প্ৰৱঞ্চক-সীমা বৰ্মন
উচ্চ শিক্ষাৰে শিক্ষিত অৰুণিমাৰ বিয়া অৰুনাভৰ সৈতে বৰ ধুমধামৰে হৈ যায়।পেচাত অৰুনাভ এজন অভিযন্তা। বিয়া হৈ আহি অৰুনিমাই সকলোৰে মন মুহি পেলালে। এনেকুৱা হ’ল যে তাই নহ’লে ঘৰখন নচলেই!!
ৰাতিপুৱাৰপৰা শাহু-শহুৰৰ আলপৈচান ধৰা; অৰুনাভ অফিচলৈ ওলাই নোযোৱা পৰ্যন্ত খোৱা-লোৱা, ৰন্ধা-বঢ়া আদিকে ধৰি সকলো দায়িত্ব তাই সুন্দৰভাৱে পালন কৰি গৈ থাকিল। বিয়াৰ পিছত এমাহলৈ সকলো ঠিকেই আছিল। লাহে লাহে যেন অৰুনাভৰ চিন্তা ভাবনাৰ কিছু পৰিৱৰ্তন আহিবলৈ ধৰিলে।ৰাতি দুপৰলৈ ঘৰত নোসোমোৱাটো নিত্য নৈমিত্তিক ঘটনা হৈ পৰিল। ‘কিয় ইমান ৰাতি হ’ল, ক’ত আছিল’, এইবিলাক প্ৰশ্ন কৰাৰ অৱকাশেই নিদিয়ে তাইক। ঘহ-মহকৈ কাপোৰযোৰ খুলি বিছনাত পৰি যায় সি। ভাত খোৱাৰ কথা ক’লে বাহিৰতে খাই অহা বুলি কয়।
এনেকৈ ৰাতি এপৰলৈ ৰৈ ৰৈ নেখাই-নবৈ বহু উজাগৰী নিশা পাৰ কৰিলে তাই। কোনো কথাতেই মাত মাতিব নিদিয়ে তাইক। কিবা এষাৰ প্ৰতিবাদ কৰিলেই সি অশ্লীল মাতেৰে গালি গালাজ আৰম্ভ কৰি দিয়ে। লাহে লাহে অৰুনাভে তাইক শাৰীৰিক অত্যাচাৰ কৰাও আৰম্ভ কৰি দিলে। কি কৰিব উপায় নাপাই অৰুনিমা অতিষ্ঠ হৈ পৰিল। কথাৰ গুৰি বিচাৰি এদিন তাই অকলে তাৰ অফিচলৈ গৈ ওলোৱাত উৰহীৰ ওৰ ওলাই পৰিল। তাই অফিচৰে কেৰেণী এজনক অৰুনাভৰ কথা সোধোঁতে গম পালে যে সি হেনো এসপ্তাহ ধৰি অফিচলৈ অহাই নাই; অফিচৰে কোনোবা এজনীৰ লগত তাৰ অবৈধ সম্পর্ক থকা বুলি কেৰেণীজনে তাইক ক’লে। বৰ্তমান তায়ো হেনো ছুটীতে আছে । কথা শুনি অৰুণিমাৰ মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে। অৰুণিমাৰ আৰু বুজিবলৈ বাকী নাথাকিল । কিছুপৰ তাতেই নিতাল মাৰি থাকি তাই প্ৰায় লৰালৰিকৈ উঠি আহিল। অৰুনাভৰ এনে অপকাণ্ডৰ এটা উচিত তদন্ত বিচাৰি তাই বাহিৰে বাহিৰে পুলিচ থানালৈ গৈ থানাত সকলো জনাই এজাহাৰ এখন দি ঘৰলৈ আহিল।
পিচদিনাখন পুলিচে তদন্ত চলাই তিৰোতা গৰাকীৰ ঘৰত অৰুনাভক হাতে-লোটে ধৰা পেলায় আৰু দুয়োকে আনি হাজোতত বন্দী কৰি ৰাখে; বৰ্তমান দুয়ো হাজোতত।
আৰু অৰুণিমা?
শোৱনি কোঠাৰ খিৰিকীখন খুলি দি অৰুণিমাই বিছনাত বহি পৰিল। দেৱালত আঁৰি থোৱা দুয়োৰে বিয়াৰ ফটোখন চাই চাই ভাবিবলৈ ধৰিলে,–ভাগি যোৱা সপোনৰ ঘৰখন আৰু কেতিয়াবা থানথিত লাগিবনে!
*******
