হুঁচৰি, বিহুনাম আৰু ইয়াৰ আঙ্গিকতা-জয়ন্ত গগৈ

অসমৰ হেঁপাহৰ ৰঙালী বিহুৰ এক অবিচ্ছেদ্য অংগ হ’ল হুঁচৰি।অসমীয়া লোক-সংস্কৃতিৰ প্ৰাণস্পন্দন বিহুৰ লগত হুঁচৰি আৰু বিহু নামৰ সম্পৰ্ক অতি গভীৰ আৰু অবিচ্ছেদ্য। হুঁচৰি কেৱল বাদ্য-নৃত্য নহয়, ই অসমীয়া সমাজৰ পৰম্পৰাগত অনুশাসন, ভক্তি আৰু আনন্দৰ এক সুন্দৰ মিশ্ৰণ। হুঁচৰি পৰিৱেশনৰ এক নিৰ্দিষ্ট পৰম্পৰাগত আঙ্গিক বা শৈলী আছে। সামাজিক সমন্বয় ,জাতীয় ঐতিহ্য, মানৱীয় প্ৰমূল্য আদি হুঁচৰিত আছে বাবেই হুঁচৰিয়ে জাতি-বৰ্ণ নিৰ্বিশেষে সমগ্ৰ অসমীয়া সমাজক একেলগে বান্ধি ৰাখে।গৃহস্থৰ ঘৰলৈ গৈ পৰস্পৰৰ মাজত মৰম-চেনেহ আৰু মান-সৎকাৰ বৃদ্ধি কৰাই ইয়াৰ মূল উদ্দেশ্য। 

হুঁচৰি পৰিৱেশন কৰোঁতে পৰম্পৰাগত আঙ্গিক বা শৈলী আৰু বিহুনাম এই দুয়োটাৰে মাজত থকা মূল সম্পৰ্কৰ কথাবোৰ প্ৰধানতঃ পাঁচটা বিষয়ত উনুকিয়াব পাৰোঁ।

(​১) মূল উৎস আৰু পৰম্পৰা: 

হুঁচৰি আৰু বিহু নাম দুয়োটাই ব’হাগ বিহু বা ৰঙালী বিহুৰ অবিচ্ছেদ্য অংগ। হুঁচৰি হ’ল বিহুৰ এটি বিশেষ অনুষ্ঠান য’ত বিহু নাম আৰু বিহু নাচৰ সমাহাৰ ঘটে। সাধাৰণতে ডেকাসকলে দলবদ্ধ হৈ গাঁৱৰ প্ৰতিঘৰৰ চোতালত আশীৰ্বাদ দিবলৈ যোৱা অনুষ্ঠানটোৱেই হ’ল হুঁচৰি।

​(২) ধৰ্মীয় আৰু আধ্যাত্মিক বিশ্বাস:

হুঁচৰিক এক পবিত্ৰ অনুষ্ঠান হিচাপে গণ্য কৰা হয়। লোকবিশ্বাস অনুসৰি, ব্ৰহ্মাই সৃষ্টি কৰা হুঁচৰিৰ আশীৰ্বাদ ল’লে বছৰটোলৈ ঘৰখনৰ কুশল হয়। সেয়েহে হুঁচৰিৰ আৰম্ভণিতে গোৱা পদবোৰত ধৰ্মীয় ভাৱ আৰু ভক্তিৰ প্ৰভাৱ দেখা যায়। একেদৰে বিহু নামবোৰত মূলতঃ ডেকা-গাভৰুৰ প্ৰেম-প্ৰণয়, বিৰহ আৰু প্ৰকৃতিৰ বৰ্ণনা থাকে। অৱশ্যে হুঁচৰি দলটোৱে চোতালত গোৱা গীতবোৰত ধৰ্মীয় আৰু আশীৰ্বাদী সুৰৰ লগতে পাছলৈ বিহু নামৰ দৰে চুটি চুটি আৰু চঞ্চল গীতৰো প্ৰয়োগ কৰে।

​(৩) পৰিৱেশন শৈলী: 

হুঁচৰি পৰিৱেশন কৰোঁতে এটা নিৰ্দিষ্ট ক্ৰম অনুসৰণ কৰা হয় য’ত বিহু নামৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। বিহু নাম পদ শেষ হোৱাৰ পাছত ঢোল-পেঁপাৰ কোব বাঢ়ে আৰু ক্ৰমান্বয়ে দ্ৰুত লয়ৰ বিহু নামসমূহ গোৱা হয়। ইয়াত বিহু নামবোৰৰ যোগেদি নাচনী বা ঢুলীয়াই নিজৰ পাৰদৰ্শিতা দেখুৱায়। আৰু শেষত গৃহস্থক আশীৰ্বাদ দি হুঁচৰি সামৰণি মৰা হয়।

​(৪) যন্ত্ৰ-সংগীতৰ মিল:

হুঁচৰি আৰু বিহু নাম—দুয়োটাতে ঢোল, তাল, পেঁপা, গগনা আৰু বাঁহীৰ ব্যৱহাৰ হয়। হুঁচৰিত তালৰ ব্যৱহাৰ অধিক বাধ্যতামূলক, কাৰণ ই এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ সৃষ্টি কৰে।

​(৫) সামাজিক গুৰুত্ব:

হুঁচৰি হ’ল সমাজৰ সকলো শ্ৰেণীৰ লোকক একগোট কৰা এক অনুষ্ঠান। আনহাতে বিহু নাম হ’ল সেই মাধ্যম যাৰ জৰিয়তে গীত আৰু নৃত্যৰ ৰূপত সমাজৰ মনৰ আনন্দ প্ৰকাশ পায়।

মুঠতে ক’বলৈ গ’লে, হুঁচৰি হ’ল অনুষ্ঠান আৰু বিহু নাম হ’ল তাৰ আত্মা। বিহু নাম অবিহনে হুঁচৰি সম্পূৰ্ণ নহয় আৰু হুঁচৰি অবিহনে ব’হাগ বিহুৰ আধ্যাত্মিক মৰ্যাদা অপূৰ্ণ হৈ ৰয়। অতীত কালৰ হুঁচৰি ৰাজ আলিয়েদি ঘুৰি ফুৰাৰ নিৰ্দশন পোৱা যায়। ঘৰৰ গৃহস্থই সপৰিয়ালে ওলাই শৰাইত বিহুৱান আৰু মাননি দি আশীৰ্বাদ লৈছিল। আহোম স্বৰ্গদেউ সকলৰ, ডা-ডাঙৰীয়াসকলৰ ইচ্ছানুযায়ী চোতালে চোতালে হুঁচৰি গোৱাৰ প্ৰথা প্ৰৱৰ্তন কৰাৰ লগে লগেই হুঁচৰি আহি চোতাল পোৱাৰ কথা অনুমান কৰিব পাৰোঁ।

বিহুত গোৱা বিহুনাম আৰু হাবিত গোৱা হাবিনাম বিলাক অসমীয়া লোক-সাহিত্যৰ অমূল্য সম্ভাৰ।কোনো অনামী স্বভাৱ কবিৰদ্বাৰা ৰচিত এই বিহুনাম বা হাবিনাম বিলাকৰ সাহিত্যিক অলঙ্কাৰো লেখত লব লগীয়া। এইবোৰ লোক সাহিত্যত অসমীয়া জন জীৱনৰ প্ৰতিচ্ছবি অতি সুন্দৰ ৰূপত পোৱা যায়। সেয়ে ৰঙালী বিহুৰ এক অন্যতম উপাদান হৈছে ‘বিহুনাম’। কৃষিজীৱী অসমীয়া সমাজ জীৱনৰ এখন ছবি ‘বিহুনাম’ যুগে যুগে, মুখে মুখে প্ৰচলিত নামসমূহৰ আছে এক সুকীয়া মাদকতা। বিহুনামৰ সাহিত্যিক মূল্য অতি উচ্চ। অতীজৰেপৰা মুখে মুখে বাগৰি অহা বিহুনামৰ সুকীয়া মাদকতাখিনিৰ কথাৰে আজিৰ লিখনিৰ যোগেদি প্ৰকাশ কৰিব বিচাৰিছো।

হুঁচৰি দলে আৰম্ভণিতে গৃহস্থৰ পদূলি মুখত আগবঢ়নি নাম গাইছিল।গৃহস্থই শৰাই আগবঢ়াই আনিছিলে পদূলি মুখৰপৰা।সেই তেনেকুৱা আগবঢ়নি নামৰ ভিতৰৰে এষাৰি নাম হুঁচৰি দলে এনেকৈ পৰিৱেশন কৰিছিল…..

ঐ হুঁচৰিয়ে হাঁও দেউতাৰ ঘৰলৈ যাওঁ

হেই হুঁচৰিয়ে হাঁও দেউতাৰ ঘৰলৈ যাওঁ

হেই পদূলিৰেপৰা নিব আগবঢ়াই দেউতাৰ ঘৰলৈ যাওঁ

হুঁচৰিয়ে হাঁও দেউতাৰ ঘৰলৈ যাওঁ

পথাৰে পথাৰে পোনাই আহিলোঁ দেউতাৰ ঘৰলৈ যাওঁ

হুঁচৰিয়ে হাঁও দেউতাৰ ঘৰলৈ যাওঁ

হেই আমাৰে দেউতা চুলি আলৈ বিলৈ দেউতাৰ ঘৰলৈ যাওঁ

হুঁচৰিয়ে হাঁও দেউতাৰ ঘৰলৈ যাওঁ

কাকৈয়ে ফণিয়াই চুলি আলৈ বিলৈ দেউতাৰ ঘৰলৈ যাওঁ

হুঁচৰিয়ে হাঁও দেউতাৰ ঘৰলৈ যাওঁ

ঐ বৰঘৰৰ ভিতৰত শৰাইখন সজাইছে দেউতাৰ ঘৰলৈ যাওঁ

হুঁচৰি আহিব বুলি হৰিলৰে দেউতাৰ ঘৰলৈ যাওঁ

হুঁচৰিয়ে হাঁও দেউতাৰ ঘৰলৈ যাওঁ হেই………

এনেকৈ গাইছিল, তাৰপাছত গৃহস্থই পদূলি মুখৰপৰা হুঁচৰি দলক শৰাই আগবঢ়াই আনিছিল।সেই শৰাইত তামোল-পাণ আদি দিছিল।অ’ হৰি অ’ ৰাম, হৰি সন্তোষৰ অৰ্থে হৰি বোল….গৃহস্থৰ চোতালৰ মূৰত থিয় দিয়েই সকলোৱে হৰি ধ্বনি দিয়ে…….

পূবে ভঁৰাল-হৈছে

পশ্চিমে গঁৰাল-হৈছে

উত্তৰে-চৰু-হৈছে

দক্ষিণে-গৰু-হৈছে

পুখুৰীত মাছ-হৈছে

বাৰীত তামোল-হৈছে

গৃহস্থৰ কুশলৰ অৰ্থে জয় অ হৰি বোল ধ্বনি দি হুঁচৰিৰ ঘোষা পদ আৰম্ভ কৰা হয়।গাঁৱৰ জ্যেষ্ঠসকলে প্ৰতিঘৰ মানুহৰ চোতালত আশীৰ্বাদ দি যি গীত গায়, তাকেই সাধাৰণতে হুঁচৰি পদ বুলি কোৱা হয়। এইদৰে জয়ধ্বনি দি চোতালত ঘূৰি ঘূৰি নিৰ্দিষ্ট লয়ত (বিলম্বিত, মধ্য আৰু দ্ৰুত) ঢোল-তাল বজাই ঘোষা পদ গোৱা হয়।

“দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী।

কেতেকী মলেমলাই ঐ গোৱিন্দাই ৰাম।” 

এনেদৰেই হুঁচৰিৰ ধুনীয়া ধুনীয়া আৰু পৰম্পৰাগত বিহু পদ গৃহস্থৰ চোতালত গোৱা হয়।

“ন ঘৰ ঐ পুৰণি কামি, 

 ব’হাগৰ বিহুতে

গৃহস্থৰ চোতালত 

হুঁচৰি জুৰিছোঁ আমি…”

যিয়েই পদ নহওক ব’হাগ বিহুৰ পবিত্ৰ সময়ত গৃহস্থৰ চোতালত হুঁচৰিৰ আৰম্ভণিতে সাধাৰণতে এনেদৰে গৃহস্থক সেৱা জনাই আৰু ঘৰখনৰ কুশল কামনা কৰি ঘোষাপদ গোৱা হয়। ঢোলৰ ছেৱে ছেৱে ছন্দ মিলাই বিহুৱা সকলে খোজটি পেলোৱা, চোতালত চেলেং -গামোচা পাৰি হুঁচৰি দলক শুশ্ৰূষা জনোৱা হয়, বিহুৱাৰ মূৰত তেলপানী দিয়া, দূবৰি বন ছটিওৱা আদি প্ৰচলিত নিয়মসমূহে হুঁচৰিৰ ঐতিহ্য ৰক্ষা কৰি আহিছে। ঘোষাপদৰ লগত বিভিন্ন ঢোলৰ ছেও যেনে কছাৰী ছেও, মিচিং ছেও, ধেমেলীয়া ছেও, দুমনী ছেও, খৰা ছেও আদি চাপৰসমূহ ঢোলত ঢুলীয়াই বজায় । হুঁচৰিৰ ঘোষাপদ গাই শেষ হোৱাৰ লগে লগেই হুঁচৰিত যোজনা দিয়া হয়। বিহুনামৰ প্ৰথমটো শ্ৰেণী হৈছে যোজনা। ইয়াৰ দুটা উপ-বিভাগ আছে— যোজনা আৰু জোঙাল। লোক-সংস্কৃতিত বহুতে এই দুয়োটাক একে বুলিয়েই গণ্য কৰে। যোজনা সাধাৰণতে দুটা ধৰণে গোৱা হয়— এটা খৰকৈ আৰু আনটো লাহে লাহে। বয়স আৰু পৰিৱেশ ভেদে ইয়াৰ সুৰ চাৰি প্ৰকাৰৰ হ’ব পাৰে:

চোতালত গোৱা যোজনা: গৃহস্থৰ চোতালত বিহু মাৰিবলৈ যাওঁতে এই সুৰত যোজনা ধৰা হয়। যেনে:

“স্বৰ্গদেও ওলালে বৰচ’ৰাৰ মুখলৈ

দুলিয়াই পাতিলে দোলা,

কাণত জিলিকিলে মকৰ কুণ্ডলে

গাত গোমচেঙৰ চোলা।।” 

দীঘলীয়া ঢোলৰ ছেৱে ছেৱে বতৰৰ গীত জুৰিবলৈ যোজনা দিয়া হয়-

“চাগে চেলাবৰে ডবুৱা কটাৰী

ম’হে চেলাবৰে মিট,

গাঁৱৰ বুঢ়ামেথা দায়-দোষ এৰিবা

গাই যাওঁ বতৰৰ গীত।”

চেমনীয়া বা ল’ৰা-ছোৱালীৰ যোজনা: 

সৰু ল’ৰা-ছোৱালীয়ে ধৰা যোজনাৰ সুৰ অলপ বেলেগ আৰু মিঠা হয়।

“প্ৰথমে প্ৰণামো আই সৰস্বতী 

দ্বিতীয়ে প্ৰণামো হৰি 

তৃতীয়ে প্ৰণামো ৰাইজ সমজুৱা

ধৰি যাওঁ নামৰে গুৰি ।।’

ডেকা-গাভৰুৰ যোজনা: 

ডেকা-গাভৰুৱে বিহুতলিত বা বিহু মাৰিবলৈ যাওঁতে এই বিশেষ সুৰটো ব্যৱহাৰ কৰে।

“ওলাই জকে মকাই আকাশৰ চন্দ্ৰমা 

                   ওলাই জকে মকাই তৰা,

ওলাই জকে মকাই আমাৰে নাচনী 

                   সমাজৰ মাজৰে পৰা।।”…… 

অথবা…….

“ঐ দিহিং নৈ পাৰতে ঐ কঁহুৱা ফুলিলে ঐ

ঐ দুয়োপাৰ শুৱনি  কৰি

অ হাঁয়ৈ ঐ…

ঐ আমাৰে নাচনী আহিল সাজি কাচি 

ঐ মুখত মিচিকিয়া হাঁহি ।।”

জোঙাল বা যোজনা: 

যেতিয়া বিহু খন ‘পৰে’ বা বিহুৰ জোছ উঠে, তেতিয়া এই জোঙাল সুৰটো গোৱা হয়। ব্যৱহাৰিক উদাহৰণস্বৰূপে হ’ল –

” বিহুৰে বিৰিণা পাতে সমনীয়া 

                     বিহু বিৰিণা পাত

বিহু থাকে মানে বিহুকে বিনাবা

         বিহু গলে বিনাবা কাক।।”

ঐ কেলৈ ফুলিলি ৰাঙলী মদাৰ ঐ

ঐ কেলৈ ফুলিলি তই 

অ’ দেহি ঐ নাহৰো  ফুলিলে ঐ ভনী

আঁহত পাত আঁহত পাত

অ’ তগৰো ফুলিলে ঐ ভনী

আঁহত পাত আঁহত পাত

এ ফুলিলে ভেবেলী লতা ভনী

নাচাচোন হালি জালি

কঁকালটি ভাঙি ভাঙি

বিহু তলি শুৱনি 

বিহু তলি শুৱনি কৰি।।

যোজনাৰ পাছতে গাোৱা হয় জাতনাম। ই অতি স্বতন্ত্ৰ; ই এটা শব্দৰ পৰা আৰম্ভ কৰি আঠ শাৰীলৈকে হ’ব পাৰে। জাতনামৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল ইয়াক অন্য এটা নামৰ লগত পুনৰাবৃত্তি কৰি গাই থকা হয়। আমাৰ চেনেহৰ ৰঙালী বিহুটিৰ এটি অন্যতম সম্পদ হৈছে বিহুৰ জাত নাম। বিহুৰ যিবোৰ দীঘলীয়া নামৰ লগত অন্যবোৰ চতুষ্পদী নাম, যোজনা নাম বা জোঙালা নাম আদি সংযোগ কৰি গোৱাৰ পিছত আকৌ সেই দীঘলীয়া নামটোলৈ ঘূৰি অহা হয়, তাকে জাত নাম বুলি কোৱা হয়। জাত নাম গাওঁতে মূল গায়কজনে এফাঁকি গোৱাৰ পিছত সংগী বা লগৰীয়াসকলে (পালি) সেই একেই ফাঁকি দোহাৰে। ইয়াৰ পিছতহে গোটেই দীঘলীয়া নামটো সকলোৱে একেলগে গায়। জাত নামে বিহুৰ গীতসমূহক এক বিশেষ গতি আৰু সৌন্দৰ্য প্ৰদান কৰে। ইয়াত ঢোল আৰু পেঁপাৰ মাতৰ গুৰুত্ব অপৰিসীম, যিয়ে বিহুৱা-বিহুৱতীৰ মন বলিয়া কৰে। লগৰীয়াসকলে একেলগে জাত নাম ধৰিলে বিহুৰ পৰিৱেশ অধিক প্ৰাণৱন্ত হৈ পৰে। ব্যৱহাৰিক উদাহৰণস্বৰূপে ইয়াৰে এটি দিঘলীয়া জাতনাম হ’ল –

“ঘুনুক ঘানাক কৰি হঠাতে মই শুনিলো

ঐ হিয়া ভগা কুলিৰ মাততে মই বুজিলো।

ওচৰ চাপি চাপি নাহিবা ঐ নাচনী 

ব’হাগ নহয় ধেমালি মোৰ বুকুৰে বিননি ।

চ’তচি গা লৰা উৰাই লৈ নো ফুৰাইছে

ব’হাগ নহয় ধেমালি মোৰ বুকুৰে বিননি।

কৈ নো কৈ থাকিলে ওৰকে ঐ নপৰে

ব’হাগ নহয় ধেমালি মোৰ বুকুৰে বিননি।

মিচিক মাচাক কৰি নে হাঁহিবি ঐ নাচনী 

ব’হাগ নহয় ধেমালি মোৰ বুকুৰে বিননি।

প্ৰেমৰে ঐ সাগৰত উটি ভাঁহি ফুৰিছোঁ

ব’হাগ নহয় ধেমালি মোৰ বুকুৰে বিননি।

যৌৱনৰ আমনি তুমি মোৰ নাচনী 

ব’হাগ নহয় ধেমালি মোৰ বুকুৰে বিননি।।

আঝৈ দে মাৰি গেজ গেজ …..”

এইদৰে বিহুৰ শেষৰ ফালে ঢুলীয়াই যেতিয়া ঢোলত চাপৰ মাৰে, তেতিয়া “লাহে কৈ ঢুলীয়া এ ঢোলত চাপৰ মৰা ঐ ….” বুলি গাই বিহুনামৰ সামৰণি মৰা হয়।অৱশ্যে এই হুঁচৰিৰ জাতনামৰ লগতে আন কেইবাটাও জাতনাম বিষয়ে ক’বই লাগিব যিসমূহ হুঁচৰি বিহুৰ এক অলংকাৰ। ঠেলানাম বা বাগীনাম , যোৰানাম, হাঁচতিনাম আদি বিহুনামৰ ঐতিহ্যই সুকীয়া। বিহুনামত পৰম্পৰাগত  ‘ঠেলা নাম’ত দুজন বিহুৱা বা শিল্পীৰ মাজত বিহুনামৰ মাধ্যমেৰে প্ৰশ্ন-উত্তৰ বা বাক-যুদ্ধ হোৱা দেখা যায়। ঠেলা নামৰ এটি ব্যৱহাৰিক উদাহৰণ দিব বিচাৰিছোঁ।

“দেহি অ’ এ বৰাকৈ ধানৰে থোকে নো সমনীয়া ঐ, থোকে নো সমনীয়া, এ বৰাকৈ ধানৰে থোক।

ঘৰলৈ যাওঁ বুলি যাবকে মই পৰা নাই ঐ, যাবকে মই পৰা নাই , নামেৰে অ’ বান্ধিলে মোক।”

তেতিয়া আকৌ প্ৰশ্নকৰ্তাৰ উত্তৰত এনেকুৱা ধৰণে নাম যোৰে—

“ৰচিৰে বন্ধা নাই পঘাৰে মই বন্ধা নাই ঐ , পঘাৰে মই বন্ধা নাই , বান্ধিছো অ’ মৰমৰ ডোলে।

নামেৰে বান্ধিছোঁ তোমাক অ’ লগৰী, তোমাক অ’ লগৰী আজিনো কোনে বা খুলে।”

আকৌ উত্তৰ দিওঁতাই তেতিয়া উত্তৰ দিয়ে ঠিক তেনেকুৱাকৈ—

“মন বান্ধিবলৈ শিকলি নেলাগে, শিকলি নেলাগে অ ‘ চকুৰে বান্ধিব পাৰোঁ।

নাম খুলিবলৈ চাবিনো কেলে লাগে, চাবিনো কেলে লাগে অ’ নামেৰে খুলিব পাৰোঁ।”

এইদৰেই ঠেলানামৰ মাজেৰে অসমৰ লোক-সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰা হৈছে, য’ত প্ৰত্যুৎপন্নমতিতা আৰু নামৰ পাৰদৰ্শিতাৰ পৰীক্ষা লোৱা হয়।এই ঠেলা নাম প্ৰকৃততে গাবলৈ হ’লে দুজন লোকে স্বভাৱ কবি হ’ব লাগিব, বিহুথলীতে ৰচি থলীতে ৰচনা কৰি সুৰ দি গাব পাৰিব লাগিব।

আগতে মুকলি বিহুত বিহুনাম গাবলৈ আৰু হেঁপাহ পলুৱাই নাচিবলৈ ডেকাসকল গৈছিল মুকলি পথাৰলৈ। সেইদৰে গাভৰুসকলো গছতললৈ বিহু কৰিবলৈ গৈছিল যি বিহুথলীত স্বতঃস্ফূর্ত আৰু স্বাভাৱিকতে ডেকা গাভৰুৱে মনৰ কথাবোৰ বিহুনামৰ মাজেৰে প্ৰকাশ কৰিছিল আৰু এইদৰেই যোৰানামৰ সৃষ্টি হৈছিল বুলি কোৱা হয়।এই যোৰানামৰ প্ৰভাৱ হুঁচৰিত দেখিবলৈ পোৱা যায়। ইয়াৰ ব্যৱহাৰিক উদাহৰণ হ’ল –

ডেকা এজনে মনৰ গাভৰু গৰাকীক উদ্দেশ্যি গাইছে –

দিনৰ দিনটো ফুৰো অনাই বনাই

                পেটত নাইকিয়া ভাত,

নেখাই চাৰি সাজি থাকিব পাৰো মই

                শুনিলে তোমাৰ মাত।।

তেতিয়া গাভৰু গৰাকীয়ে যোৰা দি গাইছিল –

নলটেঙা ঢেঁকীয়া             সৰুমাছ খুতৰা

            ৰান্ধিম জুতি লগাই খাবা,

পাতি পাৰি দলিছা        পাৰি দিম চেনাইটি 

            তাতে ভৰি মেলি শুবা।।

হাঁচতি  নামবোৰৰ জৰিয়তে হুঁচৰি দলক আদৰণি জনোৱাৰ লগতে ঘৰৰ কুশল কামনা কৰা হয়। আৰু এই জাতনাম বা বিহু নামৰ সহায়ত হাঁচতি উলিওৱাৰ দৃশ্য বৰ্ণনা কৰা হয়। ইয়াত হাঁচতি নাম এফাঁকি উল্লেখ কৰা হ’ল-

“ঐ মৰমৰ দীঘে দি চেনেহৰ বাণী দি অ’

              ইমানকৈ হাঁচতি বলা

তাৰে এখনি আমাকো নিদিলা অ’

         ঐ কালৈনো সামৰি থলা।।”

হুঁচৰি নামৰ অনন্ত গৃহস্থই শৰাইত মাননি, বিহুৱান ,তামোল-পাণ আদি আগবঢ়াই হাতেৰে চোতালখন মোহাৰি কলপাত এচিটা দি শৰাই ঢাকনিৰে শৰাইখন আগবঢ়াই দি আঁঠু লয়।হুঁচৰিৰ জেষ্ঠ্যজনে আশীৰ্বাদ দিয়ে : “ভাল বোলে ও ৰাইজ, লাও দিবৰ হেন্দালি, জিকা দিবৰ জেং, বছৰেকৰ বিহুত ফুৰিবৰ নিয়ম। ৰাইজ বোলে ৰজা, জ্ঞাতি বোলে গংগা, ভকত বোলে ঈশ্বৰ, তিনি সম্বন্ধ ঘটাইছে। এই তিনি সম্বন্ধ সেৱা ধৰিবৰ উদ্দেশ্য গৃহস্থই এখনি শৰাই, তাতে এভাগি গুৱা, এখনি বস্ত্ৰ, দুটাকৈ ৰুপ দীঘল দি পৰিছে। গৃহস্থৰ কুশলাৰ্থে ৰাখি মনোবাঞ্চা পূৰণ কৰিব লাগে। জয় ৰাম বোলা। জয় হৰি বোলা। লাই মাজে মাজে লফা ধালিলো ,তাৰ মাজ মাজে খুতৰা শাক , মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ, গৃহস্থ কুশলে থাক।”

এইদৰে ৰাইজে গৃহস্থক মৰম কৰি বিদায় লয়। 

এনেদৰেই বিভিন্ন ছন্দ অলংকাৰ, ৰস, জতুৱা ঠাঁচ, যুৰীয়া শব্দ আদিৰে সমৃদ্ধ বিহুনামবোৰ অসমীয়া লোক-সাহিত্যৰ ভঁৰালত এক সোণসেৰীয়া অমূল্য সম্পদ হিচাপে বিবেচিত হৈ আহিছে আৰু থাকিবও। বিহুনাম অসমীয়াৰ সহজ-সৰল চহা জীৱনৰ জীৱন সংগীত। বিহুনামত চহা জীৱন আৰু প্ৰকৃতিয়ে যেন হাতত ধৰাধৰিকৈ আগবাঢ়ে। বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত বিহুনামবোৰে বৰণ সলাইছে। বৰ্তমান বিভিন্ন যুগৰ বোল লাগি বিহুনাম বিলাকে নিজস্ব ৰূপ ল’বই। কাৰণ বিহুনাম বিলাকে পৰিস্থিতি, পৰিৱেশ আৰু সামাজিক ব্যৱস্থাৰ ওপৰত ভৰ দিহে অনামী কবিসকলে যুগে যুগে ৰচনা কৰি আহিছে। এই লিখনিত যুগে গৰকা কিছু বিহুনামহে উল্লেখ কৰি প্ৰকৃত নিভাঁজ ৰূপ দিয়াৰ প্ৰয়াস কৰিলোঁ। বৰ্তমানে পিছে সেই বিখ্যাত আধুনিক মঞ্চ বিহুবোৰত সঁচা বিহুৰ সোৱাদটো নাপাওঁ ! তথাপি বিহুনামে/ বিহুগীতে অসমীয়া মানুহক যুগে যুগে আনন্দ দি থাকিব। হুঁচৰিৰ মাধ্যমেৰে বিহুনামৰ/বিহুগীতৰ যি সৌন্দৰ্য সেয়া অনন্য সুন্দৰ। বিহুনামবোৰ সংৰক্ষণৰ বাবে সকলো সচেষ্ট হ’ব বুলি আশা কৰিলোঁ।

                                                  

*******

Leave a Reply

Your email address will not be published. Required fields are marked *