বোৱাৰী সংবাদ-পূৰ্ণিমা শইকীয়া গগৈ

ৰাতুলৰ চাকৰি পোৱাৰ খবৰটো কম সময়তে অঞ্চলটোত বিয়পি পৰিল। তিনি আলিত দিনটো কেৰম খেলি সময় পাৰ কৰা কেইটাই আলোচনা কৰিবলৈ ধৰিলে। 

“আমিহে তাক বুৰ্বক বুলি ভাবিছিলো,  দেখিলি সি চৰকাৰী চাকৰি লগাই দিলে।” 

সাবিত্ৰীৰ কষ্টৰ সাৰ্থক হ’ল। নিয়োগ পত্ৰ আনিবলৈ ওলাই পুতেক ৰাতুলে মাকৰ সেৱা লৈ নিশাৰ বাছত গুৱাহাটীলৈ গ’ল। বিছনাত পৰি পৰি সাবিত্ৰীয়ে ভাবিলে ‘পুতেকৰ ভাল খবৰটো পাবলৈ বাপেকটো জীয়াই নেথাকিল। জীয়াই থকা হ’লে পুতেকৰ উপাৰ্জন টকাৰে চিকিৎসা কৰি মানুহটো কিছুদিন জীয়াই থাকিল হেঁতেন।’

তিনি আলিৰ কেৰম খেলি থকা কেইটাই এইবাৰ চক খোৱাৰ পাল। 

“আমি ইমান দিনে ছোৱালী কিমান চালোঁ।বাইকৰ পিছত কিমান জনী তুলিলো। হোটেলত খুৱালো। দামী উপহাৰ দিলোঁ।এতিয়াও এজনী নিজৰ ঘৰলৈ পত্নী কৰি নিব নোৱাৰিলোঁ।এতিয়া ৰাতুলে চাকৰি পালে।দুদিনৰ পিছত বিয়া পাতি ল’ৰা ছোৱালীৰ ‌বাপেক হ’ব।আমাৰ হে একো নহ’ব আৰু।” 

আটাইকেইটা চিন্তা পৰিল।আচলতে সিহঁতে নিজৰ ওচৰতে লাজ পাইছে।

নিশাৰ বাছত ৰাতুল আহি ঘৰ পালেহি। সি হাত মুখ ধুই বিছনাত পৰিল।মাকে বাহি বন কৰাত লাগিল।গা পা ধুই ভিতৰ সোমাইছেহে।বাহিৰত কাৰোবাৰ মাত শুনি ওলাই আহিল। 

চোতালত সৰ্বেশ্বৰ মণ্ডল।মানুহটোক দেখি সাবিত্ৰীৰ ভূত দেখা দৰে লাগিল।আজি আকৌ কি হ’ল ‘ হাইথা মাটিত পৰিল যে।’…… সাবিত্ৰীয়ে ভাবিলে।

চকীখন বহি লৈ সৰ্বেশ্বৰ মণ্ডলে সাবিত্ৰীৰ খবৰ বাতৰি ল’লে।পথাৰৰ মাটিখিনি লৈ পৰিয়ালৰ মাজত চলি থকা বিবাদৰ মীমাংসা হ’লনে নাই সেই খবৰ ল’লে।দৰকাৰ হ’লে তেওঁ সহায় কৰিব বুলি জনালে।

সাবিত্ৰী আচৰিত হ’ল।যিটো মানুহে হাজাৰ টকা হাতত নেপালে চহী এটাও নকৰে সেইটো মানুহ নিজেই আহিছে সহায় কৰিবলৈ।কাৰণতো বুজি নেপালে সাবিত্ৰীয়ে।

ৰাতুল বাহিৰলৈ ওলাই আহি চোতালত সৰ্বেশ্বৰ মণ্ডলক দেখা পাই আচৰিত হ’ল। সি কিবা কোৱাৰ আগতে মণ্ডলে নিজেই মাত দিলে‌…….

“তুমি কিন্তু ডাঙৰ কাম এটা কৰি দেখুৱালা। আমাৰ অঞ্চলৰ পৰা তুমি চৰকাৰী চাকৰি পালা।বৰ ভাল পালোঁ, সেয়ে খবৰটো কৰিবলৈ আহিলো।” 

ৰাতুলে ক’লে……..

“ভালেই কৰিলে বৰদেউতা।আপুনি বহক।মই গাটো ধুই আহো।”

ৰাতুল যোৱাৰ পাছত সৰ্বেশ্বৰ মণ্ডলে সাবিত্ৰীক ক’লে। 

“ল’ৰাই চৰকাৰী চাকৰি পালে।সোনকালেই বোৱাৰী এজনী নানিবা জানো।ভাবিছোঁ আমাৰ কাঞ্চনকে তোমাৰ বোৱাৰী কৰিব পাৰা।”

সৰ্বেশ্বৰ মণ্ডলৰ অহাৰ উদ্দেশ্য সাবিত্ৰীয়ে এতিয়াহে বুজি পালে। 

ৰাতুল গা ধুই অহালৈ সৰ্বেশ্বৰ মণ্ডল গ’লগৈ।সাবিত্ৰীয়ে মণ্ডলৰ প্ৰস্তাৱৰ কথা ৰাতুলক ক’ম বুলি ভাবিলে।ভাত কেইটা খাই এফালৰপৰা আহোঁ বুলি ৰাতুল ওলাই গ’ল। 

ওচৰ চুবুৰীয়া দুই এজন আহিল ৰাতুলৰ চাকৰি পোৱাৰ খবৰ ল’বলৈ। চাহ, তামোল‌ আগবঢ়ালে সাবিত্ৰীয়ে। পদূলিৰ মুখত তোলন মাষ্টৰক দেখি সাবিত্ৰী আচৰিত হ’ল। 

এটা সময়ত এইজন মানুহে আহি ঘৰতে কম কথা শুনাইছিল নে!তোলন মাষ্টৰৰ জীয়েক বাসৱী আৰু ৰাতুল একেলগে পঢ়িছিল।সিহঁতৰ মাজত হেনো প্ৰেমৰ সম্পৰ্ক হৈছিল। সাবিত্ৰীয়ে কথাষাৰ আৰ তাৰ মুখেৰে শুনিছিল যদিও বিশ্বাস কৰিব পৰা নাছিল।এদিন তোলন মাষ্টৰে নিজেই আহি যেতিয়া সাবিত্ৰীক কথাষাৰ কলেহি তেতিয়াহে গম পালে কথাষাৰ সঁচা।

বিছনাত পৰি থকা ৰাতুলৰ দেউতাকক কিমান যে তিৰস্কাৰ কৰিলে। 

” ”ভিকহু’ৰ জাত। এসাঁজ খাবলৈ নাই।পুতেৰে আকৌ প্ৰেম কৰে মোৰ ছোৱালীৰ লগত। মই জীয়াই থাকোঁতে তোৰ দৰে নীচ কুলৰ এটাৰ লগত মোৰ ছোৱালীক বিয়া নিদিওঁ। সাৱধান কৰি দিছোঁ মোৰ ছোৱালীৰ লগত সম্পৰ্ক ৰাখিলে মাৰি পেলাম তাক।”

শিক্ষকৰ মুখত ইমান নীচ কথা। আঁতৰৰপৰা সকলো শুনিছিল ৰাতুলে।গতিকে সাবিত্ৰীয়ে একো কথা ৰাতুলক ক’ব লগা নহ’ল।সেই তোলন মাষ্টৰে আজি ৰাতুলৰ খবৰ ল’বলৈ আহিছে। এসময়ত নিজে কৰা ব্যৱহাৰৰ বাবে অনুতপ্ত। ৰাতুল আৰু বাসৱীৰ সম্পৰ্কটো তেওঁ আকৌ কৰিব খোজে।ৰাতুলক জোঁৱাই কৰিবলৈ তেওঁ সাজু।

দিনটো পাৰ হ’ল। খবৰ লবলৈ অহা সকলে ৰাতুলক লগ নেপালে।সন্ধিয়াৰ পিছত ৰাতুল ঘৰলৈ আহিল। মাকে বোলে 

“লগত কাক আনিলি?” 

“মা, এই জনী তোৰ বোৱাৰী।”

“কি কৈছ তই?”

“হয় মা। মই চাকৰি কৰিবলৈ ওলাই গ’লে দিনটো তোৰ লগ এটা হ’ব। তোৰ বয়সো হৈছে। ঘৰত কাম কৰিবলৈ তোৰ সহায় হ’ব।”

“হ’লেও যি চাকৰিটো পাইছ হে। দুদিনমান ৰ’ব নোৱাৰিলি নে? বিয়া পাতি আনিলোহেঁতেন।”

“বিয়া পাতিবলৈ টকা লাগিব।চাকৰিৰ দৰমহা গোটাই বিয়া পাতিবলৈ কেইবা বছৰো লাগিব। তাতে আমাক চাৰে কৈছে সোনকালেই বিয়া পাতি দুটা ল’ৰা ছোৱালী জন্ম দিব লাগিব। বোৱাৰী আনিলো এতিয়া নাতি নচুৱাবলৈ যি সাজু হ।”

*******

5 Comments

  • Kumkum Sarmabaruah

    বঢ়িয়া, মামাৰ কথা ৰাখিলে।

    Reply
  • I’m trying to get my account setup, doing the hot 646 ph login. It’s going smooth, the process is not hard. The site could be better, in terms of design, but that is just a matter of taste. hot 646 ph login

    Reply
  • Anyone else messing with jili 80 over here? I’m having some okay luck. Definitely worth a look if you are bored: jili 80

    Reply
  • I was searching for tai awin68 download and I got redirected to their official website, it was that easy. Check it out here: tai awin68

    Reply

Leave a Reply to Kumkum Sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *