প্ৰশান্তি-শুভ বৰা শইকীয়া
: মা,এয়া চোৱা চোন। আজি আমাৰ দ্বিতীয় সামূহিক পৰীক্ষাৰ বহী দিছে।তুমি চহী কৰি দিয়াৰ পিছত আকৌ চাৰৰ হাতত ঘূৰাই দিব লাগিব।
: ভাল হৈছে সোণটো।আগলৈ আৰু ভাল কৰিবলৈ যত্ন কৰিবা।
: মা ,আৰু বেছি ভাল ফলাফল দেখুৱাবলৈ মই কেই ঘণ্টা পঢ়িব লাগিব?
: এতিয়া যদি অষ্টম শ্ৰেণীত চাৰি ঘণ্টা সময় পঢ়িছা নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ পিছত ছয় ঘণ্টা সময় পঢ়িব লাগিব।সময় বঢ়োৱাৰ নিচিনাকৈ মোৰ কথাবোৰত আগতকৈ বেছি গুৰুত্ব দিয়াৰ লগতে সময়মতে খোৱা ,শোৱা আৰু উঠাতো গুৰুত্ব দিব লাগিব।
: মা, মই তোমাৰ সকলো কথাকে তোমাৰ আশীৰ্বাদ বুলি ভাবিম।আজিৰপৰা তুমি যি খাবলৈ দিয়া মই মনযোগেৰে খাম। তোমাৰ প্ৰতিটো কথাত গুৰুত্ব দিম। পঢ়া-শুনাৰ লগতে মই শিক্ষাগুৰুৰ সকলো কথা মানি চলিম।মোৰ লক্ষ্যস্থানত উপনীত হ’ব নোৱাৰালৈকে মোৰ বন্ধুৰ লগত অবাবত বেছি সময় নকটাওঁ।
: সোণটো,সকলোৰে লগত মিলাপ্ৰীতিৰে থাকিবা।নিজৰ মনটো সুস্থ আৰু দৃঢ় কৰি ৰাখিলে তুমি আশা কৰা মতে ভাল ফলাফল দেখুওৱাৰ লগতে নিজৰ লক্ষ্য স্থানত উপনীত হ’ব পাৰিবা।
: মা, মই নিজক উপযুক্ত হিচাপে গঢ় দিবলৈ যত্ন চেষ্টা কৰিম।তুমি আশীৰ্বাদ কৰিবা মা।।
: মোৰ আশীৰ্বাদ সদায় আছে সোণটো।
মাক আৰু শিক্ষা গুৰুৰ আশীৰ্বাদ শিৰত লৈ নিজৰ কষ্ট, যত্ন আৰু চেষ্টাৰ ফলত সকলো পৰীক্ষাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ লক্ষ্যস্থানত উপনীত হ’বলৈ অৰ্ণৱ সক্ষম হ’ল। হঠাতে মা,মা কৈ চিঞৰি ভিতৰ সোমাই আহি সোণটো(অৰ্ণৱে)ৱে মাকৰ দুহাতত তাৰ নিয়োগ পত্ৰখন তুলি দি ক’লে……
: মইই নিজকে এখন মহাবিদ্যালয়ৰ প্ৰৱক্তা হিচাপে আজি চিনাকি দিবলৈ সক্ষম হ’লো মা।তোমাৰ পৰা পোৱা সাহসৰ বলত মই মোৰ সংকল্প ৰাখিব পাৰি আনন্দিত হৈছোঁ মা।এয়া তোমাৰ প্ৰেৰণা আৰু আশীৰ্বাদ, শিক্ষাগুৰুৰ অকৃত্ৰিম পাঠদান, মোৰ শাৰীৰিক মানসিক কষ্ট আৰু ভগৱানৰ কৰুণা।
: তোমাৰ উন্নতিত সকলোৰে অৱদান আছে সোণটো।এই মহান অৱদানক সদায় শ্ৰদ্ধা কৰি চলিবা।সদায় ভগৱানৰ ওপৰত গভীৰ বিশ্বাস ৰাখিবা। সকলোৰে প্ৰিয়ভাজন হ’বলৈ চেষ্টা কৰিবা।তোমাৰ ভৱিষ্যত জীৱন উজ্বল হওঁক।
অ,এটা কথা তোমাক কোৱাই হোৱা নাই।
: কি কথা মা?
: তুমি নিজক উপযুক্ত কৰি তুলিব পৰাকৈ তোমাক ধৈৰ্য সাহস মনোবল দিবলৈ মই বিষ্ণু মন্দিৰত এভাগ শৰাই দিম বুলি অৰিহনা আগবঢ়াই থৈছিলোঁ।। গতিকে সজ কাম সোনকালে কৰিলে সকলোৰে বাবে মঙ্গল।
: হ’ব মা। এই সপ্তাহৰ ভিতৰতে মন্দিৰত শৰাইভাগ দি দুয়ো সেৱা কৰি আহিম।
ৰক্তিমৰ কথামতেই সপ্তাহৰ ভিতৰতে শৰাই ভাগ দি মনে ভৱামতে সেৱাভাগ ল’বলৈ পাই মাকে মানসিক প্ৰশান্তি অনুভৱ কৰিলে।
*******
