‎ভিক্ষুকৰ জীৱিকা পৰিবৰ্তন,‎মূলঃ অমিতাভ প্ৰামাণিক,‎অনুবাদ-মামণি কলিতা

মই শিয়ালদহ ষ্টেচনৰ মূল শাখাৰ নিয়মীয়া যাত্ৰী। যোৱা পোন্ধৰ বছৰ ধৰি কৰ্মসূত্ৰে সেইটো লাইনৰ ট্ৰেইনত অহা-যোৱা কৰি আছোঁ। ট্ৰেইনৰ বহুসংখ্যক নিতৌ অহা-যোৱা কৰা লোক, হকাৰ আনকি ভিক্ষাৰী কেইজনৰো মুখ চিনাকি হৈ গৈছে। ভিক্ষাৰী কেইজনৰ ভিতৰত এজনৰ নাম আছিল মাধাই, পোন্ধৰ ষোল্ল বছৰ বয়সৰ পৰা তেওঁক ম‌ই দেখি আহিছোঁ। তেওঁ জন্মান্ধ। বাৰাকপুৰৰ পৰা দমদমলৈ অহা বাটছোৱাত ট্ৰেইনত ভিক্ষা খোজে। লাহে লাহে মাধাই ডাঙৰ হোৱা দেখিলোঁ, জীৱনসংগী বিচাৰি পোৱাও দেখিলোঁ, আনকি তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হোৱাও দেখিলোঁ। স্বামী-স্ত্ৰী অন্ধ হ’লেও সন্তানটি সু-নয়না আছিল। স্ত্ৰী আৰু সন্তান দুয়োকে লৈ মাধায়ে ট্ৰেইনে ট্ৰেইনে ভিক্ষা কৰি ফুৰিছিল। এতিয়া দেখিছোঁ ভিক্ষাৰীবোৰেও তেওঁলোকৰ জীৱিকা সলনি কৰিছে। আজিকালি বহুতে হাত পাতি ভিক্ষা নোখোজে। কোনোবাই ধূপকাঠি বিক্ৰী কৰে, কোনোবাই চকলেট, কিছুমানে আকৌ মাইক লৈ গায়। প্ৰায় প্ৰতিদিনে এই গান শুনি শুনি এনেকুৱা অভিজ্ঞতা হৈ গৈছে যে দূৰৰপৰাই গানৰ সুৰত গম পাওঁ আমাৰ কেবিনৰ ফালে কোনে গান গাই আগুৱাই আহিছে।এদিন নতুন মাত এটা শুনিবলৈ পালোঁ। মূৰটো ঘূৰাই চাই  – আৰে! আজি মই কাক দেখিছোঁ? মাধাই আজি ডিঙিত স্পীকাৰ ওলোমাই, হাতত মাইক লৈ কিশোৰকন্ঠী হৈ আগুৱাই আহিছে। বেসুৰা সুৰত গান শুনি মই প্ৰথম অবাকেই হলোঁ।পিছত ভাবিলোঁ যে স্ত্ৰী আৰু সন্তানেৰে সৈতে সংসাৰ চলাবলৈ অসুবিধা হোৱা বাবে হয়তো তেওঁ জীৱিকা সলনি কৰিছে। পৰিস্থিতিৰ হেঁচাত আজিকালি ভিক্ষাৰীয়েও জীৱিকা সলনি কৰিবলৈ বাধ্য হৈ পৰিছে।

*******

One comment

Leave a Reply to বৰষা ডেকা Cancel reply

Your email address will not be published. Required fields are marked *