ৰঙালী বিহুৰ ঐতিহ্য পৰম্পৰাৰ এক চমু আভাস-বৰষা ডেকা 

বিহু হ’ল চহা জীৱনৰ সৈতে সম্পৰ্ক থকা অসমৰ এটি উৎসৱ৷ তিনিটি বিহুৰ অন্যতম অসমীয়াৰ অতিকৈ চেনেহৰ ৰঙালী বিহুটিৰ কথা কৈ শেষ কৰিব নোৱাৰি। ব’হাগ বিহু বা ৰঙালী বিহু বসন্ত কালৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলি কোৱা হয়। ব’হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰপৰা আৰম্ভ কৰি ব’হাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক “সাত বিহু” বুলি জনা যায়। চ’তৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে মানুহ বিহু, গোঁসাই বিহু,তাঁতৰ বিহু,নাঙলৰ বিহু,জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু।  বিহুৰ এই সময়ছোৱাত গছ-গছনিত কুঁহিপাতে হালি-জালি নচাৰ বতৰত, কুলি-কেতেকী চৰায়ে বনৰ মাজে মাজে সুললিত গীত আৰম্ভ কৰাৰ শুভ ক্ষণত, মানুহৰ মন-প্ৰাণো উত্ৰাৱল হৈ উঠে বসন্তৰ পৰশত।

কৃষি সংস্কৃতিৰ লগত সংগতি ৰাখি ৰঙালী বিহু উদযাপন কৰি আহিছে। বিহুৰ নীতি-নিয়মবোৰ যেন অসমীয়া সমাজৰ দাপোনস্বৰূপ আৰু এই দাপোনতে প্ৰতিভাত হয় সমাজৰ সংস্কৃতি আৰু পৰম্পৰাসমূহ।কৃষিৰ আৰম্ভণিতে অৰ্থাৎ চ’ত-ব’হাগ মাহত ৰঙালী বিহু, ৰোৱা ধানে ঠন ধৰি উঠাৰ সময়।ব’হাগ বিহু বা ৰঙালী বিহু তিনিওটা বিহুৰ ভিতৰত প্রধান। জনবিশ্বাসমতে ডেকা-গাভৰুৱে মুকলি পথাৰত গৈ প্রেম-যৌৱনৰ গীতেৰে পুৰুষ স্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্রকৃতিক উত্তেজিত কৰি বৰষুণৰদ্বাৰা মিলন ঘটাই বসুমতী শস্যসম্ভৱা হোৱাৰ যি প্রক্রিয়া, তাতেই ৰঙালী বিহুৰ উৎস আৰু তাৎপৰ্য নিহিত হৈ আছে। উজনি অসমত বিহুৰ ভিতৰতে আমৰ মল, কঁঠালৰ মুচি আৰু মচুৰ মাহ পটাত বটি সৰ্বোষধি খোৱাৰ পৰম্পৰা আছে। তেনেদৰে ঘৰৰ চাৰিওপিনে নহৰুৰ পানী ছটিয়াই দিয়া, ছেৰা বিহুৰ দিনা পঁইতা আৰু দৈ খোৱাটো উল্লেখযোগ্য। আকৌ বিহুৰ ভিতৰতে কণীৰে যুঁজিবলৈ যোৱা, কড়ি খেল খেলোৱা, গছপুলি ৰোৱা, আদি পৰম্পৰাও পালন কৰা পৰিলক্ষিত হয়।বিহু যিহেতু কৃষিভিত্তিক উৎসৱ, সেয়ে অসমীয়াৰ বাবে গৰু হালেই প্ৰধান সম্পত্তি। খেতি কৰিবলৈ গৰুহাল নহলে নহয়, সেয়ে বিহুৰ প্ৰথম দিনা গৰুক মাহ-হালধিৰে গা ধুৱাই, নীতি-নিয়মৰ মাজেৰে আগবঢ়া হয়।গৰু বিহুৰ দিনা ৰাতিপু্ৱাই গৰু-ম’হক পিহি লোৱা মাহ-হালধিৰে নোৱাই, শিঙত তেল সানি, দীঘলতি আৰু মাখিয়তীৰ ঠাৰিৰে কোবাই ওচৰৰে নৈ বা পুখুৰীলৈ নি একেলগে হৰিধ্বনি দি সমূহীয়াভাৱে গা ধুৱায় আৰু লগত “চাট”(ত্ৰিশূলাকৃতিৰ বাঁহৰ মিহি শলা)ত সী নিয়া লাউ, বেঙেনা, কেৰেলা, থেকেৰা, তিঁয়হ, হালধি(কেঁতুৰি) আদি গালৈ দলিয়াই গোৱা হয়…………

“লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।

মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।।”

এইদৰে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়।সেই দিনা গৰুক গাত ঘঁহা তেল মানুহে গাত ঘঁহিলে চৰ্মৰোগ নহয় বুলি কোৱা কথাটোও এই প্ৰসঙ্গত প্ৰণিধানযোগ্য। তেনেদৰে ব’হাগ বিহুত গৰু ছাগলীক ঘঁহা মাহ হালধিও মানুহে গাত সানি গা ধুলেও বছৰটোলৈ বেমাৰ আজাৰ নহয় বুলি লোক বিশ্বাস আছে।গৰুক গা-ধোৱাই সেৱা-সৎকাৰ কৰি সন্ধিয়া নতুন পঘাৰে বন্ধা হয়। এই বিহুত সাতশাক খোৱা পৰম্পৰাৰ লগতো এক বিশ্বাস জড়িত হৈ আছে।ব’হাগ মাহত চলি অহা বিভিন্ন লোক পৰম্পৰাৰ ভিতৰত অন্যতম হল ১০১ বিধ শাক খোৱা। গৰু বিহুৰ দিনটোতেই অতীজৰে পৰা চলি অহা পৰম্পৰা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ১০১ বিধ শাকৰ জুতি লোৱা হয়।এই পৰম্পৰাৰ বিজ্ঞানসন্মত কাৰণ আছে।বিশ্বাস কৰা হয়‌‌ যে, ১০১ বিধ শাক খালে বছৰটোৰ বাবে নিৰোগী হৈ থাকে। অতীজৰে পৰাই অসমৰ বহু শাক, লতা বিভিন্ন দুৰাৰোগ্য ৰোগত ঔষধিৰূপে ব্যৱহাৰ হৈ আহিছে। অসমীয়া মানুহে গৰু বিহুৰ দিনা ১০১ বিধ শাক সংগ্ৰহ কৰি খোৱাটো এক সুন্দৰ পৰম্পৰা।সকলো শাক আজিকালি পাবলৈ টান বাবে ইয়াৰ লগতে পাচলিও মিহলি কৰি দিয়া হয়। এনে শাক-পাচলিয়ে মানুহৰ দেহলৈ সতেজতা আনে, শক্তি যোগায় আৰু বহু ৰোগ‌ নিৰাময় কৰে। গৰু বিহুৰ পাছদিনা অৰ্থাৎ ব’হাগৰ পহিলা তাৰিখে মানুহ বিহু। নামনি অসমত মানুহ বিহুৰ দিনাক “বৰ দোমাহী” বোলে।  এই দিনটোত গা-পা ধুই পৰিয়ালৰ সকলো একেলগ হয় আৰু সৰুৱে ডাঙৰক সেৱা কৰে তথা ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে। নতুন বছৰৰ প্ৰথম দিনটোতে নিয়ম-নীতি, পৰম্পৰাৰে অসমীয়াই নতুন বছৰক আদৰি লয়। কিছুমান তিতাৰ ৰস ৰাতিপুৱাই খোৱাৰ নিয়ম। ৰাতিপুৱা মাহ-হালধি সানি গা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। বিহুৰ নতুন বস্ত্ৰ বিহুৱান মৰমৰ গামোচা উপহাৰেৰে এজনে আনজনৰ প্ৰতি মৰম, সন্মান আৰু শ্ৰদ্ধা জনায়। ব’হাগ বিহু ৰং ধেমালিৰ উৎসৱ। হুঁচৰি, বিহুনাচ আৰু বিহুনামৰ উপৰিও ব’হাগ বিহুত নানান খেল ধেমালি কৰা দেখা যায়। তাৰ ভিতৰত কণীযুঁজ আৰু কড়িখেল উল্লেখযোগ্য।এই দুয়োবিধ খেলেই প্ৰজননৰ প্ৰতীক। বছৰৰ আৰম্ভণিতে খেলা কড়িফুটা মানে ধৰণী সোণালী শইচেৰে নদন-বদন হোৱা আৰু নুফুটা মানেই অনাবৃষ্টি, অতিবৃষ্টি, বন্যা আদিয়ে আগুৰি ধৰা। কড়িখেলত জিকিলে অবিবাহিতজনৰ বিবাহৰ যোগ মিলে বুলি বিশ্বাস কৰা হয়। আহোম স্বৰ্গদেউ সকলৰ দিনতে এই দুবিধ খেলৰ উপৰিও শেনখেল, ম’হযুঁজ, মাল-যুঁজ, হাতী যুঁজ, কুকুৰা যুঁজ আদি খেলবোৰে জনপ্ৰিয়তা লাভ কৰি ৰজাঘৰীয়া সন্মান আৰু পৃষ্ঠপোষকতা লাভ কৰিবলৈ সক্ষম হৈছিল।ৰংঘৰৰ বাকৰিত এই খেলবোৰ অনুষ্ঠিত হৈছিল আৰু এইবিলাকৰ প্ৰতিযোগিতাও হৈছিল; লগতে ঢুলীয়া-নাচনীৰো প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। 

ব’হাগ বিহুটি অসমীয়া সমগ্র সত্তাটোৰ প্রাণস্বৰূপ। আজিৰ সময়তো ভৌগোলিক সীমা পৰিহাৰ কৰি জাতি-ধর্ম-বর্ণ কোনো ভেদাভেদ নথকাকৈ পালন কৰিব পৰা অন্যতম এক উৎসৱৰ নামেই হ’ল ব’হাগ বা ৰঙালী বিহু। ব’হাগ মাথোঁ এটি মাহ নহয়। ব’হাগ আমাৰ অসমীয়াৰ প্ৰাণস্বৰূপ।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *