‎মোৰ সংসাৰ-কংকনা শৰ্মা

সদায় বেলেগৰ সংসাৰৰ কথা কৈ থাকিলে মানুহে ক’ব পাৰে নহয়, ই ঘটিৰামে চাল্লা বেলেগৰ কথাকে উকটি ফুৰে । সেইবাবেই আজি নিজৰ কথাকে ক’ব অমুকাই।

মই এজন বেলেগ ধৰণৰ মানুহ।আপুনি মোক অহৌবলিয়া, চেৰাবলিয়া যি কয় ক’ব আৰু মোৰ কামবোৰ দেখি।এদিন এই মহামানৱে চিটি বাছত কণ্ডাক্টৰ বুলি নীলা চোলা পিন্ধা যাত্রী এজনকে ভাড়া দি বহি আছিল। ১২ বজাত মৰি থকা ঘড়ী পিন্ধি বিয়া খাবলৈ গৈছিল।তাত সকলোৱে সোধে, 

“ভাইটি টাইম কিমান হ’ল?”

মোৰ অৱস্থা এবাৰ কল্পনা কৰকচোন।শেষত ঘড়ীটো পকেটত সুমুৱাই থৈহে বাচিলোঁ লাজ পোৱাৰ পৰা।(বুদ্ধি কম নহয় দেই মোৰ)

‎মই বৰ শান্তিপ্ৰিয় মানুহ। কাৰো লগত বেছি নালাগোঁ। সকলোকে হ’ব দে বুলি সন্তুষ্ট কৰি থৈ দিওঁ । গতিকে শ্ৰীমতীৰো বেছি ঠেহ-পেঁচ নাই।কিন্তু যাক কয় নাৰী, তেওঁ আকৌ অভিমান কৰি মুখ ওন্দোলাই নিদিয়াকৈ থাকিব নে?লাজ,অভিমান আদি হেনো নাৰীৰ ভূষণ।মোৰ গোসাঁনীও ব্যতিক্রম নহয়॥তথাপি মই মেনেজ কৰাত এক্সপাৰ্ট।মিহি মিহি কথাৰে কামবোৰ আদায় কৰি লওঁ। (মনে মনে ক’লো দেই।শুনিলে বিপদ হব) তেৱোঁ অৱশ্যে অবুজন নহয় বুলিহে ( ভগবানে বচাইছে মোক)

‎আজি দুদিনমান হ’ল,মোৰ গোসাঁনীজনীৰ মুখ কিবা এটা কথাত বাৰিষাৰ আকাশ যেন হৈ আছে।মই চেষ্টা কৰিও মেনেজ কৰাত ব্যৰ্থ হৈছোঁ।কিবা সুধিলে, মোলৈ নোচোৱাকৈয়ে “কি জানো”, “নাজানো”, “মোৰ মূৰটো হৈছে” জাতীয় উত্তৰহে পোৱা গৈছে।কি যে কৰোঁ! দিওঁ নেকি সেইপালিকে গিলি !!নালাগে দে, মোৰ বাকীখিনিও আধ্যা পেলাব গোসাঁনীয়ে।(ভয়ো লাগে ন?মহেশ্বৰৰ দশা দেখিছেই নহয়)

‎ভাবি-চিন্তি বুদ্ধি এটা কৰিলোঁ।বজাৰলৈ গৈ সন্ধিয়া চিকেন লৈ আহিলোঁ।লগতে আৰু কিবাকিবি এসোপা বস্তু।তেওঁক মিহিকৈ ক’লো, 

“ডাৰ্লিং,তুমি যে সিদিনা নতুন ৰেচিপিটোৰ কথা কৈছিলা, আজি ৰান্ধাচোন তোমাৰ লখিমী হাতেৰে।”

মই মহাকবিতো!পুৰা কাব্যিক ভংগীৰে ক’লো।লগতে ভাৱিলো,এটা চুপাৰ ডুপাৰ ৰোমান্টিক কবিতা লিখি থওঁ।তেওঁক শুনাম।মুঠতে আজি ঠেহ ভাঙিহে এৰিম।

‎তেওঁ একো নামাতিলে।অলপ সময় পিচত পাকঘৰত সোমাল।মই ভুমুকিয়াই চাই দেখিলোঁ,তেওঁ যোগাৰ কৰিছে স্পেচিয়েল ডিচৰ।য়া…. হু।মানে ফৰ্মুলা মিলিছে। এতিয়া কবিতা লিখিব লাগিল।টিভিটো অন কৰি দি কবিতা লিখিব লাগি গ’লো।এটা চুপাৰ ৰোমান্টিক কবিতা হ’ব লাগিব।মাজে মাজে পাকঘৰত গৈ মেডামজী মেমচাহাবক তেল মাৰি থাকিলোঁ মিঠা মিঠা কথাৰে ।

‎”হে’ৰা শুনিছা” – 

কবিতাটি শেষ কৰিবলৈ অলপ বাকী থাকোতে শ্ৰীমতীৰ মাত। 

“কিবা ক’বা নেকি ডাৰ্লিং?”

মই পাকঘৰত গৈ সুধিলোঁ । 

“মই চিকেন বনালোঁকচাউলখিনি ধুই থৈছোঁ।তুমি ভাত বহাই দিয়া।মই গাটো ধুই আহোঁ।বহুত গৰম লাগিছে।”

‎তেওঁ গা ধুবলৈ গ’ল।মই কবিতাৰ কথাকে ভাবি ভাবি ভাতখিনি বহাই দিলোঁ।আজি গোসাঁনীৰ মেজাজ নৰম। কবিতাটি শুনি বাকীখিনিও ঠিক হৈ যাব।পাকঘৰত বহি কবিতাটিত শেষ পৰশ দিলোঁ।গেছটো অফ কৰি কুকাৰটো নমাই থৈ আহিলোঁ।

‎অলপ পিচত তেওঁ আহিল।ইটো-সিটো কথা পাতি কবিতাটি শুনিবলৈ অনুৰোধ কৰিলোঁ।তেওঁ মান্তি হ’ল আৰু মই শুনাই গ’লো।তেওঁক বৰষুণৰ লগত ৰিজালোঁ। কুঁৱলীৰ লগত, নিয়ৰৰ লগত, শেৱালি,কঁহুৱাৰ লগত, শুকুলা ডাৱৰৰ লগত, আৰু যে কিমান কিহৰ লগত ৰিজালো তেওঁক।আঁৰ চকুৰে চাই দেখোঁ , লাজত তেওঁৰ গাল সেন্দূৰী হৈ পৰিছে।আস্ !! কি যে ধুনীয়া মোৰ গোসাঁনীজনী !! দেহি ঐ, মৰম মৰম লাগি যায় ঐ !!…

‎বহুসময় হাঁহি মাতি কথা পাতিলোঁ দুয়ো।বহুত দিনৰ মূৰত।কিছসময় পিছত তেওঁ ক’লে, 

“এতিয়া কথাকে পাতি থাকিবানে,ভাত খাবা?বাৰ বাজি গ’ল।”

মোৰ এৰিব মন নাছিল।তথাপিও ‘বাৰু’ বুলি ক’লো।তেওঁ যোৱাৰ লগে লগে জাপ মাৰি ড্ৰেচিং আইনাৰ আগত গ’লো আৰু নিজকে চাব্বাছ দিলোঁ।তেতিয়াই শুনিলোঁ,

“হেৰা শুনাচোন।”

‎”কি হ’ল ডাৰ্লিং?”

‎পাকঘৰত গৈ দেখিলোঁ,হাতত হেতাখন লৈ এহাতেৰে কঁকালত ধৰি গোসাঁনীজনী থিয় হৈ আছে।মুখৰ হাঁহি নাই এতিয়া।

“ভাত বহাইছিলা?”

ডাইৰেক্ট প্ৰশ্ন মোলৈ।

“হয় ! কিয় সুধিলা?”

“ক’ত ভাত?”

‎”সেইয়া।”

‎মই খোলা কুকাৰটোলৈ আঙুলিয়াই দেখুৱালোঁ।কিন্তু ই কি?কুকাৰটোত দেখোন ভাতৰ সলনি অকল পানীহে। তাৰমানে কবিতা লিখাৰ নিচাতে কুকাৰটোত চাউল নিদিয়াকৈ অকল পানীকেই বহাই দিলোঁ !!

‎মই বেঙা হাঁহি এটা মাৰি শ্ৰীমতীৰ মুখলৈ চালোঁ।অলপ আগতে শান্ত সৌম্য গায়ত্ৰী দেৱীৰ ৰূপত থকা শ্ৰীমতীৰ মুখ চামুণ্ডা দেৱীৰ ৰূপ ল’বলৈ আগবাঢ়িছে ইতিমধ্যে।

‎মই সেমেনা-সেমেনিকৈ ইফালে-সিফালে চাওঁতেই দেখিলোঁ,কিছু দূৰত ৰেকৰ ওপৰত গোসাঁনীয়ে ধুই থৈ যোৱা চাউলকেইটাই কাঁহীখনৰ পৰা মোলৈ চাই দাঁত নিকটাই হাঁহি আছে।

‎ধেৎতেৰিকা !! মোৰো যে শনিৰ দশাত জন্ম!!

*******

One comment

  • Anonymous

    ,ভাল লাগিল দেই পঢ়ি।জমনি।😁

    Reply

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *