মই নৰকৰ পৰা কৈ আছোঁ,মূল :হৰি শংকৰ পৰসাই ,অনুবাদ-বিজয়া শর্মা

(মে নৰ্ক চে বোল ৰহা হু)

হে পাথৰ পূজোতা সকল!তোমালোকৰ যিহেতু জীৱিত মানুহৰ কথা শুনাৰ অভ্যাস নাই ,সেয়েহে মই মৰিও কৈ আছোঁ।জীৱিত অৱস্থাত তোমালোকে যাক চকু পাৰিও দেখিব নোৱাৰিছিলা, তেওঁৰ কিন্তু শৱৰ লগত সমদল কৰিও গৈছিলা। জীৱন ভৰ তোমালোকে যাক ঘৃণাৰ চকুৰে চাইছিলা,তেওঁৰ চিতাত চাকি জ্বলাবলৈও গৈছিলা।মৰালৈকে যাক এচলু পানী দি নাপাইছিলা, তেওঁৰ অস্থি গঙ্গালৈও লৈ গৈছিলা। তোমালোকে জীৱিত অৱস্থাত মানুহক তিৰস্কাৰ কৰা আৰু মৃতকক সৎকাৰ কৰা।সেয়েহে মৰিও নৰকৰ পৰায়েই  মই কৈ আছোঁ।

কিন্তু মোৰনো কি দৰকাৰ পৰিছিল যে জীৱন কালত মৌন হৈ থাকি নৰকৰপৰা  তোমালোকক কৈ থাকিবলৈ!!  

কিন্তু ইয়াত আহি মই এটা কথা এনেকুৱাকৈ শুনিলোঁ যে, মই অভাগাৰ মৃত্যুক লৈ তোমালোকৰ ডাঙৰ ডাঙৰ মানুহৰ চতুৰালি আৰম্ভ হৈ গৈছে। মই ইয়াত শুনিছোঁ যে তোমালোকৰ মন্ত্রীয়ে হেনো সংসদত কৈছে যে মোৰ মৃত্যু অনাহাৰত  হোৱা নাই মই আত্মহত্যাহে কৰিছোঁ।মই মৰিমো আৰু মোৰ মৃত্যুৰ  কাৰণে দায়ীও মই নিজে হ’ম। অনাহাৰত মৰিম আৰু অনাহাৰে গুৰুত্ব নাপাব, ই কেনে ধৰণৰ কথা?অন্ন অন্ন কৰিয়েই মই মৰিলোঁ আৰু মোৰ মৃত্যুৰ কাৰণত অন্নয়েই গুৰুত্ব নাপায় !

আজি ইয়াত এটা ঘটনা ঘটিল।মানে স্বর্গ আৰু নৰকক যিখন দুৱাৰে পৃথক কৰিছে,সেই দুৱাৰৰ ফাঁকেৰে মোৰ মৰমৰ কুকুৰটোৱে ‘কুৰ- কুৰ’ কৈ শব্দ কৰি মোৰ ফালে চাবলৈ ধৰিলে। মই আচৰিত হ’লোঁ।লগতে ভাবি ক্ষোভিত হলোঁ যে মই নৰকত আৰু মোৰ কুকুৰটো স্বর্গত?এই কুকুৰটো মোৰ বৰ মৰমৰ কুকুৰ।যুধিষ্ঠিৰৰ কুকুৰটোতকৈও অধিক।যেতিয়াৰপৰা মোৰ পত্নী এজন ধনী মানুহৰ লগত পলাই গৈছিল,তেতিয়াৰ পৰাই এই কুকুৰটো মোৰ সঙ্গী আছিল,আনকি মৰালৈকে ই মোৰ লগ এৰা নাছিল।

কাষৰ এজন শেঠে ইয়াক পালিব বিচাৰিছিল, শেঠানীয়েও বহুত মৰম কৰিছিল, কিন্তু ই লোভত মোক এৰি গুচি নগ’ল।সেই কাৰণই মই সুখী যে সি স্বর্গত আনন্দৰে আছে, কিন্তু মোৰ নিজৰ প্রতি হোৱা অন্যায়টো পাহৰি যাব নোৱাৰোঁ।কিন্তু ভাইসকল!এয়া তোমালোকৰ সেইখন মৃত্যুলোক নহয়, য’ত অভিযোগ নুশুনিব।য’ত অভিযোগকাৰীকহে দণ্ড দিয়ে। য’ত লালফিতাৰ মেৰপাকত জুই লগাৰ বছৰচেৰেক পিছতহে জুই নুমাবলৈ অর্ডাৰ আহে।ইয়াত অভিযোগকাৰীৰ অভিযোগটো লগে লগেই শুনে। সেয়ে মই ভগৱানৰ ওচৰলৈ গলোঁ আৰু  প্ৰার্থনা কৰিলোঁ, 

“হে ভগৱান!পৃথিৱীত অন্যায় ভোগ কৰি এই আশা লৈ ইয়ালৈ আহিছোঁ যে, মই ন্যায় পাম। কিন্তু এয়া কি মোৰ কুকুৰটো স্বর্গত আৰু মই যে নৰকত!জীৱন ভৰ একো বেয়া কাম কৰা নাই। অনাহাৰত মৰিলোঁ, কিন্তু চুৰ কৰা নাছিলোঁ। কাৰোৰে ওচৰত হাত পতা নাছিলোঁ আৰু এই কুকুৰটো  সাধাৰণ কুকুৰবোৰৰ দৰেইতো হয়। ই ওচৰৰ ঘৰৰপৰা চুৰি কৰি খাই লাঠিৰ কোব খাই মৰিছিল। কিন্তু ইয়াক  স্বর্গত ৰাখিলে। কাৰণ সি কর্মঠ আছিল,কিন্তু মালিক আলস্য আছিল আৰু অনাহাৰত মৰিল।” 

ভগৱানে এখন বহী চাই ক’লে,

” ইয়াত লিখা আছে তুমি আত্মহত্যা কৰিছা।”

মই ক’লো,

“নহয় মহাৰাজ মই অনাহাৰতহে মৰিলোঁ। মই আত্মহত্যা কৰা নাই।”

কিন্তু তেওঁ ক’লে, 

“নাই তুমি মিছা কথা কৈছা। তোমাৰ দেশৰ অন্নমন্ত্রীয়ে লিখিছে যে তুমি আত্মহত্যা কৰিছা।তোমাৰ শৰীৰৰ পোষ্টমৰ্টেমত এই কথায়েই আহিছে।”  

মই যেতিয়া ক’লোঁ এয়া ৰিপর্ট সম্পূর্ণ ভুল,মোৰ  কথা শুনি ভগৱান অলপতেহে পৃথিৱীত বাগৰি নপৰি বাছি গ’ল।

মই ক’লো, 

“মোৰ পোষ্টমৰ্টেম হোৱাই নাছিল।মোকতো জ্বলাই দিয়া হৈছিল। ইয়াৰ দহ দিন পিছতহে সংসদত প্রশ্নোত্তৰ হৈছিল।তেতিয়াহ’লে কি মোৰ ছাইখিনিৰহে পোষ্টমৰ্টেম হৈছিল নেকি?”

মই সকলো বর্ণনা কৰিলোঁ।

শুনা, তুমিও শুনা। তুমি নাজানা মই ক’ত জীীয়াই আছিলোঁ, ক’ত মৰিছিলোঁ।পৃথিৱীখন ইমান বিশাল যে ইয়াত কোনেও কাৰো খবৰ নাৰাখে আৰু তুমি কি জানিবা যেতিয়া মোৰ উশাহ-নিশাহ চলি আছিল তেতিয়ালৈকে মই জীৱিত আছিলোঁ।মই এই অৰ্থত জীৱিত আছিলোঁ যে মই সদায় মৃত্যুৰপৰা বাছি থাকিব জানিছিলোঁ। বাস্তৱত মই জন্মৰ পিছত এটা ক্ষণৰ কাৰণেহে জীৱিত আছিলোঁ আৰু দ্বিতীয়টো ক্ষণৰপৰা মোৰ মৃত্যুক্ষণ আৰম্ভ হৈ গ’ল। বজাৰৰ সেই অট্টালিকা টোৰ বিষয়েটো জানা? তাৰ পিছফালৰ এটা অংশত শৌচালয় চাফা কৰিবলৈ এখন দর্জা আছে আৰু আনটো অংশত দর্জাৰ গাতে লগাকৈ আছে মোৰ জুপুৰিটো। অট্টালিকাৰ মালিকে মোৰ জুপুৰিটো ভাঙি শৌচালয় বনাব বিচাৰিছিল। যদি মই মৰি নগলোঁহেঁতেন দুখীয়া মানুহৰ জুপুৰিৰ ওচৰত ধনী শ্রেণীৰ শৌচালয়ৰ জয়যাত্রা দেখিলোঁ হেঁতেন।মই এই জুপুৰিটোতেই আছিলোঁ। মোৰ ওচৰে-পাঁজৰে অন্নই অন্ন আছিল আৰু দৰ্জাৰ সিটো পাৰৰপৰা যিবোৰ নিগনি সোমাইছিল, সিহঁত দিনে দিনে শকত হৈ গৈছিল আৰু সিহঁত  সদায় এই কাৰণেই নাহিছিল, কাৰণ সিহঁতে  খাই খাই শকত হৈ  গৈছিল আৰু ওলাই যাব পৰাকৈ নতুন ৰাস্তা এটা বনাই আছিল। কিন্তু মই হে ভোকত আছিলোঁ। বেকাৰ আছিলোঁ। শস্যও সেৰত দহ টকা আছিল।ইয়াতকৈ মোৰ মৃত্যুয়েই সস্তা আছিল।শেষত মোৰ  মৃত্যুও আহিল মোৰ মৃত্যুৰ দিনটোতে অট্টালিকাটোৰ সিপাৰৰ ল’ৰাজনৰ বিয়া আছিল।বৰ ধনী আছিল।গোটেই গাঁৱে জানিছিল তেওঁলোকক।বহুত শস্য জমা কৰি ৰাখিছিল,কিন্তু কোনেও একো নকৈছিল।  পুলিচেও তেওঁলোকক ৰক্ষা হে কৰিছিল আৰু সেইদিনাই মোৰ মৃত্যুৰ হাতোৰাই হাত বাউল দি মাতিছিল।

*******

4 Comments

  • বৰষা ডেকা

    ভাল লাগিল পঢ়ি

    Reply
  • Alright fam, let’s talk ph366. Not gonna lie, I’m kinda liking it. Lots of options and decent payouts. Worth a look. Trust me on this one. ph366

    Reply
  • Yo what’s the crack? Tried wr777game and enjoyed it! Easy to register. Good selection and seems fair, give it a blast yourself dude. wr777game

    Reply
  • Yo, w999game has a solid selection of games. I’ve had some decent wins there. Worth a try if you’re looking for something new. Check them out at w999game

    Reply

Leave a Reply to বৰষা ডেকা Cancel reply

Your email address will not be published. Required fields are marked *