বিহুৱান-নীলাঞ্জনা পাচনি
গলধনটো সোঁহাতখনেৰে পিটিকি পিটিকি ময়ূৰী তাঁতশালখনৰ পৰা উঠি আহিল।সেই দুপৰীয়া ভাত খোৱাৰ পাছৰে পৰা বহা।আজি কলেজ বন্ধ আছিল বাবেহে … । নহ’লে দেখোন তাঁতখন ব’বলৈ তাইৰ সময়ৰে টনাটনি।এনেতে কুলিৰ মাত শুনি তাই হাতৰ আঙুলী পাৱত হিচাপ কৰি চালে বিহুলৈ মাত্ৰ সাতোটা দিন আছে। মাকে বকিয়েই আছে, কি বুলিনো তাই এইবাৰ এহেজাৰ পকোৱা সূতাৰ গামোচাৰ তাঁতযুতি লগাই ল’লে জানো! এতিয়া বিহুচেৰা নহ’লেই ৰক্ষা !এনেয়ে তাই বৰকৈ শালৰ কাষ নাচাপে।মাজে মাজে থাপ মাৰি একোহালি দুকোহালি বোৱাৰ দৰেহে। পঢ়াৰ বোজাটো আছে নহয়! তাতে এইবাৰ তাই স্নাতকৰ শেষ পৰীক্ষাটো দিব।পিছে এশ কাঠিৰ ফুলৰ গামোচাখন ব’বলৈ লৈ তাই চকুৰে জলক-তৱক দেখিছে। সৰু গুটি ফুলৰ গামোচাখন জানো মইনাদাক দি ভাল লাগিব ! এইবাৰ সিও চাগে গম পাই যাব তাইৰ তালৈ হেঁপাহটো কিমান!
মইনাদা মানে যোগেন শইকীয়া বৰদেউতাৰ ল’ৰা । পোছাকী নাম ৰক্তিম।সৰুৰেপৰা তাই বৰদেউতাকহঁতৰ ঘৰতে তাৰে সৈতে খেলি-ধূলি ডাঙৰ হোৱা।তাইৰ দেউতাকেই তেওঁলোকৰ মাটিত আধিয়াৰ হিচাপে অত বছৰে খেতি কৰি আহিছে।সেয়েহে তেওঁলোকৰ ঘৰলৈ সিহঁতৰ অবাধ অহা-যোৱা।বৰমাকেও নিজৰ ছোৱালী নাই বুলিয়েই তাইক কমখন মৰম কৰে নে! প্ৰতিবাৰেই মইনাদা হোষ্টেললৈ যাবৰ সময়ত তায়েই দেখোন চকচকীয়া নাৰিকল লাড়ুকেইটা,মচমচীয়া নিমকিকেইটা আৰু মুখত দিলেই পমি যোৱা চকোৱা চাউলৰ মালপোৱা পিঠাকেইটা বনাই দিয়ে।তাইৰ হাতৰ হেনো সোৱাদেই অনন্য। মইনাদাই তাইলৈ ফোন কৰি কয় নহয় ! লগৰবোৰেও হেনো টকালি পাৰি পাৰি খায়। নহ’বনো কিয় ! তাইৰ যে তালৈ কিমান মৰম সোমাই আছে ,সিনো কি বুজিব! পুৰুষ মানুহৰ মনহে ,ধুনীয়া ফুল য’তেই দেখে ,তলৈকে ভোমোৰাৰ দৰে মৌ চুহি খাবলৈ উৰি যাব।কিন্তু নাৰীৰ মন যে অন্তঃসলিলা নদীৰ দৰে… বাহিৰৰ সোঁত দেখি কোনেও ততকে ধৰিব
নোৱাৰে ,ভিতৰি যে কিমান সুগভীৰ।
আজিকালি মইনাদাদাই তাইলৈ বৰকৈ ফোন নকৰে। সেইবুলি তাইৰ কিন্তু কোনো আক্ষেপ নাই।কাৰণ সি এনেয়ো পঢ়া-শুনাত ব্যস্ত থকা ল’ৰা।ফোনত বাৰেভচহু কথা চেলবেলাই থাকিলে তাৰেই ক্ষতি।তথাপিও কেতিয়াবা দুপৰৰ নিজান পৰত ,আবেলিৰ নিৰিবিলি মুহূৰ্তত আৰু সন্ধিয়াৰ পঢ়া টেবুলত বহাৰ সময়ত তাৰ মাতটো শুনিবলৈ তাইৰ বৰকৈ মন যায়।ফোনটো আহিলেই তাইৰ মনটো উচপিচাই উঠে,মইনাদাই কৰিছে নেকি আকৌ!পিছে নামটো নেদেখিহে মনটো জামৰি যায়।
মাকে দুপৰীয়া ক’লেহি ,মইনা হেনো কালি সন্ধিয়া ঘৰ পালেহি।পৰীক্ষা দি একেবাৰে আজৰি হৈ আহিছে ,কিবা কেম্পাছ চিলেকচনত চাকৰিও পাইছে হেনো। ইয়াৰপৰা গৈয়েই জইন কৰিব।কথাটো শুনি তাইৰ উগুল-থুগুল লাগিল। কিবা এটা চেলু উলিয়াই তাঁহাতৰ ঘৰলৈ যাব লাগিব।আজিকালি বৰকৈ যোৱাও নহয়।পিছে মাকে ক’লে ,বৰমাকে তাইক মাতিছে।মইনাৰ লগত কোনোবা আলহী আহিছে হেনো।
মইনাদাৰ ৰুমৰ দুৱাৰখন দেখোন বন্ধ হৈ আছে।ভিতৰৰ পৰা কোনোবা ছোৱালীৰ হাঁহিৰ শব্দ ভাঁহি আহিছে। বৰমাকৰ চকুৱে চকুৱে পৰাত তাই নিৰৱে পাকঘৰলৈ সোমাই গৈ চৰিয়াত উলিয়াই থোৱা ময়দাখিনি মথিবলৈ ল’লে।বৰমাকে তাইৰ কাষলৈ আহি কান্ধত হাতখন দি লাহে লাহে কলে,
“কি কৰিবি আই!ল’ৰাৰ পাখি গজিল।সি হেনো লগত লৈ অনা সেই তেলেগু জাতিৰ ছোৱালীজনীহে বিয়া পাতিব। একেলগে পঢ়া।আমাৰ ঘৰ দেখুৱাবলৈ লৈ আহিছে। আমাক অৱশ্যে আগতেই ফোনত জনাই থৈছে।মইহে তোক কথাটো ক’বলৈ সাহস কৰিব পৰা নাছিলো।তোৰ মনত কি আছে ,আমিতো জানোৱেই ! আমাৰে কপাল বেয়া …… তোৰ দৰে ৰূপে-গুণে, ভাৱে-ভক্তিয়ে ঘৰধৰা বোৱাৰী এজনী ভগৱানে নিদিলে।”
দুগালেদি সৰসৰকৈ বৈ অহা চকুলোখিনি ময়ূৰীয়ে সাউৎকৈ মচি মনে মনে ভাবিলে ,মইনাদাৰ সুখেই তাইৰ সুখ।তেওঁ কিজানি তাইক সেই দৃষ্টিৰে চোৱাই নাছিল। তাইহে অ’তবোৰ সপোন ৰচিলে। এশ কাঠিৰ ভমকাফুলীয়া গামোচাখন তাই তেলেগু ছোৱালীজনীৰ হাতেৰেই মইনাদাক দিয়াব।অসমীয়া নীতি-নিয়মবোৰ তাইক এতিয়াৰ পৰাই শিকাব লাগিব নহয়!!
*******

11:11 PM
The USDT pairing data is always fresh and accurate. It makes executing my trades much smoother. Highly recommend it to any ETH holder. ethusdt
11:11 PM
This is a total game changer for saving on transaction fees. I always check the gas levels here before sending any tokens. Absolute must-have! gaseth
11:12 PM
Really helpful for anyone doing business in Vietnam. It simplifies the conversion process for usdttovnd a lot.