‎হেৰোৱা বাটৰ আঁত-মৌচুমী হাজৰিকা 

হাতত টিকটটো লৈ ভৈৰৱীয়ে আকৌ ভাবিলে যোৱা উচিত হ’বনে ইমান দিনৰ মুৰত!! তাই নিজৰ বিবেক আবেগেৰে বুজায়।সকলো মানুহ এতিয়াও যন্ত্ৰ হোৱা নাই, তাইৰ আবেগ-অনুভূতিবোৰ সিহঁতে বুজিব। আজিকালি তাইৰ ৰাতি টোপনি নহা হৈছে; অকণমান আহিলেই তাইক গাঁৱৰ সেই শৈশৱৰ দিনবোৰৰ সপোনে আমনি কৰে। তাই যাব……

আহিয়েই তাই পথাৰলৈ লৰ মাৰিলে।চেন্দেলযোৰ খুলি তাই সেউজীয়া আলিটোত খোজ দিলে।

‎সেই মুহূৰ্তটোত তাই অনুভৱ কৰিলে—বহুদিনৰ পিছত তাই প্ৰকৃততে মাটিক স্পৰ্শ কৰিছে। চহৰৰ কংক্ৰিটৰ পথত খোজ দি দি তাই যেন তাইৰ ভৰিৰ সংবেদনশীলতা হেৰুৱাই পেলাইছিল।আজি কোমল মাটি,সেউজীয়া ঘাঁহে তাইক সোঁৱৰাই  দিলে—তাই এতিয়াও মানুহ, যন্ত্ৰ নহয়।

‎সেউজীয়া শীতলতা তাইৰ সিৰাই সিৰাই বিয়পি গ’ল। সেই অনুভৱ কেৱল তাইৰ ভৰি দুখনৰেই নহয়, মনলৈকে সোমাই যোৱা এক অনুভৱ।তাইৰ ভিতৰত বহুদিন ধৰি বন্ধ হৈ থকা কিবা এটা ধীৰে ধীৰে খোল খাইছিল। সৰুতে এই আলিটোত খোজ দি স্কুললৈ যোৱা দিনবোৰ মনত পৰিল…..বতাহত  উৰি যোৱা চুলি, হাতত সৰু টিনৰ কিতাপ ভৰোৱা বাকচটো আৰু তাৰ ভিতৰত  মাকে দিয়া টিফিন, আৰু তাইৰ সৰু মনৰ সৰু সৰু সপোনবোৰ।

‎চহৰলৈ যোৱাৰ দিনটো তাই কেতিয়াও পাহৰিব নোৱাৰে। সেয়া আছিল বৰষুণৰ দিন।গাঁওখনৰ কেঁচা পথত পানী জমা হৈছিল আৰু তাইৰ মনটোত অজান ভয। কেতিয়াও গাঁৱৰ বাহিৰলৈ নোযোৱা ছোৱালীজনী চহৰৰ হোষ্টেলত থাকি পঢ়িবলৈ গৈছিল; কাৰণ তাই ভাল ৰিজাল্ট কৰিছে।সকলোৱে কৈছিল… “ডাঙৰ মানুহ হ’ব লাগিব” সকলোৱে কৈছিল.. “বেলেগ জীৱন গঢ়িব লাগিব।” সেই কথাবোৰে তাইক আগবাঢ়িবলৈ বাধ্য কৰিছিল, কিন্তু সময়ে তাইক আগবঢ়াই লৈ যোৱাৰ লগতে নিজৰপৰাও আঁতৰাই লৈ গৈছিল।তাই ‘ডাঙৰ মানুহ’ হৈছিল…. ‘বেলেগ জীৱন’ গঢ়িছিল। কিন্তু তাইক কিবা এটা শূন্যতাই খেদি ফুৰিছিল।চহৰত জীৱনটো বেগেৰে আগবাঢ়িছিল। সময়ত উঠা, সময়ত দৌৰা, সময়ত হাঁহি সকলো কামৰ এটা সূচী আছিল, কিন্তু অনুভৱৰ তাত কোনো ঠাই নাছিল। কেতিয়াবা নিশা খিড়িকীৰে বাহিৰলৈ চাই তাই ভাবিছিল—এইটোৱেই নেকি জীৱন?এইটো জীৱনৰ কাৰণেই জানো তাই ইমান কষ্ট কৰিছিল!কিন্তু পুৱা হ’লে সেই প্ৰশ্নবোৰ তাতেই এৰি থৈ আকৌ দৌৰ আৰম্ভ হৈছিল। ইমান বছৰৰ মুৰত আজিহে তাই থমকিছে। যেন তাইৰ মনৰ শূণ্য ঠাইকণে পূৰ্ণতা পাইছে।

‎ধাননি পথাৰখনৰ কাষত থিয় হৈ ভৈৰৱীয়ে ধানৰ পাতবোৰ চুই চালে।পাতত থকা নিয়ৰ কণিকাবোৰে তাইৰ আঙুলি তিয়াই  দিলে।সেইবোৰ তাইৰ চকুপানীৰ দৰে লাগিল—কিন্তু এইবাৰ দুখৰ নহয়, শান্তিৰ। পথাৰখনত ৰিব্ ৰিব্ বতাহ বলি থাকিল আৰু সেউজীয়া ঢৌবোৰে যেন তাইক মাত দিলে— “উভতি আহিছা নে?”

‎তাই চকুহাল মুদি ল’লে । বুকুখনত প্ৰাণভৰি এটা দীঘল উশাহ ভৰাই ল’লে। সেই উশাহত নাছিল সেই চহৰৰ ক্লান্তি, নীৰৱ অভিমান আৰু একাকীত্বৰ গধুৰতা। উশাহটো বাহিৰলৈ এৰি দিয়াৰ লগে লগে তাই অনুভৱ কৰিলে—তাই বুকুত অহৰহ হেঁচা মাৰি থকা সেই অজান অনুভৱটো নোহোৱা হৈ গৈছে।

‎তাই মনত পেলালে—আইতাকে কৈছিল, “প্ৰকৃতি ভালপোৱাজক, প্ৰকৃতিয়ে কেতিয়াও একেবাৰে এৰি নিদিয়ে।” সেই কথাটো তেতিয়া তাই বুজা নাছিল। আজি বুজি পালে। গাঁওখন, এই আলিটো, এই ধাননি—সকলোৱে এতিয়াও তাইক চিনি পায় আৰু তাইক অহৰহ হাতবাউলি মাতে।

‎সন্ধিয়া ধীৰে ধীৰে নামি আহে । দূৰৈত পখী এজাকে ঘৰলৈ উভতি গৈছে।আকাশখনৰ সূৰ্যাস্তৰ ৰঙে ধাননি পথাৰখনক সোণালী কৰি তুলিলে। সেই পোহৰত থিয় হৈ তাই নিজৰ ছাঁটো চালে—এইবাৰ তাইৰ ছাঁটো অচিনাকি নাছিল। 

তাই চেন্দেলযোৰ হাতত লৈ আলিটোত আগবাঢ়িল। এতিয়া তাই অনুভৱ কৰিছে—এইটো কেৱল এটা পথ নহয়।এইটো তাইৰ জীৱনৰ এটা অংশ, য’ত তাইৰ শিপা আছে। চহৰলৈ আকৌ যাব লাগিব; কাৰণ জীৱন আগবাঢ়িবই, কিন্তু এই অনুভৱ তাই লগত লৈ যাব আৰু সদায় জীপাল কৰি ৰাখিব; কাৰণ এইখিনিয়েই তাইৰ পৰিচয় আৰু তাইৰ সত্বাৰ ৰাজহাড়ডাল। 

‎তাই আনৰ দৰে নহয়।সকলো মানুহকে একেবোৰ কথাই সুখী কৰিব নোৱাৰে; কাৰণ সকলো মানুহৰ জীৱনবোধ একে নহয়।কিছুমানে কংক্ৰিটৰ মাজত, কিছুমানে শব্দৰ মাজত আৰু কিছুমানে—

‎খালী ভৰিৰে এই সেউজীয়া আলিত খোজ দি, নিজে নিজকে বিচাৰি পায় আৰু পায় পূৰ্ণতা।

‎                

*******

4 Comments

  • Kalyani Goswami

    বৰ ভাল লাগিল পঢ়ি। সুন্দৰ গল্প।

    Reply
  • I really like 789taya. Their offerings are top notch and I really like the graphics.

    Reply
  • Okay, so I tried gacor108play after seeing some buzz online. The games loaded smoothly and I had a pretty decent run. Definitely worth checking out if you’re looking for something new. Check them out: gacor108play

    Reply
  • mxlobo, you know, it surprised me. I wasn’t expecting much, but the site is actually pretty slick and the games kept me entertained for a while. Not bad, not bad at all. Go see them at: mxlobo

    Reply

Leave a Reply to mxlobo Cancel reply

Your email address will not be published. Required fields are marked *