বজ্ৰপাত-কুমকুম শৰ্মাবৰুৱা    

শেৱালিয়ে ৰাতিপুৱা এনেয়েও উঠে সোনকালে।প্ৰথমেই পাকঘৰৰ পুৰণা ছাইখিনি পেলাই জুই ধৰি মাকে গা ধুবলৈ পানী গৰম কৰে।তাৰ পিছতেই তাই আগচোতাল পিছচোতাল সাৰেগৈ।তাৰ পিছত ভিতৰখন সাৰি গা ধুই কলেজলৈ ওলাবৰে হয়।সম্পূৰ্ণ ডেৰঘণ্টা লাগে কলেজলৈ খোজকাঢ়ি যাওঁতে।আজিও একেধৰণেৰেই সোনকালে উঠি তাই জুই-ছাই ধৰি পিছফালে যাওঁতেহে দেখা পালে ৰাতিৰ বতাহ-বৰষুণত দুজোপা অমিতা গছ ভাগি কলিয়ে- কুলাই অমিতা সৰি চোতালখন ভৰি আছে।এনেতে দেখিলে দেউতাক ঘূৰি আহিছে পথাৰৰ পৰা।কাষৰ ঘৰৰ হালোৱাটো ৰাতিতে গৈছিল পথাৰলৈ, বজ্ৰপাত পৰি ঢুকালে বোলে।চিনি পোৱা ল’ৰাজন ঢুকালত সঁচাই বৰ বেয়া লাগিল।তথাপি শেৱালিয়ে খৰধৰকৈ অমিতাখিনি বুটলিবলৈ ধৰিলে।তেনেতে মাকো উঠি আহি তাইক সহায় কৰি দিলেহি।মাকে আকৌ ভাত পেলোৱা চুৱনিকণ সাৰিয়েই গা ধোৱে।গা ধুই লৰালৰিকৈ ভাত উঠাই দি দেউতাকলৈ আৰু নিজলৈ ৰুটি দুখন কৰে।তাই খৰিৰ জুইতো সাত বজাত গৰম ভাত আৰু গৰম দাইল খাবলৈ পাই যায়।দাইলতে আলু আৰু কিবা পাচলি দি দিয়ে।ঘূৰি আহি অৱশ্যে তাই প্ৰায়েই গৰম তৰকাৰী আৰু ভজা মাছ এজনী খাবলৈ পাবই।মাকে বৰশী বাই উঠাই ভাজি থয়।

যি নহওক তাই কলেজলৈ গ’লগৈ।দুদিন পিছতেই বুদ্ধ পূৰ্ণিমা আছিল।কলেজ বন্ধ আছিল।শেৱালিৰ মাকে আকৌ গোপিনী সবাহ এভাগ আগ কৰি থৈছিল।সেইদিনাই পতাৰ সিদ্ধান্ত ল’লে।গাঁৱৰ গোপীনীসকল কিবা বন্ধ নহ’লে ওলাবই নোৱাৰে ঘৰখন এৰি।সেয়ে দেওবাৰেহে নামঘৰতো নাম লয়।সবাহৰ দিনা শেৱালিয়ে সোনকালে উঠি মাকক কাম কাজত সহায় কৰি দিছে।মাকে সবাহৰ কাম কৰিছে আৰু শেৱালিয়ে পাকঘৰৰ ৰন্ধা-বঢ়াখিনিৰ দায়িত্ব লৈছে।ঘৰৰে জাহাজী কল এথোকা পৰিছিল।তাৰে সবাহলৈ ডাঙৰ কেইআশিমান লোৱাৰ পিছতো ভালেখিনি কল থাকি গ’ল।শেৱালিয়ে পিঠাগুৰিৰ লগত তাৰে অলপ কল লৈ গাখীৰৰ লগত মিক্সিত মাৰি লৈ কেক এটা বনালে আৰু চুজিৰ মালপোৱা পিঠা ভাজিলে গোপীনীক চাহৰ লগত দিবলৈ।ঘৰৰ নাৰিকলৰ লাড়ু আগদিনাই বনাই থৈছে ডাঙৰ ডাঙৰকৈ।তাইৰ হাতত লাড়ু সৰু নহয়।খাওঁতে সকলোৱে ফূৰ্তি পায় লাড়ুৰ আকাৰ দেখি।

সবাহ ভাগিল।তাই চাহ দিবলৈ লাগিল।সকলোৰে আলোচনাৰ বিষয় হ’ল বজ্ৰপাতত ঢুকোৱা হালোৱা ল’ৰাজন।শেৱালিয়ে বোলে বৰমা সি শুই দিয়াহ’লে হয়তো গৰু এটা ঢুকালেহেঁতেন। লগা-লগি হৈ থাকিলে অৱশ্যে দুয়োটা গৰুৱেই ঢুকাব।

“কচোন আই,বজ্ৰপাতৰ বিষয়ে।তই বৰ ধুনীয়াকৈ কথাবোৰ কৱ।”

“বাৰু বৰমা ,ময়ো চাহকণ খাই বাতিখিনি থৈ আহোঁ।পিছত ধুলেও হ’ব।”

তাৰপিছত তাই হাত ধুই আহি বহি ল’লেহি গোপীনীৰ মাজত।সকলোৱে প্ৰসাদ খাই খাই তাইৰ কথা শুনি থাকিল।তাই আৰম্ভ কৰিলে, 

“এই যে পানীৰ ভাপবোৰ, বায়ুতকৈ পাতল কাৰণে এইবোৰ  নিজে নিজেই ওপৰলৈ গৈ থাকে।ওপৰত গৈ ঠাণ্ডাত ই ডাৱৰৰ সৃষ্টি কৰে।ওপৰত আকৌ দুবিধ আয়ন ক্ৰমে ঋণাত্মক আৰু ধনাত্মক আয়নৰ সৃষ্টি হয়।সাধাৰণতে এটা পৰমাণুত ধনাত্মক আৰু ঋণাত্মক আয়ন সমান হৈ  ই নিৰপেক্ষ (neutral) হৈ থাকে।ইলেকট্ৰনত ঋণাত্মক আধান আৰু প্ৰ’টনত ধনাত্মক আধান থাকে।একেধৰণৰ আয়ন সদায় বিকৰ্ষিত হয় আৰু বিপৰীত ধৰ্মী আয়ন আকৰ্ষিত হয়।ফলত আয়নৰ পৰিমাণ যেতিয়া বেচি হয় ডাৱৰৰ মাজতে দুইভাগ আয়নৰ মাজত প্ৰচণ্ড আকৰ্ষণ হয় আৰু বৰ ডাঙৰ শব্দ আৰু বিজুলীৰ পোহৰৰ সৃষ্টি হয়।ইয়াকে আমি বিজুলী আৰু গাজনি মৰা বুলি কওঁ।আমি বিজুলীৰ পোহৰ দেখাৰ কিছুসময় পিছতহে গাজনীৰ শব্দ শুনো যদিও দুয়োটাই একেলগে সৃষ্টি হয়।ইয়াৰ কাৰণ হ’ল শব্দৰ গতিবেগতকৈ পোহৰৰ গতিবেগ বহুত বেচি।কেতিয়াবা এই আয়নৰ আকৰ্ষণ দুইপ্ৰকাৰৰ ডাৱৰৰ মাজত নহৈ ডাৱৰ আৰু মাটিৰ মাজত হয়।মাটি আয়নেৰে ভৰি আছে।যেনেদৰে সাগৰত এগিলাচ পানী পেলালে সাগৰৰ একো বঢ়া-টুটা পৰিলক্ষিত নহয় তেনেদৰে মাটিতো অলপ আয়নে একো পৰিৱৰ্তন আনিব নোৱাৰে।বায়ুৰ মাজৰ এটি সৰু  ফুটাইদি জোৰত অহা আয়নখিনিয়ে পথত যি পায় তাৰ মাজেদিয়েই মাটিলৈ বাট পোনায়।ওখ ঘৰ,গছ,মানুহ, গৰু একো নাবাচে।কেঁচা গছ এজোপা বা প্ৰাণীৰ শৰীৰৰ মাজেৰে অতি সহজেই আয়নখিনি পাৰ হৈ যাব পাৰে আৰু জীৱটোক ই মাৰি পেলায়।ঋণাত্মক আয়ন থকা ইলেকট্ৰন বৰ অশান্ত।এই ইলেকট্ৰনৰ সোঁতেই ইলেকট্ৰিক কাৰেণ্ট।আগৰ দিনৰ মন্দিৰ ,মছজিদ ইত্যাদি বিলাকৰ ওপৰতো জোঙা কৰি সজা হৈছিল।এই জোঙটোত ঋণাত্মক আধানবোৰ গোটখাই থাকে।ই বজ্ৰপাতত অহা ঋণাত্মক আধানবোৰ ঠেলি পঠিয়ায়।সেয়ে ঘৰটোৰ মাজেৰে বজ্ৰপাত পাৰ হৈ যাব নোৱাৰে।যোৱা বছৰ আঁহতজোপা যে মাজে মাজে ফাটি দুফাল হৈ পৰিছিল, তাৰ মাজেৰে বজ্ৰপাত পাৰ হৈ গৈছিল।কিছু পৰিমাণে জ্বলিও গৈছিল গছজোপা।সেয়ে ঘপহকৈ বতৰ বেচি বেয়া হৈ গ’লে পথাৰত কাম কৰি থাকিলে হাল বোৱা মানুহজন পথাৰত শুই দিয়াই ভাল।তেতিয়া বজ্ৰপাতৰ পৰা ৰক্ষা পৰিব।বজ্ৰপাত ওখ বস্তুৰ মাজেদি মাটিলৈ সহজে গুচি যায়।হালোৱাই পিচে ছাতিতকৈ জাপি লোৱা বেচি ভাল।কিয়নো জাপিৰ মাজেদি কাৰেণ্ট যাব নোৱাৰে কিন্তু ছাতিয়েদি বিজুলী যাব পাৰে।লোহাবোৰ থাকে নহয় ছাতিটোত।

সকলোৱে ইস্ আস্ কৰিবলৈ ধৰিলে।কৈলাশ নামৰ ঠাণ্ডা ল’ৰাটোৱে এই কথা জনাহেঁতেন বুলি সকলোৱে দুখ প্ৰকাশ কৰিলে।শেৱালিৰ মাকে বোলে কাৰ কেতিয়া কি হয় কোনেও ক’ব নোৱাৰে।তথাপি এনেকুৱা কথাবোৰ আমি সকলোৱে জনাতো ভাল।সকলোৱে তেওঁৰ কথাত হয়ভৰ দিলে।

প্ৰসাদ খাই ঘৰমূৰি পাত বান্ধি লৈ সকলো লাহে লাহে শেৱালিক প্ৰশংসা কৰি নিজ নিজ ঘৰলৈ বাট বুলিলে।বাহিৰত দেখিলে বতৰ আজিও গোমা।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *