মোবাইলত বন্দী জীৱন-নিবেদিতা শৰ্মা 

গোলোকীয় পৃথিৱীৰ বৰ্তমান সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুবিধেই হৈছে মোবাইল ফোন।এই মোবাইল ফোনৰ কৃপাতেই আঙুলিৰ এটা টিপাতে পৃথিৱীৰ সকলো খবৰ তথা ছবি  আমাৰ চকুৰ সন্মুখত ধৰা দিয়ে।সকলো বস্তু ব্যৱহাৰৰ ভাল বেয়া দুটা দিশ থাকে।যদিওবা আমি মোবাইল ফোন ব্যৱহাৰ কৰা বাবে বহু ক্ষেত্ৰত সুবিধা হৈছে তাৰ বিপৰীতে অত্যাধিক ইয়াক ব্যৱহাৰ কৰাৰ বাবে আমাৰ কিছুমান অসুবিধাও হোৱা দেখা যায়।মূৰৰ বিষ,নিদ্ৰাহীনতা, চকুৰ পাৱাৰ কমা এনেধৰণৰ কিছুমান বেমাৰ বেছি সময় মোবাইল ব্যৱহাৰ কৰা বাবেই হোৱা দেখা যায়।দুই মিনিটকৈ অধিক সময় মোবাইলত কথা পাতিলে কাণৰ লগতে মূৰৰো ক্ষতি হয়। মেছেজৰ জড়িয়তে অধিক কথা থাকিলে পাতিব লাগে। ৰাতি শোৱাৰ সময়ত মোবাইল ফোন নিজৰ পৰা এক মিটাৰ আঁতৰত ৰাখিব লাগে।চাৰ্জত লগাই কেতিয়াও কথা পাতিব নালাগে।যিকোনো বস্তু সঠিক ৰূপত ব্যৱহাৰ কৰিলে তাৰপৰা হোৱা ক্ষতি হ্ৰাস পায়।

আজিৰ পৃথিৱীত জীৱন যাত্ৰাত আগবাঢ়ি যাবলৈ আটাইটকৈ প্ৰয়োজনীয় সামগ্ৰীৰ ভিতৰত মোবাইল ফোন অন্যতম।সত্তৰোৰ্ধৰপৰা চুচৰিবলৈ শিকা কনমানিটো লৈকে মোবাইল ফোনৰ প্ৰতি আকৰ্ষিত হয় ৷ নহ’বনো কিয় পৃথিৱীৰ সকলো দিশ এই মোবাইল ফোনটোতে যে উপলব্ধ।

টেলি সংযোগ সাধনৰ ক্ষেত্ৰত তাঁৰবিহীন প্ৰযুক্তিয়ে দেশক বহুখিনি আগুৱাই লৈ গ’ল৷ সৰ্ব-সাধাৰণ মানুহৰ হাতে হাতে ল’ব পৰাকৈ মুক্ত অৰ্থনীতিৰ সুফলৰ ৰূপত দামীৰ পৰা কমদামী বিভিন্ন ধৰণৰ মোবাইল বজাৰত উপলদ্ধ হ’ল।দেশৰ বহু ভিতৰৰ গাঁৱতো এই দূৰ-সংযোগ ব্যৱস্থাই সফলতা তথা বজাৰ দখল কৰাটো এই সময়ৰ এটা উল্লেখনীয় কথা।মোবাইল সেৱাৰ সতে মানুহৰ মাজত সংযোগ তথা ভাৱৰ আদান- প্ৰদান যি দৰে সহজ হৈ পৰিছে, তাৰ সতে ইয়াৰ আন কিছু আৰ্থ-সামাজিক প্ৰভাৱ তথা সামাজিক পৰিবৰ্তন চকুত লগা হৈ পৰিছে। আধুনিক নাৰীয়েও সমাজৰ সতে খোজ মিলাই হাতে হাতে মোবাইল লৈ আগবাঢ়ি অহাটো এই নতুন যুগৰ বাবে শুভলক্ষণ৷নাৰী এগৰাকীয়ে এগৰাকী মাতৃ, অভিভাৱক, ভগ্নী, প্ৰেমিকা তথা আত্মীয় ৰূপে ভূমিকা পালন কৰিব লগা হয়৷ একেসময়তে নতুন সমাজ গঢ়াৰ বাটত নৱ-প্ৰজন্মক গঢ় দিয়াৰ গধুৰ দায়িত্বও মূলতঃ নাৰীৰ হাততেই অৰ্পিত হৈ থাকে৷ এই যাত্ৰাপথত আজিৰ মোবাইল সেৱাৰ বৰ্ধিত আগ্ৰাসনে নাৰীসমাজক এক সময়োচিত প্ৰত্যাহ্বান আগবঢ়োৱা বুলি অনুভৱ কৰিছোঁ। ইয়াৰ বাবে মোবাইল ফোনৰ উপকাৰ, উপযোগিতা তথা তাৰ বিৰূপ ব্যৱহাৰ হ’ব পৰা সম্পৰ্কে ঘৰ এখনৰ গুৰি ধৰোঁতা হিচাবে নাৰীসকল অতি সজাগ হোৱাৰ প্ৰয়োজনীয়তা অতিশয় বৃদ্ধি পাইছে৷মোবাইল ফোনে আধুনিক নাৰীক দিছে এটা আটাইতকৈ ডাঙৰ উপহাৰ৷ সেয়া হৈছে উদ্বিগ্নতাৰ পৰা মুক্তি৷ পৰিয়াল পৰিজন বাহিৰলৈ যি কোনো কামত ওলাই যোৱাৰ পাছত নাৰী এগৰাকী সদায়েই উদ্বিগ্ন হৈ থকাটো এটা সহজাত স্বভাৱ, তেখেত মাতৃ, পত্নী, ভগ্নী অথবা আন আত্মীয়ই নহওঁক কিয়!সুৰক্ষিতভাৱে পালেগৈ বুলি ফোন এটা নোপোৱালৈকে এই উদ্বিগ্নতাৰ অৱসান নহয়।এই ক্ষেত্ৰত মোবাইলে আনি দিলে প্ৰশান্তিৰ বতৰা।

আজিকালি সৰু-বৰ চহৰত নৱ-প্ৰজন্মৰ হাতত সৰু-বৰ মোবাইল৷ এটাতকৈ আনটো চকুত লগা তথা উন্নত প্ৰযুক্তিৰ।সেই নতুন প্ৰযুক্তিসমূহৰ ব্যৱহাৰ সম্পৰ্কেও আজিৰ নাৰীসকল নৱ-প্ৰজন্মৰ সমানেই সজাগ-সচেতন হৈ উঠাটো অতিশয় দৰকাৰী হৈ পৰিছে।ঘৰত মোবাইল লৈছে, কনমানিটোৱেহে ফোন লগায় দিয়ে, সিহে এইবোৰ জানে, এনে ধৰণৰ চিন্তাৰে শিকিবলৈ অনীহা আধুনিক নাৰীয়ে এৰিব লাগিব।সৰু সৰু ল’ৰা-ছোৱালীৰ হাততে বিভিন্ন আপডেটেড টেব, মোবাইল আদি সহজলভ্য হৈ পৰাৰ লগতে, গেমচ, এপ্লিকেচনছ আদিৰ পয়োভৰত নৱ-প্ৰজন্ম মোবাইল-প্ৰেমী হৈ পৰিছে।পৰিয়ালৰ সতে এটা নিবিড় মুহূৰ্ত কটাবৰ প্ৰয়োজনৰ সময়তো মাক-দেউতাক-ভাই-ভগ্নীৰ মুখলৈ চাবলৈ যেন আহৰি নাই৷ অনবৰতে টেব, লেপটপ অথবা মোবাইলৰ সতেই লাগি থাকিবলৈ লোৱা. উঠি অহা নৱ-প্ৰজন্মৰ অভ্যাসটো তেওঁলোকৰ চাৰিত্ৰিক,দৈহিক তথা মানসিক বিকাশৰ ক্ষেত্ৰত অন্য এক চিন্তনীয় বিষয় হৈ পৰিছে ৷ সামাজিক বা পৰিয়ালৰ সতে মানৱীয় যোগসূত্ৰতকৈ মোবাইলৰ অনামী ৰঙীন জগতখনত আপোনপাহৰা হৈ থাকিবলৈ শিকাটো শিশু-কিশোৰ-যুৱ প্ৰজন্মৰ বাবে এক নিচাত পৰিণত হৈছে।এক কথাত ক’বলৈ গ’লে আজিৰ প্ৰজন্ম মোবাইলৰ পৃথিৱীত বন্দী হৈ পৰিছে। অৱশ্যে দুই এক ইয়াৰ ব্যতিক্ৰম নোহোৱা নহয়। নাৰী মাতৃসকলে এই ক্ষেত্ৰত সচেতন নহ’লে এই নিচাৰপৰা সন্তানক বাৰণ কৰাটো এসময়ত অসম্ভৱ হৈ উঠিব যেন অনুভৱ হয়। মোবাইলৰ ৰঙীন পৃথিৱীত ভাল বেয়া সকলোখিনিয়ে সহজলভ্য হোৱা বাবে আমাৰ সন্তানসকলে মোবাইলত কি চাইছে বা কি কৰিছে মাতৃসকলে জনাটো গুৰুত্বপূৰ্ণ। মোবাইলৰ পৃথিৱীখনে বহুত মেধাৱী ছাত্ৰ-ছাত্ৰীক অবাটে লৈ যোৱা বিভিন্ন ধৰণৰ বাতৰি আজিকালি প্ৰায়ে 

প্ৰকাশ হৈ থাকে।কোনো কোনোৱে মোবাইলত গেম খেলি পিতৃৰ কষ্টোপাৰ্জিত ধন পানী কৰাৰ উদাহৰণ বহুত আছে।এনেবোৰ নেতিবাচক কামৰ প্ৰতি যাতে সন্তান সকল আগ্ৰহী নহয় তাৰ প্ৰতি মাতৃগৰাকীয়ে তেওঁৰ সন্তানে মোবাইল ব্যৱহাৰ কেনে ধৰণে কৰিছে তালৈ চোকা দৃষ্টি ৰাখিব লাগে।  

মোবাইল ফোনৰ উপকাৰিতা অপকাৰিতা দুয়োটা দিশেই আছে। ইয়াৰপৰা আমি ইতিবাচক দিশখিনি লৈ নেতিবাচক দিশবোৰ আওকাণ কৰিলে আমাৰ জীৱনত মোবাইল ফোনে উপকাৰ সাধন কৰিব।সকলো বস্তুৰে অত্যাধিক ব্যৱহাৰে ক্ষতি কৰে।সেয়ে সন্তানসকলৰ লগতে নিজেও  ইয়াৰ ইতিবাচক দিশবোৰত গুৰুত্ব দিব লাগে।

বিশ্বত হোৱা কৰ’ণা সংকটৰ সময়ত চৰকাৰে দিয়া Lock down ৰ বাবে ঘৰতে থাকি সময় অতিবাহিত কৰিব লগা হোৱৰেপৰা মোবাইল ফোনটো বৰ্তমান আমাৰ লগৰী হোৱাৰ দৰে হৈছে।প্ৰতিটো বস্তুৰ ভাল বেয়া গুণবোৰ সেই বস্তুটোৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে।উগ্ৰ তিতা উগ্ৰ মিঠা দুয়োবিধেই বিহ হোৱাৰ দৰে প্ৰয়োজন অনুসৰি মোবাইল ফোন ব্যৱহাৰে অপকাৰ কৰাতকৈ উপকাৰ সাধন কৰিব।

*******

One comment

  • গীতা মণি দত্ত ।

    সুন্দৰ বাৰ্তা সমাজলৈ । ভাল লাগিল ।

    Reply

Leave a Reply to গীতা মণি দত্ত । Cancel reply

Your email address will not be published. Required fields are marked *