সাক্ষাৎকাৰ

(অসমৰ এগৰাকী বিশিষ্ট কবি,সাহিত্যিক,সমালোচক,ঔপন্যাসিক,গল্পকাৰ,নিবন্ধকাৰ,আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়া ডo নন্দ সিং বৰকলাৰ সৈতে এটি সাক্ষাৎকাৰ।
বিষয়:মানুহ আৰু সমাজৰ চেতনা)
অসমীয়া সমাজ, সাহিত্য, সংস্কৃতিৰ জগতৰ চিনাকি নাম ড০ নন্দ সিং বৰকলা। তেখেতৰ মাটি আৰু মানুহ চেতনা সমাজৰ বিনন্দীয়া বাট। তেওঁৰ কলমত নিৰ্গত হয় মাটিবিলাসী মানুহৰ শ্ৰমচেতনাৰ বাংময়তা। অমৱস্যাৰ ভয় লগা দিনকালৰ বুকুৰপৰা পূৰ্ণিমাৰ জোনটোক প্ৰকাশিবলৈ তেওঁ পান কৰে সমাজৰ যাতনাৰ বিহ। তেওঁৰ প্ৰিয় বিষয় মানুহ আৰু মাটি। মানুহ আৰু মাটিৰ স্বাৰ্থতে তেওঁ ঘুৰি-ফুৰে দিহিঙে-দিপাঙে। তেওঁৰ জীৱন অভিধানত জাত-পাত-বৰ্ণ, ধৰ্মীয় গোড়ামিক কোনোদিনে প্ৰশ্ৰয় দিয়া নাই। মানুহৰ পৃথিবী এখনৰ বাবেই তেওঁৰ জীৱনৰ কল্লোলিত ছান্দসিক মাত সমাজ হৃদয়ৰ অন্ত্যঃপাশে-অন্তপাশে বিস্তাৰিত। সেয়ে তেওঁৰ কলমে সৰ্বহাৰাৰ জীৱনৰ বাটক ছান্দসিক আৰু ছন্দোবদ্ধ কৰিবলৈ কলমক প্ৰকাশৰ মাধ্যম হিচাবে অস্ত্ৰ কৰি লৈছে। তেওঁৰ দৃষ্টিত নান্দনিকতাৰে বিশাল হৈ আছে সমাজ সংস্কাৰৰ বাবে কলম, গীত, সাহিত্য, চিত্ৰ, মাটি বন্দনাৰ সেউজীয়া বীজ।
কবিতা, গল্প, উপন্যাস, মননশীল সমাজ চেতনাৰ প্ৰবন্ধেৰে অসমীয়া সাহিত্যত নিজৰ বিনয়স্থিতি সবল কৰা ডo নন্দ সিং বৰকলাক “শব্দচিত্ৰ-জীৱন জিজ্ঞাসা”
ই-আলোচনীৰ পঞ্চম বৰ্ষৰ প্ৰথম সংখ্যাৰ সম্পাদক হিচাপে মই শ্ৰীৰাজু কুমাৰ নাথে তেওঁৰ জীৱন, সমাজ, সংস্কৃতি সাহিত্য সম্বন্ধে কিছু প্ৰশ্ন লৈ কাষ চাপিছিলো। নতুন প্ৰজন্মৰ চকুত তেওঁৰ শব্দসম্ভাৰে সমাজৰ নতুন আলোক বিস্তাৰিত কৰিব বুলি অনুভব কৰি পাঠক সমাজলৈ তেওঁৰ স’তে হোৱা সাক্ষাৎকাৰটি ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ৰ হৈ গ্ৰহণ কৰিলো।
(১) প্ৰশ্নঃ– আপোনাৰ সোণোৱালী শৈশৱৰ বিষয়ে আমাক জনাওকচোন।শৈশৱৰ এনে কোনো স্মৃতি আছে নেকি যাক আপুনি আজীৱন সজীব কৰি ৰাখিব বিচাৰে?
উত্তৰঃ– মোৰ শৈশৱ সোণাৱালী নাছিল। আনন্দ আৰু বেদনাই মেৰিয়াই আছিল মোৰ শৈশৱ আৰু ল’ৰালি কাল। জীৱনৰ ঠুনুকা বয়সতে মৃত্যু চেতনাই মোক অহৰহ ক্ৰিয়া কৰিছিল। দুবাৰমান আত্মহত্যাৰ চেষ্টাও কৰিছিলোঁ গভীৰ দ কুঁৱাত জপিয়াই।লাহে লাহে উপলব্ধি কৰিলো জীৱন সুন্দৰ আৰু সেই সুন্দৰতাই মোক উপৰ্যুপৰি হতাশাৰ পৃথিবীৰপৰা মানুহৰ পৃথিবীলৈ দ্ৰুতগতিত ধাৱিত কৰিলে।শৈশৱতে মই সমাজৰ, মানুহৰ স্বাৰ্থপৰ জীৱনৰ কদৰ্যতা দেখিছিলোঁ, দেখিছিলোঁ শোষণ-শাসন। তাৰ মাজতো লগ পাইছিলো সমাজক ভালপোৱা অনেক মননশীল মানুহ।যিসকলে মোক জীৱনৰ প্ৰগতি, সংস্কৃতি, সভ্যতাৰ পৰিভাষাৰ পৃথিবীৰ বৰণ্য চৰিত্ৰটোক চকুত টুকুৰিয়াই টুকুৰিয়াই দেখুৱাইছিল,তেতিয়াই মানুহ সমন্ধে মোৰ যোগাত্মক চেতনাই কাম কৰিছিল। সমাজক বাদ দি মানুহ ক’লৈকৈ যাব নোৱাৰে। সমাজবিহীন মানুহ নিজ কক্ষপথৰ বাসিন্দা হৈ পৰে।যোগাত্মক দৃষ্টিভংগীয়ে বহল পৃথিবীলৈ চাব পৰা সাহস আৰু শক্তি প্ৰদান কৰে।
শৈশৱৰ এছোৱা কাল মই মোৰ জনমৰ গাঁও নগাঁও জিলাৰ অসমীয়া শিখ বসতিপ্ৰধান বৰকলা গাঁৱত অতিবাহিত কৰিছিলো।গাঁওখনৰ বুঢ়ানামঘৰ, বৈষ্ণৱ মন্দিৰ, গুৰুদ্বাৰা, শিৱমন্দিৰ, গৰখীয়া সবাহৰ থান, বিশাল জলাহ, নদী-হাৰিয়া, অসংখ্য বিল, জলাহৰ জৈৱ বৈচিত্ৰ্যৰ গৰ্ভত বিচৰণ কৰা দেশী-বিদেশী বিচিত্ৰ পখীকুল, সেউজীয়া ধানৰ লিহিৰি বতাহত নাচি থকা শৰীৰ, হুৰ-হুৰ বৰষুণ, জলাহৰপৰা ঘৰলৈ খেদি অনা গৰুৰ জাক, আই গোপিনীসকলৰ পাঁজিসেৰীয়া হাতৰ আঙুলিৰে বিলোৱা আৰ্শীবাদ, ভাওনাত গুৰু শংকৰে দেখুওৱা বিষ্ণু চৰিত্ৰৰ অপাৰ মহিমা শ্ৰীকৃষ্ণদৰ্শনেৰে, সূত্ৰধাৰ, গায়ন-বায়ন, থাপনাৰ আগত জ্বলি থকা অসংখ্য মিঠাতেলৰ চাকি, গুৰুদ্বাৰাৰ আৰ্দাস (প্ৰাৰ্থনা), ডবাৰ শব্দ, গুৰু গ্ৰন্থ সাহিব, ভাগৱত, কীৰ্ত্তন, ঘোষা, বৰগীত, ভটিমা, পুতুলা ভাওনা আৰু মোৰ আইতাৰ মুখত শুনা অনেক ফকৰা-যোজনা, সাধু কথা, লোকগীত, বনগীত, মালিতা, আকুতি, মণিৰাম দেৱানৰ গীত, ফুলকোঁৱৰ, জনাগাভৰুৰ গীত, বিহুগীত আদিৰ জীৱনৰেখাক সৰুতেই মন আৰু মগজুত প্ৰোথিত কৰি চহকী হৈছিলো। দেউতাৰ লগত পথাৰলৈ গৈ হাল বাইছিলো, কুঁহিয়াৰ খেতিৰ আপদাল কৰি মগন হৈ পৰিছিলো শস্যৰ ভূমিত।মাটি জীৱনৰ ভোগ নিৰ্বাপণৰ গৰিমাময় সম্পদ। এই ধাৰণাই মোক মাটি আৰু মানুহৰ প্ৰতি অধিকভাবে আকৰ্ষিত কৰিলে।
মই খেতিয়কৰ ল’ৰা।দেউতাই খেতিৰ সকলো সঁজুলিৰ নামবোৰ নিয়াৰিকৈ মোৰ বুকুত প্ৰতিষ্ঠা কৰি থৈ গৈছে। সেই অভিধাৰে মই চহৰৰ চিমেণ্ট সাম্ৰাজ্যৰ মাজত জীৱন নিৰ্বাহ কৰিলেও গাঁৱৰ বোকা মাটিৰ স্নেহ বিগলিত সুঘ্ৰান নিতৌ কঢ়িয়াই ফুৰিছো।
ককা-আজোককাৰ খোজ বিচাৰি হাহাকাৰৰ পৃথিবী এখনৰ সৈতে নিৰন্তৰ বেদনাৰে দিন পাৰ কৰিছো। মোৰ জীৱনকালক গ্ৰাম্য জীৱনৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে বান্ধ খোৱাই ৰখাত বৰণ্য ভূমিকা পালন কৰিছে মোৰ স্বৰ্গীয় পিতৃ চৰণ সিং আৰু স্বৰ্গীয়া মাতৃ কিচন কৌৰ, মোৰ শিক্ষাগুৰু প্ৰয়াত মাঘৰাম শইকীয়া, সোমনাথ দত্ত, মহিম বৰা আৰু মোৰ গাঁৱৰ প্ৰসিদ্ধ নামঘৰ সমূহে। দেউতাই বিচিত্ৰ বিভিন্ন গছৰ সৈতে মোক পৰিচয় কৰাই পখীকুলৰ নামবোৰ নিয়াৰিকৈ শিকাইছিল। এতিয়া গাঁৱলৈ গ’লে বুকুখনত প্ৰচণ্ড বিষ অনুভৱ হয়। দেউতাই পৰিচয় কৰাই দিয়া গছবোৰ নাই। নাই পখীকুলো। দ্ৰুতগতিত হেৰাই থাকিল পুৰণি মানুহ। মূল্যবোধৰ শিক্ষাও পাঠশালাত নোহোৱা হ’ল।
ওপৰত বৰ্ণনা কৰা গ্ৰাম্যজীৱনৰ সেই কথা বিলাককেই মই বুকুত সজীৱতাৰে লৈ ফুৰিছো।
(২) প্ৰশ্নঃ– আপোনাৰ শিক্ষা জীৱনৰ বাবে চমুকৈ কওক চোন।
উত্তৰঃ– মোৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ৪৪ নং বৰকলা আদৰ্শ প্ৰাথমিক বিদ্যালয় (নগাঁও)ত। এই বিদ্যালয়খন ১৮৭০ চনত প্ৰতিষ্ঠা হৈছিল।হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিলো হোজাই জিলাৰ লংকা হাইস্কুলত। উচ্চতৰ মাধ্যমিকৰ শিক্ষা লৈছিলো দক্ষিণপাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁৱত।
নগাঁও মহাবিদ্য়ালয়ৰ পৰা স্নাত্তক হোৱাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাত্তকোত্তৰ আৰু পি.এইচ.ডি ডিগ্ৰীও লাভ কৰিছিলো।
(৩) প্ৰশ্নঃ– আপুনি অসমৰ আৰক্ষী বিভাগৰ এজন শীৰ্ষস্থানীয় বিষয়া।এই পেছালৈ অহাৰ আগতে আৰক্ষী বিভাগৰ বিষয়ে আপোনাৰ কেনে ভাব আছিল?
উত্তৰঃ– সমাজ এখন সুস্থিৰভাৱে চলিবলৈ আইন আৰু নীতি-নিয়মৰ প্ৰয়োজন সৰ্বাধিক। এই ক্ষেত্ৰত আমাৰ ৰাজ্যখনৰ প্ৰতিকূল পৰিবেশ আৰু পৰিস্থিতিৰ মাজতো আৰক্ষী প্ৰশাসনে ৰাইজক দিয়া সুস্থিৰ সামাজিক, আইনৰ বাতাবৰণ অতি গুৰুত্বপূৰ্ণ।
সৰুতে চকুৰ আগতে আৰক্ষীৰ লোকে চোৰ-ডকাইত আৰু অন্যান্য অপৰাধীক মাৰপিট কৰা আদি ঘটনাই আৰক্ষীৰ প্ৰতি মোৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি কৰিছিল আৰু দুখ দিছিল। মানুহে মানুহক অত্যাচাৰ কৰা বিষয়টো মোৰ সংবিধানৰ গণ্ডীৰ ভিতৰত নাই।সেয়ে আৰক্ষীৰ প্ৰতি সৰুতে মোৰ মনোভাৱ বৰ ভাল নাছিল।
বিভাগটোত কামত যোগদান কৰাৰ পিছত সমাজ জীৱনক বিষাক্ত কৰি তোলা এচাম উগ্ৰপন্থী, ধৰ্ষণকাৰী, সমাজ লুণ্ঠনৰ বাটেৰে মানুহক জীয়াতু ভোগোৱা তেজ শুহি শকত হোৱা লোকে সমাজখন বিকলাংগ কৰাৰ চেষ্টা কৰা ৰূপটো প্ৰত্যক্ষ কৰাৰ পিছত অনুসন্ধান, গৱেষণা আৰু সমাজ কৰ্ষণৰ বাটটো উপলব্ধি কৰিছিলো।সেই বাটেৰে মানুহৰ পৃথিৱী এখন বিম্বাশৱদে স্বচ্ছ আৰু অহিংসাৰ বাটেৰে ধাৱমান কৰি ৰাখিবৰ কাৰণে আৰক্ষীৰ প্ৰয়োজন অতি জৰুৰী বুলি মোৰ অনুভৱ গাঢ় হ’ল।সৰুতে থকা আৰক্ষীৰ প্ৰতি ভুল ধাৰণা সলনি হ’ল।আৰক্ষীক সমাজৰ অন্যতম শক্তি ৰূপে গঢ়ি তোলাৰ কামত নিজকে ব্যস্ত কৰিলো।
(৪) প্ৰশ্নঃ-আপোনাক আমি অসমৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ উপৰিও অসমক মনে প্ৰাণে ভালপোৱা, ভাষাটোৰ গুৰি টনকিয়াল কৰাত সদাব্যস্ত এজন সচেতন কবি, ঔপন্যাসিক, গল্পকাৰ, নিবন্ধকাৰ সাহিত্যিক হিচাবে জানো। ২৪ ঘন্টাই ব্যস্ত থাকিবলগীয়া পেছাটোৰ সতে সাহিত্য চৰ্চা কৰিবলৈ আপুনি কেনেকৈ সময় উলিয়ায়?
উত্তৰঃ– আৰক্ষী বিভাগৰ কৰ্মচাৰী….সেয়া মোৰ জীৱন নহয়,সেয়া মাত্ৰ জীৱিকা। জীৱন আৰু জীৱিকাক মই কোনোদিনেই এক কৰা নাই। জীৱনৰ পথ সুকীয়া, বৰ্ণিল, বৰ্ণাঢ্য আৰু বিশাল। ৰামধেনুৰ ৰঙৰ সুগন্ধি আৰু জিলিকনি জীৱনে বিকাশ কৰিব পাৰে,যিটো জীৱিকাৰ বাবে সহজ নহয়। জীৱন, সমাজ, মানুহ মাটিৰ স’তে দায়ৱদ্ধ হৈ থাকিলে জীৱিকা সেই পথেৰে পৰিচালিত হ’বলৈ বাধ্য।
গুলী,বোমা-বাৰুদ, নাৰী ধৰ্ষণ, হত্যা, অপহৰণ, ব্যভিচাৰ, সামন্ত চৰিত্ৰৰ মানুহৰ শোষণ আদিৰ বাটেৰে আৰক্ষীৰ খাকী পোছাকযোৰ পিন্ধি নিতৌ বিম্বাশৱদে এনে অপশক্তিৰ বিৰুদ্ধে যুঁজি থাকো। সেই সমকালত মৃতদেহ দেখিছো, সৰ্বহাৰা মানুহৰ বিবৰ্ণ মুখৰ শোকৰ চকুপানীয়ে তেওঁলোকক বিকলাংগ কৰি তোলা ৰূপটোকো নিচেই কাষৰ পৰা প্ৰত্যক্ষ কৰিছো। ধৰ্ষিতা গাভৰু, গুলীৰে থকা-সৰকা কৰা মৃতদেহবোৰৰ কদৰ্য চুৰতহাল বিবৰ্ণ ৰঙে চিকি९সালয়ত সৃষ্টি কৰা শোক আৰু বেদনাৰ সৈতে পৰিচিত হৈ উঠিছো। জীৱন কি, সমাজ, মানুহ আৰু ৰাষ্ট্ৰৰ বৰ্ণনাই এনে বিপদকালত আকাশ চুৱাৰ হেঁপাহেৰে মোক দুৰন্ত কৰি ৰাখে। আজৰি সময়খিনিত বা ৰাতি যেতিয়া ঘটনাবোৰে মোক জোকাৰি দিয়ে হৃদয়ৰ অন্তঃস্থলত গোটখোৱা সেই দৃশ্যসজ্জাই মোৰ ভিতৰৰ প্ৰতিমাৰ ৰূপটোক বাকপ্ৰতিমালৈ ৰূপান্তৰ কৰি সৃষ্টিৰ বাটেৰে সমাজ আৰু মানুহ বৰ্ণনাৰ ৰূপটোক টানি আনে।তেতিয়াই মই ব্যস্ত সময়খিনিক বাদ দি মোৰ বাবে থকা আপুৰুগীয়া সময়খিনি সমাজৰ ভালৰ কাৰণে ব্যৱহাৰ কৰো।
(৫) প্ৰশ্নঃ– অসমীয়া ভাষা সাহিত্যলৈ আপোনাৰ যি অৱদান তাৰ পৰা আমি সদায়েই প্ৰেৰণা লাভ কৰো। ধ্ৰুপদী ভাষাৰ মৰ্যদা পোৱা আমাৰ ভাষাটো সাম্প্ৰতিক সময়ৰ বিভিন্ন ভাষিক অপশক্তি যুক্ত, উপচক্ৰবোৰে ক্ষতিসাধন কৰিব পাৰে বুলি আপুনি ভাবে নেকি?
