সংখ্যাটোৰ আঁৰৰ কথা
প্ৰথমতে গোটৰ সকলোলৈকে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু ব’হাগী ওলগ যাচিলোঁ। নৱবৰ্ষই সুখ সমৃদ্ধি আৰু প্ৰাপ্তিৰে আটাইৰে জীৱন ভৰাই তোলাৰ কামনা কৰিলোঁ।
আলোচনীৰ আঁৰৰ কথা ক’বলৈ গ’লে প্ৰথমতে নাম ল’ব লাগিব এক শক্তি আৰু উদ্যমৰ।যাৰ বাবেই এটি বীজৰ পৰা এজোপা বটবৃক্ষ হোৱা সম্ভৱ হৈ উঠিছে।ফ্ৰেব্ৰুৱাৰী মাহৰ সন্ধিয়া এটিত অহা এটা ফোন কলেই ‘শব্দচিত্ৰ—–জীৱন জিজ্ঞাসা’ ই-আলোচনীৰ পঞ্চম বৰ্ষৰ দ্বিতীয় সংখ্যাটিৰ আৰম্ভণিৰ আগজাননী দিছিল। ফোনটো কাৰ বোধহয় ধৰিব পাৰিছেই। আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধান প্ৰশাসক অৰবিন্দ গোস্বামীয়ে আৰম্ভণিতে কিছু ধেমেলীয়া কথাৰে পাতনি মেলি যিটো প্ৰস্তাৱ আগবঢ়ালে শুনি মোৰ শৰীৰত বিদ্যুৎ প্ৰবাহিত হোৱা যেন লাগিল। যিটো সময়ত ঘৰুৱা অসুবিধাৰ বাবে গ্ৰূপত সময় দিব নোৱাৰাৰ বাবে অব্যাহতি লোৱাৰ কথা ভাবিছিলো, সেই সময়ত আলোচনীৰ সম্পাদনা কৰাৰ কথা ক’লত মোৰ ভৰিৰ তলৰ মাটি নোহোৱাৰ দৰে হৈছিল। এই ক্ষেত্ৰত মোৰ জ্ঞানৰ নমুনা একেবাৰে শূন্য বুলি কোৱাৰ পিছতো তেখেতে পাৰিব বুলি পতিয়ন নিওৱাৰ আটাইবোৰ কৌশল প্ৰয়োগ কৰিলে।তেওঁ কিবা এটা কথাত এবাৰ লাগিলে সহজে এৰি নিদিয়ে বুলি সকলোৱে জানেই।শেষত তেখেতৰ প্ৰস্তাৱত সন্মতি দিলোঁ মোৰ যোগ্যতাৰ ভিত্তিত নহয়,অৰবিন্দ গোস্বামীকে প্ৰমুখ্য কৰি আপোনালোক সকলোৰে সহযোগিতা আৰু অভিজ্ঞতাৰ ওপৰত থকা অগাধ বিশ্বাসৰ বাবে। এষাৰ কথা আছে যে “সুমধুৰ ফলৰ এফাল খাবা ,সজ্জনৰ লগত এখোজ যাবা”।সেয়ে মইয়ো আপোনালোকৰ প্ৰজ্ঞা আৰু যোগাত্মক চেষ্টাৰ ওচৰত মূৰ দোঁৱাই এখোজ আগবাঢ়ি আহিলো।প্ৰথমৰপৰাই দেখি আহিছো সকলো সময়তে সহায়ৰ বতাহজাক আৰৱ সাগৰৰপৰা ব্ৰহ্মপুত্ৰৰ দুয়োপাৰলৈকে বৈ থাকে। যিকোনো জটিল সময়ত সু পৰামৰ্শ আৰু ‘মাউখে উঠা’ৰ যি প্ৰৱণতা গ্ৰুপৰ সেয়া সঁচাকৈয়ে প্ৰশংসনীয়।বিশেষকৈ অৰবিন্দ গোস্বামীয়ে ব্যক্তিগত জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু জটিল সময়ো অতিক্ৰম কৰি গ্ৰূপৰ আৰু আলোচনীৰ ধাৰাবাহিকতা ৰক্ষা কৰাটোৱেই ইয়াৰ প্ৰমাণ।এই আপাহতে তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
আলোচনীৰ কামৰ বাবে প্ৰতিবাৰেই এটি টিম গঠন কৰি বৰ্ণাশুদ্ধিকে আদি কৰি যাৱতীয় কামখিনি ভগাই দিয়া হয়।এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল।চাৰি চকুৰ মিলন নোহোৱাকৈ গোটৰ জড়িয়তে হৃদয়ত স্থান লোৱা সকলোৱে নিজৰ ব্যস্ততাৰ মাজতো কামখিনি সুচাৰুৰূপে কৰি আলোচনীখন যুগুতাই দিয়াৰ বাবে যি মহানুভৱতা দেখুৱালে, তাৰ বাবে কেৱল মাত্ৰ ধন্যবাদ নজনাই তেখেতসকলৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’লো।
আলোচনীৰ লেখাৰ বাবে ঘোষণা কৰাৰ আগতেই প্ৰথম কুমকুম বাইদেউৰ পৰা দুটা লেখা পালোঁ।তাৰ পিছত একাদিক্ৰমে এটা দুটাকৈ লেখা আহিবলৈ ল’লে। প্ৰথমে হতাশ হৈছিলোঁ যদিও হতাশা টিকি থাকিবলৈ নিদিলে আমাৰ লেখক-লেখিকাসকলে।। বিভিন্ন শিতানত দিব পৰাকৈ লেখাখিনি পোৱাৰ বাবেই আলোচনীখনক পূৰ্ণাংগ ৰূপ দিব পৰা গ’ল। সমুজ্জ্বল কাশ্যপে তেওঁৰ কৰ্ম ব্যস্ততাৰ মাজতো সময় উলিয়াই ৰাতি টোপনি খতি কৰি মধ্য প্ৰাচ্যৰ যুদ্ধৰ বিভীষিকাৰ ফলশ্ৰুতিত ঘটা এটা হৃদয়স্পৰ্শী জীয়া কাহিনী লিখি দিলে।
কেইবাজনো গ্ৰূপত নথকা লেখক-লেখিকাৰ পৰাও সঁহাৰি পালোঁ। তেখেত সকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে সীমা বৰ্মনে কৰা সহায়ে সুখী কৰিলে। বৰ্ণাশুদ্ধিত সহায় কৰি দিলে কংকনা গোস্বামী,বৰষা ডেকা, ববিতা শৰ্মা আৰু মাতু কুকুৰাছোৱাই। তেখেত সকলে ব্যস্ততাৰ মাজতো সময় উলিয়াই কৰি দিয়া সহায়ৰ বাবে কৃতজ্ঞ হৈ ৰ’লো। উপাসা ভাগৱতীয়ে দিয়া দিহা-পৰামৰ্শ আৰু সাহসৰ বাবে ধন্যবাদ নজনাই নোৱাৰিলোঁ।আটাইকেইগৰাকীলৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। মোৰ অনুৰোধ ৰক্ষা কৰি সাক্ষাৎকাৰ লৈ সহায় কৰি দিয়া সমীৰণ শৰ্মালৈ ধন্যবাদৰ লগতে মৰম যাচিলোঁ।
কাৰিকৰী দিশত প্ৰত্যেক বাবেই অশেষ কষ্ট কৰি আলোচনীখন পঢ়ুৱৈৰ বাবে আগবঢ়াই দিয়ে দেৱজিত শৰ্মাই। দেৱজিতৰ এই সহায়ৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।
বেটুপাতৰ অংকন __ব’হাগ বিহুৰ লগত ৰজিতা খুৱাই সুন্দৰ বেটুপাত অংকন কৰা প্ৰাঞ্জল বৰালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ব্যৱস্থাপনা _সৰ্বশ্ৰী অৰবিন্দ গোস্বামীলৈ ধন্যবাদৰ লগতে শলাগৰ শৰাই আগবঢ়ালো। ব্যৱস্থাপনা শব্দটোতে সোমাই থাকে একোটা সংগঠিত গ্ৰূপক নিয়ন্ত্ৰণ কৰি ৰখাৰ কৌশল আৰু দূৰদৰ্শিতা। এইক্ষেত্ৰত তেখেত সদায় সফল।
আচলতে আলোচনী এখনৰ বাবে লেখক লেখিকাসকলেই প্ৰধান অলংকাৰ।ধাতুৰ পৰা অলংকাৰ গঢ়িবলৈ যিদৰে নিখুঁত কাৰিকৰৰ দৰকাৰ ঠিক আলোচনী এখনৰ বাবেও ওপৰত উল্লেখ কৰা সকলো নিখুঁত কাৰিকৰৰ দৰেই। সকলোৰে সহযোগিতাৰ বাবে পুনৰ বাৰ শলাগ লোৱাৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। মই মাত্ৰ নিমিত্তহে। অজানিতে ৰৈ যোৱা ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলোঁ।লেখক লেখিকাৰ দৰেই আন এক অলংকাৰ পঢ়ুৱৈসকল।সকলোৱে আলোচনীখনৰ লেখা সমূহ পঢ়ি লেখক লেখিকাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ।শেষত আপোনালোকৰ লগত একাত্ম হোৱাৰ এইকণ সুযোগ দিয়াৰ বাবে প্ৰধান প্ৰশাসকৰ ওচৰত ঋণী হৈ ৰ’লো।
“শব্দচিত্ৰ—–জীৱন জিজ্ঞাসা” ই-আলোচনীৰ
পঞ্চম বছৰ দ্বিতীয় সংখ্যাৰ
সম্পাদিকা __কুঞ্জ খাউণ্ড
*******

7:19 PM
ভালকৈ সকলোৰে শলাগ লৈছে আপুনি।