দান আৰু দানৰ মহত্ব-বিজয়া শৰ্মা

আমাৰ ধৰ্ম গ্ৰন্থসমূহত দানৰ মহত্ব সুন্দৰ কৈ বৰ্ণনা কৰি গৈছে। দান কেৱল ধনেই নহয় অন্ন, বস্ত্ৰ, বিদ্যা, জ্ঞান, শ্ৰম, ৰক্ত দান সকলোৱেই দানৰ ভিতৰত পৰে। সংস্কৃতত  দানৰ ওপৰত অসংখ্য শ্লোক আছে। এটা শ্লোকত কোৱা হৈছে……

“অন্ন দানং পৰং দানং

বিদ্যা দান মতঃ পৰম্।

অন্নেন ক্ষণিকা তৃপ্তি

যাৰ্ব জীবং চ বিদ্যয়া।।

অন্ন দান পৰম দান, বিদ্যা দান তাতকৈও শ্ৰেষ্ঠ। কাৰণ অন্ন দানৰ দ্বাৰা ক্ষণিক তৃপ্তি হে পোৱা যায়, কিন্তু বিদ্যাৰ দ্বাৰা যেতিয়ালৈকে জীৱিত থাকে তেতিয়ালৈকে তৃপ্তি পোৱা যায়। দান সদায় নিঃস্বাৰ্থ আৰু চৰ্ত্তহীন আৰু অহংকাৰৰ পৰা মুক্ত হোৱা উচিত। 

বহুত দিন আগতে এজন ৰজা আৰু সন্ত তুলসী দাসৰ এটা সুন্দৰ কাহিনী পঢ়া মনত আছে।  কাহিনীটো এনে ধৰণৰ আছিল।

এজন ৰজাই বোলে সদায় দান কৰাৰ সময়ত লাজত তল মূৰ কৰি থাকে। যেতিয়া সন্ত তুলসী দাসে কথাটো গম পালে তেওঁ এটা পংক্তি লিখিছিল। পংক্তিটোৰ মতে তুলসী দাসে ৰজাক সুধিছিল,

“মিত্ৰ, মই শুনিছোঁ তুমি যেতিয়া দান কৰাৰ সময়ত হাত ওপৰলৈ উঠোৱা সেই সময়ত লাজত তলমূৰ কৰা কিয়?

তেতিয়া হেনো ৰজাই উত্তৰত কৈছিল,

“দিয়া জনতো ওপৰৱালা হয়, যি দিনে ৰাতিয়ে দি আছে। কিন্তু মানুহে ভাবে মই হে দি আছোঁ। সেইটো কথা ভাবি মই বৰ লাজ পাওঁ, সেয়েহে দান দিওঁতে লাজত তলমূৰ কৰি থাকোঁ।”

সঁচাকে,কিমান নম্ৰ, অমায়িক ,বিনয়ী হ’লে এজন ৰজাই এনেদৰে ভাবিব পাৰে?

মহাভাৰততো এনেধৰণৰ বহুত কাহিনী পঢ়িবলৈ পোৱা যায়। তলৰ কাহিনীটো “স্বামী বিবেকানন্দৰ ৰচনা সমগ্ৰ”ত  পঢ়িবলৈ পাইছিলোঁ।

কুৰুক্ষেত্ৰ যুদ্ধৰ পিছত পঞ্চপাণ্ডৱে এক বিশাল দান যজ্ঞৰ আয়োজন কৰিছিল। ইমান ধন সম্পদৰ প্ৰাচুৰ্য দেখি সকলোৱে মুখে মুখে কোৱাকুই কৰিছিল যে, ইয়াৰ আগতে ইমান মহান দান কোনেও কৰা নাই। সেই সময়তে যজ্ঞত এটা নেউল আহি উপস্থিত হৈছিলহি ,যাৰ গাৰ এটা অংশ সোণৰ আৰু এটা অংশ বাদামী ৰঙৰ। মানুহৰ কথোপকথন শুনি নেউলটোৱে ক’বলৈ ধৰিলে

“এয়া দান যজ্ঞ হ’বই নোৱাৰে। মই এঘৰ  অতি দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালৰ কথা ক’ম যাৰ দানৰ তুলনাত এই দান যজ্ঞ একোৱেই নহয়। এবাৰ তেওঁলোকৰ গাঁওখনত দুৰ্ভিক্ষই দেখা দিছিল। বহুতদিন অনাহাৰে থকাৰ পিছত এদিন অলপ চাউল ভিক্ষা খুজি পাই ব্ৰাহ্মণ পত্নীয়ে চাউল মুঠি সিজাই  চাৰি ভাগ কৰি স্বামী, পুত্ৰ, বোৱাৰী আৰু নিজলৈ বুলি খাবলৈ লওঁতেই  কেইবাদিনো অনাহাৰত থকা এজন অতিথি আহি ওলাল আৰু কিবা খাবলৈ বিচাৰিলে। ব্ৰাহ্মণৰ পত্নীয়ে নিজৰ ভাগটো আগবঢ়াই দিলে। কিন্তু অতিথিজনে সেইখিনি খাই ক’লে,

: মোৰ পেটৰ জুই মৰাই নাই ভোকত প্ৰাণ যায় এতিয়া।

তেতিয়া ব্ৰাহ্মণে নিজৰ ভাগটোও আগবঢ়াই দিলে। কিন্তু সেই খিনিৰেও পেট নভৰাত ব্ৰাহ্মণ পুত্ৰ আৰু পুত্ৰ বধুৱেও নিজৰ নিজৰ ভাগ অতিথিক আগবঢ়াই দিলে। অতিথিয়ে সন্তুষ্ট হৈ তেওঁলোকক আশীৰ্বাদ দি গুচি গ’ল। কিন্তু সেই ৰাতি অনাহাৰত পৰিয়ালটিৰ মৃত্যু ঘটিল।” 

নেউলে পুনৰ  ক’বলৈ ধৰিলে,

“অতিথিজনে খাই উঠাৰ পিছত দুটামান ভাত মাটিত পৰি আছিল আৰু মই সেইফালে অহা যোৱা কৰোঁতে মোৰ গাৰ এটা অংশ সোণৰ হৈ পৰিল। সেই তেতিয়াৰ পৰা মই এনেকুৱা দান কৰ্ম দেখাৰ আশাত গোটেই পৃথিৱী ঘূৰিছোঁ যাতে মোৰ গাৰ ইটো অংশও সোণালী হৈ যায়,কিন্তু এনে দান আজিলৈকে ক’তোৱেই দেখা নাই।”

এই কাহিনীটো কাল্পনিক যেন লাগিলেও  সম্পূৰ্ণ আত্মত্যাগৰ ধাৰণা কাহিনীটোত পৰিস্ফুট হৈছে।

ঠিক সেইদৰে দেৱতা, মনুষ্য আৰু অসুৰবোৰে যেতিয়া প্ৰজাপতি ব্ৰহ্মাৰ ওচৰত উপদেশ ল’বলৈ গৈছিল, ব্ৰহ্মাই সকলোকে এটা শব্দ, ‘দ’ ৰে উপদেশ দিছিল।

দেৱতা সকল অতি  লাহ বিলাসী আছিল কাৰণে  ‘দমন’ মানে ইন্দ্ৰিয় দমন কৰিবলৈ কৈছিল।অসুৰ বোৰ আছিল নিষ্ঠুৰ। তেওঁলোকক দয়া কৰিবলৈ কৈছিল। মনুষ্য জাতি আকৌ অতি লুভীয়া জাতি। সেইকাৰণে মনুষ্যক দান কৰিবলৈ উপদেশ দিছিল।

*******

One comment

  • গীতা মণি দত্ত ।

    বহুত ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *