সংখ্যাটোৰ আঁৰৰ কথা

পোন প্ৰথমেই সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ ওলগ যাচিলোঁ।

সংখ্যাটোৰ আঁৰৰ কথা ক’বলৈ যাওঁতে প্ৰথমেই আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ অৰবিন্দ গোস্বামীদেৱৰ নামটোৱেই ল’ব লাগিব।যোৱা ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহৰ সন্ধিয়া এটাত মোলৈ এটা ফোন কল আহিছিল।কুশল মংগল ভাৱ বিনিময়ৰ পাছতে তেওঁ মোলৈ এটা প্ৰস্তাৱ আগবঢ়ালে।

“শব্দচিত্ৰৰ_ জীৱন জিজ্ঞাসা” ই-আলোচনীখনৰ পঞ্চম বৰ্ষৰ,প্ৰথম সংখ্যাৰ সম্পাদকৰ দায়িত্বটো ল’ব লাগে।

মই একেকোবেই না কৰিলো।কাৰণ মোৰ ই-আলোচনীৰ সম্পাদনাৰ বিষয়ে জ্ঞান শূণ্য।তেওঁ নেৰে,বোলে আপুনি পাৰিব।মই সকলোবোৰ কথা শিকাই দিম।অৱশেষত ‘সাহেই সিদ্ধি’ বুলি তেখেতৰ মতকে সন্মান জনাই হয়ভৰ দিলো।

আজি এই সংখ্যাৰ আঁৰৰ কথা লিখিবলৈ পোৱাৰ মুলতে অৰবিন্দ গোস্বামীদেৱৰ আশাসুধীয়া প্ৰচেষ্টাৰ শলাগ নল’লে মোক অকৃতজ্ঞতাৰ দোষে চুব।এই আপাহতে তেখেতলৈ আন্তৰিক কৃতজ্ঞতা ও ধন্যবাদ যাচিলোঁ।

আলোচনীখনৰ বাবে এটা টিম গঠন কৰাৰ লগতে বৰ্ণাশুদ্ধিলৈকে সকলো সদস্যৰে যি সহায় পালো,সেয়া কেতিয়াও নাপাহৰো।

‘শব্দচিত্ৰ’ গোটৰ মজিয়াত আলোচনীৰ গোহাৰিৰ পাছতেই প্ৰথমেই ড° মৃদুস্মিতা ফুকন বাইদেউৰপৰা  এটা সুন্দৰ লেখা পালো।বাইদেউলৈ এই চেগতে আন্তৰিক ধন্যবাদ যাচিলোঁ।

ইয়াৰে পাছৰ দিনাখন কুমকুম দেৱী শৰ্মা বৰুৱা বাইদেউৰ পৰা আন এটা লেখা পালো বাইদেউৰ লগত হোৱা এক আলোচনাৰ অন্তত সেই লেখাটো বাতিল কৰিলো।বাইদেউৱে পুনৰ দুটা লেখা দি মোৰ সাহস বঢ়ালে।ক্ৰমান্বয়ে এটা দুটাকৈ লেখাবোৰ আহিবলৈ ধৰিলে।তাৰ মাজতে আলোচনীৰ শুভাকাংক্ষী সকলৰ লগত বাৰ্তা বিনিময়ো চলি থাকিল।এইদৰেই শেষলৈকে আলোচনীখনৰ বাবে প্ৰয়োজনীয় লেখাখিনি আহি হাতত পৰিলহি।

“শব্দচিত্ৰ_জীৱন জিজ্ঞাসা” এই  ই-আলোচনীখনলৈ লেখা পঠাই সমৃদ্ধ কৰা মোৰ শ্ৰদ্ধাৰ,মৰমৰ সকলো লেখক লেখিকালৈ আন্তৰিক কৃতজ্ঞতা ও ধন্যবাদ যাচিলোঁ।আপোনালোকৰ সহায় অবিহনে আলোচনীখনে আজি প্ৰকাশৰ বাট নেদেখিলেহেঁতেন।

আলোচনী খনৰ বাবে প্ৰয়োজনীয় ‘অতিথিৰ সাক্ষাৎকাৰ’টোৰ বাবে আমি কাষ চাপিছিলো অসম আৰক্ষীৰ শীৰ্ষস্থানীয় পুলিছ বিষয়া,অসম আৰু অসমীয়া ভাষাটোক মনে প্ৰাণে ভাল পোৱা “ড° নন্দ সিং বৰকলা” মহাশয়ৰ।অসম পুলিচৰ IGP ৰ দৰে গুৰুত্বপূৰ্ণ পদত থাকিও অকণো সময় নষ্ট নকৰাকৈ আমাক সাক্ষাৎকাৰটোৰ বাবে সময় দি তেখেতে ভাষা আৰু জাতিৰ প্ৰতি থকা দায়বদ্ধতাকে পুনৰ প্ৰমাণ কৰিলে।তেখেতলৈও এই সুযোগতে পুনৰ কৃতজ্ঞতা যাচিলোঁ।তেখেতৰ সৈতে যোগাযোগৰ মাধ্যম হৈ ‘যোৰহটীয়া বন্ধু’ শ্ৰীপূৰ্ণ চূতীয়াদেৱে সহায়ৰ হাত আগবঢ়ালে।

তেখেতলৈও আন্তৰিক ধন্যবাদ যাচিলোঁ।

গোটৰ প্ৰশাসক ,সৰ্বশ্ৰী অৰবিন্দ গোস্বামীদেৱ,দেৱজিত শৰ্মা,বৰষা ডেকা,কংকণা গোস্বামী আৰু উপাসা ভাগৱতীলৈ বিভিন্ন দিশত দিহা পৰামৰ্শৰ বাবে আন্তৰিক ধন্যবাদ যাচিলোঁ।

এখন আলোচনী প্ৰকাশৰ বাবে বৰ্ণাশুদ্ধিৰ বিষয়টো বৰ জৰুৰী।এই বিষয়ত সহায়ৰ হাত আগবঢ়ালে সৰ্বশ্ৰী অৰবিন্দ গোস্বামীদেৱৰ লগতে মাতু কুকুৰাচোৱা বাইদেউ,ইলি তালুকদাৰ বাইদেউ,ববিতা শৰ্মা,কংকণা ৰিয়া গোস্বামী,বৰষা ডেকা আদিয়ে নিজৰ কৰ্ম ব্যস্ততাৰ মাজতে সুৰুঙা উলিয়াই,সময়মতে সুন্দৰকৈ বৰ্ণাশুদ্ধি কৰি দি যি সহায়ৰ হাত আগবঢ়ালে তাৰবাবে সকলোৰে ওচৰত কৃতজ্ঞ হৈ থাকিলো।

বেটুপাত:  শিল্পী প্ৰাঞ্জল বৰালৈও আন্তৰিক ধন্যবাদ যাচিলোঁ।

হে সুধীবৃন্দ,চাওঁতে চাওঁতে ‘শব্দচিত্ৰ_জীৱন জিজ্ঞাসা, ই-আলোচনী’খনে পঞ্চম বৰ্ষৰ প্ৰথম সংখ্যাত ভৰি দিলেহি।আশাকৰোঁ আগৰদৰেই আপোনালোকে এই সংখ্যাটোকো মৰমৰে আঁকোৱালি ল’ব।আপোনালোকৰ সহায় সহযোগিতা ও যোগাত্মক সমালোচনাই আমাক আগুৱাই যোৱাত সহায় কৰিব।

ই-আলোচনীৰ সম্পাদক হিচাবে কামবোৰ কৰিবলৈ যাওঁতে অনভিজ্ঞতাৰ বাবে অনেক ন-অভিজ্ঞতাৰ সন্মুখীন হৈছো।কিছু অবাঞ্চিত ভুল ক্ৰুটিও ৰৈ যাব পাৰে!

সেই সকলোখিনি গঠনমুলক সমালোচনা, পৰামৰ্শৰে আঙুলিয়াই দি আলোচনীখন সাদৰেৰে আদৰি লৈ আমাক কৃতাৰ্থ কৰিব বুলি আশা কৰিলো।

“জয়তু শব্দচিত্ৰ”

ধন্যবাদেৰে…

শ্ৰীৰাজু কুমাৰ নাথ,

সম্পাদক,

শব্দচিত্ৰ_জীৱন জিজ্ঞাসা(ই-আলোচনী),

পঞ্চম বৰ্ষ,প্ৰথম সংখ্যা

*******

Leave a Reply

Your email address will not be published. Required fields are marked *