ভাগৰ-ববিতা শৰ্মা

আজি কিছুদিনৰ পৰা শঙ্কৰ বৰুৱাৰ যেন ভাগৰটো বেছি হৈছে । ভাগৰতে লৰচৰ কৰিবলৈকে মন নাযায়। এৰি অহা সময়ৰ অলেখ ভাৱে মনত জুমুৰি দি ধৰে। দিনটোৰ সৰহভাগ সময় তেওঁ আগফালৰ আৰামী চকীখনত বহি বহি বিস্মৃতিয়ে ম্লান কৰিব নোৱাৰা কিছুমান স্পষ্ট-অস্পষ্ট স্মৃতিৰ লগত খেলা কৰিয়েই সময় কটায়। তাৰ বাহিৰে ঘৰখনত বা সমাজত তেওঁৰ প্ৰয়োজনেই বা কি? স্থানীয় মহাবিদ্যালয়খনৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শঙ্কৰ বৰুৱা জীৱনাকাশৰ আজি এক অস্তমিত সূৰ্য। সময়ে নিসংগ কৰা এজন বৃদ্ধ ব্যক্তি। শঙ্কৰ বৰুৱাই মানুহৰ সংগ বৰ ভাল পাইছিল। আজিও পায়। কিন্তু সময়ে তেওঁৰ দৰে সংগ প্ৰিয় মানুহজনকে ক্ৰমান্বয়ে নিসংগ কৰি পেলাইছে। সময়ে এনেকৈয়ে এদিন সকলোৰে প্ৰয়োজনীয়তা শেষ কৰে নেকি বাৰু ! শঙ্কৰ বৰুৱাৰ বাবে আজিৰ তাৰিখত সময়লৈ এইটোৱেই একমাত্ৰ প্ৰশ্ন। সময়ৰ উত্তৰ যদি  ‘হয়’  হয় তেনেহ’লে সময়কে শঙ্কৰ বৰুৱাৰ আকৌ সুধিবলৈ মন যায় ‘কিয়’। কিন্তু শঙ্কৰ বৰুৱাই নিজে ভালকৈয়ে জানে যে এই ‘কিয়’ টোৰ এক সদুত্তৰ সময়ৰ ওচৰতো নাই।

এটা সময়ত শঙ্কৰ বৰুৱাৰ সোঁৱে-বাঁৱে মানুহ ভৰি আছিল।জীৱনৰ প্ৰথম সময়বোৰত ভৰা ঘৰখনত আপোন মানুহবোৰে তেওঁক আৱৰি ৰাখিছিল। ঘৰৰপৰা বাহিৰত ভৰি থোৱাৰ লগে লগে তেওঁৰ সংগীৰ তালিকাত আপোন মানুহবোৰৰ লগত আৰু কিছুমান নাম সংযোগ হ’ল।সময় বাগৰাৰ লগে লগে এই তালিকাখন দীঘলীয়া হৈ গৈ থাকিল। এদিন ছাত্ৰ জীৱন এৰি কৰ্মজীৱনত ভৰি থ’লে। তালিকাতো নতুন নতুন নাম সোমাল। কেতিয়াবা সহকৰ্মী ৰূপত, কেতিয়াবা ছাত্ৰ-ছাত্ৰীৰ ৰূপত, কেতিয়াবা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ‌ ৰূপত। সংগপ্ৰিয় বৰুৱাৰ জীৱন বিভিন্ন সংগীৰে ভৰি পৰিল। এনেকৈয়ে এদিন বৰুৱাৰ নিজলৈকে সময়ৰ নাটনি হোৱা হ’ল।

এদিন সহকৰ্মী ময়ূৰী বিশেষ নাৰী হৈ শঙ্কৰ বৰুৱাৰ জীৱনলৈ আহিল।সংগীৰ তালিকাত এটা বিশেষ নাম যোগ হ’ল। ময়ূৰীয়ে লগত লৈ অহা আৰু কিছুমান নাম আহি বৰুৱাৰ তালিকাত সোমাল। ময়ূৰী অহাৰ দ্বিতীয়টো বছৰত গীত আহিল। তাৰ তিনি বছৰৰ পাছত আহিল লয়। দীঘলীয়া নামৰ তালিকা লৈ শঙ্কৰ বৰুৱা সম্পূৰ্ণ হ’ল। সময় বাগৰিল। এদিন শঙ্কৰ বৰুৱাই অনুভৱ কৰিলে তেওঁৰ‌ তালিকাত  যোগবোৰ লাহে লাহে কমি আহিছে। আৰু আৰম্ভ হ’বলৈ ল’লে বিয়োগৰ। প্ৰথমে দেউতাক, তাৰ পিছত মাক। বৰুৱাই নভবাকৈয়ে হঠাতে এদিন তালিকাৰ পৰা বিয়োগ কৰিবলগীয়া হ’ল ময়ূৰীৰ নাম। অৱসৰলৈ তেতিয়াও এটা বছৰ বাকী আছিল । অৱসৰৰ পাছৰ সময়বোৰক লৈ বৰুৱাৰ জল্পনা-কল্পনা চলিছিল। অৱসৰৰ পাছতে এবাৰ বিদেশ ভ্ৰমণলৈ যাব লাগিব। অৱসৰৰ পাছত প্ৰথম পূজাটো ক’লকাতাত কটাব। ময়ূৰীৰ প্ৰিয় ঠাই পুৰীলৈ গৈ সাগৰৰ পাৰত সময় কটাব। ময়ূৰীৰ বাবে দুপৰীয়াৰ ভাতসাঁজ তেওঁ নিজ হাতে যোগাৰ কৰিব। তাই কলেজৰপৰা অহাৰ পাছত দুয়োজনে একেলগে খাব। নাতি-নাতিনীৰ সৈতে খেলিব।সময়ৰ অভাৱত বহু দিন নোযোৱাকৈ থকা আত্মীয়ৰ ঘৰলৈ যাব, ময়ূৰীৰ মৰমৰ ফুলবোৰৰ যত্ন ল’ব আৰু যে কত কি……..!!

‎ময়ূৰী গুছি যোৱাৰ দুবছৰৰ আগতে অৱশ্যে অনন্যা আৰু ছন্দিতাৰ নাম গীত আৰু লয়ৰ লগত সাঙোৰ খাই বৰুৱাৰ সংগীৰ তালিকাত সোমাইছিল। তাৰ পিছত যোগ হৈছিল ৰিব, স্নেহা, ঋক আৰু ৰুহিৰ নাম। বৰুৱা বংশৰ তৃতীয় প্ৰজন্মৰ নাম।যোগ-বিয়োগৰ সৰল সমীকৰণৰ মাজেৰে মসৃণ গতিৰে আগবাঢ়ি গৈ বৰুৱাই এদিন অৱসৰ লৈছিল আৰু তাৰ পাছৰেপৰা বৰুৱাৰ সংগীৰ তালিকাত যোগৰ যৱনিকা পৰি চলি থাকিল কেৱল বিয়োগৰ কাম। এসময়ত সকলোৰে প্ৰয়োজনীয় মানুহজনৰ প্ৰয়োজনীয়তাবোৰ লাহে লাহে হ্ৰাস পাই আহিবলৈ ধৰিলে আৰু আজিৰ তাৰিখত তেওঁ হৈ পৰিল এক অচল টকা ।

‎বাৰাণ্ডাৰ আৰামী চকীখনত বহি বহি বৰুৱাৰ এবাৰ অতীতটো খুচৰিবলৈ মন গ’ল। ক’ৰবাত তেৱেঁই কিবা ভুল কৰিছিল নেকি বাৰু?কিন্তু ভুল কৰিছিল বুলিতো তেওঁৰ মনত পৰা নাই।সকলোৰে প্ৰয়োজনৰ সময়ত তেওঁ দেখোন ‎আছিল।মাক-দেউতাকৰ বৃদ্ধ বয়সৰ সংগী আছিল তেওঁ।ময়ূৰীয়ে তেওঁৰ জীৱনত ভৰি থোৱাৰেপৰা প্ৰতি পল তেওঁ ময়ূৰীৰ ছাঁ হৈ আছিল।হোমৰ গুৰিত অগ্নিক সাক্ষী কৰি ময়ূৰীক দিয়া প্ৰতিশ্ৰুতি তেওঁ ৰাখিছিল।কিন্তু ৰখা নাছিল ময়ূৰীয়ে।জীৱনৰ আদবয়সতে তেওঁক অকলশৰীয়া কৰি ময়ূৰী চিৰদিনৰ বাবে এক অচিন পথৰ পথিক হৈছিল। যি সময়ত তেওঁক ময়ূৰীৰ প্ৰয়োজন আটাইতকৈ বেছি আছিল, সেই সময়তেই ময়ূৰীয়ে তেওঁক বিশ্বাসঘাটকতা কৰিছিল। ইমান নীৰৱে বাৰু ময়ূৰীয়ে কেনেকৈ তেওঁক এৰি যোৱাৰ প্ৰস্তুতি চলাইছিল। ময়ূৰীলৈ মনত পৰি বৰুৱাৰ চকুৰ কোণত দুটোপাল পানী ওলমি পৰিল। পিন্ধি থকা পাঞ্জাৱীটোৰ হাতেৰে বৰুৱাই পানী দুটোপাল টুকি ল’লে।কিতাপ ময়ূৰীৰ নিচা আছিল।য’ৰে পৰাই হওক কিতাপ সংগ্ৰহ কৰি ময়ূৰী বৰ সুখী হৈছিল। কিন্তু সংসাৰ আৰু চাকৰিৰ দায়িত্বত কিতাপ পঢ়িবলৈ আহৰি নোপোৱা ময়ূৰীৰে বৰুৱাক প্ৰায়ে কৈছিল……..

“পাওঁতেই কিনি কিতাপবোৰ গোটাই থৈছোঁ, অৱসৰৰ পাছত দুয়োজনে সময় কটাবলৈ কিতাপকে পঢ়িম, দিয়া।”

নাই ময়ূৰীৰ কিতাপ পঢ়িবলৈ সময় নহ’ল।এতিয়া আলমিৰা শুৱনি কৰি কিতাপবোৰ আছে।ময়ূৰী নাই। বৰুৱাৰ কিতাপ পঢ়াৰ ইচ্ছাও নাই।

‎গীত আৰু লয়ৰ বাবে এটা সময়ত শঙ্কৰ বৰুৱা আছিল আটাইতকৈ প্ৰয়োজনীয় ব্যক্তি। গীতে বহু ডাঙৰলৈকে জোতাৰ ফিটা বান্ধিবলৈ নাজানিছিল। বৰুৱাইহে বান্ধি দিব লাগিছিল। লয়ৰ মাকে চুলি আঁচুৰি দিলে পছন্দ নহৈছিল, ফণিখন হাতত লৈ সি সদায় দৌৰি বৰুৱাৰ কাষ পাইছিলহি। গীত আৰু লয়ৰ সৰু-ডাঙৰ প্ৰয়োজনবোৰ পূৰণ কৰি কৰি এদিন দুয়োটাকে প্ৰতিষ্ঠিত কৰি দিয়াৰ পাছত বৰুৱা আজৰি হ’ল। গীতে জোতাৰ ফিটা নিজে বান্ধিব পৰা হ’ল আৰু লয়ে চুলি নিজে আঁচুৰিবলৈ শিকাৰ পাছৰে পৰা লাহে লাহে সিহঁতৰ বাবে বৰুৱাৰ প্ৰয়োজন কম হৈ আহিল। একেদৰে কম হৈ আহিল অৰিন্দম, ৰেছমা , নীতিন , মনোজ বা নেহাৰ বাবে ক’লেজৰ হেড অৱ দ্যা ডিপাৰ্টমেণ্ট বৰুৱা ছাৰৰ প্ৰয়োজন।

