শীতৰ বিষণ্ণতা-কল্যাণী দেৱী গোস্বামী

অভিমানী বৰ্ষা
তোমাৰ হিয়াৰ বিননিত
আনন্দৰ উল্লাস মৰহি যায়,
নিশ্চুপ হুমুনিয়াহ কাঢ়ি
বিষাদময় বিচ্ছেদত
তপ্ত অশ্ৰুৰ বন্যা নামে
গোপনে
সময়চক্ৰত আবতৰীয়া
ঋতুৰ বিষণ্ণতা ।
আলিমূৰৰ কেঁকুৰিত
হেৰায় শৰৎ-হেমন্ত
স্মৃতি ভৰা সৰাপাতত
বাট চাই ৰওঁ
আকৌ আহিব দুনাই ।
শীতৰ বিষণ্ণতা
কুঁৱলীঘন নিশাৰ ৰহস্যত,
পুৱতিৰ বেলিৰ
আন্ধাৰ-পোহৰৰ মালিতা,
পুৰণি নিহালিৰ ঠেহ
কপাহ কোমল উম হেৰুৱায়
নিছলাৰ শেতেলিত।
গাভৰু নৈখনে বিনায়
শীৰ্ণকায় হৈ পৰা দেহটোত
স্নিগ্ধ-সেউজ আৱৰণ খহি
জিলিকিছে বিষণ্ণতাৰ ৰঙ
অথচ
ভৰুণ হালধীয়া পথাৰত
শুনো কলৰৱ আকাংক্ষিত
সাত সাগৰৰ সিপাৰৰ
আলহী চৰাইজাকৰ
ডেউকাৰ ধপধপনিত।
সংগোপনে নামে ন প্ৰহৰৰ
আগলি পুৱাৰ নৱ প্ৰভাত
ন আশাই পোখা মেলে
শেষ হোৱা ৰূপ-ৰস-গন্ধে
বাট চাই ভুমুকিয়াই
নিজস্বতাৰে পাৰ হোৱা
সময়ৰ কামনাৰে
আৱেগ ঢলা ফাগুনৰ শুষ্কতাই
নোৱাৰে আদৰিব নতুনত্ব
বসন্তৰ চৰণ ধ্বনি শুনে
হেঁপাহেৰে
কপহুৱা সেউজবোৰে।

*******

4 Comments

Leave a Reply to Kalyani Goswami Cancel reply

Your email address will not be published. Required fields are marked *