ভোকাতুৰ-ইৰা নাথ
ভিক্ষাৰীটোৰ হাতৰ পৰা কুকুৰটোৱে কেনেকৈ যে ৰুটিটুকুৰা থপিয়াই নিলে। অন্য এটা কুকুৰ আহি কাজিয়া কৰি ৰুটিটুকুৰা কাঢ়ি লৈ গ’ল। সিহঁতৰ কাণ্ড দেখি মোৰ হাঁহি উঠিল। অভ্যাসবশতঃ মোৰ হাতখন পেটটোলৈ গ’ল আৰু পেটটো খামুচি ধৰিলোঁ জোৰেৰে।
*******