উত্তৰঃ– আমাৰ ভাষা, আমাৰ স্বাভিমান। আইমুখৰ ভাষা জীয়াই থকা মানে আমাৰ মাটিত অসমীয়া বৰ্ণাঢ্য সংস্কৃতিক বৰলুইতে নিতৌ স্নান কৰাই ৰাখিব। এই বিশ্বাস মোৰ বুকুত অতি প্ৰখৰ।
ভাষা এটাই ধ্ৰুপদী মৰ্যদা পালেই ভাষাটোৰ বাবে আৰু কোনো কাম নাই বুলি ভাবিলে সেই ভাষাৰ শ্ৰীবৃদ্ধি সম্ভৱ নহয়। ধ্ৰুপদী ভাষাৰ মৰ্যদা পোৱা ভাষাটোক অধিক অনুসন্ধান, কৰ্ষণ, গৱেষণাৰ বাটেৰে আৱৰ্তন, বিৱৰ্তন, সংৱৰ্দ্ধন, সংৰক্ষণৰ পথেৰে প্ৰসাৰ আৰু প্ৰচাৰৰ কাম দৃষ্টিনন্দন কৰি নতুনৰ চকুত নান্দনিক কৰি তুলিব পাৰিব লাগিব।আমাৰ ভাষাই মধ্যবিত্ত কিছু অসমীয়াৰ ভণ্ডামিৰ বাবে জীয়াতু ভুগা পৰিলক্ষিত হৈছে।অসমীয়াত কথা ক’লে আত্মসন্মান লাঘৱ হোৱা বুলি অনুভৱ কৰা অসমীয়াৰ হাতত আমাৰ ভাষা, মাটি, সংস্কৃতি আৰু মানুহ সুৰক্ষিত নহয়। আমাৰ ভাষাৰ প্ৰতি আটাইতকৈ প্ৰত্যাহ্বান আহিছে আমাৰ মানুহৰ পৰাই।আমি প্ৰত্যেকেই প্ৰতিটো প্ৰয়োজনীয় কামত আমাৰ ভাষাক নগৰে-চহৰে, গাঁৱে-ভূঁঞে, বজাৰ, ঘাটে-বাটে ব্যৱহাৰ কৰিলে ভাষাৰ স্বচ্ছ ৰূপৰ চৰিত্ৰ বিকশিত হৈ থাকিব।
আমাৰ ভাষাত লক্ষ্যাধিক ছপা গ্ৰন্থ আছে। আছে ব্যাকৰণ আৰু অভিধান। আমাৰ ভাষাটো ব্যাকৰণিক ভাৱে, বৈজ্ঞানিক তথা ধ্বনিগতভাৱেও সুষম প্ৰকাশৰ বিজ্ঞান মাত। ১৯৬০ চনৰ ভাষা আন্দোলন আৰু সেই আন্দোলনত কৃতধী, ধীমান ভাষাপ্ৰেমী অসমীয়াৰ আত্ম বলিদানৰ বাটেৰে ১৯৭২ চনৰ মাধ্যম আন্দোলনত মৃত্যুবৰণ কৰা অসমীয়াৰ তেজত সিক্ত ভাষা প্ৰেম আজি অনেকেই পাহৰি গৈছে।বাহিৰা শক্তিয়ে গোলকীয় জগতৰ আশীৰ্বাদত আমাৰ ভাষাৰ ওপৰত হাতুৰি মাৰিছে।অনেক প্ৰত্যাহ্বানৰ পিছতো ঈহদীসকলৰ হিব্ৰু ভাষা আহ্বান হৈ ঈহদীসকলক চহকী কৰি ৰাখিছে। জাপানীসকলে পঢ়া-শুনা, গৱেষণা, চৰকাৰী কাম সকলোত তেওঁলোকৰ ভাষাৰে চহকী। বাহিৰৰ অপশক্তিবোৰক আমি আমাৰ ভাষাৰে বুজাব পাৰিব লাগিব যে অসমীয়া ভাষা আমাৰ সাহস আৰু শক্তি। কোনো মূল্যৰ বিনিময়ত আমাৰ ভাষাটোৰ লগত আমি কেতিয়াও কাকো আপোচ কৰিব নিদিওঁ। আমাৰ ভাষা আমাৰ গৰিমা আৰু প্ৰতিমা। তেতিয়াই অপশক্তিবোৰে আমাৰ ভাষাটোক সমীহ কৰিব।আমাৰ ভাষা যদি বিকলাংগ হয় তেন্তে সেয়াও হ’ব অসমীয়াৰ চূড়ান্ত অৱহেলাৰ বাবে।
(৬) প্ৰশ্নঃ– আমাৰ নৱপ্ৰজন্মৰ ভাষা-সাহিত্যৰ চৰ্চাক লৈ আপুনি কিমান আশাবাদী?
উত্তৰঃ– নতুনত্ব পৃথিৱীৰ অন্যতম শক্তি। নতুনৰ হাততেই মাটিয়ে নতুন ৰূপেৰে জগত ধুনীয়া কৰে। ভূপেন হাজৰিকা, জ্যোতি ককাইদেউ, বিষ্ণুপ্ৰসাদ ৰাভা, অনেকৰ জীৱনকালে নতুনকৈ উজ্জীৱিত কৰা বিশাল বাটতো জিলিকাই থৈ গৈছে।আমাৰ নতুন প্ৰজন্মৰ অনেক মননশীল,পৰিশীলিত চেতনাৰে সমৃদ্ধ ভাষাপ্ৰেমী লেখক-লেখিকাৰ সাহিত্যৰ গভীৰতাই মোক বিশ্বাস দিছে যে তেওঁলোকৰ হাততেই জ্যোতি ককাইদেৱে কোৱাৰ দৰে অসমীয়া ভাষা বিশ্ব সভালৈ যাব। নতুন প্ৰজন্মৰ অনেকেই বিশ্ব সাহিত্যৰ সৈতেও পৰিচিত আৰু জ্ঞানেৰে সমৃদ্ধ। তেওঁলোকক লৈ মই যথেষ্ট আশাবাদী যে আমাৰ ভাষা বৰলুইতৰ দৰে বহ্নিমান হৈ থাকিব।
(৭) প্ৰশ্নঃ– বিশ্বায়নৰ যুগত বৰ্তমানৰ অসমীয়া সাহিত্যৰ গুণগত মানদণ্ডই ফেৰ মাৰিব পৰাকৈ, ফচল সৃষ্টি কৰিব বুলি আপুনি ভাবে নে?
উত্তৰঃ– অধ্যয়ণ, গৱেষণা, একাগ্ৰতাৰ পঠন-পাঠনৰ মনোভংগীয়ে আজিৰ বিশ্বায়নৰ যুগতো আমাৰ ভাষাক বিশাল ৰূপ দি আছে আৰু থাকিব। লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱা, ভূপেন হাজৰিকা, জ্যোতি ককাইদেউ, বিষ্ণুপ্ৰসাদ ৰাভা, মামণি ৰয়চম গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নীলমণি ফুকন, ডo মহেশ্বৰ নেওগ, বাণীকান্ত কাকতী… সৰ্বোপৰি ঈশ্বৰপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত, ভটিমা, কীৰ্তন-ঘোষা, ভাওনা আদিৰ বুকুত বিশ্ব চিন্তাৰ বিশ্ব মৃদংগৰ শব্দৰ নিনাদ ব্যাপক। সেই পৃষ্ঠভূমি আমাৰ পূৰঠ আৰু শকত।বিশ্বায়নে খুলি দিছে পৃথিবীৰ প্ৰান্তে প্ৰান্তে জীয়াই থকা সৰ্বহাৰা জীৱনৰ কদৰ্য ৰঙটোক।জিলিকি উঠিছে প্ৰকৃতি, মানুহ আৰু জীয়াই থকাৰ সংগ্ৰামৰ বিশাল বাটটোও।
মই অনুভৱ কৰো বিশ্বায়নৰ অপশক্তিৰ প্ৰতিটো খুন্দাই ভাঙিব নোৱাৰা অসমীয়া ভাষা সাহিত্যৰ গুণগত ভেটিটোক ৰূপান্তৰৰ বাটেৰে পৰিবৰ্তনৰ পোছাক পিন্ধাই বিশ্বমুখী কৰি ৰখাৰ চেষ্টাই আমাক পৃথিবীমুখী সাহিত্যৰ দাপোণ কৰি তুলিব।এই বিশ্বাস মোৰ প্ৰৱল।
(৮) প্ৰশ্নঃ– মহাশয়, আপোনাৰ সাহিত্য চৰ্চাৰ সৃষ্টিৰাজিৰ বিষয়ে জানিবলৈ পালে সুখী হ’ম।আপোনাৰ ৰচিত প্ৰথমখন গ্ৰন্থ কি আছিল?
উত্তৰঃ– কবিতাকে ভাৱ প্ৰকাশৰ মাধ্যম কৰি অসমীয়া সাহিত্যৰ সেৱা কৰিবলৈ চেষ্টা কৰিছিলো।পৰৱৰ্তীকালত সমাজৰ বিভিন্ন ডঁৰিয়লিত দেখা ভ্ৰষ্টাচাৰ আৰু অমানৱীয় জীৱনকালে মোক প্ৰৱন্ধ লেখাৰ প্ৰতি,গল্প আৰু উপন্যাসৰ বুকুলৈ টানি লৈ আহিল।
মোৰ ইতিমধ্যে ১৬ খন কাব্য গ্ৰন্থ প্ৰকাশ হৈছে।সেয়া হৈছে ক’ৰবাত জোনাকৰ সমদল, আকৌ অৰণ্যৰ গান, ইয়াত এতিয়াও মানুহ আছে, জলদহি চাদৰৰ আঁচল, বৰকলা তোক বিচাৰি ফুৰিছো, ৰ’দ ফুলা শিলৰ মানুহ, বাল্মিকী আহিছে ৰাতিৰ বাটেৰে, দুচকুত সেউজীয়া বৰষুণ, হাৰিয়া পাৰৰ চামুৰাই, যুঁদ্ধ আৰু হত্যাৰ বিৰুদ্ধে, সুন্দৰ সময়ৰ আহ্বান, ৰাঁহ-বাঁহৰ চিকমিকনি, বিংশ শতিকাত মোৰ ভাস্বতঃ কবিতা ইত্যাদি।
হৃদয়ৰ বৰষুণ, মেঘে ঢকা জোন, উভতি চাইছো ভৰিৰ খোজ, মোৰ গল্প সংকলন।
হাদিৰাচকী, নলঘুলি, পালেংতলি, সাগৰৰ অনুবাদ মোৰ উপন্যাস।
অন্যহাতে ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত লেখা আলোচনামূলক গ্ৰন্থ গৰিমা আৰু প্ৰতিমা, চিৰ যুগমীয়া ঢৌ তুলি, সংগীতৰ ভগৱান ভূপেন হাজৰিকা (প্ৰথম আৰু দ্বিতীয় প্ৰকাশ), অসমীয়া শিখৰ লোকসংস্কৃতি (গুৰমাইল সিঙৰ সৈতে), অসমীয়া শিখ, তিৱা সংস্কৃতিৰ ইটো-সিটো, গুৰু গোবিন্দ সিং, আইৰ বিশেষ্য-সৰ্বনাম, দেউতাৰ আত্মকথা আদি কেইখনমান উল্লেখযোগ্য গ্ৰন্থ।
মোৰ প্ৰথমখন গ্ৰন্থৰ নাম ‘সুন্দৰ সময়ৰ আহ্বান’।
(৯) প্ৰশ্নঃ– অসমীয়া ভাষাৰ এদিন স্বৰ্ণালী সময় আহিব। জগত সভাত ফলে-ফুলে জাতিষ্কাৰ হৈ পৰিব।এনে এক সোণোৱালী স্বপ্ন দেখাৰ বাবে আমাৰ নতুন প্ৰজন্মৰ লেখকসকললৈ আপুনি কি আহ্বান জনাব?
