প্ৰতীক্ষা-মাতু কুকুৰাচোৱা
পুৱাৰেপৰা দিনটো ব্যস্ততাৰে পাৰ হৈ গ’ল। সন্ধ্যাৰ পুনৰ এক হুলস্থুলীয়া পৰিবশ ঘৰখনত। মালতীয়ে নিৰ্বিকাৰভাৱে নিজৰ কামবোৰ কৰি আছে যদিও পৰিয়ালৰ মানুহৰ চেপা গুণগুণনিয়ে কাণত থহৰ থহৰকৈ বিন্ধিছে। আপোন বুলি ভবা মানুহবোৰে যেতিয়া কাঁইটে বিন্ধাৰ দৰে কথা কয়, সহিবলৈ বৰ টান হৈ পৰে। সোমাই পৰে সেই শব্দৰ হুলডাল বুকুৰ ভিতৰত থকা অকণমানি হৃদয়খনত। উলিয়াবলৈ চেষ্টা কৰিলেও দকৈহে সোমাই যায়। ৰি ৰিকৈ বিষ এটাই অহৰ্নিশে আমনি কৰি, কাকো ক’ব নোৱাৰা কথাবোৰে এক বুজাব নোৱাৰা বেথা দিয়ে।
বাহিৰত পুনৰ উখল-মাখল লাগিল “দৰা পালেহি, দৰা পালেহি”…..বুলি সৰু-ডাঙৰ সকলোৱে একেমুখে একপ্ৰকাৰে চিঞৰিবলৈ ধৰিলে। মালতীয়েও নিজকে সাজু কৰি দৰা আদৰিবলৈ কাঁহীখন তুলি ল’লে। পৰিয়াল বা আত্মীয়ই মুখেৰে একো নক’লেও চকুৰ ভাষাৰে বহু কথাই কৈ গ’ল যদিও মালতীয়ে গুৰুত্ব নিদিলে।দায়িত্ব লৈছে যেতিয়া শেষলৈকে পালন কৰিব তাই। সাহসেৰে আগুৱাই গ’ল যদিও বুকুখন খন্তেকৰ বাবে কঁপি উঠিল। যদি একে ঘটনাৰে পুনৰাবৃত্তি হয় মানুহবোৰে কোৱাৰ দৰে! কেতিয়াবা মনত প্ৰচণ্ড সাহস থাকিলেও কোনো মুহূৰ্তত মানুহ দুৰ্বল হৈ পৰে। মালতীও মনে মনে দুৰ্বল হৈ পৰাৰ দৰেই হ’ল। কিন্তু এতিয়া জানো পিছ হুহুকিলে হ’ব! মনৰ ভাবনাখিনিক পিছলৈ ঠেলি তাই কাঁহীখন ডাঙি ল’লে।
সকলো সুকলমে পাৰ হৈ গ’ল যদিও মালতীৰ মনত এটা ভাবেহে ক্ৰিয়া কৰি থাকিল। কেতিয়া শুনিবলৈ পাব সেই খবৰ! মাজে মাজে অন্তৰাত্মা কঁপি উঠে, তাই ভুল কৰিলে নেকি বাৰু পৰিয়ালৰ কথা নামানি? কিন্তু সেই একেখিনি মানুহেই তাইৰ মনৰ বতৰা নুবুজাকৈ এটা সন্তান জন্ম দিব নোৱাৰাৰ বাবেই শোৱাপাটী আৰু নিজৰ মানুহজনক ভগাই দিবলৈ বাধ্য কৰোৱা নাছিল জানো। কিমানখিনি মানসিক শক্তিৰ প্ৰয়োজন নিজৰ মানুহজনক চকুৰ আগতে আনৰ পাটীলৈ যোৱা চাবলৈ এবাৰ যদি এই মানুহবোৰে অনুভৱো কৰিলেহেঁতেন! এবাৰ যদি দেখিলেহঁতেন গাৰুটোক সাৱটি চকুৰ পানীৰে কৰাল বান্ধি ৰাতি পাৰ কৰোৱা তাই দুগালত লাগি থকা চাপবোৰ!এবাৰো যদি শুনিলেহেঁতেন ত্যাগৰ নামত জ্বলি ছাই হোৱা অন্তৰৰ আৰ্তনাদখিনি। পিছে সেইসময়ত তাইলৈ চাবলৈ কাৰো অৱকাশেই নাছিল দেখোন।
নিজৰ সকলো আৱেগ, অনুভূতিক বুকুৰ মাজতে সামৰি লৈ প্ৰসূতি ৰোগত মৃত্যু হোৱা সতিনীয়েকৰ কন্যা সন্তানটিৰ বাবেই মালতীয়ে বাকী থকা সময়খিনিক জলাঞ্জলি দিয়াও কাৰো চকুত নপৰিল। জীৱনৰ সকলো আকাংক্ষাৰ, ভোগৰ লালসাক তাই বিসৰ্জন দিয়াৰ পাছতো আপোন মানুহৰেই সেই নিদিষ্ট এটা শব্দতে লাগি থকা খোঁচ মৰা কথাৰপৰা তাই হাত সাৰিব নোৱাৰিলে কাহানিও। এতিয়াও কথাবোৰ মনত পৰিলে মালতীৰ বিছাই ডকাদি ডাকে।
হঠাৎ চোতালত দি থোৱা চাউল খাবলৈ অহা পাৰ জাকৰ উপস্থিতিত মালতী বাস্তৱলৈ ঘূৰি আহিল। ‘এহ্, কিবোৰ যে ভাবি আছোঁ…’ তাই নিজকে নিজেই ক’লে। সিহঁত পাবহিয়ে এতিয়া। দুবছৰৰ পাছত কোলাত কেঁচুৱা লৈ আহিব জীয়েক বিনীতাই। বহি থাকিলে হ’বনে তাই! মালতীয়ে বহি থকাৰপৰা ভিতৰলৈ উঠি গৈ পুৱাই কেঁচুৱা শুৱাবলৈ বুলি ঠিক কৰি থোৱা বিছনাখন এনেয়ে হাতেৰে মোহাৰি চালে। আকৌ ভাৱনাতে বিভোৰ হ’ল তাই, পিছে খন্তেক সময়হে, “লোৱা দেই মা, বাটত ইমান আমনি কৰিছে”….বিনীতাই কোলাত লৈ অহা কেঁচুৱাটোক মাকৰ কোলালৈ আগবঢ়াই দিলে। দুহাতেৰে পোনাটিক পৰম হেঁপাহেৰে মালতীয়ে বুকুৰ মাজলৈ টানি আনিলে। উফ্ ভগৱান ৰক্ষা কৰিলা আকৌ এবাৰ উফৰি আহিবলগীয়া শব্দৰ শেলৰপৰা। কেঁচুৱাটোৰ মুখখন চাই তাই অস্পষ্টকৈ বিৰবিৰালে।
গাঁৱৰ ঘৰ, কথা বুলিলেই বতাহ। বিনীতা মাকৰ ঘৰলৈ অহা খবৰটো চুবুৰীটোতে বিয়পি পৰিল। তাতে নতুন কেঁচুৱা লৈ আহিছে বিনীতাই। কেঁচুৱা চাবলৈ বুলি ইজোৰা-সিজোৰাকৈ পৰিয়ালৰ মানুহবোৰে মালতীৰ ঘৰ পুনৰ উথপথপ লগালে। মালতীয়ে আনন্দমনে সকলোকে আলপৈচান ধৰিবলৈ বিনীতাকে পাচিলে। কোলাত নাতিয়েকক লৈ সকলোৰে লগত কথা পাতি থাকোতেই বিনীতাৰ বৰমাকে ক’লে….
“তোৰেই ভাগ্য বিনীতাৰ মাক, নাতি নচুৱাবলৈ পাইছ। আমাকহে বিধাতাই নাতি পোৱালীৰ মুখকে নেদেখুৱালে।”
মালতীৰ ক’বলৈ মন আছিল ‘বাইদেউ আপুনি দেখোন সকলোফালে সম্পূৰ্ণ আছিল, মইহে কাঠবাঁজী আছিলোঁ!’ এহ্ থাকক পুৰণি ঘা উকটিনো কি লাভ হ’ব এতিয়া। আনে তাইৰ মনত দুখ দিলে বুলিয়েই তায়ো দিবনে!কাকো অন্তৰত লগাকৈ কথা ক’ব নোৱাৰে বাবেইতো অতদিনে তাই নিমাতে থাকিবলগীয়া হৈছিল। আজিও নিমাতেই থাকিব তাই। মালতীয়ে বাৰুকৈয়ে বুজি পাই শব্দৰ শেলৰ কিমান বিষ! ৰেপিলেও তেজ ওলাই নহা কথাৰ দাগহে লাগে। গভীৰভাৱে ৰৈ যায় সেই দাগ কেহেঁৰাজ বৰণীয়া হৈ মনৰ মাজত। মনৰ কথা মনতে ৰাখি মালতীয়ে মাথোঁ ক’লে…..
“ধৈৰ্য ধৰক বাইদেউ আপোনাকো এইকণ সুখ ভগৱানে দিব। তেওঁৰ বিচাৰ সদায় শুদ্ধ। আমি নিমিত্তহে মাত্ৰ। দিয়া-লোৱা সকলো তেৰাৰ হাতত।”
মালতীয়ে এবাৰ কেঁচুৱাটিৰ মুখলৈ চাই, তাক জোৰকৈ বুকুৰ মাজত সাবটি লৈ নেদেখাজনকে সুঁৱৰিলে। মালতীৰ চকুত তেতিয়া কৃতজ্ঞতাৰ চিনবোৰ স্পষ্ট হৈ জিলিকি আছিল। নাতিয়েকে তাইৰ বুকুৰ মাজতে খচমচাই কান্দিবলৈ লোৱা দেখি মালতীয়ে হাতৰ বান্ধটো ঢিলা কৰি দিলে। সিনো কি বুজি পাইছে আইতাকে হেঁপাহৰ বান্ধেহে যে মেৰিয়াই ৰাখিছে! ল’ৰাটিক নিচুকাবলৈ মালতীয়ে প্ৰাৰ্থনা এফাকিকে জুৰিলে –
“সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি
কৰোঁ মই মহামূঢ় জন।
আমি প্ৰভু তযু দাস আকে মানি জগবাস
ক্ষমিয়োক শ্ৰীমধুসূদন।।”
*******
