সম্পাদকীয়

জয়জয়তে শ্ৰদ্ধাৰ ই-আলোচনীখনৰ লগত জড়িত প্ৰত্যেকগৰাকী সদস্য সদস্যা,”শব্দচিত্ৰ_জীৱন জিজ্ঞাসা”ত নিজৰ লেখা প্ৰকাশ কৰিবলৈ দি আমাক উৎসাহিত কৰা শ্ৰদ্ধাৰ প্ৰতিগৰাকী কবি,লেখক,লেখিকালৈ আমাৰ আন্তৰিক শুভেচ্ছা ও ধন্যবাদ থাকিল।

আমাৰ বাবে যোৱা সময়ছোৱা বিশেষকৈ ২০২৫ বৰ্ষটোৰ শেষলৈকে আমি অসমৰ বহুকেইগৰাকী শিল্পী, সাহিত্যিক আৰু অসমৰ পুৰোধা ব্যক্তিক হেৰুৱালো।

তাৰে ভিতৰত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ,ৰাজীৱ শদিয়া,চৈয়দ চাদুল্লা,দীপক শৰ্মা,প্ৰফুল্ল গোবিন্দ বৰুৱা,ৰামচৰণ ভৰালী,জ্ঞানদা কাকতি,অনুভৱ তুলসী,হেমন্ত দত্ত,ফাইলাও বসুমতাৰী,তিমথী দাস হাঞ্চে,গায়ত্ৰী হাজৰীকা,নলিনী বৰুৱা,সমৰ হাজৰীকা,প্ৰদীপ বৰুৱাকে আদি কৰি পুণ্যাত্মাসকলে আমাক এৰি থৈ পৰলোকলৈ  গতি কৰিলে।এই বিদেহী পুণ্যাত্মাসকলৰ চিৰশান্তি কামনাৰে আমি শব্দচিত্ৰ_জীৱন জিজ্ঞাসাৰ পৰিয়ালৰ তৰফৰপৰা অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি নিবেদিলো।

ই-আলোচনীৰ ক্ষেত্ৰখনত “শব্দচিত্ৰ_জীৱন জিজ্ঞাসা”ৰ যাত্ৰা আপোনালোকৰ সঁহাৰি অবিহনে আধৰুৱা।এইমাহৰ আলোচনীখনৰ “গোহাৰি”প্ৰকাশৰ দিনাৰেপৰা আপোনালোকে জনোৱা সঁহাৰিয়ে আমাক যি অনুপ্ৰেৰণা যোগালে আমি তাৰবাবে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ।

আধুনিক সময়ৰ লগত খোজ মিলাই চলিবলৈ যাওঁতে আমি নিজৰ কিছুমান এৰি আনৰ ভাল বুলি কোৱাবোৰক জধেমধে আদৰিবলৈ লৈছো।জাতিটোৰ বাবে এই বিজতৰীয়া সংস্কৃতিবোৰে এদিন ৰঘুমলাৰ ৰূপ ল’ব বুলি ভয় হয়।সময় থাকোতেই অভিভাৱক সকল সচেতন নহ’লে এখন পংগু সমাজ দেখিবলৈ পাম।নিজৰখিনি সদায়ে আৱৰি সামৰি ৰাখিব লাগিব।

আমাৰ সুৱদী সুৰীয়া আইৰ মুখৰ ভাষা,আমাৰ সংস্কৃতি জগতসভাত জিলিকি থাকক।সদায়ে তাৰ বাবে ব্ৰতী হৈ থাকিবলৈ সকলোৱে চেষ্টা কৰোঁ আহক।

ভাষা সাহিত্যৰ বৰ পথাৰখনত বহুতো ঘাত-প্ৰতিঘাত নেওচি ই-আলোচনীখনে আজিৰ এই পৰ্য্যায় পাইছেহি।এই সময়ছোৱাত ভাষাটোৰ প্ৰতি দায়বদ্ধতাৰে নিজৰ বুলি সহায়ৰ হাত আগবঢ়োৱা সকলো সুহৃদলৈ কৃতজ্ঞতা যাচিলোঁ।

“এইমাহৰ অতিথি”ৰ শিতানৰ সাক্ষাৎকাৰটিত সন্মতি প্ৰদান কৰি আমাক কৃতাৰ্থ কৰা উচ্চপদস্থ আৰক্ষী বিষয়া,কবি সাহিত্যিক ড° নন্দ সিং বৰকলা মহাশয়লৈ সম্পাদনা সমিতিৰ হৈ আন্তৰিক ধন্যবাদ যাচিলোঁ।

সদৌ শেষত সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰি…

ধন্যবাদেৰে……..

সম্পাদক

শব্দচিত্ৰ_জীৱন জিজ্ঞাসা,ই-আলোচনী

পঞ্চম বৰ্ষ,প্ৰথম সংখ্যা

3 Comments

  • Lily Bordoloi

    এখন সুন্দৰ আলোচনী আমাৰ হাতত তুলি দিয়াৰ বাবে সম্পাদক প্ৰমুখ্যে আটাইকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ । সম্পাদকীয়তো পঢ়ি বৰ ভাল লাগিল ।

    Reply
  • Kumkum Sarmabaruah

    সুন্দৰ মনৰ ভাব প্ৰকাশ হৈছে।

    Reply
  • Kalyani Goswami

    সম্পাদকীয়টো পঢ়ি ভাল লাগিল।এখন সৰ্বাংগসুন্দৰ আলোচনী পঢ়িবলৈ পোৱাৰ বাবে সমূহ কৰ্মকৰ্তাৰ লগতে সম্পাদক মহোদয়ৰ শলাগ ল’লো।

    Reply

Leave a Reply to Kumkum Sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *