৰধান সমাজৰ ধাৰণা সলনি হ’ল।মানুহবোৰ লাহে লাহে চাকৰিমুখী হ’ল।গ্ৰাম্য জীৱন এৰি চহৰীয়া হ’ল।যৌথ পৰিয়ালৰ ধাৰণা পুৰণি হ’ল।সময়ৰ এই পৰিৱৰ্তনত বাৰ্ধক্য মানুহৰ জীৱনৰ অভিশাপ  হৈ পৰিল।বাৰ্ধক্যৰ এই কৰুণ ছবিখন মূল উপজীৱ্য হিচাপে লৈ অসমৰ অদ্বিতীয় কথাশিল্পী, মহীৰূহ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰে ১৯৮৬ চনতে ৰচনা কৰি উলিয়াইছিল অসমীয়া সাহিত্যৰ এখন জনপ্ৰিয় উপন্যাস ‘অস্তৰাগ’।১৯৮৬ চনৰ পৰা ২০১৮ চনলৈ ৯ টা সংস্কৰণ প্ৰকাশ পোৱা কথাটোৱেই উপন্যাসখন আজিও যে পাঠকৰ প্ৰিয় গ্ৰন্থৰ তালিকাত আছে, তাকে প্ৰতিপন্ন কৰে।

‎লেখকৰ পৰিচয় : বিংশ শতিকাৰ পৰা একবিংশ শতিকালৈ অসমীয়া জাতীয় জীৱনৰ মহীৰূহ, অভিভাৱক তথা পথপ্ৰদৰ্শকৰ ভূমিকা পালন কৰা হোমেন বৰগোহাঞিয়ে তেওঁৰ উচ্চ মানবিশিষ্ট সৃষ্টিশীল আৰু সমৃদ্ধিশালী সাহিত্য সম্ভাৰেৰে জাতীয় সাহিত্যৰ ভঁড়াল চহকী কৰাৰ সমান্তৰালকৈ বিভিন্ন উচ্চ মানদণ্ডৰ বাতৰি কাকত আৰু আলোচনী সম্পাদনাৰে সমগ্ৰ অসমতে ধনাত্মক তথা ইতিবাচক বৌদ্ধিক চিন্তাৰ উত্তৰণৰ বাট কাটি দিছিল।সবল ব্যক্তিত্ব আৰু উচ্চ চিন্তাৰ অধিকাৰী বৰগোহাঞি আছিল একাধাৰে সাহিত্যিক, শিক্ষাবিদ সাংবাদিক, বুদ্ধিজীৱী আৰু একনিষ্ঠ সমাজ সেৱক।৭ ডিচেম্বৰ ১৯৩২ চনত লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্মগ্ৰহণ কৰা বৰগোহাঞিৰ পিতৃৰ নাম ইন্দ্ৰধৰ বৰগোহাঞি আৰু মাতৃৰ নাম আইতা বৰগোহাঞি।ঢকুৱাখনাতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰি ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ পৰা ১৯৫০ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত নামভৰ্তি কৰে।১৯৫২ চনত কটন মহাবিদ্যালয়ৰ পৰা প্ৰথম বিভাগত আই এছ চি পাছ কৰি উক্ত মহাবিদ্যালয়ৰ পৰাই ইংৰাজী বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে।স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলে।কিছুদিন শিক্ষকতা কৰাৰ পাছত ১৯৫৫ চনত অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ উপপ্ৰতিসমাহৰ্তা হিচাপে চৰকাৰী চাকৰিত যোগদান কৰে কিন্তু ১৯৬৮ চনত চাকৰি ইস্তফা দি ‘সাপ্তাহিক নীলাচল ‘ কাকতৰ প্ৰতিস্থাপক সম্পাদক হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে।প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়তে সাহিত্য চৰ্চা কৰিবলৈ লোৱা বৰগোহাঞিদেৱৰ প্ৰথমটো চুটিগল্প ‘আবেলি আলিবাটৰ গান’ কটনৰ মুখপত্ৰ ‘কটনিয়ান’ ত প্ৰকাশ পায়।তেওঁৰ প্ৰথমখন গল্প সংকলন হ’ল ‘বিভিন্ন কোৰাচ’।অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কথাশিল্পী হোমেন বৰগোহাঞিৰ মুঠ প্ৰকাশিত উপন্যাস বাৰ খন।এইবোৰৰ ভিতৰত সুবালা, পিতা-পুত্ৰ, হালধীয়া চৰায়ে বাওধান খায়, তান্ত্ৰিক, কুশীলৱ, তিমিৰ তীৰ্থ, মৎস্যগন্ধা, অস্তৰাগ বিশেষভাৱে উল্লেখযোগ্য। বৰগোহাঞিদেৱৰ একমাত্ৰ কাব্য সংকলন ‘হৈমন্তী’ ১৯৮৭ চনত প্ৰকাশ পায়।তেওঁৰ অনান্য ৰচনাৰাজিৰ ভিতৰত আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু, জিজ্ঞাসা, আত্মো দীপ ভৱ, জীৱনৰ মধুৰতম সময়, কিতাপ পঢ়াৰ আনন্দ, মানুহ হোৱাৰ গৌৰৱ আদি উল্লেখযোগ্য।নিজৰ সৃষ্টিশীল কৰ্মৰ বাবে বিভিন্ন বঁটাৰে সন্মানিত হোৱা হোমেন বৰগোহাঞিয়ে ‘পিতা-পুত্ৰ’ গ্ৰন্থৰ বাবে ১৯৭৭ চনত অসম প্ৰকাশন পৰিষদৰ বঁটা আৰু একেখন গ্ৰন্থৰ বাবে ১৯৭৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।১৯৯২ চনত অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ‘অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰে।তেওঁ দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰে।২০০৭ চনত তেওঁক শ্ৰীমন্ত শঙ্কৰদেৱ বঁটাৰে সন্মানিত কৰা হয় । ২০২১ চনৰ ১২ মে’ তাৰিখে ৮৮ বছৰ বয়সত তেওঁ ইহলীলা সম্বৰণ কৰে।

‎”উপন্যাসৰ ভিতৰত ৰচনা শৈলীৰ ফালৰ পৰা মই ‘মৎস্যগন্ধা’ খন লিখি অলপ সন্তুষ্টি লাভ কৰিছিলোঁ । ‘অস্তৰাগ’ নামৰ উপন্যাস লিখিও লেখক হিচাপে মই কিছু সন্তুষ্টি লাভ কৰিছিলোঁ ।…”

‎                                      —– হোমেন বৰগোহাঞি

‎’অস্তৰাগ’ বৃদ্ধকালৰ এখন নিটোল ছবি।সন্তুষ্টিৰে ভৰা আন এক ৰাগ।এখন মহাবিদ্যালয়ৰ প্ৰবক্তা দিলীপে পত্নী সাৱিত্ৰী আৰু দুই সন্তান কুণাল-অদিতিক লৈ চাকৰি সূত্ৰে চহৰত থাকে।গাঁৱৰ ঘৰত দিলীপৰ বৃদ্ধ নিসংগ পিতৃ।চাকৰিৰ তাগিদাত অনিচ্ছাসত্বেও দিলীপে বৃদ্ধ পিতৃক লগুৱা-লিগিৰীৰ হাতত এৰি ৰাখিবলৈ বাধ্য হয়।

‎এদিন মহাবিদ্যালয়লৈ বুলি সাজু হোৱা সময়তে দিলীপে গাঁৱৰপৰা অহা এখন টেলিগ্ৰাম পায়…..

“দেউতাৰৰ গুৰুতৰ অসুখ, তৎক্ষণাৎ আহা ।”  

পিছদিনা নাইট চুপাৰত দিলীপ গাঁৱৰ ঘৰলৈ যায়।গাঁৱৰ মানুহৰ লগতে দিলীপহঁতৰ ঘৰখনৰ বিপদৰ বন্ধু কালীৰাম পণ্ডিতৰ সেৱা-শুশ্ৰূষাত দিলীপৰ দেউতাক মৃত্যমুখৰ পৰা উভতি আহে।দেউতাকৰ ৰোগবিধ্বস্ত শৰীৰ দেখি দিলীপ ভাগি পৰে।দিলীপে দেউতাকক চহৰলৈ লৈ অনাৰ সিদ্ধান্ত লয় । কিন্তু দিলীপৰ দেউতাক নাচোৰবান্দা; ওপজিবৰে পৰা তিৰাশী বছৰ যিখন ঠাইত তেওঁ জীৱন কটালে, সেইখন ঠাই , সেই চিনাকি পৰিৱেশ, সেই আপোন মানুহবোৰ এৰি পুতেকৰ লগত নাযায়। তেওঁৰ পোনপটীয়া ঘোষণা……..

“বাৰ্ধক্যৰ যন্ত্ৰণা সহ্য কৰিবলৈ মোৰ শক্তি আছে; কিন্তু জীৱনৰ এই গধূলি পৰত তিৰাশী বছৰৰ চিনাকী গাঁওখন আৰু ঘৰখনৰ পৰা বিচ্ছেদ সহ্য কৰিবলৈ মোৰ শক্তি নাই।”

অৱশেষত দিলীপ আৰু পণ্ডিতে মিলি একেৰাহে তিনিদিন ধৰি বুজাই-বঢ়াই দেউতাকক চহৰলৈ যাবলৈ ৰাজী কৰালে।ইতিমধ্যে পণ্ডিতৰ সেৱা-যত্ন আৰু পুতেকক কাষত পোৱাৰ আনন্দত ভালেখিনি সুস্থ হৈ উঠা দিলীপৰ দেউতাকে নিজৰ আপোন ঘৰখন, মানুহবোৰৰ পৰা বিদায় লৈ গাঁও এৰিবলৈ সাজু ‎হ’ল।

পুতেকৰ ঘৰলৈ আহি পো-বোৱাৰী, নাতি-নাতিনীৰ  আদৰ-যত্নৰ মাজত দিলীপৰ দেউতাকে প্ৰথম এমাহমান আনন্দেৰেই কটালে।কিন্তু লাহে লাহে সেই জীৱনটোৰ প্ৰতি তেওঁৰ মোহভংগ ঘটিল।একেখন চালিৰ তলত ভালেমান দিন একেলগে থকা লগুৱা-লিগিৰীবোৰৰ লগত তেওঁৰ যি আত্মিক সম্পৰ্ক গঢ়ি উঠিছিল, সেই সম্পৰ্ক যেন ক্ষণিকৰ সান্নিধ্যলৈ অহা বোৱাৰী বা নাতি-নাতিনীৰ লগত গঢ়ি নুঠিল।কিবা অনামী এক অভাৱত তেওঁ ঘৰলৈ উভতি আহিবলৈ আগ্ৰহী হৈ পৰিল। তেওঁ দিলীপক বাৰে বাৰে ঘৰত থৈ আহিবলৈ খাটনি ধৰিলে।ইয়াৰ মাজতে দিলীপৰ দেউতাক এদিন ছেনাইলিটি অৰ্থাৎ বাৰ্ধক্যজনিত মস্তিষ্ক-বিকৃতিৰ চিকাৰ হ’ল আৰু অৱশেষত এদিন তেওঁৰ মৃত্যু হ’ল।

‎’অস্তৰাগ’ৰ কাহিনীভাগ দৰাচলতে প্ৰতিজন বৃদ্ধ ব্যক্তিৰে জীয়া বাস্তৱ।দিলীপ আৰু দিলীপৰ দেউতাক উপন্যাসখনৰ মুখ্য চৰিত্ৰ।সাৱিত্ৰী, কুণাল, অদিতি, উকীল কাৰ্তিক বসু, চন্দ্ৰ, ডাঃ শৰ্মা আদি চৰিত্ৰবোৰ কাহিনীৰ প্ৰয়োজনীয়তাত অংকন কৰা কিছুমান গৌণ চৰিত্ৰ।উপন্যাসখনৰ আটাইতকৈ আকৰ্ষণীয় চৰিত্ৰটো হ’ল কালীৰাম পণ্ডিত।পৰৰ সুখত সুখী, দুখত দুখী হৈ বিনা স্বাৰ্থত পৰৰ হকে দেহে-কেহে খটা কালীৰাম পণ্ডিতৰ দৰে চৰিত্ৰবোৰ সমাজত আছে বাবেই মানৱীয় সম্পৰ্কৰ মূল্য আছে।অৱশ্যে আজি-কালি আমাৰ মাজত এনে চৰিত্ৰ বিৰল।দিলীপ অতিশয় পৰিপাটি লোক। তেওঁৰ সকলো কাম নিখুঁত আৰু আনৰ কামবোৰো তেনে হোৱাটোৱেই বাঞ্ছা কৰে।দিলীপৰ বিষয়ে বন্ধু চন্দ্ৰই কয়..

“মনোবিজ্ঞানৰ মতে যিবোৰ মানুহৰ অন্তৰ্জগতত ভীষণ নৈৰাজ্য আৰু বিশৃংখলা বিৰাজ কৰে, ঠিক সেইবোৰ মানুহেই বাহিৰত খুব বেছি শৃংখলা আৰু পৰিপাটিটো বিচাৰে।তোমাৰ ক্ষেত্ৰতো সেই কথাই সঁচা নহয়তো ?” (পৃষ্ঠা : ৮)

চন্দ্ৰৰ এই কথাষাৰে দিলীপ চৰিত্ৰটোৰ বিষয়ে এক বিশেষ তাৎপৰ্য বহন কৰিছে।চৰিত্ৰটো বিশ্লেষণ কৰি চালে দেখা যায় যে দিলীপে সমস্যাবোৰৰ মুখামুখি হোৱাতকৈ পলাই থাকিহে যেন শান্তি পায়।দিলীপে আনকি নিজৰ মনটোৰ মুখামুখি হ’বলৈও টান পায়। দিলীপ দৰাচলতে পিতৃক অন্তৰেৰে ভাল পোৱা আৰু ভালপোৱাজনক হেৰুৱাব লগা ভয়ত আছন্ন হৈ থকা এজন সাধাৰণ মানুহৰ প্ৰতিনিধি।সাৱিত্ৰী, কুণাল আৰু অদিতি নিজ দায়িত্বৰ প্ৰতি সচেতন  একো একোটা সাধাৰণ চৰিত্ৰ।চন্দ্ৰ বন্ধুক বুজি পোৱা,বন্ধুত্বক সন্মান কৰিব জনা এটা সুন্দৰ চৰিত্ৰ।মানুহৰ মন হ’ল এক দুৰ্বোধ্য সাঁথৰ; যি সাঁথৰৰ সমিধান কেতিয়াবা খোদ মানুহজনৰ ওচৰতে নাথাকে।মানুহৰ মনৰ এই দ্বন্দ্ব উপস্থাপনৰ বাবেই যেন উপন্যাসখনত কাৰ্তিক বসু চৰিত্ৰটোৰ অৱতাৰণা।বাৰ্ধক্যৰ কিছু কাৰ্যকলাপ মানুহৰ বাবে অচিনাকি।বিসংগতিমূলক এই কাৰ্যকলাপৰ অন্তৰালত যে বাৰ্ধক্যজনিত মস্তিষ্ক-বিকৃতিয়ে ক্ৰিয়া কৰে তাক চিকিৎসা বিজ্ঞানৰ দৃষ্টিৰে বুজাই দিবলৈকে ডাঃ শৰ্মাৰ আৱিৰ্ভাৱ।

‎মূলতঃ বাৰ্ধক্যক লৈ লিখা উপন্যাসখনত ঔপন্যাসিকে সাম্প্ৰতিক সময়ৰ কেইবাটাও স্পৰ্শকাতৰ বিষয় কাহিনীৰ আওতালৈ আনিছে।আজি বাৰ্ধক্য যে মানুহৰ বাবে অভিশাপস্বৰূপ হৈ পৰিছে তাৰ অন্তৰালত আছে পৰিৱৰ্তিত সময়।সময়ৰ পৰিৱৰ্তনে মানুহৰ জীৱনশৈলী, চিন্তাধাৰা সকলোকে চুই যায়।পৰিৱৰ্তিত সময়ত মানুহ চাকৰিমুখী হ’ল।চাকৰিৰ তাগিদাত মানুহে গাঁও এৰি চহৰৰ বাসিন্দা হ’ল।যৌথ পৰিয়ালৰ ধাৰণা অতীত হ’ল। চহৰীয়া মানসিকতাই মানুহক আত্মকেন্দ্ৰিক কৰি তুলিলে।ঘৰ-সংসাৰ আৰু কেৰিয়াৰসৰ্বস্ব মানসিকতাই মানুহক আপোনজনৰ পৰা আঁতৰ কৰিলে।ইয়াৰ ফল ভোগ কৰিব লগা হ’ল ঘৰখনৰ বয়োজ্যেষ্ঠজনে।জীৱনৰ শেষ বয়সত নিসংগ পিতৃ-মাতৃক সন্তানে নিজৰ লগত ৰাখিবলৈ বিচাৰিলেও পিতৃ-মাতৃয়ে পুত্ৰৰ ঘৰত জীৱনৰ অৰ্থ বিচাৰি নাপায়।আজন্ম চিনাকি ঘৰখন এৰি তেওঁলোক হীনমন্যতাত ভোগে।সামগ্ৰিক ভাৱে ‘অস্তৰাগ’ ত জীৱনৰ দুটামান দিশ বৰ বলিষ্ঠভাৱে অৱতাৰণা কৰা হৈছে……..

‎ক) বাৰ্ধক্যৰ যন্ত্ৰণা

‎খ) গাঁওসমূহৰ অৱক্ষয়ৰ চিত্ৰ 

‎গ) প্ৰজন্মৰ ব্যৱধান 

‎ঘ) বৃদ্ধ পিতৃ-মাতৃক আঁতৰত ৰখাৰ অন্তৰ্দ্বন্দ্ব

‎ঙ) বৃদ্ধকালৰ স্মৃতিভ্ৰমৰ কৰুণ আৰু অসহায় অৱস্থা 

‎চ) আত্মীয়তাৰ সংজ্ঞা  

‎ছ) জীৱনৰ ওপৰত পৰিৱৰ্তিত সময়ৰ প্ৰভাৱ 

‎মানুহৰ জীৱনৰ এছোৱা গুৰুত্বপূৰ্ণ সময়ক অৱলম্বন কৰি ৰচনা কৰা উপন্যাসখন দৰাচলতে এক সাৰ্থক জীৱন সংগীত।জীৱনৰ সৰু-বৰ ভালেমান কথা সহজ-সৰল ভাষাৰে অৱতাৰণা কৰি যোৱা উপন্যাসখনত আছে মানুহৰ আচাৰ-ব্যৱহাৰ, ভাৱ-চিন্তাৰ অতি সূক্ষ্ম পৰ্যবেক্ষণ আৰু উপস্থাপন।কাহিনীৰ প্ৰয়োজনীয়তাত এমাৰছন, ইবছেন আদি বৰেণ্য ব্যক্তিসকলৰ জীৱনৰ সঁচা কাহিনীৰ অৱতাৰণাই উপন্যাসখন অধিক আকৰ্ষণীয় কৰি তুলিছে। উপন্যাসখন পঢ়ি যাওঁতে বাৰ্ধক্যই যে সকলোকে এদিন জোঁকাৰি যাব সেই কথাটো পাঠকে মৰ্মে মৰ্মে উপলদ্ধি কৰিব পাৰে।বৃদ্ধকালৰ জীৰ্ণ ছবিখন ডেকাকালত সপোনৰো অগোচৰ।সেয়ে আমাৰ বাবে বৃদ্ধলোকৰ কাৰ্যকলাপবোৰ বিৰক্তিকৰ।কিন্তু ‘এই কাৰ্যকলাপ সকলোৰে বাবে আৱশ্যম্ভাৱী বুলি অনুভৱ কৰিব পাৰিলেই হয়তো আমি তেওঁলোকক সহানুভূতিৰে চাব পাৰিম’।এই অনুভৱ পাঠকক আনি দিয়াত উপন্যাসখন এশ শতাংশই সফল হৈছে।

‎উপন্যাসখনৰ নামকৰণ অতি তাৎপৰ্যপূৰ্ণ।’অস্তৰাগ’ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ’ল  Afterglow । বাংলা ভাষাত অস্তমিত সূৰ্যই সিঁচি যোৱা ৰাঙলী আভা। বৃদ্ধকাল মানুহৰ জীৱনৰ অন্তিমটো স্তৰ।এই স্তৰৰ জীৱনালেখ্যই হ’ল ‘অস্তৰাগ’; যি অস্তমিত সূৰ্যৰ দৰে পাঠকৰ মনাকাশত এক ৰাঙলী আভা সিঁচি দিয়ে।

‎তলত উপন্যাসখনৰ মোৰ ভাল লগা কিয়দংশ তুলি দিয়া হ’ল —– 

‎ক) “সাৱিত্ৰীয়ে টেলিগ্ৰামখন ইতিমধ্যে খুলিছে। টেলিগ্ৰামখনত কি আছে জানিবলৈ দিলীপে প্ৰথমে সাৱিত্ৰীৰ মুখলৈ চালে।সাৱিত্ৰীৰ মুখত দুশ্চিন্তাৰ ডাৱৰ, কিন্তু সেই দুশ্চিন্তা ইমান সাংঘাতিক নহয় যে টেলিগ্ৰামখনত চৰম দুঃসংবাদ আছে বুলি দিলীপে ভয় কৰিব লাগিব ।”

‎                                                   (পৃষ্ঠা: ৩)

‎খ) “শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য হ’ল মানুহক স্বাধীনভাৱে চিন্তা কৰিবলৈ শিকোৱা।এটা অতি সহজ উপায়েৰে ল’ৰা-ছোৱালীক অতি কম বয়সৰ পৰাই চিন্তা কৰিবলৈ শিকাব পাৰি।বেছিভাগ শিক্ষক বা অভিভাৱকেই ধৰি লয় যে তেওঁলোকৰ কাম হ’ল কোৱা, ল’ৰা-ছোৱালীৰ কাম হ’ল শুনা।সেইটো ভুল।ল’ৰা-ছোৱালীক কথা ক’বলৈ দিব লাগে; নানাবিধৰ প্ৰশ্ন কৰি উত্তৰত সিহঁতে যিহকে কয় তাকে শ্ৰদ্ধা আৰু মনোযোগেৰে শুনিব লাগে।”…..

‎                                         (পৃষ্ঠা: ৪৪)

‎গ) “মই মৰিব খোজোঁ —- দিলীপে নিজকে ক’লে — কাৰণ মৃত্যু আছে বুলিয়েই জীৱন ইমান সুন্দৰ আৰু প্ৰাৰ্থনীয়; কিন্তু মই মৰিব নোখোজোঁ, কাৰণ মোৰ মাজত মূৰ্ত হৈ উঠা চৈতন্যৰ চিৰবিলুপ্তি মই কেতিয়াও নিবিচাৰোঁ।কোন জ্ঞানৰ আলোকত মোৰ এই চিৰন্তন দ্বন্দ্বৰ নিৰসন হ’ব ?” 

‎                                        (পৃষ্ঠা : ৭৪/৭৫)

‎ঘ) “মানুহৰ মগজ, যাক ক’ব পাৰি প্ৰকৃতিৰ মহত্তম সৃষ্টি, আটাইতকৈ বিস্ময়কৰ শিল্প-কৰ্ম, মানুহৰ এই বিশাল সভ্যতা-সংস্কৃতিৰ উৎস, যাক তৈয়াৰ কৰিবলৈ প্ৰকৃতিৰ কোটি কোটি বছৰ সময় লাগিছিল —— তাক প্ৰকৃতিয়ে ইমান অৱজ্ঞাৰে নষ্ট কৰি দিয়ে?কি আশ্চৰ্য !”

‎                                            ( পৃষ্ঠা : ১১০ )

‎ঙ) “তুমি এই পৃথিৱীখনক খুব ভাল পাইছিলা।এই জীৱনটোক খুব ভাল পাইছিলা।আজি তুমি শূণ্যত বিলীন হৈ গ’লা, কিন্তু তোমাৰ এই গভীৰ ব্যাকুল প্ৰেম পৰিব্যাপ্ত হৈ ৰ’ল এই সুন্দৰ ভুবনৰ প্ৰতিটো অণু-পৰমাণুৰ মাজত। মানুহ আহিব আৰু যাব,কিন্তু যিটো বস্তু অনন্তকাল অজৰ-অমৰ হৈ থাকিব সেইটো হ’ল এই সুন্দৰ ভুবন আৰু ৰহস্যময় জীৱনৰ প্ৰতি মানুহৰ সুগভীৰ প্ৰেম।সেই প্ৰেমৰ মাজতে তুমি চিৰকাল জীয়াই থাকিবা ।”

‎                                           (পৃষ্ঠা : ১২৬) 

‎গদ্যৰ ঈৰ্ষণীয় সুখানুভূতিৰে পাঠকক মন্ত্ৰমুগ্ধ কৰি ৰখা বৰগোহাঞি ছাৰৰ ‘অস্তৰাগ’ জীৱনৰ নিৰ্মম বাস্তৱৰ এক নিৰ্মোহ বিশ্লেষণ।জীৱন আৰু বাৰ্ধক্য সম্পৰ্কে চিন্তাৰ অযুত ছিটিকনি পৰি থকা  উপন্যাসখনত কথকে চিত্ৰায়িত কৰিছে সমাজৰ এখন বিবৰ্ণ ছবি। বৰগোহাঞি ছাৰে ব্যক্তিগতভাৱে বাৰ্ধক্যক কেতিয়াও জীৱনৰ অভিশাপ বুলি ভবা নাছিল।বাৰ্ধক্যক তিল তিলকৈ উদযাপন কৰি পান কৰিছিল জীৱনৰ মধুৰেণু।সেয়ে অশীতিপৰ মানুহজনে প্ৰতিনিয়ত বাৰ্ধক্যক উদযাপন কৰি সদম্ভে ঘোষণা কৰিছিল মানুহৰ জয়গান।শেষত, পাঠকৰ হৃদয়ে হৃদয়ে ঘৰ সজা বৰগোহাঞি ছাৰক শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ।

*******

One comment

  • Anonymous

    কিতাপ খনৰ বৰ সুন্দৰ বিশ্লেষণ আগবঢ়ালে । পঢ়ি ভাল লাগিল ।

    Reply

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *