অৱশেষত -পূৰ্ণিমা শইকীয়া গগৈ
দুদিন মানৰপৰা নিজৰাৰ ব্যস্ততা বাঢ়িছে।ঘৰলৈ বহু লোকৰে আগমন ঘটিছে।ঘৰলৈ আলহী আহিলে চাহ, তামোলখন জানো নেযাচিলে হ’ব? তাৰ লগতে দুষাৰমান কথাও পাতিব লাগে।
অকলশৰীয়া মানুহজনীয়ে কোন ফালে চাব! আলহী আহিলে অকনমান বহিলে কামবোৰ থাকি যায়। তাতে খাবলৈ নেপালে ছাগলী, হাঁহ, কুকুৰাৰ চিঞৰ।জীৱ লগা বস্তু সিহঁতক আলৈ-আথানি কৰিব নোৱাৰি। সিহঁতৰ বাবেই আজি তাই সুখৰ মুখ দেখিছে। ঘৰখনৰ উপাৰ্জন এই ছাগলী, হাঁহ, কুকুৰাৰপৰাই হয়।
মানুহজনৰ মৃত্যুৰ পিছত ছবছৰীয়া ৰজতৰ সৈতে কমখন অসুবিধাত পৰিছিল নে! এসাঁজ খালে আন সাঁজলৈ চিন্তা। কাৰোবাৰ ঘৰলৈ গ’লেও সকলোৱে তাইক নানা কথা শুনাইছিল।এটা সময়ত তাই সিদ্ধান্ত ল’লে যে তাই ৰজতক যেনে তেনকৈ হ’লেও স্বনিৰ্ভৰশীল কৰিব।
এটা সময়ত আনৰ লাঞ্ছনা-গঞ্জনা খোৱা নিজৰাৰ ঘৰলৈ মানুহৰ আগমন। সকলোৰে হাতত মিঠাইৰ টোপোলা, ৰজত আৰু তাইলৈ উপহাৰ।নিজৰাৰ বস্তুবোৰ দেখি হাঁহিম নে কান্দিম লাগিল। মানুহবোৰ বাৰু ইমান সলনি হ’ব কেনেকৈ পাৰে! কেইদিনমানৰ আগলৈকে তাইক আৰু ৰজতক দেখিলে মাত এষাৰো নিদিছিল। আনকি তেজৰ সম্পৰ্ক থকা আপোন মানুহবোৰেও এবাৰো সোধা নাছিল তাই কেনেকৈ চলিছে বা ৰজতক পঢ়ুৱাবলৈ টকাৰ অভাৱ হৈছে নেকি।দুজনমানে আকৌ উপদেশ হে দিছিল বোলে………..
“ল’ৰা পঢ়াই লাভ নাই। সি টকা ঘটি নুখুৱায়।তাক কিবা কামকে কৰিবলৈ কোৱা।”
নিজৰাই আনৰ কথালৈ গুৰুত্ব নিদিলে।কি কৰা ভাল, তাই ভালকৈ জানে। আজি তাই ফল পাইছে। এজন প্ৰশাসনিক বিষয়া হিচাপে ৰজত নিৰ্বাচিত হৈছে। তাতোকৈ তাইৰ বাবে গৌৰৱৰ কথা কি হ’ব পাৰে?সুখী তাই।খবৰ ল’বলৈ অহা আলহীক হাঁহি হাঁহি স্বাগতম জনাইছে।
*******

11:16 AM
সুন্দৰ গল্প।
2:15 PM
ভাল লাগিল ।
11:59 PM
বৰ ভাল পালোঁ পঢ়ি, সচাকৈ দুখৰ সময়ত মাত এষাৰ দিওঁতা নাই, কিন্তু সুখৰ সময়ত সকলো কাষ চাপি আহে। স্বাৰ্থপৰ ধুনীয়া খনেই।