“ছাৰ ৱৰ্ল্ড হিষ্ট্ৰিৰ কিতাপ এখন লাগিছিল” বা “ছাৰ মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে নোটচ লাগিছিল”,  “ছাৰ মোৰ মেজৰৰ ছেকেণ্ড পেপাৰখনৰ বাবে কিতাপ নাই । আপুনি অলপ সহায় কৰিব নে ?”, “ছাৰ আমাক আপোনাৰ এক্সট্ৰা ক্লাছ দুটামান লাগিছিল”, “ছাৰ এইবাৰ আমাৰ বিদ্যালয়ৰ বাৰ্ষিক সভাত আপুনি মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লাগিব”, “ছাৰ জিলা পুথিভঁৰালত আলোচনা চক্ৰ এখন পাতিছোঁ আপুনি থাকিব লাগিব”, “ছাৰ এইবাৰ কেন্দ্ৰীয় বিহু সন্মিলনৰ পতাকা আপুনি উত্তোলন কৰিব লাগিব”, “ছাৰ আমাৰ সংঘৰ সৰস্বতী পূজাৰ বাবে আপোনাৰপৰা কিছু আৰ্থিক সহায় বিচাৰি আহিছোঁ” —- কিমানজনৰ যে কিমান প্ৰয়োজন।শঙ্কৰ বৰুৱায়ো কাকো বিমুখ কৰা নাছিল। বাহাদুৰ শঙ্কৰ বৰুৱাৰ কলেজৰ চকীদাৰ। ছটা ল’ৰা-ছোৱালীৰে বাহাদুৰৰ দৰমহা পইচাকেইটাৰে ঘৰ চলাবলৈকে টনাটনি হয়। ল’ৰা-ছোৱালীকেইটা পঢ়াত ভাল।টানে-আপদে বৰুৱাৰ ওচৰলৈকে 

‎আহে।বৰুৱাই কেতিয়াও বিমুখ নকৰে। মেলে-মিটিঙে  নিৰ্দিষ্ট বক্তা হিচাপে কৰা আমন্ত্ৰণ নিজৰ গাড়ী দৌৰাই হ’লেও বৰুৱাই ৰক্ষা কৰে।এনেই যাবলৈ সময় নাপালেও আত্মীয়-কুটুমৰ ঘৰৰ বিয়া-সবাহ, আপদ-বিপদত বৰুৱা নোযোৱাকৈ নাথাকে।

“মানুহে হেঁপাহতহে বিচাৰে, বিমুখ কৰাটো জানো ভাল কথা ?”  

ময়ূৰীয়ে কেতিয়াবা আপত্তি কৰিলে বৰুৱাই যুক্তি দেখুৱায়। অথচ সেই বৰুৱালৈকে সকলোৰে হেঁপাহবোৰ আজি-কালি যেন নোহোৱা হৈ পৰিল। অৱসৰৰ পাছতো কিছু দিনলৈ বৰুৱা ঘৰ আৰু সমাজৰ বাবে অপৰিহাৰ্য আছিল।নাতিকেইটাক স্কুললৈ অনা-নিয়া কৰা , লাইট-ফোনৰ বিল দিয়া, ঘৰৰ বজাৰ-সমাৰ কৰা কামবোৰ বৰুৱাই কৰিছিল। চুগাৰ আৰু প্ৰেছাৰ শৰীৰৰ লগ লগাৰ পাছৰেপৰা লাহে লাহে নোৱাৰা হৈ আহিল। লগে লগে ঘৰৰ মানুহবোৰৰ তেওঁক লৈ যেন অহেতুক ব্যস্ততা বাঢ়িল। দুয়ো পুত্ৰই দেউতাকৰ কামবোৰ নিজৰ মাজত ভাগ কৰি ল’লে। বৰুৱাৰ ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ প্ৰয়োজনেই নোহোৱা হ’ল। ৰ’দত ফুলবোৰ শুকাইছে। বৰুৱাই পানীৰ পাইপডালত হাত দিয়াৰ লগে লগে দুয়োজনী বোৱাৰী দৌৰি আহি ক’ব…….

“ইমান ৰ’দত কি কৰে দেউতা, আবেলি আমি দিম নহয়।” 

ৰাতি গেটৰ তলাটো মৰা পলম হৈছে । বৰুৱাই চাবিকোছালৈ হাত মেলোতেই গীত বা লয়ে ক’ব, 

“কি কৰে দেউতা, আমি মাৰিম নহয়।আপুনি বহি থাককচোন।”

ৰাতিপুৱা দুয়োটাৰে কামলৈ যাবলৈ লৰালৰি লাগিছে। হঠাতে দুপৰীয়া ভাত খোৱাকৈ আহিব বুলি আলহীৰ ফোন আহিল।বজাৰৰ বেগটো লৈ বৰুৱা বজাৰলৈ ওলাল।দুয়ো পুত্ৰ জাঙুৰ খাই উঠিল……

“ফোন কৰি দিলেই ঘৰতে বস্তু দি যাব।আপুনিনো কিয় ওলাই যাব লাগে?”

বৰুৱাৰ অশান্তি লাগে।কিন্তু ক’ব কাক! ঘৰখনত বৰুৱাৰ গুৰুত্ব কমি অহাৰ সময়তে বাহিৰৰ সমাজখনেও শঙ্কৰ বৰুৱা মানুহজনক যেন পাহৰিবলৈ ধৰিলে।এসময়ৰ ‘শঙ্কৰ বৰুৱাৰ’ বুলি সকলোৱে জনা ঘৰখন আজি গীতাৰ্থ আৰু সমলয় বৰুৱাৰ ঘৰ বুলিহে মানুহে চিনি পোৱা হ’ল। আজি-কালি তেওঁলোকৰ ঘৰলৈ শঙ্কৰ বৰুৱাক বিচাৰি কোনো মানুহ নাহে, আহে গীতাৰ্থ বৰুৱা বা সমলয় বৰুৱাক বিচাৰি। বিয়া,অন্নপ্ৰাশনৰ নিমন্ত্ৰণী পত্ৰবোৰো আহে সিহঁতৰ নামতেই।শঙ্কৰ বৰুৱাৰ সন্দেহ হয়….মানুহবোৰে তেওঁৰ মৃত্যু হ’ল বুলিয়েই ভাবে নেকি বাৰু? শঙ্কৰ বৰুৱাই মাজে মাজে পকেটৰ ফোনটো উলিয়াই চায় কোনোবাই ফোন নকৰিলেও কিবা মেছেজেই দিছে বা ! “ছাৰ ভালে আছে নে” বুলি কিজানিবা তেওঁৰ এসময়ৰ প্ৰিয় ছাত্ৰ-ছাত্ৰী ভাৰ্গৱ, প্ৰিয়ানুজ, অংকিতায়েই ফোন কৰিছেই বা! ৱাটচএপত কোনোবাই মিটিঙৰ নিমন্ত্ৰণী চিঠিকে পঠিয়াইছে বা! কিন্তু তেওঁ ভবাৰ‌ দৰে একোৱেই নহয়। পকেটৰ ফোনটো অনবৰতে নিতাল মাৰি পকেটতে সোমাই থাকে । আজি-কালি সকলো সময়তে এই অনুভৱবোৰে শঙ্কৰ বৰুৱাৰ মন-মগজুত ক্ৰিয়া কৰি থাকে। জীৱনৰ সুদীৰ্ঘ পথছোৱা নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি ভাগৰি নপৰা মানুহজন অফুৰন্ত আহৰিতহে যেন ভাগৰি পৰিছে। আজিকালি বৰুৱাৰ অনবৰতে ভাগৰেই লাগি থাকে। বৰুৱাই মাজে মাজে ভাবে এই ভাগৰ বাৰু ক’ৰ, শৰীৰৰ নে মনৰ … !

‎*******

Leave a Reply

Your email address will not be published. Required fields are marked *