উত্তৰঃ– জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই সোণালী কথা কামৰূপা মোৰ সুৱগী সুৰীয়া, অসমীয়া ভাষা জগত সভালৈ যাব অথবা তেওঁৰেই মই কত পৰ্বতৰ, মই কত ভৈয়ামৰ শত শত নিজৰাৰ ধাৰ… এই যুগজয়ী কথাৰ মই একান্ত একাগ্ৰ অনুগামী আৰু বিশ্বাসী।আমাৰ সাহিত্যৰ সোণোৱালী দিনৰ বাট নতুনৰ হাতেৰে পাহাৰ-ভৈয়ামক একে কৰা ৰামধেনুৰ বৰণেৰে বিশ্বক ৰঙীন কৰি তুলিব। অন্তৰীক্ষৰ পৰা সমুদ্ৰ গহ্ববৰলৈ সেই চিন্তাৰ অনেক ঢৌ, তৰংগ, উল্লাস, আৱেগৰ মহা অসমৰ মহাশব্দৰ বিকাশ নতুনে কৰিব। আমাৰ সাহিত্যৰ পৃষ্ঠভূমি পূৰঠ। ১৪০০ শতিকাতে আমাৰ ভাষাত মাধৱ কন্দলিয়ে ৰামায়ণৰ সপ্তকাণ্ড সংস্কৃতৰপৰা অনুবাদ কৰিছিল। যিটো সেই সময়ৰ বিৰল ঘটনা। যি সময়ত ভাৰতত মাত্ৰ দুই তিনিটা মান ভাষাই হে বিকাশ লাভ কৰিছিল। আমাৰ ভাষাৰ আদি বীজ নতুনৰ হাতত অংকুৰিত হৈছে।সেই অংকুৰিত শক্তিয়ে সেউজীয়া হৈ আমাক এদিন ফলে-ফুলে জাতিষ্কাৰ কৰি তুলিব।
নতুন প্ৰজন্মৰ সাহিত্যিকসকলে অধিক অধ্যয়ণ, গৱেষণা আৰু বিশ্ব সাহিত্যৰ ৰূপ চেতনাক সাৱটি লওক।
(১০) প্ৰশ্নঃ– বৰ্তমান যুৱ সমাজৰ এচামৰ উচ্ছৃংখলতাই আমাক কোনোবাখিনিত হতাশগ্ৰস্ত কৰি তোলে। আপুনি এই বিষয়টোত কি ভাৱে?
উত্তৰঃ– গোলকীয় জগতৰ ভোগবাদৰ উপকৰণবোৰে, যৌন চিন্তাৰ নগ্ন ছবিবোৰে আৰু সহজ বাটেৰে ধন ঘটাৰ আকাংক্ষা এইবোৰ আমাৰ সমাজত সহজলভ্য হৈ পৰিছে। আমাৰ সমাজৰ নাভি কেন্দ্ৰত ড্ৰাগছ আৰু মদ্যপানে গা কৰি উঠিছে।নিজৰ ভাষাক এলাগি কৰি পৰৰ ভাষাক সাৱটি লোৱা অনেক যুৱ-যুৱতীয়ে নগ্ন সংস্কৃতিৰে পৃথিৱী জয় কৰাৰ জখলাত বগাব ধৰিছে। তাৰ মাজতো চিন্তাশীল, ৰুচিবান অনেক যুৱক-যুৱতীয়ে আমাৰ জাতীয় জীৱনক চহকী কৰাৰ বাবে কাম কৰি আছে।
এচাম অভিভাৱকৰ দায়িত্বজ্ঞানহীন ভূমিকাই তেওঁলোকৰ সন্তানক বিপথে যোৱাৰ বাট প্ৰশস্ত কৰি দিছে। যি অভিভাৱকে নিজৰ সন্তানক ডেউকা তলৰ প্ৰজন্ম ৰূপে গঢ়ি তুলিছে,তেনে সন্তানে সমাজৰ ধমনী, নামঘৰৰ বিলাস, পুৰণি মানুহৰ খোজ, সাংস্কৃতিক সভ্যতাৰ বাট, ঐতিহাসিক দিনৰ তেজত তিতা সময়ৰ বিপৰীতে কেৱল ঐশ্বৰ্যক সাৱটিবলৈ বেঁকা পথেৰে খোজ কাঢ়িছে।
মোৰ অনুৰোধ থাকিব যে তেনে অভিভাৱক আৰু সন্তানে ঐশ্বৰ্যক বিচৰাতকৈ ঐতিহ্যক মাটি ফেনেকি তাৰ সিন্ধুত ৰপ্ত মৰ্যদাৰ মৰ্মৰণিক উপলব্ধি কৰিব আৰু সেয়া সম্ভৱ হৈ উঠিলে কবিয়ে কোৱাৰ দৰে অসম আকৌ হাবি গুচি ফুলনি হ’ব।
(১১) প্ৰশ্নঃ– আপোনাৰ প্ৰিয় সাহিত্যিক গৰাকী?
উত্তৰঃ– মোৰ বাবে মোৰ আই আটাইতকৈ প্ৰিয় সাহিত্যদৰ্শনৰ মাত।আইৰ বুকুতে সাহিত্যৰ কথাবোৰে মোক আলোকিত কৰিছিল।
মোৰ প্ৰিয় সাহিত্যিক সংস্কৃতিৰ ৰজা লক্ষ্মীনাথ বেজবৰুৱা।
(১২) প্ৰশ্নঃ– আপোনাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰা গ্ৰন্থখন?
উত্তৰঃ– মোৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰা চাৰিখন গ্ৰন্থ- মহাভাৰত, ৰামায়ণ, গীতা আৰু কীৰ্তন-ঘোষা।
(১৩) প্ৰশ্নঃ– আপোনাৰ পাৰিবাৰিক জীৱনৰ বিষয়ে চমুকৈ জনাওক চোন।
উত্তৰঃ– মোৰ জীৱনৰ লগত সংযুক্ত হৈ আছে মোৰ পৰিবাৰ কবিতাৰাণী সিং (তেওঁ এগৰাকী মননশীল লেখিকা), পুত্ৰ অনুৰাগ সিং সুগন্ধি আৰু কন্যা নাটাশা সিং সুগন্ধি।
(১৪) প্ৰশ্নঃ– ‘শব্দচিত্ৰ’ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ এটি ফেচবুক গোট।আমাৰ সাহিত্য চৰ্চা কৰা এই গোটটোৰ সদস্যসকলে আপোনাৰ পৰা অকণমান প্ৰেৰণা আশা কৰে। আপুনি কি ক’ব বিচাৰিব?
উত্তৰঃ– যিসকলে কলমেৰে কথা কয় তেওঁলোকক সমাজৰ প্ৰথম শ্ৰেণীৰ নাগৰিক ৰূপে গণ্য কৰা হয়। শব্দৰ শক্তি অসীম।এই শব্দই কুৰুক্ষেত্ৰৰ জন্ম দিয়ে আনহাতে শব্দই সৃষ্টি কৰে গীতাৰ মানৱ দৰ্শনৰ বিশাল বাটটোক।
সামাজিক মাধ্যমত সংগতিবিহীন, বিকলাংগ ৰুচিবোধৰ যিবোৰ কথাবতৰা দেখো সেইবোৰে বুকুত বেদনাৰ জন্ম দিয়ে। আমাৰ সমাজ প্ৰাকশংকৰী যুগৰপৰা বৰ্তমানলৈকে সংকট আৰু সন্ধিক্ষণৰ মাজেৰে প্ৰত্যাহ্বানক সাৱটি যুদ্ধ আৰু বিদেশী শত্ৰুৰ দখলেৰে আগবাঢ়িছিল। সেই প্ৰত্যাহ্বান আমাৰ কৃতধী, ধীমান সাহিত্যিক আৰু সমাজ হিতৈষীসকলে আহ্বানলৈ ৰূপান্তৰ কৰি আমাক সংগতিৰ সমাজ এখন প্ৰদান কৰিছে।
‘শব্দচিত্ৰ’ৰ প্ৰতিজন লোকেই আমাৰ ইতিহাস, সংকট, ঐতিহ্য, মানৱতা, স্বচ্ছ জীৱনবোধৰ নৃ-গোষ্ঠীয় সন্মিলিত সংস্কৃতিৰে গঠিত মহাজাতি অসমীয়াৰ মেৰুদণ্ডডালক পোন কৰি ৰখাৰ বাবে ৰুচিসন্মত মাৰ্জিত শব্দেৰে তেওঁলোকক চহকী কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ।
ৰাজু কুমাৰ নাথ: মহাশয়,আপোনাৰ বহুমূলীয়া সময়কণ দি আমাক এই সাক্ষাৎকাৰ গ্ৰহণত সহযোগিতা আগবঢ়োৱাৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ।আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
(সাক্ষাৎকাৰটি যুগুত কৰাৰ ক্ষেত্ৰত মোলৈ সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়োৱা শ্ৰী পূৰ্ণ চুতীয়ালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো।)
*******

11:11 PM
বৰ ভাল লাগিল
9:27 AM
বাইদেউ,আন্তৰিক ধন্যবাদ যাচিলোঁ।
11:22 PM
সুন্দৰ আৰম্ভণি।বৰ ভাল লাগিল।
12:47 AM
ড০ নন্দ সিং বৰকলা চাৰৰ প্ৰতিটো লিখনিৰ শব্দৰ বিনন্দীয়া সুবাসে প্ৰকাশ ভংগীৰ মাধুৰ্য ই অনুৰঞ্জিত কৰে পাঠকৰ হৃদয় ।