অৱসৰ-সংগীতা পাচনি
নীলকান্ত গোঁহাই ভাৰতীয় ষ্টেট বেংকৰ এজন বেংক মেনেজাৰ আছিল। চাকৰিৰ পৰা অৱসৰ লোৱা আজি ছয় মাহ হ’ল। এই ছয় মাহ তেওঁ দেখিছে তেওঁৰ লগত পত্নী আইতুৱে যেনেকৈ ব্যস্ত হৈছিল এতিয়া দুই পুত্ৰ-বোৱাৰী আৰু তিনিওটি নাতিক লৈ সেই একে ব্যস্ততাৰ সীমা নাই। সুদীৰ্ঘ ৩৭ বছৰ কাল নীলকান্ত গোহাঁয়ে অসমৰ বিভিন্ন বেংকত কৰ্মজীৱন পাৰ কৰিলে। বৰ্তমান তেওঁ নিগাজিকৈ থাকিবলৈ লোৱা চহৰখনৰ বেংকটোত অৱসৰ লোৱাৰ আগৰ চাৰিবছৰ একেৰাহে কাৰ্যনিৰ্বাহ কৰিলে। তেওঁলোকৰ তিনি সন্তান অবিনাশ, কিশোৰ আৰু একমাত্ৰ জীয়ৰী নন্দিনী। নন্দিনীক বিয়া দিছে মৰিগাঁৱলৈ। জোঁৱাই এজন ভাল ব্যৱসায়ী। তেওঁলোকৰ নাতি-নাতিনী সুমন, বুমন আৰু ৰিহা।
পুৱা চাৰে চাৰি বজাতে সাৰ পোৱা নীলকান্ত গোহাঁয়ে প্ৰাতঃভ্ৰমণ কৰিবলৈ হাতত ছাতি এটা লৈ ওলাই গ’ল, হঠাৎ বৰষুণ আহিব পাৰে, ঠিক নাই।পৰিবাৰ আইতু তেতিয়াও গভীৰ টোপনিত। শোৱক মানুহজনী, দিনটো ঘৰখনৰ বাবেই টাকূৰি ঘূৰাদি ঘূৰে।
নীল গোহাঁই প্ৰাতঃভ্ৰমণৰপৰা উভতি অহালৈ ছয় বাজি গৈছিল আৰু আইতু গোঁহাই শোৱাৰপৰা উঠি গা-পা ধুই গোঁসাই সেৱা কৰিও আজৰি হৈ তেওঁৰ সৈতে পুৱাৰ চাহকাপ খাবলৈ আজৰি হৈ আছিল। কিন্তু পুত্ৰ-বোৱাৰীসকল তেতিয়াও গভীৰ টোপনিত লালকাল। ডাঙৰ নাতি সুমন অলপ বুজন বয়সতকৈ। সাত বছৰীয়া ছোৱালীজনীয়ে দ্বিতীয় শ্ৰেণীত পঢ়ে যদিও মাকতকৈ বেছ বুজন। স্কুললৈ যোৱা সময়কণৰ বাদে আইতাকৰ লগত থাকি বৰ ভাল পায়। আইতাকৰ গাতে গা লগাই বহি থাকি, একেলগে ভাত খাই বৰ ভাল পায়। লগ-সমনীয়া কোনোবাই চকলেট আদি দিলেও আইতাকলৈ লৈ আহে এটামান। আইতাকে নাখায় যদিও মৰমতে দিয়া বাবে সামৰি থৈ পিছত সৰু দুটাক ভগাই দিয়ে।
ডাঙৰ বোৱাৰীয়েক লনিৰ এখন পাৰ্লাৰ আছে, তাতে তাই দিনটো ব্যস্ত হৈ থাকে। ডাঙৰ ল’ৰা অবিনাশ HDFC বেংকত কৰ্মৰত। সিও ভীষণ ব্যস্ত। মাক-দেউতাকৰ লগত বহি ভালকৈ ভাতসাঁজ খাবলৈও সময় নাই। সৰু বোৱাৰী জবা হাইস্কুল শিক্ষয়িত্ৰী। তাইও ব্যস্ত। দিনটো ল’ৰা-ছোৱালীৰ লগত স্কুলত ব্যস্ত হৈ ঘৰলৈ উভতি আহোঁতে কাম-বন এখন কৰি দিয়াৰ শক্তি আৰু নাথাকে।
পুৱাৰ দৈনিক বাতৰি কাকতখন লৈ নীলকান্ত গোহাঁই বহি পৰিল চাহকাপ লৈ। ইতিমধ্যে বোৱাৰীহঁতে পুৱাৰ আহাৰৰ বাবে খদমদম লগালে শাহুৱেক আইতুক।
“মা আপুনি পাৰিলে আজি ভাত সোনকালে পাতি দিব, এওঁলোকৰ চেমিনাৰ এখন আছে” – ডাঙৰ বোৱাৰী লনিয়ে চিঞৰি ক’লে।
“মা মই কিন্তু ব্ৰেকফাষ্টত আলু পৰঠা খাম” – সৰু ল’ৰা কিশোৰে চিঞৰ এটা দিলে।
সৰু বোৱাৰী জবাই লেনিয়াই আইতুক ক’লেহি –
“মা টিফিনত আজি সৰহকৈ দুখনমান লুচি, আলু ভাজি আৰু অমলেট দিবচোন। আপুনি কৰা আমৰ আচাৰ খাই যে আমাৰ ষ্টাফে বৰ ভাল পায়।”
লনিয়ে বোলে –
“মা আজি লাঞ্চ নকৰোঁ, টিফিনতে ভৰাই দিব, হেল্দি কিবা এটা চব্জি বনাই দিব।”
আইতুৱে হাঁহিমুখে সকলো শলাগিলে আৰু নিয়াৰিকৈ কৰি অটালে।
“মা বুমনহঁতলৈ টিফিনত নহ’লে পাষ্টাকে বনাই দিব”….বুলি লনিয়ে ৰিঙিয়ালে।
থাউকতে ইমান কাম কৰিবলৈ ক’ৰপৰা শক্তি পায় বুলি নীলকান্ত গোহাঁয়ে ভাবি থাকিলে। তেওঁৰ চিন্তাত যতি পেলাই আইতুৱে সুন্দৰ গাখীৰ চাহকাপ হাঁহিমুখে দি গ’ল।মোহনীয় সৌন্দৰ্যৰে ভৰা মুখ আইতুৰ। চাবলৈ গ’লে বোৱাৰীয়েক দুজনীক চেৰ পেলাই শাহুৱেকৰ সৌন্দৰ্যহে অধিক। সকলোৰে প্ৰিয়পাত্ৰও। নাতিয়েকহঁত স্কুলৰপৰা উভতি অহালৈকে আইতুৰ দায়িত্ব। মাকহঁত যিহেতু ভীষণ ব্যস্ত। ডাঙৰ বোৱাৰী লনিয়ে লচপচকৈ ওলাই গ’ল বিউটি পাৰ্লাৰলৈ। আজি হেনো বহুকেইটা হেয়াৰ স্পা, হেয়াৰ ষ্ট্ৰেইট আছে।গাত তৰণি নাই, উভতি আহোঁতে ৰাতি যথেষ্ট হ’ব হেনো। সৰু বোৱাৰী জবাই অৱশ্যে নিজৰ খোৱা, তাইৰ গৃহস্থই খোৱা বাচন দুখন ধুই অলপ সকাহ দি নিজৰ ভাগে ওলাই গ’ল। নাতিবোৰো বিদ্যালয়লৈ গ’ল। ঘৰখন নিজম পৰিল। নীলকান্ত গোহাঁয়ে ভাবিলে ইমান বছৰে মানুহজনীয়ে ইমানবোৰ কাম কৰিও আমনি নাপায়। বৰঞ্চ পুনৰ আৰু কিছুমান নতুন কামতহে অন্তৰ্ভুক্ত হ’ব লগা হৈছে। আজৰিও নাই মানুহজনীৰ। নাই, কিবা এটা কৰিব লাগিব তেওঁলোক দুয়োৰে বাবে। ল’ৰা-বোৱাৰীৰ এক টকাও হওঁতে তেওঁ খুজিব লগা হোৱা নাই, বৰঞ্চ দিছেহে। পাকঘৰৰ খৰচ সৰহসংখ্যক তেওঁৱেই কৰে। ল’ৰাহঁতে নিজৰ পৰিয়ালৰ যাজ মাৰোঁতেই যায়। বৰ্তমান থকা ঘৰটোও সম্পূৰ্ণ তেওঁৱেই সজা। ল’ৰাহঁতৰ একো নাই অৱদান বৰ বিশেষ। অৱশ্যে দুইজন ল’ৰাই এইক্ষেত্ৰত দেউতাৰ ঘৰতে আছোঁ বুলি শলাগ লয়, বৰ বোৱাৰীয়ে মাজতে সুকীয়াকৈ খোৱাৰ কথা উনুকিয়াইছিল। তেওঁ সানন্দে যোৱা, খোৱা বুলি কলত তাপ মাৰিলে; আৰু তেওঁ দুই-এবাৰ উলিয়াওঁতে বেলেগ কথাৰ অৱতাৰণা কৰি বিষয়টোৰ পৰা ফালৰি কাটে।
মৰ্নিং ৱাকৰপৰা উভতি আহোঁতে তেওঁ প্ৰায়ে মন কৰে ফুকনৰ বোৱাৰীয়েকে চোতাল সৰা, কেতিয়াবা দেখে পূজা-সেৱা কৰিবলৈ ফুল তুলি থকা।
আজি ডাঙৰ ল’ৰা-বোৱাৰীৰ মেৰেজ দে, তাৰ দুজনমান সহকৰ্মী আৰু লনিৰ বান্ধৱী কেইগৰাকীমানক ৰাতিলৈ ডিনাৰৰ নিমন্ত্ৰণ দিছে।লনিয়ে কি কি বনাব লাগিব এখন দীঘলীয়া ফৰ্মাইছ দিছে শাহুৱেকক। ছাগলী মাংসৰ পৰা আৰম্ভ কৰি পোলাও, লুচি-পুৰি, বাচমতি চাউলৰ ভাত, পোৰা-পিটিকা, চাটনি-চালাড মুঠতে অলেখ।দুজনমানে ৰাতি ভাত নাখায়, শুকান ৰুটিও কৰিব লাগিব, আলু নাখায় চুগাৰৰ বাবে, অলপ বাচি-কুচি ৰান্ধিব লাগিব খাদ্য-পাতিবোৰ। দিয়ে আকৌ সাউৎ কৈ পাৰ্লাৰৰ পৰাও আহিব লাগিব চিম্পল মেক-আপ এটা কৰি। নীলকান্ত গোহাঁয়ে সকলোবোৰ আলেখ-লেখ চাই থাকিল। মনতে ভাবিলে এগৰাকীও সহায়কাৰী নথকা আইতুৱে ইমানখিনি কেনেকৈ সামৰি আছে, ঘৰখন দুভাগ নহওক বুলি। নাই, এই কথাই কথা নহয়। কিবা এটা হেস্ত-নেস্ত কৰিব লাগিব।
আজি চুবুৰীয়া শইকীয়াৰ মাকৰ শ্ৰাদ্ধ, দিনত ভাত খোৱাকৈ মাতি গৈছে গোহাঁই দম্পতীক। তাতে জ্যেষ্ঠজন। সেৱা এভাগো ল’ব। শাহুৱেক যাব বুলি শুনি বোৱাৰী দুজনীয়ে ভাত-পানী কি হ’ব, সিহঁত এফালে যাব বুলি ঠাৰে-চিয়াঁৰে ক’লে। গোহাঁয়ে গুৰুগম্ভীৰ মাতেৰে ক’লে – “আমি যাম, আজি ঘৰ চোৱা তোমালোকে, আজিতো দেওবাৰ।” সকলো তাপ মাৰিলে।
আজি গোহাঁই আৰু আইতু এফালে যাব, দিনতিয়াকৈ। যিহেতু চাৰি-পাঁচ দিনমান স্কুল বন্ধ আৰু লনিৰ পাৰ্লাৰো বন্ধ, দুইজনী বোৱাৰীয়ে অজুহাত দেখুৱালে, সিহঁত লগ-ভাগ হৈ অলপ ফুৰিবলৈ যাম বুলি ভাবিছিল, নাই গোহাঁয়ে পুৰনি গাঁৱলৈ থকাকৈ যাব। দুইজন চাৰি-পাঁচ দিনৰ বাবে ফুৰিবলৈ ওলোৱাত দুই পুত্ৰয়ে অলেখ সমস্যা দাঙি ধৰিছে, মাক নাথাকিলে সিহঁতৰ পৰিবাৰবোৰৰ সমস্যা হ’ব বুলি। পাকঘৰৰ দায়িত্ব কোনে ল’ব। ইমানখন মানুহৰ ভাত ৰন্ধা সহজ নেকি! গতিকে যাব খুজিছে দেউতাক যাওক, মাক থাকক। এই সময়কনলৈহে যেন নীলকান্ত গোহাঁয়ে বাট চাই আছিল।
“তোমালোকে সবেই ওলাই যোৱা, মাৰাই বাধা দিয়ে নে, উভতি আহি গা বেয়া লাগিছে, ভাগৰ লাগিছে বুলি শুই যোৱা, বোৱাৰীহঁতক ভাগে ভাগে চাহ-ভাতৰ যোগাৰ……এই সকলোবোৰ মাৰাই কৰি আছে দেখোন, তেতিয়া কিয় মাৰাৰ কথা ভবা নাছিলা, এতিয়া যে পত্নীসকলৰ কথা ইমানকৈ ভাবিছা।”
কথাখিনি কৈ গোহাঁইৰ মন বহুত পাতলিল। আইতুৱেও যেন গোহাঁইৰ কথাতে সমৰ্থন জনাইছে মৌন হৈ। বিয়া হৈ আহি সোমোৱা পুৰণি ঘৰখনলৈ যাবলৈ কাপোৰ-কানি বান্ধিবলৈ আইতু ভিতৰত সোমাল।
আজি গাড়ীখন গোহাঁয়ে ড্ৰাইভ কৰিব। ইন’ভা গাড়ীখন গোহাঁয়েই লোৱা, কিন্তু ডাঙৰ পুত্ৰ-বোৱাৰীয়েকে বেছি ব্যৱহাৰ কৰে। গাড়ীত বহি ড্ৰাইভ কৰা দেখি বোৱাৰীয়েকে অলপ হেহু-নেহু কৰি থাকিল, গোহাঁয়ে সকলোবোৰ বুজিব পাৰি ক’লে –
“এতিয়া আমাৰ অৱসৰৰ সময়। অৱসৰ বেলাত দুই বুঢ়া-বুঢ়ীয়ে উঠি ফুৰিবলৈকে গাড়ীখন লৈছিলো। এতিয়া হে কামত লগাব পাৰিছোঁ, তোমালোকে ভালে থাকিবা দেই”……..বুলি কৈ দুয়ো সানন্দে পুৰণি গাঁও অভিমুখে ওলাই গ’ল। আইতুৰ মুখত এক প্ৰাণভৰা হাঁহি।
*******

6:53 PM
বৰ ধুনীয়া গল্প
7:35 AM
Finally a site that understands what players want. Quick registrations and a very generous welcome package. Five stars! clcollbet
7:35 AM
I have been playing here for a few weeks now and the payout speed is actually impressive. The interface is smooth and easy to navigate. Definitely check out m777onlinecasino if you want a reliable spot.
7:35 AM
Perfect for anyone who likes to gamble on the go. The mobile optimization is spot on and I never encounter any lag during my sessions. 32winmobile is my go to app now.