একাপ চাহ-ড° মৃদুস্মিতা ফুকন 

গোটেই পৃথিৱীতে জনপ্ৰিয় পানীয় বুলি পৰিচিত চাহ অসমৰ জাতীয় সম্পদ।পানীৰ পিছতে সমগ্ৰ বিশ্বতে ইয়াক আটাইতকৈ বেছিকৈ সেৱন কৰা পানীয় হিচাপে আখ্যা দিয়া হৈছে।চাহ পৃথিৱীৰ প্ৰথম ৰাগিয়ে নধৰা পানীয় (beverage) হিচাপে প্ৰচলিত।আজিকালি চাহক wonder beverage বুলিও কোৱা হয়।প্ৰাচীন কালত চীনত চাহক ঔষধি হিচাপেই ব্যৱহাৰ কৰা হৈছিল, পাছতহে ই পানীয়ৰ স্থান পালে।আমাৰ শৰীৰৰ বাবে লাগতিয়াল বিভিন্ন ভিটামিন,ধাতু বা মণিক একাপ চাহত পোৱা যায়।সেই পৰিমাণ প্ৰায় এনেধৰণৰ – ভিটামিন কে-১০%, ফলিক এচিড- ৬%-১৩%, নিয়াছিন-৫.২%, ৰিব’ফ্লেভিন-৫%-৬%, তাম-৭%, পটাছিয়াম-২৫%, মেংগানিজ-৪৫% ।‌ তদুপৰি একাপ চাহত ৪০-৫০ মিলিগ্ৰাম কেফেইন আৰু ৬০-১২০ মিলিগ্ৰাম টেনিন থাকে।

বিশেষজ্ঞসকলৰ মতে প্ৰতিদিনে তিনি-চাৰি কাপ চাহ খালে শৰীৰে দৈনিক প্ৰয়োজনৰ প্ৰায় ৯% ভিটামিন বি-১, ২৫% ভিটামিন বি-২, ৰিব’ফ্লেভিন- ৫%-৬%, তাম-৭%, পটাছিয়াম-২৫%, মেংগানিজ- ৪৫% আৰু ১০% ফলিক এছিড পায়।তদুপৰি চাহত প্ৰচুৰ পৰিমাণে পটাছিয়ামও থাকে।একাপ চাহত ৪০-৫০ মিলিগ্ৰাম কেফেইন আৰু ৬০-১২০ মিলিগ্ৰাম টেনিন থাকে।গাখীৰ, চেনি মিহলি কৰা একাপ চাহৰ পৰা ৮০ কেলৰি শক্তি, ০.৯ গ্ৰাম প্ৰ’টিন,১.১ গ্ৰাম চৰ্বি,১৬.৫ গ্ৰাম কাৰ্ব’হাইড্ৰেট আৰু কিছু পৰিমাণে তৈল দ্ৰব্য পোৱা যায়।

বৰ্তমান নানা আংগিকত চাহ ওলাইছে।সেয়া হৈছে এণ্টি-অক্সিডেণ্ট চাহ; নেমু, আদা, ইলাচী, ডালচেনি, জালুক, পদিনা, সুমথিৰাৰ ৰস, পিচ্ছ, লেভেণ্ডাৰ আদি বিভিন্ন ফুলৰ সুবাস মিলোৱা সুগন্ধি চাহ; কেফেইন বৰ্জিত ডিকেফেইন্‍ড টি;উলং টি; হোৱাইট টি; ক’ল্ড টি আদি।শেহতীয়াকৈ টেবলেটৰ আকাৰত চুপি বা চোবাই খোৱা টি টেবলেটো উপলদ্ধ হৈছে।তদুপৰি এতিয়া সেউজীয়া চাহ বা গ্ৰীন টিও মানুহৰ মাজত জনপ্ৰিয় হৈ উঠিছে।গ্ৰীন টিৰ এই জনপ্ৰিয়তাৰ কাৰণ ইয়াৰ অনেক ঔষধি গুণ(এইবোৰ যথাস্থানত উল্লেখ কৰা হৈছে) । গ্ৰীন টিৰ দৰে আন এবিধ উপকাৰী অথচ দুষ্প্ৰাপ্য চাহ হৈছে পাৰ্‍পল চাহ (Purple Tea) । 

 

স্বাস্থ্যৰক্ষাত চাহ —

চাহত থকা কেফিনে ক্লান্তি দূৰ কৰে, স্নায়ুত সাময়িক উত্তেজনা আনে আৰু মানসিক তত্‍পৰতা বঢ়ায়।এই কেফিনৰ সহায়ত স্মৃতি শক্তিও বাঢ়ে।চাহ গছৰ ‘এটি কলি, দুটি পাত’ৰ কলিটোত কেফিন থাকে ৪.৭%, প্ৰথম পাতটোত ৪.২% আৰু দ্বিতীয় পাতত ৩.৫%।

চাহৰ বীজানুনাশক গুণ আছে।ইয়াত থকা পলিফিনলে পাচকতন্ত্ৰত থকা অপকাৰী বেক্টেৰিয়াৰ বৃদ্ধি সীমিত কৰি ৰাখিব পাৰে।চাহে ভাইৰাছৰ আক্ৰমণো প্ৰতিৰোধ কৰিব পাৰে, সেয়েহে আমাৰ শৰীৰটো ইনফ্লুৱেঞ্জাৰ ভাইৰাছৰদ্বাৰা আক্ৰান্ত হ’লে আমি ঘনাই চাহ খাই থাকিলে যথেষ্ট আৰাম পাওঁ।চাহত থকা ফ্লাভোনয়েড নামৰ পদাৰ্থবিধ প্ৰকৃততে এক উত্‍কৃষ্ট এণ্টি-অক্সিডেণ্ট।

চাহত থকা থিওৱোমিন শ্বাসকাৰ্যৰ সমস্যা সমাধানত সহায়ক হয়। চাহৰ কেণ্সাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে।চাহত থকা পলিফিনলে কেণ্সাৰ ৰোগ উত্‍পত্তি কৰিব পৰা কাৰ্ছিন’জেনবোৰৰ কাৰ্য প্ৰতিৰোধ কৰিব পাৰে ।অলপতে ছুইডেনত ষাঠি হাজাৰৰো অধিক মহিলাৰ ক্ষেত্ৰত চলোৱা এক অধ্যয়নৰ পৰা দেখা গৈছে যে, দৈনিক দুকাপ বা ততোধিক চাহ খোৱা মহিলাৰ ডিম্বাশয়ৰ কেণ্সাৰ ৰোগৰ সম্ভাৱনা ৫০% হ্ৰাস পায়।গৱেষকসকলৰ মতে, ফিকা চাহৰহে কেণ্সাৰ প্ৰতিৰোধী গুণ থাকে,গাখীৰে চাহৰ এই ক্ষমতা কম। চাহত থকা পলিফিনলে হৃদৰোগ ৰোধ কৰাত সহায় কৰে।চাহে বৃক্কৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু হৃদৰোগ ৰোধ কৰাৰ উপৰিও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।চাহ খোৱাৰ ফলত তেজত কলেষ্টেৰলৰ মাত্ৰা কমি যায় আৰু হৃদপিণ্ডৰ অসুখ প্ৰশমিত হয়।সাধাৰণতে মেদবহুল মানুহবোৰ হৃদপিণ্ডৰ অসুখত ভোগা দেখা যায়। উলং চাহে মেদবহুলতাও কমাব পাৰে।চাহত থকা পটাছিয়ামে হাৰ্ট বিট নিয়ন্ত্ৰণ কৰে। স্নায়ু আৰু পেশী সতেজ কৰে, যাতে শৰীৰৰ জলীয় পদাৰ্থ নিয়ন্ত্ৰিত হয়। চাহত থকা কেফেইনে বাত বিষ, ডায়েৰিয়া, হাঁপানী আদি ৰোগত ঔষধৰ কাম কৰে।ই মানুহৰ স্নায়ুতন্ত্ৰ,মাংসপেশী,হৃদপিণ্ড আৰু বৃক্কত প্ৰভাৱ পেলায়।স্নায়ুতন্ত্ৰ যিহেতু মগজুৰ সৈতে জড়িত সেয়ে চাহ খালে মন আৰু শৰীৰলৈ সজীৱতা আৰু কৰ্মোদ্যম আহে। কেফিনে হৃদযন্ত্ৰৰ ক্ষমতা বৃদ্ধি কৰে। কম পৰিমাণৰ কেফিনে বৃক্কত তেজ চলাচল সুচল কৰিব পাৰে।

চাহত থকা পলিফেনলে শৰীৰটোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।একেটা কাৰণতে ই এলাৰ্জিও প্ৰতিৰোধ কৰিব পাৰে।চাহত থকা ফ্ল’ৰিনে আমাৰ এনামেলভাগ ঠিক ৰখাত সহায় কৰি দাঁত দুপাৰিক মজবুত কৰি ৰাখে।ইয়াৰ দাঁতৰ এছিড প্ৰতিৰোধ ক্ষমতা আছে। বিজ্ঞানীসকলে কৰা আনেক পৰীক্ষা-নিৰীক্ষাৰ পৰা প্ৰমাণিত হৈছে যে, চাহত থকা এই উপাদানবিধে দন্তক্ষয় ৰোধ কৰিব পাৰে। চাহত থকা টেনিনে কোনো ঘাঁ বা ক্ষত স্থানৰ বেদনা নাশ কৰে। চাহে ইয়াৰ প্ৰ’টিন নিৰোধক গুণৰ সহায়ত মুখৰ গোন্ধ নোহোৱা কৰিব পাৰে।জানিব পৰা গৈছে,জাপান আৰু কোৰিয়াত ছিগাৰেট খোৱা মানুহৰ মুখৰ গোন্ধ নিৰাময়ৰ বাবে চাহৰ পলিফিনল সংযোগ কৰি তৈয়াৰ কৰা ছুয়িংগাম ব্যৱহাৰ কৰা হয়।

চাহত থকা মেংগানিজ, পটাছিয়াম আৰু জিংক কেলছিয়ামৰ সহায়ক হৈ হাড় টান কৰাত সহায় কৰে। তদুপৰি পটাছিয়ামে শৰীৰৰ হৃদস্পন্দন স্বাভাৱিক কৰাত সহায় কৰে।আনহাতে জিংকে শৰীৰৰ বৃদ্ধি আনে।চাহৰ বাৰ্ধক্য ৰোধ কৰাৰ ক্ষমতা আছে।ই এবিধ খুব ভাল এণ্টি অক্সিডেণ্ট। এই উপাদানবিধৰ সহায়ত শৰীৰত অহৰহ ঘটি থকা মুক্ত মূলক(free radicals)বোৰ ধ্বংস কৰি জাৰণ (oxidation) বিক্ৰিয়া ৰোধ কৰিব পাৰে।চাহে এই জাৰণ-প্ৰতিৰোধক ধৰ্মৰ সহায়ত বাৰ্ধক্যৰ গতি অলপ হ’লেও মন্থৰ কৰিব পাৰে।চাহত ব্ৰ’কলি,পালেংশাক,গাজৰ বা ষ্ট্ৰবেৰীতকৈও বেছি এণ্টি অক্সিডেণ্ট থাকে।

একাপ চাহত থকা কৰ্মশক্তিৰ পৰিমাণ হ’ল ৪ কেলৰি । কিন্তু গাখীৰ, চেনি দি খোৱা একাপ চাহে আমাক ৪০ কেলৰি শক্তি দিয়ে।গতিকে ধৰিবই পাৰি এই শক্তিৰ অধিকাংশই আহে গাখীৰ আৰু চেনিৰ পৰাহে। চাহত থকা ভিটামিন ছি, ই, ফ্ল’ৰাইড, মেগনেছিয়াম, জিংক আদিয়ে আমাৰ স্বাস্থ্যক সুৰক্ষা প্ৰদান কৰে।চাহত থকা আমাৰ শৰীৰৰ উপকাৰী এই উপাদানসমূহৰ বাবে আৰু ইয়াৰ দেহ-মন সজীৱ কৰিব পৰা ধৰ্মৰ বাবে আজি চাহ পৃথিৱীৰ সকলো মানুহৰ মাজত জনপ্ৰিয়। আনকি ই শিশুৰ বাবেও উপকাৰী বুলি ইংলেণ্ডৰ ‘স্কুল অৱ মেডিছিন’ৰ এদল বিজ্ঞানীয়ে প্ৰমাণ কৰিছে । চাহত থকা কেফেইনে স্নায়ুক উজ্জীৱিত কৰে।ই শিশুক সপ্ৰতিভ কৰি ৰখাৰ লগতে খেলা-ধূলাৰ প্ৰতিও আগ্ৰহী কৰি ৰাখে।চাহত থকা কেটেচিন(catachin) নামৰ যৌগবিধে মানুহৰ হৃত্‍পিণ্ডৰ সুৰক্ষাত সহায় কৰে কিন্তু ফিকা চাহৰহে এই গুণ আছে। গাখীৰ দিয়া চাহৰ এই গুণ নাথাকে। চাহ থ্ৰম্বোচিচ, হাৰ্ট এটেক,ব্ৰেইন ষ্ট্ৰ’ক প্ৰতিৰোধক।

এক অধ্যয়নৰ পৰা দেখা গৈছে যে, চাহ খোৱা লোকৰ স্মৃতিশক্তি নোখোৱা লোকতকৈ বেছি হয়।

ধুমপানৰ ফলত শৰীৰত যি ফ্ৰি ৰেডিকেলছ তৈয়াৰ হয় চাহৰ গুণৰ ফলত সেয়াও ধ্বংস হয়।

এলকলহৰ জৰিয়তে শৰীৰত সৃষ্টি হোৱা লিভাৰ টক্সিন চাহৰ ভেষজ গুণে বহু শতাংশ ৰোধ কৰে।

চাহ জীৱাণুনাশক।সেয়ে ই খাদ্যনলীত অন্যায়কাৰী জীৱাণু প্ৰবেশত বাধা প্ৰদান কৰে।

চাহ খালে ভাগৰ কমে, টোপনি কিছু কমে, শৰীৰটো সতেজ হৈ পৰে।চাহেৰে গাৰ্গল কৰিলে ডিঙিৰ বহুত সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।

সেউজীয়া চাহ বা গ্ৰীন টিত ভালেমান উপকাৰী গুণ আছে। ই দৃষ্টিশক্তি ভাল কৰাত সহায় কৰে, ছাল ভালে ৰাখে আৰু শৰীৰৰ অপকাৰী কলেষ্টৰেল কমোৱাত সহায় কৰে‌। গ্ৰীন টিত catechine আৰু antioxidant দুয়োটা গুণেই বেছি পৰিমাণে পোৱা যায়। ডায়েবেটিছত আক্ৰান্তসকলৰ বাবে গ্ৰীন টি অতি উপকাৰী। ই কাৰ্ব’হাইড্ৰেট লাহেকৈ মুক্ত কৰে – যাৰ ফলত হঠাত্‍ ব্লাড ইনচুলিন বাঢ়িব নোৱাৰে। সেয়ে চৰ্বি কমোৱাৰ সহায়ক হয়। ই শৰীৰৰ শৰ্কৰা ভাগ কমোৱাত সহায় কৰে। গ্ৰীন টিত শৰীৰৰ বাবে উপকাৰী ভিটামিন ‘ছি’, ডি’ আৰু ‘কে’ পোৱা যায়। নিয়মীয়াকৈ গ্ৰীন টি খাই শৰীৰৰ অতিৰিক্ত চৰ্বি কমাব পাৰি।

দাঁতৰ বাবে প্ৰয়োজনীয় ফ্ল’ৰাইডো গ্ৰীন টিত পোৱা যায়।

পাৰ্‍পল চাহত থকা এণ্টিঅক্সিডেণ্ট অতি কাৰ্যক্ষম আৰু ই আমাৰ শৰীৰৰ মুক্তমূলক বোৰৰ(Free radical) লগত যুঁজি উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ ক্ৰিয়া বন্ধ হোৱাত বাধা দিব পাৰে।

পাৰ্‍পল  চাহ কেন্সাৰ প্ৰতিষেধক, দৃষ্টিশক্তি বৃদ্ধিকাৰক, কলেষ্টৰেলৰ পৰিমাণ হ্ৰাসকাৰক, তেজৰ শৰ্কৰাৰ পৰিমাণ হ্ৰাসকাৰক হিচাপে কাম কৰে। পাৰপল চাহত স্বাস্থ্যৰ বাবে অপকাৰী কেফেইনৰ মাত্ৰা কম।

শেহতীয়া এক সমীক্ষাৰপৰা দেখা গৈছে,কফি পান কৰা ব্যক্তিতকৈ চাহ পান কৰা ব্যক্তিৰ উপস্থিতিয়ে কাৰ্যালয়ত ইতিবাচক চিন্তাৰ প্ৰভাৱ পেলায়ং॥তেওঁলোকৰ মাজত নেতৃত্বৰ ক্ষমতা দেখা যায় আৰু সহকৰ্মীৰ মাজতো তেওঁলোকে সহযোগাত্মক দৃষ্টিভংগী ৰাখে।চাহত থকা catechine বোলা ৰসায়নবিধে আমাৰ মগজু সতেজ কৰাত সহায় কৰে।চাহৰ এনেবোৰ গুণৰ বাবেই খ্ৰীষ্টপূৰ্ব ২৭৩৭ৰ পৰা বৰ্তমানলৈকে বিগত কালছোৱাত ই এবিধ জনপ্ৰিয় স্বাস্থ্যকৰ পানীয় হিচাপে বিশ্ববাসীৰ মনত বিশ্বাস জন্মাই খ্যাতি অক্ষুণ্ণ ৰাখিছে।

কিন্তু……

চাহৰ এই গুণবিলাকৰ বেছিভাগ গুণেই উপলব্ধ কৰিবলৈ হ’লে চেনি, গাখীৰ নিদিয়া ফিকা বা ৰঙা চাহহে খোৱা উচিত।চাহত গাখীৰ দিলে তাৰ গুণ ভালেখিনি কমি যায়। তদুপৰি একাপ ফিকা চাহত ৪ কেল’ৰি শক্তি পোৱাৰ বিপৰীতে গাখীৰ,চেনি দিলে এই শক্তি আৰু বাঢ়ি যায়।অত্যাধিক পৰিমাণৰ চাহ সেৱন দেহৰ বাবে ক্ষতিকাৰক। চাহত থকা কেফেইনে হতাশা, চিন্তা আদিৰ দ্বাৰা হোৱা মানসিক অশান্তিবোৰ বৃদ্ধি কৰে। চাহ কুহুমীয়াকৈহে খোৱা উচিত। বৰ তপত চাহ নোখোৱাই মঙ্গল। সেইদৰে গ্ৰীন টিত থকা উপকাৰী গুণবোৰ পাবলৈ হ’লে দিনে একাপ বা দুকাপ গ্ৰীন টি খোৱাৰ অভ্যাস কৰক।অৱশ্যে, ফিকা চাহত নেমু দি খালে ইয়াৰ ভালেমান বদগুণ আঁতৰি যায়।

সৌন্দৰ্য-চৰ্চাত চাহ—–

ছালৰ উজ্জ্বলতা বঢ়াবলৈ ‘টি ফেছিয়েল’ৰ সহায় লোৱা হয়।চাহৰপৰা এষ্ট্ৰিনজেণ্ট আৰু ক্লীনজীং লোছন প্ৰস্তুত কৰা হয়।গ্ৰীন টিত থকা ভিটামিন এ-ই ছাল ভালে ৰাখে। চাহে মুখৰ দুৰ্গন্ধও আঁতৰায়।

চকুৰ গুৰি ক’লা পৰা ৰোধ কৰিবৰ কাৰণে ফিকা চাহত তিওৱা কপাহ এডোখৰ চকু বন্ধ কৰি চকুৰ পতাত নিয়মীয়াকৈ লগোৱাৰ অভ্যাস কৰক।চকুৰ ভাগৰুৱা ভাৱ আঁতৰাবৰ বাবেও ই উত্তম পৰিচৰ্যা ।

ফিকা চাহ বা কেঁচা চাহপাত খুন্দি মূৰত লগালে চুলি সৰা বন্ধ হয়। ফিকা চাহেৰে চুলি ধুই পাচত পৰিষ্কাৰ পানীৰে চুলি আওডালি লওকং। চুলিৰ উজ্জ্বলতা বাঢ়িব। চাহপাতে নতুন চুলি গজোৱা আৰু উফি দূৰ কৰাত সহায় কৰে।খহটা চুলিৰ বাবে ফিকা চাহ এক উত্তম ময়শ্চাৰাইজাৰ।

ফিকা চাহৰ লগত নেমুৰ ৰস মিহলাই, সেইখিনি চুলি ধোৱাৰ পাছত চুলিত ঢালিলে চুলিখিনি চিকমিকাই উঠে। কেঁচা চাহপাত সিজোৱা পানীয়ে চুলিৰ দুৰ্গন্ধ নাশ কৰে। গ্ৰীন টিত যথেষ্ট পৰিমাণে থকা পলিফেনলছ(Polyphenols), খাদ্যপ্ৰাণ আৰু খনিজে বয়সৰ চাপ পৰাত বাধা প্ৰদান কৰে।গ্ৰীন টিত থকা ভিটামিন ছি আৰু এ-ৰ প্ৰভাৱত ছাল উজ্জল হয় আৰু ভিটামিন ই-ৰ দ্বাৰা বাৰ্ধক্য ৰোধ হয়। সৌন্দৰ্য-চৰ্চাত চাহৰ এনে গুণাগুণ থকা বাবেই চাহেৰে তৈয়াৰ কৰা ফে’ছ ৱাশ্ব, ক’ল্ড ক্ৰীম, নৰিশ্বিং ক্ৰীম, এণ্টি ৰিংকল ক্ৰীম, শ্বেম্পু, হেয়াৰ টনিক, হেয়াৰ কণ্ডিছনাৰ, মাউথ ৱাশ্ব, টুথ পাওডাৰ আদিৰ যথেষ্ট চাহিদা আছে। এনেবিধ উপকাৰী চাহৰ উল্লেখযোগ্য উৎপাদনকাৰী ৰাজ্য হৈছে আমাৰ অসম ৷ই নিশ্চয়কৈ আমাৰ বাবে গৌৰৱৰ বিষয়।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *