সম্পাদকীয়-কুঞ্জ খাউণ্ড

ব'হাগ মাথোঁ এটি ঋতু নহয়

নহয় ব'হাগ এটি মাহ

অসমীয়া জাতিৰ

ই আয়ুস ৰেখা !

গণ জীৱনৰ ই সাহ -

ব'হাগ হ'ল আমাৰ সমাজ জীৱন আৰু সংস্কৃতিৰ এক প্ৰাণস্পন্দন। বাপতি সাহোন ব'হাগে লৈ আহে নতুন আশা আৰু প্ৰত্যাশা।সময়ৰ  ফুল বাছি সন্মুখত নতুন আশা লৈ প্ৰাপ্তিৰ সন্ধানত  এটা বছৰে বাগৰ সলায়। এইবাৰো প্ৰকৃতিৰ নিয়ম মানিয়েই ঋতুৰাজ বসন্তৰ বোকোচাত উঠি অসমীয়া নৱবৰ্ষই  ভুমুকি মাৰিলেহি। যিহেতু প্ৰকৃতিয়েই হৈছে স্বকীয়  কৰ্মৰ নিৰৱচ্ছিন্ন পূজাৰী। সৰা পাতবোৰ সামৰি -সুতৰি সেউজীয়া হোৱাৰ অলেখ কাহিনীৰে ভৰপূৰ বসন্তত নাহৰ কপৌ ফুলিল ,কুলিয়েও কুউউ কুউ মিঠা মাতেৰে জাননী দিলেহি যদিও এইবাৰ ব'হাগ কিছু  নিৰৱ  নিঠৰুৱা আৰু বিষাদেৰে ভৰা।অসমৰ সাংস্কৃতিক জগতৰ উজ্বল জ্যোতিষ্ক কিংবদন্তি শিল্পী জনা নোহোৱা হোৱাৰ দুখে দেখোন বিদায় লোৱাৰ  নামেই নলয়।সেয়ে এইবাৰ ব'হাগৰ উদ্দীপনাও নাই। এইবাৰ বিহুত আছে মাত্ৰ আনুষ্ঠানিকতা অন্তৰত নাই উত্তেজনাৰ জোৱাৰ।আচলতে এছাটি আদৰুৱা সুখেই  জানো বসন্ত নহয়! তথাপি নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ যাচিলোঁ সদৌটিলৈ।অসমীয়া নৱবৰ্ষই আটাইলৈকে লৈ আহক সুখ সমৃদ্ধি আৰু প্ৰাপ্তিৰ বতৰা।বিহু মানেই প্ৰকৃতিৰ লগত সংপৃক্ত। বসন্তৰ আগমনত প্ৰথমজাক বৰষুণ পৰাৰ লগে লগেই  প্ৰকৃতি ঋতুমতী হয়, গছ-লতিকাত কুঁহিপাত ওলায়; প্ৰকৃতি ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে। নদ-নদী পানীৰে ওপচি পৰে। শুকান পৃথিৱীলৈ যেন সংগীতৰ মূৰ্ছনাহে নামি আহে।খাদ্য সম্ভাৰ, পিঠা পনাৰে ভৰি পৰে অসমীয়াৰ ঘৰ।জাতীয় জীৱনৰ উচ্ছাহ, আশা-আকাংক্ষা, ৰং-আনন্দ, আৱেগ অনুভূতি আৰু যৌৱনৰ লগত বিহু ওতঃপ্রোতভাৱে জড়িত। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক-কৃষ্টিৰ মাজত বিহুৰ এক অনন্য বৈশিষ্ট্য আছে। আমাৰ লোক পৰম্পৰা, লোকবিশ্বাস আৰু সাংস্কৃতিক মনৰ সমুজ্জ্বল ৰূপটো বিহুত প্ৰকট হৈ উঠে।

সেইবাবে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাই বিহু আমাৰ অসমীয়া মানুহক উদীপ্তভাৱে আগুৱাই যোৱাৰ প্ৰেৰণা আৰু জনজীৱনৰ সাহ বুলি সংগীতৰ মাজেৰে প্ৰকাশ কৰি গৈছে।

ব’হাগ বিহু সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে। সেয়া হ’ল-

১/গৰু বিহু,

২/মানুহ বিহু

৩/গোসাঁই বিহু

৪/তাঁতৰ বিহু

৫/নাঙলৰ বিহু

৬/জীয়ৰী বা চেনেহী বিহু আৰু

৭/চেৰা বিহু

আমাৰ জাতীয় জীৱনৰ তিনিটা বিহুৰ ভিতৰত ব'হাগ বিহুয়েই প্ৰকৃতিৰ লগত মিলাই নতুন বতৰা লৈ আহে।গছ-বিৰিখত নতুন পাত ওলোৱাৰ দৰেই মানুহেও পুৰণি বস্ত্ৰ সলাই নতুন বস্ত্ৰ পিন্ধে। বহাগৰ ৰং ৰহইচ শেষ কৰিয়েই কৃষকে নাঙলৰ সীৰলুৰে পথাৰত ছবি অঁকা আৰম্ভ কৰে।ব'হাগতে কৃষকে নিজকে সংলগ্ন কৰে মাটিৰ লগত।কৃষিৰ লগত গৰুৰ ওতঃপ্ৰোত সম্বন্ধ বাবেই অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে জনসাধাৰণে প্ৰথম দিনটো গো-পূজা হিচাপে গৰু বিহু  পালন কৰে। যিহেতু কৃষি অৰ্থনীতিয়েই অসমৰ চহা লোকসকলৰ বাবে মেৰুদণ্ড স্বৰূপ।সেয়ে সামগ্ৰিকভাৱে ব'হাগ  অসমৰ গ্ৰাম্য  অৰ্থনীতিৰ এক জীৱন্ত দলিল বুলি ক'লেও বঢ়াই কোৱা নহয়।সেইদিনা গৰুক পুৱাই  নৈ জান-জুৰি বিললৈ নি নোৱাই ধুৱাই 'লাউ খা বেঙেনা খা'  বুলি চাটত লৈ যোৱা লাও , বেঙেনা, কেৰেলা হালধি গালৈ ছটিওৱা হয়।সন্ধিয়া ডিঙিত নতুন পঘাৰে বান্ধি  বিভিন্ন ঔষধি গছৰ পাতেৰে জাগ দিয়াৰ যি প্ৰথা, সেইটো এটা গৰুৰ বাবে স্বাস্থ্যসন্মত পৰম্পৰা।বছৰটোলৈ ম'হ ডাঁহ,মাখি আদি পতংগৰ পৰা বাচি থাকিব বুলি বিশ্বাস কৰা হয়।গৰু বিহুৰ লগতে পঞ্চম দিনা নাঙল বিহু উদযাপন কৰা হয়। এসময়ত কৃষকৰ নাঙলটোৱেই আছিল কৃষিৰ প্ৰধান আহিলা।তদুপৰি ব'হাগৰ নামতে তাঁতশাল, হস্তশিল্প আৰু ঘৰুৱা উৎপাদনৰ জৰিয়তে গাঁওসমূহত এটা উদ্যোগ মুখী পৰিবেশৰ সৃষ্টিৰ লগতে অৰ্থনৈতিক স্বাৱলম্বিতাক সুদৃঢ় কৰে। সেয়ে তাঁতৰ বিহুকো উপেক্ষা  কৰিব নোৱাৰি।ব'হাগৰ বিহুত মানুহে এশ এবিধ ঔষধি শাক খোৱাৰ যি পৰম্পৰা আছে।এই লোকাচাৰে ৰোগ-ব্যাধি প্ৰতিষেধক তথা বছৰটোলৈ শৰীৰত বল শক্তি অটুট ৰাখে বুলি বিস্বাস কৰা হয়। বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা কৰা, বিহুৱান দিয়াৰ প্ৰথা, সেৱা সৎকাৰ, মৰম-চেনেহ আৰু উপহাৰ আদান প্ৰদানে শ্ৰদ্ধা ভক্তিৰ লগতে মৰম চেনেহ অটুট ৰাখে। তাৰ পিছত আৰম্ভ হয় হুঁচৰি আৰু বিহু নাম।অসমীয়া সংস্কৃতিৰ প্ৰাণস্পন্দন বিহুৰ সৈতে জড়িত বিহুনামবোৰ প্ৰেম, প্ৰকৃতি, আৰু দৈনন্দিন জীৱনৰ আৱেগ প্ৰকাশ কৰা লোকগীত।ৰঙালী বিহুৰ সময়ত গছতলৰ বিহু, জেং বিহু, আৰু হুঁচৰি অনুষ্ঠানত এই নামবোৰ ঢোল, তাল,পেঁপা, গগনা আৰু বাঁহীৰ তালে তালে গোৱা হয়।বিহুৰ আচল উপাদানেই হ'ল বিহুনাম। অসমীয়া সমাজৰ জীৱন, প্ৰকৃতি, প্রেম-পিৰীতি, সুখ-দুখ, আশা-আকাঙ্ক্ষা আদি অনুভূতিসমূহ সুৰ-তাল-লয়ৰ সৈতে কাব্যিক ৰূপত বিহু নামত গোৱা হয় য'ত নেকি একোৱেই বাদ পৰি নাযায়।সেয়ে গণশিল্পী হেমাংগ বিশ্বাসে অসমীয়াৰ বিহু আৰু বিহুনামৰ সম্পৰ্কে এটি সুন্দৰ মন্তব্য আগবঢ়াইছিল....

"যি নাই বিহুগীতত, সি নাই অসমত। যি নাই অসমত, সি নাই বিহুগীতত।"

আচলতে জাতীয় উৎসৱবোৰেই কৃষ্টি সংস্কৃতি ধৰি ৰখাত সহায় কৰে। এটা জাতি গঢ়িবলৈ হ'লে ভাষা আৰু সংস্কৃতিৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি জাতিটো জীয়াই থাকিব লাগিব। কিন্তু বৰ্তমান আমাৰ সকলোতে নিৰৱে অপসংস্কৃতিৰ প্ৰৱেশ ঘটিছে যিটো খুবেই উদ্বেগজনক কথা।আমাৰ বিহু আনন্দীয়া বিহু বিনন্দীয়াৰ ৰূপ অলপ সলনি হ'লেও বিহুৰ  স্বকীয়তা বজাই ৰাখিবলৈ চেষ্টা অব্যাহত ৰখাৰ দায়িত্বও আহি পৰিছে। নহ'লে জাতীয় পৰম্পৰা বুলি একোৱেই নাথাকিব। বৰ্তমান উৎসৱ বুলি ক'লে ধনবল আৰু প্ৰদৰ্শনকামিতাই সকলো ক্ষেত্ৰতে অগ্ৰাধিকাৰ পাইছে যিটো এটা গুৰুত্বপূৰ্ণ সন্ধিক্ষণ হিচাপে পৰিগণিত হৈছে।আগৰ দৰে জীৱন -মন পোহৰাই তোলা  পৰিবেশ আজি কালি গাঁৱতো পাবলৈ নাই, য'ত সংস্কৃতিয়ে উশাহ লৈছিল। বৰ্তমান সময়ত মঞ্চ বিহুয়েই বেছি জনপ্ৰিয় হৈছে......লগতে এমাহ আগৰপৰা বিহু কৰ্মশালাবোৰ আছেই।পৰিবৰ্তনৰ নামত ব্যৱসায় ভিত্তিতহে উৎসৱ উদযাপনৰ ধুম উঠিছে যেন লাগে।সেয়ে বৰ্তমানে প্ৰতি ক্ষেত্ৰতে আমাৰ গভীৰ শৃংখলাবোধৰ প্ৰয়োজন হৈছে। সংকীৰ্ণতাৰ এলান্ধু আঁতৰাই নৱ প্ৰজন্মই ব'হাগক আদৰাৰ হেঁপাহ যুগে যুগে অটুট থাকক তাকেই কামনা কৰিছোঁ। 

এইবাৰ অসমীয়া নৱবৰ্ষৰ লগতে অহা নিৰ্বাচনী বতাহ জাকেও জনসাধাৰণৰ মনত কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰিলে।জননেতাৰ আচাৰ-আচৰণ, চিন্তা, জীৱনধাৰণ আৰু বিশেষকৈ কথন ,মথন আৰু বচনে দিকভ্ৰান্ত   হতাশ আৰু কলুষিত কৰি পেলালে আমাৰ মনবোৰ। নিৰ্বাচনী কাৰ্য্যক্ৰমণিকাত বহু অবাঞ্চিত আৰু অশোভনীয় আচৰণ পৰিলক্ষিত হ'ল ,লগতে দেখিলো জাতিক কৰ্মবিমুখ কৰাৰ এক পশ্চাদমুখী সমদল।

তাৰ লগতে যোগ হ'লহি মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ ফলশ্ৰুতিত সমগ্ৰ বিশ্বৰ নক্সা সলনি কৰি দিয়া পৰিস্থিতিৰ সম্ভাৱনীয়তা।আজিৰ পৃথিৱীত জীয়াই থকাটোৱেই আটাইতকৈ ডাঙৰ সংঘৰ্ষ। আজিৰ পৰা প্ৰায় পাঁচ বছৰৰ আগতে ৰাচিয়াৰ দ্বাৰা ইউক্ৰেইনৰ ওপৰত চলোৱা আক্ৰমণৰ শেষ নৌহওঁতেই আকৌ আক্ৰমণ চলিল ইৰাণৰ ওপৰত। যুদ্ধই মাত্ৰ এখন দুখন দেশকে বিধস্ত নকৰে। কিছুমান উদ্মাদ আৰু যুদ্ধবাজ লোকে পৃথিৱীত যুদ্ধ নোহোৱাকৈ থকাটো নিবিচাৰে।অহৰহ সৃষ্টি কৰি থকা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ ক'ত কৰিব আৰু কোনখন দেশক বিক্ৰী কৰিব এইবোৰ লৈয়েই যুদ্ধৰ আৰম্ভণি। ব্যৱসায়ৰ লগতে সংযোগ হয় ক্ৰুৰতা,লোভ-লালসা আৰু জিঘাংসাৰ। খনিজ সম্পদত চহকী দেশবোৰলৈ সততে শেন চকু আমেৰিকাৰ।নিজৰ সকলো সুৰক্ষা নিশ্চিত কৰি আনৰ জীৱনত বিষ প্ৰয়োগৰ  যি উদ্মাদনা তাৰ ফল ভুগিছে  নিৰীহ জনতাই। প্ৰজাহীন ৰাষ্ট্ৰৰ সম্ৰাট হোৱাৰ দৌৰত মত্ত হৈ আছে শক্তিশালী ৰাষ্ট্ৰৰ মূৰব্বী সকল।পৃথিৱীৰ ভবিষ্যত এতিয়া সেইসকলৰ হাতোৰাত বন্দী।তেওঁলোকৰ নিজৰ সুখ- সুবিধা,অহংকাৰ আৰু আভিজাত্যৰ বাবেই ভুক্তভোগী হ'বলগীয়া হয় সাধাৰণ জনতা।যুদ্ধকালীন পৰিস্থিতিত সৃষ্টি হোৱা বয়-বস্তুৰ আকাশলংঘী  মূল্যই ক্ষতিগ্ৰস্ত কৰি তুলিছে সাধাৰণ মানুহক। যুদ্ধই সৃষ্টি কৰা আগ্নেয়াস্ত্ৰৰ ফুলজাৰিত মৃত্যুৰ বিভীষিকাত পৰিণত হৈছে একোখন দেশ। আনহাতে  জীৱিত সকললৈ ঔদ্যোগিক স্থান ধ্বংস কৰাৰ ফলত সৃষ্টি হোৱা বিষাক্ত বায়ু প্ৰদূষণে  স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।বিহুৰ বতৰতে অৰ্থনৈতিক মন্দাৱস্থা, ৰাজনৈতিক অস্থিৰতা আৰু ইন্ধনৰ নাটনি তথা চৰা দামে আমাৰ ৰান্ধনী ঘৰতো প্ৰৱেশ কৰিলেহি।বিশ্বৰ তৃতীয় সৰ্বাধিক খাৰুৱা তেল আমদানি কৰা আমাৰ দেশৰ অৰ্থনীতি যে ইন্ধনৰ আমদানিৰ ওপৰত নিৰ্ভৰশীল সেইটো জনসাধাৰণৰ সন্মুখত উন্মোচন হ'ল।

তথাপিও ব'হাগে এইবাৰ মহুৰা হৈ নুঘূৰিলেও সদায় অসমীয়াৰ  পৰিচয় আৰু আয়ুসৰেখা হৈ প্ৰতিজন অসমীয়াৰ হৃদয়ত অনুৰণন হৈ সমন্বয়ৰ ইংগিত বহন কৰি থাকক তাকেই কামনা কৰিলোঁ। বিহুৰ হুচৰি যোৰা অকল মঞ্চ আৰু সন্মিলনতে আৱদ্ধ নাথাকি 'গৃহস্থৰ কুশলৰ অৰ্থে' 'বুলি আশীৰ্বাদ এজোলোকা দিবলৈ ওলাই আহক আৰু সমন্বয়ৰ সেতু আঁটি আঁটি বান্ধি ৰাখক।

সম্পাদিকা

শব্দচিত্ৰ___জীৱন জিজ্ঞাসা

(পঞ্চম বৰ্ষ,দ্বিতীয় সংখ্যা)

*******

7 Comments

  • Barasha Deka

    বৰ সুন্দৰকৈ লিখিছে বাইদেউ

    Reply
  • Anonymous

    Bor dhuniya hoise😍

    Reply
  • Parismita Rohit Khound

    Khub bhal lagile pohi.

    Reply
  • Bijoya Sarmah

    বৰ ভাল লাগিল পঢ়ি।

    Reply
  • Kumkum Sarmabaruah

    বৰ ভাল পালোঁ পঢ়ি ।বহাগৰ প্ৰকৃতি, ৰাজ্যখনৰ নিৰ্বাচনৰ পৰা যুদ্ধলৈকে সকলো সামৰি জ্ঞানগৰ্ভ সম্পাদকীয়।

    Reply
  • Anonymous

    বৰ ধুনীয়া লিখিছে মামী

    Reply
  • Nilakshi Mishra

    ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *