স্বৰ্গৰ চিৰিয়েল-মামণি কলিতা
নৰকলৈ চালে দেখা যায় সদায় পাৰ্টি । আৰু স্বৰ্গত ? যদিও স্বৰ্গ চিৰবসন্তৰ ঠাই তথাপিও ! ইয়াত সকলো সময়তে বসন্তৰ মৃদু সুগন্ধি বতাহ বয়, এটা সুন্দৰ পৰিৱেশ বিৰাজমান হৈ থাকে। ইয়াৰ সকলোবোৰ একক আৰু অনন্য। কোনো টকা পইচা খৰছ নকৰাকৈ ইন্দ্ৰৰ সভাত ৰম্ভা, উৰ্বশী, মেনকাই শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শন কৰে; মধুৰ কথা-বতৰা, সকলোৰে আচাৰ-ব্যৱহাৰ শালীন। ইয়াৰ সাজ-পোছাক বোৰ অভিজাত্য বহনকাৰী। চকু বন্ধ কৰি হাত আগবঢ়াই দিলেই মনে বিচৰা ধৰণৰ খাদ্য সম্ভাৰ তৎক্ষণাত হাজিৰ হয়। ইয়াত সকলো সময়তে সুখ-শান্তি বিৰাজমান হৈ থাকে। কিন্তু এই সকলোবোৰ সুখ সুবিধাৰ পিছতো মৰ্ত্যৰ চিৰিয়েল প্ৰেমী মানুহৰ বাবে চিৰিয়েল নোহোৱা স্বৰ্গ কেনেকৈ ভাল লাগিব ? উহু একেবাৰে ভাল নালাগে তেওঁলোকৰ। সেয়ে মৰ্ত্যৰ পৰা স্বৰ্গলৈ যোৱা পুণ্যাত্মাবোৰে আজি স্বৰ্গতো চিৰিয়েল চোৱাৰ সুবিধা বিচাৰি ধৰ্ণা দিছে। মৃত্যুৰ পিছত তেওঁলোকৰ শৰীৰে তেওঁলোকৰ লগ এৰিলেও আজিও তেওঁলোকৰ আত্মাই চিৰিয়েল ত্যাগ কৰিব পৰা নাই। সেয়ে তেওঁলোকে মৃত্যুৰ পিছতো চিৰিয়েল নাছাৰ হ’বলৈ বিচাৰিছে।
আনহাতে নৰকত যিমানেই পাপীক উতলা তেলত নাভাজক লাগে বা চাবুকেৰে কোবাই পিঠি চিৰিলাচিৰিল কৰক একো নাই, ইয়াত চৌব্বিশ ঘণ্টাই চিৰিয়েল চোৱা একেবাৰে ফ্ৰী আৰু এইটো কথাতেই স্বৰ্গৰ বাসিন্দাসকল অসন্তুষ্ট হৈ পৰিছে। গোটেই জীৱন পৃথিৱীত অসংখ্য দুখ কষ্ট সহ্য কৰি, আনৰ গালি-শপনি খাই, যেনেতেনে জীৱনটো পাৰ কৰি পূণ্য অৰ্জন কৰি স্বৰ্গলৈ আহিছিল আৰু ইয়াত আহি অলপমান সময় শান্তিত বহি ক্ষন্তেক চিৰিয়েল চাব বুলি ভাবিছিল,পিছে তাৰো একো ব্যৱস্থাই নাই নেকি স্বৰ্গত ? ইফালে গোটেই জীৱন আনক ঠগি, আনৰ পিছফালে চুৰি মৰা পাপীবোৰে নৰকত আহি চিৰিয়েল চাইছে আৰু আনন্দ কৰিছে । এইয়া কেনেকুৱা বিচাৰ হ’ল ? ভগৱানৰ স্থানতো কোনো বিচাৰ নাই নেকি ? ‘নহয়, এইটো মানি নলওঁ’ বুলি স্বৰ্গৰ বাসিন্দাসকলে আজি একগোট হৈ আন্দোলনত বহিছে। আন্দোলনৰ নাম “হেজটেগ চিৰিয়াছলি চিৰিয়েল”
“যত দোষ তোমাৰ” বুলি ধৰ্মৰাজ যমে চিত্ৰগুপ্তক উদ্দেশ্যি ক’লে । চিত্ৰগুপ্তই তললৈ মূৰ কৰি মুখখন সেমেনা-সেমেনি কৰি কৰি থিয় হৈ আছে আৰু মুখেৰে বিৰবিৰাই আছে “হয় হয়,যমালয়ত হোৱা সকলো ভুল-ত্ৰুটিৰ দোষ জাপিবলৈ লাগে নেকি কাৰোবাক, অমুকা অপদাৰ্থ চিত্ৰগুপ্ত আছোৱেই নহয়!!
যমৰজাই আৰু কৈ গ’ল “সেইকাৰণে ভাবিছোঁ আজিকালি কামত ইমান ফাঁকি কিয় ?” অলপ ৰৈ আকৌ ক’লে “আজিকালি দেখিছোঁ মোৰ আজ্ঞা – টাজ্ঞাৰতো একো কেৰেপেই নকৰা”। এবাৰো সুধিব লাগে বুলিও নাভাবিলা যে এই মৰ্ত্যৰ কিযে এটা চিৰিয়েল নে কি এটা আছে যে, সেইবোৰ চাবলৈ অনুমতি দিয়া হ’বনে নহয় ??
চিত্ৰগুপ্তই কিবা এটা ক’বলৈ লৈছিলহে, যমৰজাই ধমকি দি তেওঁক ৰখাই কঠোৰ স্বৰেৰে ক’লে, “আৰে যদিও নৰকৰ পাপীবোৰৰ বাবে সেই ব্যৱস্থা কৰিছিলাই , তথাপিও তুমি সিহঁতৰ লগত মিলি যোৱাৰ কি দৰকাৰ আছিল ? সকলো কাম-কাজ পেলাই থৈ তেওঁলোকৰ লগত বহি চিৰিয়েল চোৱাৰ কি দৰকাৰ আছিল ? ছিঃ ছিঃ! ইয়াৰ উপৰিও আকৌ দুপৰীয়া সময়ত কি যে কয় জানো, ৰি………. ৰি………”
“ৰিপিট টেলিকাষ্ট” মূৰ মোহাৰি মোহাৰি চিত্ৰগুপ্তই যমৰজাক শুধৰাই দিলে। উত্তৰ শুনি যমৰজাই চিত্ৰগুপ্তৰ ফালে খঙেৰে চকু পকাই চালে।
তাকে দেখি চিত্ৰগুপ্তই সেমেনা-সেমেনিকৈ হাঁহি মাৰি উত্তৰ দিলে “নহয় মানে ইয়ে, কামৰ হেঁচাত মাজে মধ্যে যেতিয়া চিৰিয়েল চাবলৈ নাপাওঁ, তেতিয়াহে দুপৰীয়া ভাতঘুমটিৰ সলনি ভাতচিৰিয়েল চাওঁ”।
“আৰে তাকে কৰি মোক কি উদ্ধাৰ কৰিছা”! বুলি যমৰজাই চকু ৰঙা কৰি চিঞৰি উঠিল।
ঠিক সেইসময়তে দেৱৰ্ষি নাৰদে “নাৰায়ণ নাৰায়ণ” মন্ত্ৰোচ্চাৰণ কৰি যমৰজাৰ সন্মূখত উপস্থিত হ’লহি। সকলোৱে দেৱৰ্ষিক স্বাগতম জনালে। “কি যমালয়ত ইমান বিশৃংখলতাৰ কাৰণ কি ?” দেৱৰ্ষি নাৰদে যমৰজাৰ ফালে চাই সুধিলে।
চিত্ৰগুপ্তই মনতে ভাবিলে, “আহিল আৰু এজন, জ্বলি থকা জুইত ঘিউ ঢালিবলৈ !”
যমৰজাই দেৱৰ্ষিক সকলো কথা সবিস্তাৰে বৰ্ণনা কৰিলে।
দেৱৰ্ষিয়ে গালে-মূখে হাত দি কিছু সময় ভাবিলে। তাৰপিছত যমৰজাক ক’লে “হুম, সকলো বুজিলোঁ বাৰু। এটা কাম কৰা নাই কিয়? মোৰ মতে সকলো দেৱতাক লৈ এখন সভা আহ্বান কৰা। তাৰপিছত সকলো মিলি নিশ্চয় সমাধানৰ এটা পথ বিচাৰি উলিয়াব পৰা যাব।”
যমৰজাই স্বস্তিৰ নিশ্বাস ল’লে। ইয়াৰ পিছত এটা নিৰ্দিষ্ট দিনত সভাত স্বৰ্গৰ সকলো দেৱ-দেৱী আহি উপস্থিত হ’ল। বিষয় – ‘স্বৰ্গৰ চিৰিয়েল’ । সদ্যহতে প্ৰাথমিক তদন্তৰ দায়িত্ব দিয়া হ’ব নাৰদ মুনিক। ইয়াৰ বাবে তেওঁক এসপ্তাহ সময় দিয়া হ’ব । এই এসপ্তাহ তেওঁ একেৰাহে মৰ্ত্যৰ চিৰিয়েল আৰু ৰিপিট টেলিকাষ্ট চাব। এসপ্তাহৰ পিছৰ সভাত তেওঁ এই চিৰিয়েল সমন্ধীয় যাৱতীয় তথ্যসমূহ দাখিল কৰিব।
এসপ্তাহৰ পিছত কথামতেই সকলো দেৱ-দেৱী আহি সভাত উপস্থিত হলহি। সকলো উপস্থিত। কিন্তু কথাটো কি ? যিজনৰ ৰিপৰ্ট দাখিলৰ ওপৰত নিৰ্ভৰ কৰি এই সভা অনুষ্ঠিত কৰা হৈছিল, তেওঁ ক’ত ? সকলোৰে কপালত চিন্তাৰ ছায়া, কাৰণ স্বয়ং দেৱৰ্ষি নাৰদ অনুপস্থিত। সময় পাৰ হৈ গৈ আছে, তথাপিও নাৰদ মুনিৰ দেখা সাক্ষাৎ নাই।চিত্ৰগুপ্তই মনে মনে হাঁহি আছে। কোনো কোনোৱে নাৰদ মুনিৰ এনে কাণ্ডজ্ঞানহীন কামত আশংকাও প্ৰকাশ কৰিছে। ঠিক এনে সময়তে উদভ্ৰান্তৰ দৰে সভাত উপস্থিত হলহি দেৱৰ্ষি নাৰদ। চুলিবোৰ আউলি-বাউলি। চেহেৰা দেখি এনে লাগিছে যেন বেছ কিছুদিন ধৰি তেওঁৰ খোৱা-শোৱা কৰা নাই। তেওঁৰ ঢেঁকীটো ক’ত থ’লে নিজেই পাহৰিলে। একেবাৰে পাগল যেন অৱস্থা। সকলোৱে ইয়াৰ কাৰণ জানিবলৈ বিচাৰিলে যদিও তেওঁ কাকো গুৰুত্ব নিদি চিধা গৈ অশ্বিনী ভাতৃদ্বয়ৰ ভৰিৰ ওচৰত বহিলেগৈ। “বচোৱা” বুলি তাতেই হাওলি পৰিল। সকলো আস্ত-ব্যস্ত হৈ উঠিল।সভা অনিৰ্দিষ্ট সময়ৰ বাবে পিছুৱাই দিয়া হ’ল। একেৰাহে তিনিদিন অশ্বিনী ভাতৃদ্বয়ৰ চিকিৎসাত তেওঁ কিছু সুস্থ হোৱাৰ পিছত পুনৰ সভা আহ্বান কৰা হ’ল। তেতিয়া দেৱৰ্ষি নাৰদে সকলোৰে আগত মুখ খুলিলে। সকলোৱে তেওঁৰ কথা শুনিবলৈ উদগ্ৰীৱ হৈ ৰ’ল।
“বন্ধ কৰক এইবোৰ বন্ধ কৰক, কি এইবোৰ”? বুলি প্ৰথমে অলপ চিঞৰি উঠিল, পিছত মুখৰ ভিতৰতে বিৰবিৰাই কিবা ক’লে । তাৰপিছত সকলোৰে আগত চিৰিয়েল সমন্ধীয় যাৱতীয় নথিপত্ৰ সমূহ দাখিল কৰিলে।
“আৰে বাপৰে, ইমান অদৰকাৰী এইবোৰ কোনে বনায়? খায় নে মূৰত পিন্ধে এইবোৰ? সংস্কৃতিৰ নষ্ট কৰি পেলোৱাৰ মূখ্য কাৰণ এইবোৰ। তাৰপিছত দেৱাদিদেৱ মহাদেৱৰ ফালে চাই ক’লে “অমৃত মন্থনৰ সময়ত ওলোৱা যি বিষ আপুনি কণ্ঠত ধাৰণ কৰিছিল, এয়া তাতোকৈ বেছি বিষাক্ত ।”
“আৰে কি কৈছে ?” ধৰ্মৰাজ যমে আচৰিত হৈ সুধিলে।
“ঠিকেই শুনিছে ধৰ্মৰাজ,কি ক’ব আৰু, এইবোৰ বন্ধ নহ’লে খুব সোনকালেই স্বৰ্গৰ পৰিবেশ দূষিত হ’ব।” তাৰ পিছত অলপ দেৰি ৰৈ পুনৰ ক’লে “মোৰ এটা প্ৰস্তাৱ আছে, যদি অনুমতি দিয়ে তেনেহ’লে আপোনালোক জনাবলৈ বিচাৰিম ।”
সকলো দেৱ-দেৱীয়ে একেলগে অনুমতি প্ৰদান কৰিলে ।
দেৱৰ্ষি নাৰদে পুনৰ ক’বলৈ আৰম্ভ কৰিলে “এইবাৰৰ পৰা স্বৰ্গত নতুন নিয়ম প্ৰৱৰ্তন কৰা হওক। যিজনে বা যিসকলে চিৰিয়েল চাব, তেওঁলোকৰ বাবে স্বৰ্গৰ দুৱাৰ চিৰদিনৰ বাবে বন্ধ কৰা হ’ব। তেওঁলোকক পাপী বুলি গণ্য কৰা হ’ব আৰু তেওঁক নৰকত স্থান দিয়া হ’ব ।”
“এইটো অলপ বেছিয়েই হ’ল” আগবাঢ়ি আহি সকলোৰে মাজত থিয় হৈ চিত্ৰগুপ্তই ক’লে।
যমৰজাই চকু ৰঙা কৰি চিত্ৰগুপ্তৰ ফালে চালে। পিছে চিত্ৰগুপ্তই যমৰজাক অলপো গুৰুত্ব নিদি আকৌ ক’বলৈ ধৰিলে, “সকলোৱে নৰকলৈ গৈ চিৰিয়েল চাবলৈ সাজু হৈ আছে। দেৱৰ্ষি আপুনি এনেদৰে কৈছে যেন মৰ্ত্যৰ মানুহে এইবোৰ চাই সাংঘাতিক মাৰ-পিট, হত্যা, বোমা বিস্ফোৰণ সংঘটিত কৰিছে। আৰে স্বৰ্গত দেৱৰাজ ইন্দ্ৰৰ সভাত যদি অপেশ্বৰীসকলে নৃত্য গীত পৰিৱেশন কৰাটো বিনোদন হয়, তেনেহ’লে মৰ্ত্যৰ চিৰিয়েল বোৰ হ’ল তেওঁলোকৰ এন্টাৰটেইনমেন্ট ।” তাৰপিছত চিত্ৰগুপ্তই আৰু কৈ গ’ল যে কিয় তেওঁ নৰকত চিৰিয়েল চাবলৈ অনুমতি প্ৰদান কৰিছে। তেওঁ ক’লে “এদিন মই নৰকৰ ৰাস্তাইদি ধৰ্মৰাজৰ সভালৈ আহি আছিলোঁ। আচলতে আহোতে মোৰ দেৰি হৈছিল। কাৰণ ঘৰত পত্নীক পূজাৰ বাবে পাৰিজাত ফুল দি আহিছিলোঁ। গতিকে ভাবিলোঁ যে সেই বাটেৰেই যাওঁ, দূৰত্বও কম হ’ব আৰু সোনকালে সভাত উপস্থিত থাকিবও পাৰিম। এনে সময়তে দেখিলোঁ যে চাৰিজন পাপী পাথৰৰ ওচৰত কঁপি কঁপি বহিছে । চাবুকৰ কোবত বেচেৰাহঁতৰ শৰীৰ ফাটি তেজেৰে তুমৰলি দিছে। নতুনকৈ নৰকলৈ আহিছে, এতিয়াও এইবোৰ সহ্য কৰিব পৰা হোৱা নাই। মোক দেউতা বুলি মাতিলে তেওঁলোকে। মই যেতিয়া ওচৰলৈ গ’লোঁ, মোক ক’লে…
দেৱী লক্ষ্মীৰ চকুৰে চকুপানী ওলাল। তেওঁ শাৰীৰ আঁচলৰ চুকটোৰে চকুপানী টুকি টুকি কৰুণ স্বৰেৰে চিত্ৰগুপ্তক সুধিলে “ইচ্ ৰাম কি ক’লে তেওঁলোকে ?”
মা লক্ষ্মীক প্ৰণাম জনাই চিত্ৰগুপ্তই জনালে, সেইদিনা তেওঁলোকে কাতৰ কন্ঠেৰে কৈছিল “দেউতা আপোনাৰ ওচৰত আমাৰ এটা অনুৰোধ আছে , যদি পাৰে বিবেচনা কৰিবচোন। খালী পেটত আমি মাৰপিট সহ্য কৰিবলৈ কষ্ট হৈছে। যদি কিবা এটা ব্যৱস্থা কৰি দিয়ে ভাল হ’ব ।”
চিত্ৰগুপ্তই কপাল কোঁচাই সুধিলে “কিয় তোমালোকক খাবলৈ নিদিয়ে নেকি ?”
পাপী সকলে অনুশোচনাৰ সুৰত কৈছিল “হজুৰ নহয় নহয়, আমি সেই খোৱাৰ কথা কোৱা নাই আমি অন্য খোৱাৰ কথাহে কৈছোঁ। মানে চিৰিয়েলৰ কথাহে কৈছোঁ। আচলতে চিৰিয়েল চালে আমাৰ কষ্টৰ অনুভৱ কম হ’ব, শাস্তিটো সহ্য কৰিব পাৰিম। এইটোৱেই কথা। চাওকচোন দেউতা ঈশ্বৰ, যদি কিবা সুবিধা কৰিব পাৰে ।”
চিত্ৰগুপ্তই প্ৰথমতে কথাটো বুজি পোৱা নাছিল। তেতিয়া পাপীসকলে তেওঁক এসপ্তাহ চিৰিয়েল চোৱাৰ প্ৰস্তাৱ দিছিল যাতে তেখেতে চিৰিয়েল সমন্ধে জানিব পাৰে আৰু তেওঁলোকৰ দুখ বুজিব পাৰে। চিত্ৰগুপ্তই বিশেষ মন্ত্ৰৰ দ্বাৰা মৰ্ত্যৰ সকলো চিৰিয়েল চালে আৰু তাৰপিছত তেওঁ নৰকত চিৰিয়েল চাবলৈ অনুমতি প্ৰদান কৰে ।
“হয়, ময়ো একেৰাহে এসপ্তাহ চিৰিয়েল চাইছিলোঁ, ক’তা দেৱৰ্ষি নাৰদৰ দৰে অৱস্থা মোৰতো হোৱা নাই । এনেই বেছি কৰিছে এখেতে। আপুনি এনেকুৱা ভাব কৰিছে যে গোটেই পৃথিৱীখন চিৰিয়েলৰ বাবে ৰসাতলে গৈছে ।” সভা ভৰ্তি দেৱ-দেৱীৰ মাজত থিয় হৈ দেৱৰ্ষি নাৰদৰ ফালে চাই চিত্ৰগুপ্তই একে উশাহতে কৈ গ’ল কথাবোৰ।
“পৃথিৱী ৰসাতলে যাওক বা নাযাওক, তুমি কিন্তু পূৰা চিৰিয়েলৰ ৰসত সোমাই পৰিছা বুলি মই ভালদৰে ধৰিব পাৰিছোঁ” বুলি তীক্ষ্ণস্বৰেৰে যমৰাজে চিত্ৰগুপ্তক সমালোচনা কৰিলে।
ইমান দেৰী নাৰায়ণ মনে মনে বহি আছিল। এইবাৰ তেওঁ ক’বলৈ ধৰিলে,”আমি চিত্ৰগুপ্তৰ কথা শুনিলোঁ আৰু নাৰদ তোমাৰ প্ৰস্তাৱো আমি গ্ৰহণ কৰিলোঁ। কিন্তু সিদ্ধান্ত অকল তোমাৰ মতৰ ওপৰত বিচাৰ কৰি ল’লেই নহ’ব নহয়। আৰু চিত্ৰগুপ্তৰো এটা সন্মান আছে। এইটো সঁচা যে চিত্ৰগুপ্তই বৰ লৰালৰিকৈ সিদ্ধান্ত ল’লে। যদি আমি এইটো হঠাতে বন্ধ কৰি দিওঁ, বেচেৰা চিত্ৰগুপ্তৰ কি সন্মান থাকিব পাপীবোৰৰ ওচৰত ? গতিকে সকলো দিশ চালিজাৰি চালেহে এই সমস্যা সমাধান কৰিব পৰা যাব। হে নাৰদ আগতে চিৰিয়েল সমন্ধীয় নথিপত্ৰ সমূহ দাখিল কৰা। এই এসপ্তাহে কি দেখিলে,কি বুজিলে সকলো আগতে বুজায় কোৱা”।
নাৰদ মুনিয়ে অলপ সময় ৰৈ মূৰ মোহাৰি অলপ ইতস্ততঃ কৰি ক’বলৈ আৰম্ভ কৰিলে “আজ্ঞা ইয়ে মানে, ক’ৰ পৰা আৰম্ভ কৰিম বুজিয়েই পোৱা নাই। ঠিক আছে কাহিনীৰ পৰাই আৰম্ভ কৰোঁ। আচলতে এইবোৰত কোনো নিৰ্দিষ্ট কাহিনী নাথাকে। সকলো কাহিনী একে, একেবাৰে যা তা। আৰম্ভণিতে যি অলপ কাহিনী থাকে, গোটেই বছৰ সেই কাহিনী ৰং ৰস নোহোৱা হৈ যেনেতেনে জোৰা-তাপলি দি কোনোমতে শেষ কৰে।
দেৱী সৰস্বতীয়ে আচৰিত হৈ সুধিলে “কি মোৰ আৰ্শীবাদ লৈ এওঁলোকে এনেকুৱা কাহিনী লিখিছে ?”
“নহয় আৰু কি দেৱী । আৰু কি মজ্জা জানেনে? এই চিৰিয়েলবোৰ যদি আপুনি এমাহ নোচোৱাকৈ থাকি তাৰ পিছত চাই, দেখিব কাহিনী আগবঢ়াৰ নাম নাই ,একে ঠাইতে থাকি পাক খাই আছে। সকলো চিৰিয়েল একে গোৱালৰ গৰুৰ নিচিনা” বুলি নাৰদ মুনিয়ে ক’লে।
সকলোৱে হাত সাৱটি একেৰাহে শুনি আছে।নাৰদ মুনিয়ে পুনৰ আৰম্ভ কৰিলে “এটা বিশাল অট্টালিকাৰ দৰে ঘৰ দেখুৱাব আৰু গোটেই পা-পৰিয়ালৰ গোষ্ঠীৰে সৈতে তাতেই থাকে। “কিন্তু শুনিবলৈ পোৱা মতে পৃথিৱীৰ সকলো যৌথ পৰিয়াল ভাঙি থানবান হৈ গৈছে ! তেতিয়া হ’লে এওঁলোকে কিছুমান ভাল কথাও দেখুৱাই। এনেকুৱা পৰিস্থিতি দেখি যদি মানুহে তাৰপৰা কিবা শিকে, তেনেহলে সেয়া ভালেই। যদি ভাঙি যোৱা সংসাৰ বোৰ লগ হোৱা দেখে সেয়া কি বেয়া কথা?” এইবাৰ স্বয়ং মহাদেৱে মাত লগালে।
“বৰং উল্টাটোহে হয় দেৱাদিদেৱ মহাদেৱ। এইবোৰ দেখিলে পৰিয়ালসমুহ ওলোটাই ভাঙিহে যায়। সকলোৱে লোকৰ সংসাৰত কেনেকৈ অশান্তি সৃষ্টি কৰিব পাৰে আৰু এইটোৰ পিছত সেইটো লাগি খিয়লা-খিয়লি কৰাতেই ব্যস্ত থাকে। সকলো এটা এটা নমুনাহে আৰু। আকৌ পৰিয়াল বুলিয়েই বা ক’ব কাক? সকলো খিচিৰি”।নাৰদ মুনিয়ে প্ৰশ্নকৰ্তা মহাদেৱক উত্তৰ দিলে।
এইয়া শুনি মহাদেৱে অবাক হৈ আকৌ নাৰদ মুনিক সুধিলে “খিচিৰি? এইটো আকৌ কি “?
“সেয়া নহয় কি? আপোনাৰ ঘৰত পৰিয়াল বুলিলে আমি জানো আপুনি আৰু আপোনাৰ পৰিবাৰ, শ্ৰীনাৰায়ণৰ ঘৰত শ্ৰীনাৰায়ণ আৰু পৰিবাৰ। কিন্তু কেনেকুৱা হ’ব কওকচোন , যদি শ্ৰীনাৰায়ণ আৰু আপোনাৰ পৰিবাৰ একেই ঘৰত থাকে ?” নাৰদ মুনিয়ে চিধা মহাদেৱকে লক্ষ্য কৰি প্ৰশ্ন উত্থাপন কৰিলে।
“সেইটো আৰু কি কথা”? মহাদেৱ আচৰিত হৈ পৰিল।
“সেয়াইতো কৈছোঁ মহাদেৱ। এওঁলোকে এনেকুৱাই কৰে। এটা ঘৰত ভেকুলী পোৱালিৰ দৰে এসোপামান মানুহ থাকে। মা-দেউতা,আইতা-ককা আইতা-মা – ককা,খুৰা-খুৰী, মামা-মামী, পেহা-পেহী,মাহী-মহা চব থাকে” বুলি কৈ কৈ ফোপাই জোপাই নাৰদে ক’লে। ইয়াৰ পিছত দীঘলকৈ উশাহ লৈ পুনৰ নাৰদ মুনিয়ে আৰম্ভ কৰিলে, “ইমান খিনিও বাৰু ঠিকেই আছিল। কিন্তু ইয়াতেই শেষ নহয়, সেইটো ঘৰত আহি থাকিবলৈ ল’ব স্বামীৰ প্ৰাক্তন প্ৰেমিকা। ককায়েকৰ আগৰ পত্নীৰ সন্তান,,,,,, ইত্যাদি ইত্যাদি ছিঃ ছিঃ” । এইবুলি কৈ নাৰদ মুনিয়ে ‘নাৰায়ণ’ ‘নাৰায়ণ’ বুলি মন্ত্ৰোচ্চাৰণ কৰিবলৈ ধৰিলে। তেওঁৰ মনলৈ এনে ভাব আহিল যে এই মন্ত্ৰোচ্চাৰণতে যেন চিৰিয়েল চোৱাৰ পাপ ধুই নিকা হৈ যাব। কিন্তু যাক উদ্দেশ্য কৰি ক’লে সেই বিষয়টো মহাদেৱৰ বোধগম্য নহ’ল। ইমান জটিল বিষয় এটা ভোলেনাথে বুজি পোৱাৰ সাধ্য আছে জানো ? নাৰদে কথাটো ধৰিব পাৰি নিজেই মহাদেৱৰ ওচৰত এই জটিল তত্ত্ব পানীৰ দৰে সহজ কৰি বুজাই দিবলৈ চেষ্টা কৰিলে। “হে মহাদেৱ আপুনি বুজি পোৱা নাই নেকি কথাবোৰ ? ৰ’ব মই সহজ সৰলকৈ বুজাই দিওঁ। এতিয়া ধৰক আপুনি কৈলাশত থাকে। আপোনাৰ লগত মাতা পাৰ্বতী আৰু দুয়ো সন্তান থাকে। এতিয়া কল্পনা কৰক যে আপোনালোকৰ লগত কৈলাশৰ সেই ঘৰতে মাতা গঙ্গা, মাতা মনসা আৰু দক্ষ প্ৰজাপতিও একেলগে থাকে তেনেহলে কেনে লাগিব?
মহাদেৱে আঁৰ চকুৰে এবাৰ সহধৰ্মিনী পাৰ্বতীৰ ফালে লক্ষ্য কৰিলে। দেৱী পাৰ্বতীয়ে কপাল কোঁচাই চালে। মহাদেৱে অলপো দেৰী নকৰি লগে লগে উত্তৰ দিলে “এয়া অসম্ভৱ ” ।
“তেতিয়াহ’লে বুজি পালে নে মহাদেৱ। চিৰিয়েলত এই অসম্ভৱ অবাস্তৱ কথাবোৰকে সম্ভৱ আৰু বাস্তৱ ৰূপে দেখুৱাই আছে” বুলি নাৰদ মুনিয়ে জনালে। তাৰপিছত শ্ৰীনাৰায়ণৰ ফালে চাই দেৱৰ্ষি নাৰদে প্ৰশ্ন কৰিলে “প্ৰভূ আপুনি বিশ্ৰাম লোৱাৰ সময়ত শঙ্খ, চক্ৰ, গদা আৰু পদ্ম ধাৰণ কৰিয়েই শুৱে নেকি”?
“একেবাৰেই নহয়” বুলি শ্ৰীনাৰায়ণে পোনপটীয়াকৈ উত্তৰ দিলে।
“ঠিকেই আছে বাৰু। তথাপিও কিন্তু ধৰি ললোঁ আপুনি সকলোবোৰ লগত লৈয়ে শুলে। কাৰণ আপুনি দেৱতা, বিশেষ কোনো মন্ত্ৰ ব্যৱহাৰ কৰি সেই সকলোবোৰ লগত লৈয়ে শুলেও আপোনাৰ একো অসুবিধা নহয়। কিন্তু মোৰ মনলৈ প্ৰশ্ন আহে যে কি মহামন্ত্ৰৰ বলত মৰ্ত্যৰ চিৰিয়েলৰ নাৰী সকলে গাত বেনাৰসী শাৰী, ডিঙিত সীতাহাৰ, কঁকালত কমৰবন্ধনি, সৰ্বশৰীৰত লেপালেপে প্ৰসাধন সানি, মূৰত গম্বুজৰ আকৃতিৰ খোপা বান্ধি শুবলৈ যায় ?” নাৰদ মুনিৰ প্ৰশ্ন শুনি শ্ৰীনাৰায়ণৰ চকু ডাঙৰ হৈ গ’ল আৰু তেওঁ বাকৰুদ্ধ হৈ পৰিল।
তাৰপিছত দেৱৰ্ষি নাৰদে দেৱৰাজ ইন্দ্ৰৰ ফালে চাই সুধিলে “আপুনি কি ভাবে বাৰু,অনন্ত যৌৱন অকল স্বৰ্গতেই আছে? নাই প্ৰভূ এয়া ভুল কথা। গৈ এবাৰ চিৰিয়েল চাওকচোন, তেতিয়া বুজিব। মইতো এদিনত এখন চিৰিয়েল চাইছিলোঁ। তাত দেখিছিলোঁ এজন যুৱক আৰু এগৰাকী যুৱতী ওচৰাওচৰিকৈ বহি আছে। মই ভাবিলোঁ তেওঁলোক প্ৰেমিক হয় চাগে। হে হৰি পিছত গম পালোঁ এওঁলোক পিতা-পুত্ৰীহে। নাৰায়ণ নাৰায়ণ,,,, এয়া কেনেকুৱা পিতা যাৰ এডালো চুলি পকা নাই আৰু এইগৰাকী কেনেকুৱা জীয়েক যি দেখাত পিতাৰ সমবয়সীয়া ।”
নাৰদ মুনিৰ এনে কথা শুনি সকলো স্তব্ধ হৈ ৰ’ল।
“আৰে মই যদি এই চিৰিয়েলৰ সকলো কথাৰ তালিকা প্ৰস্তুত কৰোঁ, সেয়া চিত্ৰগুপ্তৰ গন্ধমদন পৰ্বতৰ দৰে থকা হিচাবৰ বহীয়ো হাৰ মানিব” বুলি নাৰদ মুনিয়ে মন্তব্য কৰিলে।
দেৱী পাৰ্বতীয়ে আচৰিত হৈ ক’লে “কি কোৱা পুত্ৰ”?
“আৰু কি কম মাতা জননী, চিত্ৰগুপ্তৰ বহীটো বাদেই এইবোৰ দেখিলে মহাদেৱৰ মূৰৰ জঁটাও খুলি যাব। সেইকাৰণে কৈছোঁ সকলো কথা এনেকৈ কৈ শেষ কৰাটো অসম্ভৱ। আপোনালোকে যদি এই বিস্ময়কৰ কাহিনী নিজে চাক্ষুস দৰ্শন কৰে, তেতিয়া আৰু ভালদৰে কথাবোৰ বুজি পাব ।” এই বুলি দেৱৰ্ষি নাৰদে সকলোকে প্ৰণাম জনাই চিৰিয়েল চাবলৈ অনুৰোধ জনালে।
“হুম, সেইটো কথা হয় বাৰু। অকল তোমাৰ কথা শুনি সঠিক সিদ্ধান্ত ল’ব নোৱাৰি। সকলোৱে নিজ চকুৰে চাই মেলি এই বিবাদৰ ওৰ পেলোৱা উচিত। গতিকে তোমাৰ প্ৰস্তাৱ সাদৰেৰে গ্ৰহণ কৰিলোঁ। কি কয় দেৱ-দেৱী সকল ?” বুলি শ্ৰীনাৰায়ণে কৰা প্ৰশ্নৰ সকলোৱে মূৰ জোকাৰি সন্মতি প্ৰদান কৰিলে।
সভা প্ৰায় শেষ হ’বৰ হৈছে আৰু, সকলোৱে উঠিবলৈ যো-জা কৰিছে। এনে সময়তে নাৰদ মুনিৰ আৰু কিবা এটা মনত পৰিল। “ৰ’ব ৰ’ব… আচল কথাটো ক’বলৈ নহ’ল ।”
পৰমপিতা ব্ৰহ্মাই ত্ৰস্তমান হৈ প্ৰশ্ন কৰিলে দেৱৰ্ষি নাৰদক “ইয়াৰ পিছতো আচল কথা বাকী আছেই নেকি পুত্ৰ ?”
“আছে প্ৰভূ” দেৱৰ্ষি নাৰদে উত্তৰ দিলে।
এটা দীৰ্ঘনিস্বাস লৈ পৰমপিতা ব্ৰহ্মাই ক’লে “আৰু কি আছে পুত্ৰ কোৱা। ইমানবোৰ শুনিলোৱেই যেতিয়া আৰু অলপ শুনাত আপত্তি কিহৰ ?”
“হয় বাৰু। কি কৈছিলোঁ মই – আচল কথা নহয় জানো ? সেই কথাটো হ’ল ধুমতানানানা সংগীত” দেৱৰ্ষি নাৰদে ক’লে সকলোকে।
“ধুমতানানানা সংগীত ? সেইটো আকৌ কি”?” সকলোৰে মুখত একেটাই প্ৰশ্ন। সকলোৱে কথাটো জানিবলৈ ইচ্ছুক হৈ ৰ’ল।
“কৈছোঁ কৈছোঁ ৰ’ব” বুলি সকলোকে শান্ত কৰি দেৱৰ্ষি নাৰদে ক’বলৈ আৰম্ভ কৰিলে “সেইটো এনেকুৱা সংগীত যিটো কথা-বতৰাৰ সমানে সমানে চলি থাকে। লাগিলে সেয়া শুনিবলৈ যিমানেই বেসুৰা হওক দৰকাৰ নাই। সুখ,দুখ, শ্ৰাদ্ধ,সকাম সকলোতে এই ধুমতানানানা সংগীত দৰকাৰ হয়েই। সকলো চিৰিয়েলৰ সত্তৰ শতাংশ এই ধুমতানানানা সংগীতেৰে ভৰা। বাকী ত্ৰিশ শতাংশৰ দহ শতাংশ কাহিনী,দহ শতাংশ অভিনয় আৰু দহ শতাংশ একো একোটা চৰিত্ৰক ভৰিৰ পৰা মূৰলৈকে বিশবাৰ মান দেখুৱাবলৈ লগতে ঢিচ্ ঢিচ্ ধুমতানানানা শব্দ। এই গোটেইবোৰৰ লগত নায়িকাগৰাকীৰ চকুৰ পানী একেবাৰে ফ্ৰী পাব। ইয়াৰ বাহিৰেও আৰু যি বাকী আছে, আপোনালোকে যেতিয়া স্ব-চক্ষুৰে দৰ্শন কৰিব তেতিয়া বুজি পাব”।
“হুম্ ,,,,,, ঠিক আছে তেতিয়াহ’লে। অহা সপ্তাহতে সকলোৱে মিলি ইয়াত একেলগে বহি চিৰিয়েল চোৱাৰ অভিজ্ঞতা লম” বুলি শ্ৰীনাৰায়ণে সকলোকে জনালে।
“সকলো বুজিলোঁ বাৰু। কিন্তু মোৰো অলপ ক’বলগীয়া আছে। আচ্ছা স্বৰ্গবাসী সকলৰ ফালৰ পৰা কোনোবা মুখপাত্ৰ আছে নেকি? নহয় মানে আমি তেওঁলোকৰো বক্তব্য শুনা উচিত। তেওঁলোকে কি বিচাৰে,কি কয়, তেওঁলোকৰ দাবী কি এইবোৰ কথা নাজানিলে সমাধানৰ সূত্ৰ ওলাব কিদৰে? তেওঁলোকৰ মাজৰ কোনোবাই যদি এই সমস্যাৰ নেতৃত্ব দিছে, তেনেহলে তেওঁক যাতে পৰৱৰ্তী সভাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হওক”। মহাদেৱে ত্ৰিনয়ন বন্ধ কৰি ধ্যানমগ্ন অৱস্থাত কথাখিনি ক’লে। সকলো দেৱ-দেৱীয়ে তেওঁৰ মতৰ সহমত প্ৰকাশ কৰিলে। ইয়াৰ পিছত সভা শেষ হওঁ হওঁ অৱস্থাত স্বৰ্গৰ প্ৰহৰী হঠাৎ সভাত প্ৰৱেশ কৰাত সকলো আচৰিত হ’ল। তেওঁ এনেদৰে সভাত প্ৰৱেশ কৰাৰ কাৰণ সকলোৱে জানিবলৈ বিচৰাত যি উত্তৰ শুনিলে, সকলোৰে টোপনি নোহোৱাৰ দৰে অৱস্থা হ’ল। প্ৰহৰীয়ে ক’লে তেওঁ প্ৰতিদিনৰ দৰে পহৰাত ব্যস্ত হৈ আছিল। দুপৰীয়াৰ জড়তা তেতিয়াও শেষ হোৱা নাই। এনে সময়তে স্বৰ্গৰ এজন পূণ্যৱান মানুহে ইফালে সিফালে চাই মনে মনে স্বৰ্গৰ দৰজা খুলি এখোজ দুখোজকৈ গৈ আছে। তাকে দেখি প্ৰহৰীৰ মনত সন্দেহ উপজে। তেওঁ মনে মনে সেই মানুহজনৰ পিছ ল’লে। ভবা মতেই কাম। নৰকলৈ যাবলৈ লৈছিল তেওঁ। প্ৰহৰীয়ে ধৰাৰ পিছত প্ৰথমে মুখ খুলিব বিচৰা নাছিল। প্ৰহৰীয়ে অলপ কাঢ়াকৈ ধৰাৰ লগে লগে আচল সত্যটো ওলাই আহিল। মানুহ জনে নৰকলৈ গৈ দুপৰীয়াৰ সময়ত দিয়া তেওঁৰ প্ৰিয় চিৰিয়েল ‘স্বামী আৰু শত্ৰু’ৰ ৰিপিট টেলিকাষ্ট চাবলৈ গৈছিল।
পৃথিৱীত থাকোতে সদায় নিয়ম অনুসৰি দুবাৰ এই চিৰিয়েলখন চাইছিল। মৃত্যুৰ পিছত তেওঁৰ আত্মাৰ সদগতি হোৱাৰ পিছতো কিন্তু চিৰিয়েল চোৱাৰ নিচা আজিও এৰিব পৰা নাই। সেয়ে পৃথিৱীলৈ ঘূৰি যোৱাৰতো তেওঁৰ উপায় নাই, অগত্যা নৰকেই শেষ ভৰসা। প্ৰহৰীয়ে সেয়ে এই স্বৰ্গৰ বাসিন্দাজনক ধৰি আনিছে আৰু এতিয়া তেওঁৰ কৰণীয় কি তাকে সুধিবলৈ সভাত উপস্থিত হৈছেহি।
আকৌ স্বৰ্গত সভা আৰম্ভ হ’ল। ধৰ্ণা দি থকা বাসিন্দাসকলৰ নেতা বা নেত্ৰীক মাতি পঠিওৱা হ’ল । এজন কম বয়সীয়া যুৱক আহি সভাত প্ৰৱেশ কৰিলে। বয়স অতি বেছি সাতাইশ বছৰ হ’ব। তেওঁক দেখিয়েই দেৱৰাজ ইন্দ্ৰই সুধিলে “তোমাক দেখিলেতো চিৰিয়েলখোৰ যেন নালাগে দেখোন, তুমি এইবোৰ সমস্যাত সোমালা কিয়”? যুৱক জনে উত্তৰ দিলে
“চিৰিয়েল মৃত্যুৰ আগতে একেবাৰে চোৱা নাছিলোঁ তেনে নহয়। মই বেছিভাগ দেশভক্তি মূলক বা কোনো বিশেষ ব্যক্তিত্বৰ ওপৰত নিৰ্মিত চিৰিয়েল চাইহে বেছি ভাল পাওঁ। কিন্তু আৰম্ভণিতে সেই চিৰিয়েলবোৰ ঠিকেই থাকে, তাৰপিছত চব নিজৰ মতে কৰে। সেই কাৰণে মই কাণত ধৰিছোঁ টেলিভিছনৰ চিৰিয়েল কোনোদিনে নাচাওঁ বুলি ।”
দেৱৰ্ষি নাৰদৰ যুৱকৰ কথা শুনি অত্যন্ত খং উঠিল আৰু সুধিলে “আচৰিত দেখোন তুমি ! নিজে চিৰিয়েল নোচোৱা, তথাপিও এনেই এনেই এই আজেবাজে চাবলৈ বিচৰা সকলৰ পক্ষলৈ আন্দোলনৰ নেতৃত্ব দিছা। এয়া কেনেকুৱা কথা”?
যুৱকেও সমান দৃঢ়তাৰে উত্তৰ দিলে “মই প্ৰথমে সন্মত হোৱা নাছিলোঁ। কিন্তু তেওঁলোকৰ মাজৰ কোনেও নেতৃত্ব ল’বলৈ সন্মত নোহোৱা বাবে বাধ্যত পৰি নেতৃত্ব দিবলগীয়া হৈছে। মই চিৰিয়েল আগতেও চোৱা নাই আৰু কেতিয়াও নাচাওঁ। মোৰ কোনো দৰকাৰেই নাই। এই অসহায় বৃদ্ধ মানুহ বোৰৰ কোনো নাই বাবে তেওঁলোকক সহায় কৰি দিছোঁ। এনেকৈ কৈফিয়ৎ দিবলগীয়া হ’ব বুলি জানিলে সন্মতি নিদিলোহেঁতেন।
তাৰপিছত দুয়ো পক্ষৰ মাজত কিছুসময় কথা-বতৰা হ’ল। যুৱকেও তেওঁলোকৰ পক্ষৰ সকলো দাবী , অধিকাৰ সভাত দাঙি ধৰিলে। যুৱক জনক বিদায় দিয়াৰ পাছত আৰম্ভ হ’ল চিৰিয়েল চাক্ষুস দৰ্শনৰ কাম। স্বৰ্গত সেইসময়ত হৈ চৈ লাগিছে। দেৱ-দেৱীৰ মাজত ঢেৰ আলোচনা চলিছে। সকলো হৈ যোৱাৰ পিছত সময় আহিল বহুচৰ্চিত ফল ঘোষণা কৰাৰ। স্বৰ্গত ঢাক বজোৱা হ’ল, নোটিচ অঁৰা হ’ল , চিৰিয়েল সম্পৰ্কিত নতুন বিজ্ঞপ্তি জাৰি কৰা হ’ল।
প্ৰথমতে ডাঙৰ আখৰেৰে লিখা হ’ল যে – চিৰিয়েল চোৱা মহাপাপ নহয়। গতিকে পাপী সকলৰ নিচিনাকৈ পূণ্যৱান সকলেও চিৰিয়েল চাব পাৰিব। আনকি চাওঁ বুলি ভাবিলে দেৱতা সকলেও চিৰিয়েল চাব পাৰিব, যদিও তেওঁলোকে আগতেই জনাইছেই যে তেওঁলোক এইবোৰ চক্কৰত নাই। চিত্ৰগুপ্ত কিন্তু চিৰিয়েল চোৱাৰ পক্ষত অটল হৈ আছে।এই চিৰিয়েল চাবলৈ হ’লে কিছুমান নিয়ম মানি চলিব লাগিব যিটো স্বৰ্গৰ মনুষ্য আৰু চিৰিয়েলপ্ৰেমী দেৱ-দেৱী উভয়ে বাধ্যতামূলক ভাৱে মানি চলিব লাগিব।
*প্ৰথম চৰ্তঃ* স্বৰ্গত মাত্ৰ এটা বিশেষ কক্ষতহে চিৰিয়েল চাব পাৰিব। য’ত ত’ত চাওঁ বুলিলে চাব নোৱাৰিব। আৰু সেই বিশেষ কক্ষটো অতি সোনকালেই বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰা হ’ব।
*দ্বিতীয় চৰ্তঃ* প্ৰত্যেকৰ বাবে মাত্ৰ আধাঘণ্টা সময় স্থিৰ কৰা থাকিব। কোনো ৰিপিট টেলিকাষ্ট চাবলৈ দিয়া নহ’ব।
*তৃতীয় চৰ্তঃ* যিসকলে চিৰিয়েল চাব, তেওঁলোকে বাধ্যতামূলক ভাৱে দেৱৰাজ ইন্দ্ৰৰ সভাত পৰিবেশন কৰা সাংস্কৃতিক অনুষ্ঠানৰ শাস্ত্ৰীয় নৃত্য, গীত বা ভজন-কীৰ্তনত অংশগ্ৰহণ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব।
আৰু এই নিয়ম সঠিকভাৱে পালন নকৰা বা উলঙ্ঘা কৰা জনক শাস্তি স্বৰূপে মনুষ্য জন্ম লৈ মৰ্ত্যলৈ যাব লাগিব।
স্বৰ্গৰ মানুহবোৰ এই ঘোষণা শুনাৰ পৰাই সুখী হৈছে। তেওঁলোকৰ এই চৰ্ত মানি লোৱাত কোনো অসুবিধা নাই। তেওঁলোকে মনতে ভাবিছে যে তেওঁলোকৰ আন্দোলন সফল হ’ল। আনহাতে চিত্ৰগুপ্তই যিহেতু যমৰজাৰ অনুমতি অবিহনেই নৰকত চিৰিয়েল চোৱাৰ আজ্ঞা দিছিল, গতিকে তেওঁ শাস্তিৰ সন্মুখীন হ’ব লগা হ’ল। আৰু তেওঁৰ শাস্তি হ’ল – অহা ছমাহলৈ তেওঁ কোনো চিৰিয়েল চাব নোৱাৰিব।
*******

5:34 PM
বৰ ধুনীয়া হৈছে
11:40 AM
বৰ ভাল লাগিল।
8:04 PM
পঢ়ি ভাল পালোঁ। সুন্দৰ লিখিছে।