সাক্ষাৎকাৰ

(‘চান্দেৰ নগৰ’ নামৰ অনুবাদ গ্ৰন্থৰ স্ৰষ্টা, ‘মৌচাক’ৰ এগৰাকী অন্যতম লেখিকা, কিৰণ তামুলী শিশু সাহিত্য পৰ্যালোচনা বঁটাপ্ৰাপক,শিশু সাহিত্যিক ববিতা শৰ্মাৰ সৈতে এটি সাক্ষাৎকাৰ।সাক্ষাৎকাৰটি যুগুতাইছে সমীৰণ  শৰ্মাই)

সমীৰণ: বাইদেউ নমস্কাৰ। আমাৰ “শব্দচিত্ৰ” গোটৰ তৰফৰ পৰা আপোনালৈ ৰঙালী বিহু তথা অসমীয়া নববৰ্ষৰ ওলগ জনালোঁ। বাইদেউ, আমি প্ৰথমতে আপোনাৰ জন্ম তথা পিতৃ-মাতৃৰ বিষয়ে কিছু কথা জানিবলৈ বিচাৰিছোঁ।

ববিতা শৰ্মা: নমস্কাৰ।মোৰ ফালৰ পৰাও ‘শব্দচিত্ৰ’ গোটৰ সকলো সদস্যকে ৰঙালী বিহুৰ ওলগ জনালোঁ। লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছাও জ্ঞাপন কৰিলোঁ।

মোৰ জন্ম হৈছিল অসমৰ সাংস্কৃতিক ৰাজধানী যোৰহাটত। ১১জুলাই ১৯৬৯ চনত।মোৰ পিতৃ স্বৰ্গীয় বিনোদ শৰ্মা আৰু মাতৃ স্বৰ্গীয়া জয়ন্তী দেৱী।মোৰ পিতৃ-মাতৃ দুয়ো শিক্ষক আছিল আৰু শিক্ষক দম্পতীৰ কন্যা হিচাপে মই সদায় গৰ্ব অনুভৱ কৰোঁ । 

সমীৰণ: বাইদেউ, আপোনাৰ শৈশৱ তথা শিক্ষা জীৱনৰ কথা আমাক অলপ অৱগত কৰাব নেকি?

ববিতা শৰ্মা: মোৰ মা আৰু দেউতা দুয়োৰে ঘৰ যোৰহাটৰ তৰাজান কাকতি গাঁৱত।চাকৰিসূত্ৰে তেওঁলোক তিনিচুকীয়াৰ বাসিন্দা হ’ল যদিও মোৰ শৈশৱৰ সৰহভাগ সময় মাৰ মাক আইতাৰ ঘৰত অতিবাহিত হৈছিল।মা-দেউতাৰ আমি তিনিটা সন্তান। বাইদেউ, দাদা আৰু মই।তিনিওৰে মাজত বয়সৰ পাৰ্থক্যও বেছি নহয়।গতিকে তিনিওটাকে চম্ভালি চাকৰি কৰাটো কঠিন হোৱাত মায়ে মোক আইতাৰ ঘৰত থৈ আহিল।তাত চাৰিজন মামা, দুগৰাকী মাহী আৰু দুগৰাকী আইতা (এগৰাকী মাৰ বৰমাক)ৰ মৰমৰ মাজত মই ডাঙৰ হৈছিলোঁ।

মোৰ শিক্ষা আৰম্ভ হৈছিল যোৰহাটৰ ঐতিহাসিক বুঢ়াগোহাঁই পুখুৰীৰ পাৰৰ তৰাজান প্ৰাক প্ৰাথমিক বিদ্যালয়ত।মই প্ৰাথমিক শিক্ষাৰ চাৰিটা বছৰ তিনিখন বিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ।মোক যোৰহাটত থৈ দেউতা সুখী হোৱা নাছিল কাৰণ মই তেওঁৰ বৰ মৰমৰ আছিলোঁ।গতিকে দ্বিতীয় শ্ৰেণীত দেউতাই মোক তিনিচুকীয়ালৈ আনি মাৰ স্কুলতে নাম লগাই দিয়ে।মায়ে সেই সময়ত তিনিচুকীয়াৰ মণিদীপ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল।স্কুলখন ঘৰৰপৰা যথেষ্ট দূৰত আছিল।অহা-যোৱাৰ বৰ কষ্ট।গতিকে এবছৰ তাত পঢ়াৰ পাছত মোক ঘৰৰ কাষৰে বিমলা প্ৰসাদ চলিহা প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিয়ে আৰু তাৰে পৰাই মই প্ৰাথমিক শিক্ষা সমাপ্ত কৰোঁ।তিনিচুকীয়া সাৰ্বজনীন বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৬ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ মই তিনিচুকীয়া উইমেন কলেজৰ পৰা অসমীয়া বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰোঁ।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি মই একেখন বিশ্ববিদ্যালয়ৰ পৰাই বি.এড ডিগ্ৰীও লাভ কৰোঁ। পিতৃ-মাতৃৰ পদাংক অনুসৰণ কৰি মই শিক্ষকতাকে কৰ্মজীৱন হিচাপে আঁকোৱালি লওঁ।বৰ্তমান মই অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয় মহাদেৱপুৰত অসমীয়া বিষয়ৰ শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছোঁ।

সমীৰণ:আজৰি সময়ত আপুনি কিদৰে সময় অতিবাহিত কৰে, আমাক অলপ জনাব নেকি?

ববিতা শৰ্মা: এখন আৱাসিক বিদ্যালয়ত কৰ্মৰত হৈ থকাৰ বাবে মোৰ আজৰি সময় বৰ কম।আমাৰ বিদ্যালয়ৰ দৈনিক ৰুটিনখন পুৱা পাঁচ বজাত আৰম্ভ হৈ নিশা চাৰে দহ বজাতহে সমাপ্ত হয়।তাৰ উপৰিও মোৰ ওপৰত আশীজনী ছোৱালীৰ চোৱা-চিতাৰ দায়িত্বও আছে।তথাপি আজৰি সময়ত আৰু কামৰ ফাঁকে ফাঁকে মই কিতাপ পঢ়োঁ।কিতাপ মোৰ প্ৰথম প্ৰেম আৰু অধ্যয়ন মোৰ একমাত্ৰ নিচা।অৱশ্যে কেতিয়াবা ফুল বনোৱা, পুতলা বনোৱা আদি হাতৰ কাম কৰি আৰু ফুলনি বাৰীত সময় কটায়ো মই ভাল পাওঁ।মোৰমতে মানুহে অবাবত সময় নষ্ট কৰিব নালাগে।সময় আমাৰ বাবে আটাইতকৈ মূল্যৱান সম্পদ ।

সমীৰণ: বাইদেউ, আপুনি প্ৰথম লিখিবলৈ কেতিয়া আৰম্ভ কৰিছিল?প্ৰথম লেখাটো কি বিষয়ৰ আছিল  আৰু আপুনি কিহৰ তাড়নাত লিখা-মেলা কৰে?

উত্তৰঃ সকলোৰে দৰে ময়ো প্ৰথম ছন্দেৰে লিখা-মেলা আৰম্ভ কৰিছিলোঁ।মোৰ মায়েও লেখা-মেলা কৰিছিল। মাৰ কেইবাটাও লেখা ‘দৈনিক জনমভূমি’ কাকতত প্ৰকাশ পাইছিল।মাৰ ‘মোৰ অনুভৱ’ নামৰ এখন কবিতা পুথি আৰু ‘ফেঁহুজালি’ নামৰ‌ এখন শিশু পুথিও প্ৰকাশ পাইছিল।গতিকে মাক দেখি দেখি ময়ো স্কুলীয়া জীৱনতে কিবাকিবি লিখিবলৈ লৈছিলোঁ যদিও সেইবোৰ আচলতে লেখা বুলি ক’ব নোৱাৰি।পাছত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ জীৱনতহে মই প্ৰকৃতাৰ্থত লিখিবলৈ লওঁ।

মোৰ প্ৰথম লেখা ‘দৈনিক জনমভূমি’ কাকতত প্ৰকাশ পাইছিল।বিষয়বস্তু আছিল ‘নাৰীমুক্তি’।তেতিয়া মই মহাবিদ্যালয়ৰ ছাত্ৰী।মই কিবাকিবি দুই এটা লিখা-মেলা কৰিছোঁ যদিও মই কেতিয়াও নিজকে লেখক বুলি নাভাবোঁ।মই আচলতে এগৰাকী পাঠকহে।গতিকে বিভিন্ন লেখকৰ বিভিন্ন ধৰণৰ লেখা পঢ়াৰ পাছত মোৰ মনত ভাৱৰ উকমুকনি উঠে আৰু তাকে শব্দৰ সহায়ত মাৰ নিয়াবলৈ চেষ্টা কৰোঁ।অৱশ্যে গ্ৰন্থ পৰ্যালোচনাৰ ক্ষেত্ৰত এক বিশেষ তাড়নাই মোক প্ৰৰোচিত নকৰা নহয়।ইয়াৰ দ্বাৰা মই পঢ়ি ভালপোৱা কিতাপ এখন মানুহৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰোঁ।ভাল কিতাপ এখনৰ আৰু দহজন পাঠক বাঢ়ক — সেই আশাত।

সমীৰণ: সাহিত্য চৰ্চাৰ সমান্তৰালকৈ কুইজৰ চৰ্চা কৰিও হয়তো আপুনি যথেষ্ট ভাল পায়।এই দুয়োটা সাহিত্য আৰু কুইজৰ চৰ্চা আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? আমি কিছু আপোনাৰপৰা জানিব বিচাৰিছোঁ।

ববিতা শৰ্মা: সাহিত্য আৰু কুইজ চৰ্চা দুয়োটাৰ প্ৰতি মই স্কুলীয়া জীৱনৰ পৰাই আগ্ৰহী আছিলোঁ আৰু আজিও আছোঁ।মোৰ দাদাই মোক কুইজৰ ক্ষেত্ৰখনলৈ হাতত ধৰি লৈ গৈছিল।আমাৰ ঘৰত তেতিয়া টি ভি নাছিল।আমাৰ চুবুৰীয়া এঘৰত আমি দুয়োটাই দেওবাৰে  নিশা ন বজাত দূৰদৰ্শন যোগে প্ৰচাৰিত সিদ্ধাৰ্থ বসুৰ ‘কুইজ টাইম’ নিয়মীয়াকৈ চাইছিলোঁ।বাতৰি কাকতত প্ৰকাশিত কুইজৰ প্ৰশ্নবোৰ কাটি সংৰক্ষণ কৰিছিলোঁ আৰু বিদ্যালয় সপ্তাহত কুইজত অংশগ্ৰহণ কৰিছিলোঁ।সপ্তম শ্ৰেণীত পঢ়ি থাকোতে মই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ‘সেউজী চ’ৰা’ত এটি কুইজ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ।কুইজৰ নিচা অলপ এতিয়াও নথকা নহয়।

সমীৰণ: বাইদেউ, আপুনি সামাজিক মাধ্যম তথা ছপা মাধ্যম, এই দুয়ো প্রকাৰৰ মাধ্যমতেই লিখা-মেলাৰ লগত জড়িত।যদি আপোনাক মই প্ৰশ্ন কৰোঁ যে আপুনি কোনটো প্ৰকাৰৰ মাধ্যমত লিখি বেছি ভাল পায়, তেন্তে আপোনাৰ উত্তৰ কি হ’ব? তদুপৰি, সম্প্ৰতি সামাজিক মাধ্যম যেনে ফেচবুকত প্ৰকাশিত লিখা-মেলাই ছপা মাধ্যমৰ সন্মুখত প্ৰত্যাহ্বান ৰূপে থিয় দিয়া বুলি আপুনি ভাবেনে? অলপ বিতংকৈ জনাব নেকি ?

ববিতা শৰ্মা: মই ছপা মাধ্যমৰ জৰিয়তেহে সাহিত্যৰ জগতখনত প্ৰবেশ কৰিছিলোঁ।মহাবিদ্যালয়ত পঢ়ি থাকোতেই মোৰ লেখা বাতৰি কাকতত প্ৰকাশ পাইছিল যদিও পঢ়া সমাপ্ত কৰি সাংসাৰিক জীৱনত সোমাই পৰাৰ পাছত কলমটো একেবাৰে পাহৰি পেলাইছিলোঁ। তাৰ পাছত আহিল চাকৰি জীৱন।উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰত(মধ্য প্ৰদেশ, ঝাৰখণ্ড)চাকৰি জীৱনৰ বনবাস। গৃহস্থ আৰু দুটি শিশু সন্তানক এৰি প্ৰবাসত নিসংগ জীৱন।ঘৰৰ চিন্তাই জুৰুলা কৰা মনে লিখা-মেলাৰ কথা ভাবে কেনেকৈ!অৱশ্যে পঢ়াৰ নিচা তেতিয়াও কম হোৱা নাছিল।২০১৮ চনত  অৰুণাচল প্ৰদেশলৈ বদলি হৈ আহিলোঁ।ঘৰৰ কিছু ওচৰ চাপিলোঁ।কলমটোলৈ পুনৰ মনত পৰিল।ইতিমধ্যে ছ’চিয়েল মিডিয়াই মানুহৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰিছিল।ময়ো মনৰ ভাৱ কিছুমান লিখি ছ’চিয়েল মিডিয়াত দিবলৈ ধৰিলোঁ। বন্ধু-বান্ধৱে পঢ়ি উৎসাহ দিবলৈ আৰম্ভ কৰিলে।এনেদৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে মোৰ লিখা-মেলাৰ 

দ্বিতীয়টো  ইনিংছ আৰম্ভ হ’ল।ছ’চিয়েল মিডিয়াৰপৰা প্ৰিণ্ট মিডিয়ালৈ আহিবলৈ মন গ’ল।লেখা এটা ‘অসম আদিত্য’ কাকতলৈ পঠিয়াই  দিলোঁ।এমাহমানৰ পাছত এদিন ক্লাছ কৰি থাকোতে অচিনাকি নম্বৰ এটাৰপৰা ফোন আহিল । ক্লাছৰ বাহিৰলৈ আহি ফোন ধৰাৰ লগে লগে এজনে লেখাটো পঢ়ি তেওঁৰ ভাল লগাৰ কথা জনায়।বিষয়বস্তু আছিল ‘সুখ’ । তাৰ পাছৰেপৰা ছ’চিয়েল মিডিয়া আৰু প্ৰিণ্ট মিডিয়া দুয়োটাতে সমান্তৰালকৈ লিখা-মেলা চলিবলৈ ধৰে।লাহে লাহে এটা বিশেষ কাৰণ ছ’চিয়েল মিডিয়াত লিখা-মেলা কমাই আনো।কাৰণটো হ’ল ছ’চিয়েল মিডিয়াত বৃদ্ধি পাবলৈ ধৰা নকল।বহুতে লেখাবোৰ কপি কৰি‌ নিজৰ ৱালত নিজৰ বুলি দিয়ে।বহুতে আকৌ থীমবোৰ নকল কৰি লিখে।গতিকে বহুত সমস্যা।কিন্তু মই এটা কথা স্বীকাৰ কৰোঁ যে মই যদি আজি কিবা এটা কৰিছোঁ সেয়া ছ’চিয়েল মিডিয়াৰ আশীৰ্বাদ।এইক্ষেত্ৰত মই ছ’চিয়েল মিডিয়াৰ সাহিত্য চৰ্চাৰ গোটসমূহৰ ওচৰত চিৰঋণী।

আপোনাৰ প্ৰশ্নটোৰ দ্বিতীয় ভাগটোৰ বিষয়ে কওঁ যে কথাটো আংশিকভাৱে সত্য।ফেচবুকত প্ৰকাশ পোৱা লেখা এটা ছপা আকাৰত ওলোৱাৰ পাছত মানুহৰ আগ্ৰহ কমি যোৱা যেন অনুভৱ হয়।প্ৰথম কথা লেখাটো পাঠকে ইতিমধ্যে ফেচবুকত পঢ়ি পেলায়।দ্বিতীয়তে পইচা খৰচ কৰি কিতাপ পঢ়া পাঠকৰ সংখ্যা আমাৰ সমাজত অতি কম।গতিকে ছ’চিয়েল মিডিয়াত বিনা খৰছতে পঢ়িবলৈ পোৱা লেখা এটা কিতাপ আকাৰত প্ৰকাশ পোৱাৰ পাছত কেইজনেনো কিনি পঢ়িব ?

সমীৰণ: সাম্প্ৰতিক সময়ত আমি দেখিবলৈ পাওঁ যে ফেচবুকৰ জৰিয়তে খোলা বিভিন্ন গোটৰ জৰিয়তে লিখা মেলা কৰি বহু কেইগৰাকীও লেখক-লেখিকাই ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে।এই ক্ষেত্ৰত আপোনাৰ মতামত তথা ফেচবুকৰ ভূমিকা আপুনি কি বুলি ভাবে?

ববিতা শৰ্মা: হয়,ফেচবুকে সাম্প্ৰতিক সময়ৰ কেইবাজনো জনপ্ৰিয় লেখকক সাহিত্য জগতত খোপনি পুতিবলৈ সুবিধা দিছে।দীপাংকৰ মল্ল বৰুৱা, দীপক গগৈ, আৰমান হাজৰিকা,ত্ৰিনয়ন সন্দিকৈ, ৰূপম দত্ত,ভৱানী পেগু, ৰাস্না পালক, জুৰি শইকীয়া(তৰাৰ স্ৰষ্টা ), ইন্দ্ৰানী শৰ্মা আদি নাম তাৰে উদাহৰণ।এয়া অসমীয়া সাহিত্যৰ বাবে এক ইতিবাচক কথা।ফেচবুকে সাহিত্য চৰ্চাৰ এখন মঞ্চ দিছে।তাৰ সদ্ব্যৱহাৰ কৰিব পাৰিলে ভাল কিন্তু কিছুমানে সাহিত্য চৰ্চাৰ নামত কেতবোৰ তৰল লেখা ফেচবুকৰ মজিয়াত মেলি দিয়ে।এয়া আমাৰ ভাষা-সাহিত্যৰ বাবে শুভ লক্ষণ নহয়।সাহিত্য সদায় পাঠকৰ মনত সাকাৰাত্মক চিন্তা উদ্ৰেককাৰী হ’ব লাগে, সমাজলৈ ভাল মেছেজ দিব লাগে,লগতে ভাষাটো ভালদৰে আয়ত্ত কৰিহে লিখা-মেলাত আগবাঢ়িব লাগে। আজিকালি ভালেমান লেখাত অসমীয়া ভাষাই নিজৰ বৈশিষ্ট্যবোৰকে হেৰুৱাই পেলোৱা যেন ভাব হয়।বানানৰ কথা নক’লোৱেই বা‌ । 

সমীৰণ: আমাৰ বহুতৰে জ্ঞাত যে, আপুনি “কিৰণ তামূলী শিশু সাহিত্য পৰ্যালোচনা বঁটা” ইতিমধ্যে লাভ কৰিছে। এগৰাকী লেখক-লেখিকাই যথেষ্ঠ সাধনাৰ মূৰতহে আচলতে বঁটা-বাহন লাভ কৰিবলৈ সক্ষম হয়।আপুনি বঁটা-বাহনক এগৰাকী লেখক-লেখিকাৰ সাহিত্যিক জীৱনৰ সৰ্বোচ্চ স্বীকৃতি বুলি ভাবে নে? বঁটা-বাহনে এগৰাকী লেখক-লেখিকাক কিদৰে অনুপ্ৰাণিত কৰে বুলি আপুনি ভাবে?

ববিতা শৰ্মা:  হয় , মই ‘অসমীয়া শিশু সাহিত্য সুবাস’ গ্ৰন্থখনৰ বাবে ২০২৪ বৰ্ষৰ কিৰণ তামূলী শিশু সাহিত্য পৰ্যালোচনা বঁটা লাভ কৰিছিলোঁ।বঁটা-বাহন কেতিয়াও সৰ্বোচ্চ স্বীকৃতি হ’ব নোৱাৰে।বঁটা-বাহনে লেখকক সৃষ্টিৰ প্ৰেৰণাহে দিয়ে।কিবা এটা লিখিবলৈ লেখক-লেখিকাই যথেষ্ট কষ্ট কৰিব লগীয়া হয়। বঁটা-বাহনে সেই কষ্টক স্বীকৃতি দিয়ে।এয়া এক সন্মান।কাম কৰাৰ উৎসাহ।

মোৰ বাবে বঁটা-বাহন এক দায়িত্বহে।”কিৰণ তামূলী শিশু সাহিত্য পৰ্যালোচনা’ বঁটা” পোৱাৰ পাছত শিশু সাহিত্য প্ৰতি মোৰ‌ দায়িত্ব আৰু বাঢ়িল।অসমীয়া শিশু সাহিত্যৰ বিকাশ আৰু প্ৰসাৰৰ প্ৰতি এতিয়া মই অধিক দায়বদ্ধ হ’লোঁ ।

সমীৰণ: আপুনি অসমৰ বিভিন্ন কাকত আলোচনীৰ সমান্তৰালকৈ শিশু আলোচনী যেনে মৌচাকৰ জৰিয়তেও শিশু সকলৰ উপযোগী হোৱাকৈ বিভিন্ন ধৰণৰ লিখা-মেলা কৰি আহিছে।এই বিষয়ে আমাক অলপ জনাবচোন।

ববিতা শৰ্মা: এইটো প্ৰশ্নৰ উত্তৰ অলপ দীঘলীয়া হ’ব।

অসমীয়া সাহিত্যৰ বিভিন্ন বিভাগৰ ভিতৰত প্ৰবন্ধ, চুটিগল্প আৰু গ্ৰন্থ পৰ্যালোচনা এই তিনিটা বিভাগত মই কাম কৰিছিলোঁ।শিশু সাহিত্য তাৰ লগত শেহতীয়াকৈ সংযোগ হ’ল,তাকো আকস্মিকভাৱে।ছ’চিয়েল মিডিয়াৰ সাহিত্য চৰ্চাৰ গোট ‘উত্তৰণ সাহিত্য মঞ্চ’ত প্ৰতি দেওবাৰে মই গ্ৰন্থ পৰ্যালোচনাৰ শিতান এটা আগবঢ়াইছিলোঁ।এদিন সেই শিতানতে মই শ্ৰদ্ধাৰ শান্তনু তামূলী ছাৰৰ শিশু গ্ৰন্থ এখনৰ পৰ্যালোচনা আগবঢ়াইছিলোঁ।ছাৰে লেখাটো কেনেবাকৈ পঢ়িবলৈ পালে আৰু মোৰ লগত যোগাযোগ কৰিলে।সেই সময়ত ছাৰৰ বিষয়ে প্ৰশান্ত কুমাৰ মহন্তদেৱৰ সম্পাদনাত ‘শান্তনু তামূলীৰ শিশু-সাহিত্য ইত্যাদি’ নামৰ গ্ৰন্থ এখন প্ৰকাশৰ যো-জা চলিছিল।ছাৰে মোক তেখেতৰ ‘বনত ৰঙৰ মেলা’ আৰু ‘বুবু বুলবুলিৰ ফুলনি’ গ্ৰন্থ দুখনৰ পাঠ্যপুথি  হিচাপে পৰ্যালোচনা এটা কৰি দিবলৈ ক’লে। তাৰ পাছৰে পৰাই মই শিশু সাহিত্যৰ লগত  জড়িত হৈ পৰিলোঁ।শিশু সাহিত্যৰ জগতখনত ছাৰে মোক মাৰ্গ দৰ্শন কৰাই আগবঢ়াই নিছে।ইতিমধ্যে শিশু আলোচনী ‘মৌচাক’ৰ সহযোগত এন বি টিয়ে যোৰহাটত আয়োজন কৰা শিশু গ্ৰন্থ অনুবাদ কৰ্মশালা এটাতো অংশগ্ৰহণ কৰাৰ সৌভাগ্য হৈছে।সেই কৰ্মশালাত মই অনুবাদ কৰা  ‘চান্দেৰ নগৰ’ গ্ৰন্থখন ইতিমধ্যে প্ৰকাশ পাইছে। আৰু এখন প্ৰকাশ পাবলৈ বাকী আছে।মৌচাকৰ পাততে শিশু গল্পও প্ৰকাশ পাইছে।এনেদৰেই শিশুসকলৰ বাবে লিখি আছোঁ।অৱশ্যে শিশু সাহিত্যত মোৰ প্ৰধান কাম শিশু গ্ৰন্থ পৰ্যালোচনাহে।এই ক্ষেত্ৰত কৰিবলগীয়া বহুখিনি কাম বাকী আছে।

 

*****

One comment

  • Kumkum Sarmabaruah

    ভাল লাগিল পঢ়ি সাক্ষাৎকাৰ টো।

    Reply

Leave a Reply to Kumkum Sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *