সি আজিও নাহিল-সমীৰ কাশ্যপ বৰা

পৃথিৱীখনে কত দিন যে বৰষুণৰ মুখ নেদেখাকৈ পাৰ কৰি ধূলিময় হৈ পৰিছিল তাৰ হিচাপ নাই। অপেক্ষা শেষ কৰি ফাগুনৰ শেষত অহা বৰষুণছাটিয়ে যেন সকলো সলনি কৰি দিলে। এতিয়া কেৱল মাথো বৰষুণ, বেলিটিও ভালকৈ নেদেখা বহুদিনেই হ’ল। বৰষুণজাক বৰ আচৰিত, নহয়নে! নহাকৈয়ো বহুদিন থাকে আৰু আহিলেও যাবলৈকে পাহৰে।পৃথিৱীখনেও যেন এতিয়া নিজৰ বৰণ সলাবলৈ  হয়তো বৰষুণৰ অপেক্ষাতেই আছিল। ফাগুনে লঠঙা কৰা বিৰিখত এতিয়া লাহে লাহে বসন্তৰ কোমল বসন। বসন্তৰ আগমনিৰ বতাহজাক লাগিলেই গাঁৱৰ কোনোবা এটি প্ৰান্তৰ পৰা ভাহি অহা ঢোলৰ ৰগৰে গাঁৱৰ মানুহবোৰৰ মনবোৰক সজাগ কৰি তোলে। চ’তৰ আবেলি বোৰত ব’হাগৰ খবৰ যেন বতাহত বিয়পি পৰে। ঘূলি লোৱা ম’হজাকে সন্ধিয়াৰ আগে আগে বিলৰ পৰা উঠি ৰান্ধনী বেলিটিক আঁৰ কৰি শাৰী শাৰীকৈ পথটিৰে উভতি যায়, তেতিয়া বাজি উঠা শিঙাৰ পেঁপাটিয়ে কেৱল ব’হাগৰ কথাই কৈ যায়। সন্ধ্যাৰ আৰতিৰ প্ৰাৰ্থনা, ডবা, ঘণ্টাৰ মাজতেই ক’ৰবাৰ পৰা ভাহি আহে ঐনিতম অথবা বিহুনামৰ সুৰ। এনেকৈয়েই জীপাল হয় চহাৰ মন, এনেকৈ ৰঙীণ হয় গাঁৱৰ সময়। বকুলপুৰ গাঁৱৰ মূল পথৰ সমীপতেই নদীখন, মানুহৰ ঘৰবোৰ নদীখনৰ পৰা বৰ বেছি দূৰত্বত নহয়। 

সেউজ বননিৰ মাজত একা বেঁকাকৈ বৈ থকা নদী খনে গাঁওখনক এটি পৃথক সৌন্দৰ্য দিছে। নদীখন বৰ বেছি বহল নহয়, গাঁৱৰ সকলোৰে আদৰ আৰু মৰমৰ এই নদীখন। নদীখনৰ সৈতে তাৰ মানুহবোৰৰ খুবেই এটি নিবিড় সম্পৰ্ক। আজৰি সময়বোৰত গাঁৱৰ মানুহবোৰৰ বাবে নদীৰ পাৰেই কেৱল গল্প কথাৰ আড্ডাথলী হৈ পৰে। সৰু সৰু ল’ৰা ছোৱালীবোৰেও সাঁতোৰৰ নামত দিনটোত তিনি চাৰি বাৰ নদী খনতেই পাৰ কৰে। 

নদীৰ পাৰ এইকেইদিন উখল-মাখল, প্ৰতি বছৰৰ দৰে এইবাৰো গাঁৱৰ মূৰৰ তিনি আলিৰ কাষতে লাগি থকা নদীখনৰ পাৰত গাঁৱৰ বিহু দলটো আবেলি আবেলি আখৰাত ব্যস্ত। কাম সামৰি এই আজৰি সময়ত বিহুৰ আখৰা চাবলৈ যোৱা গাঁৱৰ মানুহেৰে নদীৰ পাৰ উপচি পৰে। এইবাৰ আখৰাত তৰালী নাই। দলটিৰ মাজৰ এজনী ৰাংঢালী ছোৱালীৰ উপস্থিতি যেতিয়া নোহোৱা হয়, বিহুখনো তেতিয়া ক’ৰবাত উৰুঙা হৈ পৰে। 

গাঁৱৰ ইমূৰৰ আলিটোৰ কাষৰ চিৰিৰে জোৰেৰে পাৰ হৈ যোৱা ট্ৰেইনখনৰ বিকট শব্দ শুনি তৰালী আলিমূৰলৈ দৌৰি গ’ল। তাই দৌৰি যোৱা দেখি মানুহ বোৰে কেৱল তাইৰ ফালেই চাই ৰ’ল। কেইদিন মানৰ পৰা এই সময়ছোৱাত ট্ৰেইনখন অহা শব্দ শুনিলেই তৰালী গাঁৱৰ আলিমূৰলৈ দৌৰি যায় আৰু কিছু সময়ৰ পাছত উদাস মনেৰে ঘূৰি আহে। তৰালী আজিও উদাস মনেৰে উভতি আহিল, সকলোৱে কেৱল তাইৰ ফালে চাই ৰ’ল। বিহু আৰু বিহুৰ আখৰা বুলিলেই গা সাতখন আঠখন হোৱা তৰালীৰ মনটো এইবাৰ বিহুৰ প্ৰতি একেবাৰেই উকা। তাই আজিও নয়ন আহিব বুলিয়েই বাট চাই আছে, নয়ন আহিব বুলিয়েই তাই আলিৰ মূৰলৈ গৈছে।

“ঐ তৰালী … শুন চোন”

বিহুৰ আখৰাৰ মাজৰপৰা তাইক উদ্দেশ্য কৰি মতা মাতষাৰে তৰালীক অলপো স্পৰ্শ কৰিব নোৱাৰিলে। তৰালী ঘৰলৈ ঘূৰি গ’ল। অস্থিৰ হৈ পৰা তাইৰ মনটোক এতিয়া কাৰো বুজনিয়ে শান্ত কৰিব নোৱাৰে। হাঁহি আনন্দ তাইৰ বাবে এতিয়া অস্বস্তিকৰ।

নয়নৰ আৰ্মীৰ চাকৰিটো পোৱা কেইবছৰ মান হৈছিলহে মাথো। তৰালী আৰু নয়নৰ প্ৰেমক এটি নাম দিয়াৰ উদ্দেশ্যেৰে যোৱা বছৰ দুয়োৰে আঙুঠি পিন্ধোৱা হৈ গৈছিল।

এইবাৰ ব’হাগৰ কোনোবা এটি বিশেষ দিন চাই দুয়োৰে বিয়াৰ সিদ্ধান্ত হৈ গৈছিল। সকলোবোৰ সিদ্ধান্ত হৈ যোৱাৰ পাছত নয়ন চাকৰিলৈ বুলি যি ঘৰৰ পৰা উভতি গ’ল গ’লেই আৰু, তৰালীক কথা দি যোৱা নয়ন আৰু স-শৰীৰে ঘৰলৈ উভতি  নাহিল। আহিল কেৱল কফিনৰ মাজত সোমাই তাৰ নশ্বৰ দেহ, এখন ঢাকি থোৱা বগা কাপোৰৰ তলত।ৰাষ্ট্ৰীয় মৰ্যদাৰ যথোচিত সন্মানেৰে অন্তিম সৎকাৰ কৰি তাক বিদায় দিয়া হ’ল, কিন্তু তৰালীয়ে এতিয়াও এইবোৰ মানি ল’ব পৰা নাই। মনৰ কোনোবা একোণত এতিয়াও নয়ন আহিব আহিব বুলিয়েই তৰালীয়ে বাট চাই থাকে। কেলেণ্ডাৰ খনৰ দাগ দিয়া তাৰিখবোৰ তাৰিখ হৈয়েই পাৰ হৈ সময়বোৰ বাগৰি গৈ থাকিল। ট্ৰেইনখনৰ উকি শুনিলেই নয়ন আহিছে বুলি  তৰালীৰ মনটো সচকিত হৈ উঠে। এইবাৰ ব’হাগ যিমানেই ওচৰ চাপি আহিছে, নয়ন অহাৰ অপেক্ষাৰ উৎকণ্ঠা তৰালীৰ বাবে যেন দুগুণ হৈ পৰিছে। প্ৰতিটো দিন, প্ৰতিটো সময় তৰালীৰ বাবে এতিয়া মাহ বাগৰি বছৰ পাৰ হোৱাৰ দৰেই। ব’হাগৰ কোনো বুজনিয়ে তাইৰ মনটো শান্ত কৰি তুলিব পৰা নাই, প্ৰতি বছৰৰ দৰে এইবাৰ তাইৰ গামোচা ৰুমালৰ তাঁত যুটিও লগোৱা ন’হল। লগাইনো কেনেকৈ! নয়নৰ খবৰ নোপোৱা, তাৰ মাতষাৰ নুশুনা তৰালীৰ এবছৰেই হ’ল। কিমান অশান্তিৰে তাই সময়বোৰ পাৰ কৰিছে! ফোনটো নাই নায়েই, এখন চিঠি নাই তাৰ। তৰালীৰ বাবে এইয়া কিমান এটা ডাঙৰ মনোকষ্ট। আগতে নয়নৰ এখন চিঠি নাইবা তাৰ এটা ফোন নাপালে তৰালী অস্থিৰ হৈ পৰিছিল, এতিয়া তাৰ খবৰ নোহোৱাকৈ এটা বছৰ পাৰ কৰিছে। এইয়া জানো তৰালীৰ বাবে সহজ! সকলোৱে মানি লোৱাৰ দৰে তৰালীৰ মানি ল’বলৈ ইমান  জটিল কিয়!

চাওঁতে চাওঁতে ব’হাগ আহি একেবাৰেই পদূলি মুখত, সকলোৰে মনবোৰত ব’হাগৰ তেজাল ৰং। কিন্তু তৰালী, তাইৰ ঘৰখন, নয়নৰ ঘৰখন আৰু মাক-দেউতাকৰ মন ব’হাগৰ কোনো ৰঙে স্পৰ্শ কৰিব পৰা নাই। ব’হাগক আদৰাৰ হেঁপাহত ৰাঙলী হোৱা মনবোৰৰ মাজতেই শুকান, উৰুঙা হৈ আছে এই দুঘৰ মানুহৰ মন। 

প্ৰেমক প্ৰতিশ্ৰুতিৰে নয়ন আৰু তৰালীয়েও বান্ধি ৰাখিছিল, প্ৰেমৰ বাবে সিহঁতেও সপোন দেখিছিল। তৰালী আৰু নয়নৰ নিজাকৈ এখন ঘৰ হ’ব, হাজাৰ মানুহৰ মাজত কেৱল নিজৰ বুলিব পৰা কোনোবা বিশেষ হ’ব। আজীৱন সুখ-দুখ ভগাই ল’ব পৰাকৈ, মৰাৰ সময়তো কাষত থাকিব পৰাকৈ হাজাৰৰ মাজত কোনোবা আপোন হ’ব। সেইখিনি স্বীকৃতিৰ প্ৰথম খোজৰ পাছতেই তৰালীৰ সপোনবোৰৰ আউল লাগিল।

ঘৰে ঘৰে এতিয়া  বিহুৰ যোগাৰ, নিশাৰ পৰলৈকে ঢেঁকীৰ গুমগুমনিৰ শব্দ। ঘৰে ঘৰে জলপান, পিঠাৰ যোগাৰ। তাৰ মাজত উকা কেৱল নয়নৰ ঘৰখন, উকা কেৱল তৰালীৰ মন। আজি গৰুৰ বিহুৰ দিনা পুৱা গাঁৱৰ মানুহে গৰুক নদীলৈ লৈ গৈ দীঘলতীৰে কোবাই চাট মৰাত ব্যস্ত। গাঁৱৰ প্ৰতি ঘৰ মানুহৰ গৰু, প্ৰতিঘৰৰ মানুহে নৈখন উপচি আছে। 

এই গৰু বিহুৰ দিনা মানুহৰ সমন্বয়ে নদীখনক এক আপোন জৰীৰে বান্ধি ৰাখে। তাৰ পাছত সকলো মানুহ নদীতে গা-পা ধুই ঘৰলৈ ঘূৰি আহিল। তৰালীৰ মন আগতকৈ আজি অধীৰ। সময়বোৰ আজি তাইৰ বাবে অধিক অশান্তিকৰ। কাইলৈ বিহু, আজি যদি সি নাহে তেন্তে কেতিয়া আহিব! তাই অধীৰ অপেক্ষাৰে কেৱল ট্ৰেইনখন অহাৰ সময়লৈ বাট চাই থাকিল। ট্ৰেইনখনে আবেলি বিকট উকি মাৰি গাঁৱৰ ইমূৰৰ আলিটোৰ কাষৰ চিৰিৰে জোৰেৰে পাৰ হৈ গ’ল। তৰালীৰ বাবে অপেক্ষা মাথোঁ এই সময়খিনিয়েই আছিল, ট্ৰেইনৰ উকি শুনিয়েই তৰালী গাঁৱৰ আলিটোৰ ইমূৰলৈ দৌৰি গ’ল। আলিটোৰ মূৰৰপৰা অলপ দূৰ গৈয়েই ষ্টেচন, তাৰ পৰা নামি মানুহ বোৰ আলিটোৰ মূৰেদিয়েই ঘৰলৈ যায়। বিহু বুলি ঘৰলৈ অহা মানুহবোৰৰ মাজত নয়ন নাই, অহা সকলোবোৰ মানুহ নিজৰ নিজৰ ঘৰলৈ গ’ল। ইয়াৰ পাছত আজি আৰু ট্ৰেইন নাই, নিৰাশ মনটোৰে তৰালী ঘৰলৈ উভতি আহিল। তৰালীয়ে নিৰাশ মনটোৰে বাৰাণ্ডাৰ খুঁটাটোত মূৰ থৈ আউজি বহিল। তাইৰ দুচকুৰে চকুলো বাগৰি আহিল। 

চাওঁতে চাওঁতে সন্ধ্যা লাগিবৰেই হ’ল, গাঁৱৰ সকলো গৃহস্থই এতিয়া গোহালিৰ কাষত জুইৰ যাগ্ দিছে। মাখিয়তীৰে কোবাই ন পঘাৰে বান্ধি গৰুক গোহালিৰ ভিতৰলৈ লৈ গৈ এচুকত বান্ধি কেঁচা পিঠা খাবলৈ দিছে। লাহে লাহে সন্ধ্যা নামি আহিল, তৰালী নিৰাশ মনেৰে ঘৰৰ ভিতৰলৈ সোমাই গ’ল। গাওঁবুঢ়াৰ ঘৰৰ চোতালৰ পৰা গাঁৱৰ বিহু যোৰাৰ হুঁচৰি ভাহি আহিছে। তৰালীয়ে পেৰাটো খুলি যোৱা বছৰ বিহুত তাইক নয়নে দিয়া চাদৰ-মেখেলাযোৰ হাতত তুলি ল’লে। তাই সেইযোৰ দুহাতেৰে এবাৰ বুলাই বুকুৰ মাজত খামুচি উচুপি উঠিল। গাঁওবুঢ়াৰ ঘৰৰপৰা ভাহি অহা বিহুযোৰাৰ বিহু আৰু ঢোলৰ গুমগমনিত গাঁৱৰ মানুহবোৰৰ এতিয়া তৰণি নোহোৱা উল্লাস। কাৰোবাৰ ঘৰৰ জেতুকাৰ পতাখনত শিলৰ ঘঁহনিৰ শব্দ, কোনোবা গৃহিণীৰ আখলত বিহুনাম। চোতাল আৰু পদূলিৰ মূৰত ৰৈ কোনো কোনোৱে দূৰৰপৰাই বিহুখন উপভোগ কৰিছে। সকলোৰে মন সাতখন-আঠখন। সকলোৰে মনত কেৱল ব’হাগৰ ৰং। উৰুঙা কেৱল নয়ন আৰু তৰালীহঁতৰ ঘৰ দুখন।

*******

One comment

  • Anonymous

    ভাল লাগিল পঢ়ি, খুব সুন্দৰ গল্প।বিয়া খনক লৈ তৰালিৰ কিমান হেঁপাহ আছিল, কিন্তু নিষ্ঠুৰ নিয়তিয়ে নয়নক লৈ গ’ল। সকলো বোৰ যেন ঈশ্বৰৰ খেলা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *