God’s own country কেৰেলা ভ্ৰমণৰ এছোৱা-ৰঞ্জনা দত্ত

১। আৰৱ সাগৰৰ ৰাণী কোচ্চিৰ পৰা কুঁৱলীময় মুন্নাৰলৈ
ভাৰতবৰ্ষৰ একেবাৰে দক্ষিণ পশ্চিম কোণত অৱস্থিত প্ৰকৃতিৰ অপূৰ্ব শোভাৰে বিভূষিত কেৰেলা ৰাজ্যখন চোৱাৰ ভীষণ হাবিয়াস এটা বহুদিনৰপৰা মনত পুহি ৰাখিছিলো। কেৰেলাত গৰমৰ দিনত খুব বেছি গৰম আৰু ভৰ বাৰিষাৰ দিনকেইটাত নেৰানেপেৰা বতাহ বৰষুণ আৰু বানপানীৰ প্ৰকোপত পৰাৰ সম্ভাৱনাৰ বাবে কেৰেলালৈ অক্টোবৰৰ শেষৰ ফালৰপৰা মাৰ্চ মাহমানলৈহে যোৱাৰ উপযুক্ত সময়।আমাৰ ল’ৰা ঋতম বাঙ্গালোৰত থকাৰ সুবাদত আমিও মাজে মাজে বাঙ্গালোৰত কিছুদিন থাকি আহোঁগৈ আৰু ওচৰে পাজৰে থকা দুই এখন ঠাই চাই আহিবলৈ চেষ্টা কৰো।যোৱা ২০২৫ চনৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত এটা বিশেষ কামৰ বাবে বাঙ্গালোৰলৈ যোৱাৰ কথা এটা ওলাল। বৰষুণৰ বাবে কেৰেলালৈ অক্টোবৰৰ শেষৰ পৰাহে যাবলৈ ভাল যদিও আমাৰ সুবিধা মিলাই এই যাত্ৰাতে কেৰেলা দৰ্শন কৰি আহোঁ বুলি ঠিক কৰিলো। ল’ৰা ঋতমে বিমানেৰে ত্ৰিবান্দ্ৰমলৈ গৈ তাত থাকি লৈ পনমুডি, এলেপ্পি, আৰু কন্যাকুমাৰীলৈ যোৱাৰ প্লেন এটা যুগুতাই পঠালে। মোৰ পিছে ত্ৰিবান্দ্ৰম হৈ কন্যাকুমাৰীলৈ যোৱাতকৈ বিতোপন চাহবাগিছাৰে ভৰা মুন্নাৰ আৰু বেক ৱাটাৰ সমৃদ্ধ এলেপ্পিলৈ যোৱাৰহে ইচ্ছা আছিল। গতিকেই গুগলত বিচাৰ-খোঁছাৰ কৰা আৰম্ভ কৰি দেখিলো যে বাঙ্গালোৰৰ পৰা ত্ৰিবান্দ্ৰমলৈ নগৈ চিধা কোচ্চিলৈ গ’লে সুন্দৰ পাঁচ-ছয় দিনীয়া ভ্ৰমণ এটা কৰিব পৰা যায়। সেইদৰে গ’লে খৰচ আৰু কষ্টও যথষ্ট কম হ’ব। যাত্ৰাৰ আঁচনি যুগুতাই ল’ৰাক গাড়ী এখন বন্দোৱস্ত কৰাৰ দায়িত্ব দিলো।
কেৰেলাত বহুতো টুৰিষ্ট টেক্সি চলোৱা এজেন্সী আছে যদিও সকলোৱে কিছু নিৰ্ধাৰিত নিয়ম- নিতীৰ মাজেৰে চলে। গাড়ী ভাড়া আমাৰ অসমৰ হিচাপত যথেষ্ট কম, ড্ৰাইভাৰ সকল বিশ্বাসী আৰু তেওঁলোকৰ আচাৰ -ব্যৱহাৰ অত্যন্ত ভাল। কেইবাটাও এজেন্সীৰ লগত যোগাযোগ কৰাৰ পিছত শোভা কেব এজেন্সী নামৰ এজেন্সী এটাৰপৰা চেডান গাড়ী এখন ৫ দিনৰ বাবে ১০,০০০ টকাত ঠিক কৰা হ’ল। গাড়ীখনে আমাক কোচ্চিৰ পৰা মুন্নাৰ, থেক্কাড়ী, এল্লেপী, আদি ঘূৰাই আকৌ কোচ্চীত নমাই দিব। চাবলগীয়া প্ৰায় আটাইবোৰ ঠায়েই আমাক বাটত দেখুৱাই নিয়াৰ কথা। যাত্ৰাটো বেচ ভালেই হ’ব যেন লাগিল।
বাঙ্গালোৰৰ পৰা কোচ্চিলৈ বিমানেৰে প্ৰায় ডেৰ ঘন্টা সময় লাগে। কোচ্চিৰ জনপ্ৰিয় নাম ‘কুইন অফ্ আৰবিয়ান চি’। প্ৰায় পোন্ধৰশ শতিকাৰ আগৰপৰাই লং, ইলাচি, ডালচেনী, জাৱিত্ৰী, কোকো ,কফি আৰু আন বহুতো মচলা জাতীয় খাদ্য সামগ্ৰীৰ আন্তৰ্জাতিক ৰপ্তানিৰ বাবে এই বন্দৰটো ব্যৱহাৰ হৈ আহিছে। ইয়াৰ পৰা চীনদেশৰ লগতে ইউৰোপৰ বহু দেশলৈ মচলা ৰপ্তানি কৰা হৈছিল।
সাগৰ থকা ঠাইত সাগৰৰ একেবাৰে পাৰতে বা খোজকঢ়া দূৰত্বৰ ভিতৰত থকা হোটেলত থাকিলে সুবিধা হয়। মন গ’লেই সাগৰ তীৰলৈ ওলাই যাব পাৰি। সেইবাবে কোচ্চিতো সাগৰৰ পাৰত থকা হোটেলত থাকিম বুলি থিৰাং কৰিছিলো। কিছু চোৱা চিতা কৰি বিমান বন্দৰৰপৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৈৰ ফোৰ্ট কোচ্চি নামৰ ঠাইখনত সাগৰৰ নাতি দূৰৈত থকা হোটেল এখন বুক কৰিলো। ফোৰ্ট কোচ্চি এলেকাটো কোচ্চি চহৰৰ এমূৰে সাগৰৰ সমীপত থকা এটা সুন্দৰ বৃহৎ এলেকা। ইয়াত থকা পৰ্তুগীজ, ডাচ আৰু ব্ৰিটিছ সকলৰ পূৰণি ঐতিহাসিক ভৱন আৰু গিৰ্জাসমূহ চাবলগীয়া। গুগলত বিচাৰ খোচাৰ কৰাৰ সময়ত ফোৰ্ট কোচ্চিৰ সূৰ্যাস্তৰ সময়ত তোলা সাগৰৰ পাৰত শাৰী শাৰীকৈ থকা ডাঙৰ ডাঙৰ মাছমৰীয়া জালবোৰৰ ফটো দেখি অভিভূত হৈ পৰিছিলো আৰু তেতিয়াই এইবোৰ চোৱাৰ চিন্তা মনলৈ আহিছিল। আমাৰ বিমানখন আবেলি চাৰিমান বজাতে অৱতৰণ কৰিছিল যদিও বেলি ডুব যোৱাৰ পাছতহে ফোৰ্ট কোচ্চিৰ হোটেলখন পালোহি। গতিকে সূৰ্যাস্তৰ সুন্দৰ দৃশ্য চোৱাৰ পৰা বঞ্চিত হ’ব লগা হ’ল। আমাৰ হোটেলখন প্ৰায় দুশ বছৰ পুৰণি বুলি হোটেলৰ মালিকজনে ক’লে। পুৰণি কাঠৰ চাপৰ দুৱাৰেৰে ভিতৰলৈ সোমাই গৈয়েই দেখিলো ৰিচেপচন এলেকাৰ দেৱালত ওপৰৰপৰা তললৈ কিতাপ সজাই থোৱা আছে।কিতাপ পঢ়াৰ লগতে চাহ কফি খাব পৰাকৈ ঘূৰণীয়া টেবুল চকীও সজাই থোৱা আছে। পৰিবেশটো দেখিয়েই মনটো ভাল লাগি গ’ল। পিছতহে গম পালো যে কিতাপবোৰ পঢ়ি ভাল লাগিলে তাৰপৰা আধা দামত কিনিবও পাৰি। শতিকা পুৰণি হোটেলখনৰ ভিতৰফালে থকা বহুতো কাঠৰ চিৰিৰে উঠা-নমা কৰি আমাৰ কোঠাতো পালোগৈ। বহু পুৰণি দিনৰ হোটেল যদিও ডাঙৰ কোঠাটোত আৱশ্যকীয় সকলোখিনি সা-সুবিধা দিয়া আছে দেখি সকাহ পালো।
দিনটো ভালদৰে খোৱাবোৱা নকৰাৰ বাবে আমাৰ তিনিওৰে খুব ভোক লাগিছিল। মুখ-হাত ধুই কিবা এটা খাই লোৱাৰ মানসেৰে হোটেলৰ পৰা ওলাই আহিলো। বাহিৰত ডাঙৰ ডাঙৰ টোপালেৰে স’তে বৰষুণ দিবলৈ আৰম্ভ কৰিছিল।কোচ্চিত অক্টোবৰ মাহৰ প্ৰথম ভাগত বৰষুণ থাকেই বাবে হাতত ছাটি লৈ ওলাই আহিছিলো। হোটেলখনৰ ওচৰে-পাঁজৰে থকা আটাইবোৰ ঘৰেই বহু পুৰণি দিনৰ যেন ভাৱ হ’ল। তাৰে দুই এটা ঘৰ ধুনীয়াকৈ সজাই পৰাই ৰেষ্টুৰেন্ট আৰু কাপোৰ-কানি বিক্ৰী কৰা দোকানো খুলিছে। বাহিৰত দি থকা দোপাট্ পিটা বৰষুণৰ মাজতে ওচৰৰৰে পুৰণি পৰ্তুগীজ নক্সাৰ ঘৰ এটাত খোলা ৰেষ্টুৰেন্ট এখনত সোমাই কফি আৰু সুস্বাদু সাগৰীয় মাছৰ চেণ্ডৱিচ খাই ল’লো। এই বৰষুণত সাগৰৰ পাৰলৈ যোৱাৰ কোনো অৰ্থ নাই বাবে অ’টো এখনত উঠি সাগৰৰ গাতে লাগি থকা ‘চিগাল’ নামৰ ৰেষ্টুৰেন্ট এখনলৈ গ’লো। ‘চিগাল’ ৰেষ্টুৰেন্ট খনৰ বিষয়ে ঋতমে গুগলত বিচাৰি উলিয়ালে। আজিকালিৰ ল’ৰা ছোৱালীয়ে ৰিভিউ আদি চাইহে হোটেল ৰেষ্টুৰেন্ট আদি ঠিক কৰে। ৰেষ্টুৰেন্টখন বেছি দূৰত নাছিল যদিও বৰষুণৰ বাবে অ’টো এখনতে যোৱাটো ঠিক কৰিলো। সন্ধিয়াটো তাতে সাগৰৰ শোভা চাই কিছু সময় বহি ৰাতিৰ আহাৰ খাই ঘূৰি অহাৰ বাদে আমাৰ হাতত কোনো গত্যন্তৰ নাছিল। জনপ্ৰিয় ৰেষ্টুৰেন্টখন মানুহেৰে গিজগিজাই আছিল।আমি ডাঙৰ চৌবাচ্চাত জীয়াই ৰখা সাগৰীয় মাছ এটা পছন্দ কৰি খোৱাৰ অৰ্ডাৰ কৰিলো। মাছটো বেছ ডাঙৰ আছিল বাবে আধাডোখৰ মাছেৰে কেৰেলাৰ প্ৰসিদ্ধ টেঙা মিঠা মীন কাৰী, আৰু বাকী আধা ডোখৰ কেৰেলাৰ মছলা দি ভাজি দিবলৈ ক’লো। ইতিমধ্যে ঋতমেও মিছামাছ, স্কুইড আদি সাগৰীয় মাছৰ ব্যঞ্জন অৰ্ডাৰ কৰিছিল। তিনিজন মানুহৰ বাবে মাছ বহুত বেছি হ’ল যদিও ‘কিনা হাঁহৰ ঠোঁটলৈকে মঙহ’ বচনফাকিৰ উদাহৰণ দিব পৰাকৈ আমি টেঁটুৰ গুৰিলৈকে মাছ খালো। তেতিয়ালৈ বৰষুণ এৰিছিল বাবে আমি হোটেললৈ খোজ কাঢ়িয়েই ঘূৰি আহিলো।
এৰাধৰাকৈ দি থকা বৰষুণ স্বত্বেও নাতিশীতোষ্ণ তাপমানেৰে কোচ্চিৰ বতৰ খুব সুন্দৰ বুলিয়েই ক’ব পাৰি।পুৱা এওঁলোক শুই থাকোঁতেই মই কাহিলী পুৱাতে উঠি অকলে সাগৰৰ পাৰ বিচাৰি ওলাই গ’লো। দুই তিনিটামান ৰাস্তাৰে অকাই পকাই গৈ সাগৰৰ জাহাজ যোৱা বন্দৰ এটা পালোগৈ। বালিৰে ভৰা ধুনীয়া সাগৰৰ পাৰ নাই যদিও জাহাজ বন্দৰৰ পকী পাৰত ৰৈ জাহাজত মানুহ অনা নিয়া কৰা চাই ভাল লাগিল। মাজুলীৰ ব্ৰহ্মপুত্ৰ নদীত ফেৰিত চাইকেলে, স্কুটাৰে, গাড়ীয়ে মানুহ পাৰ হোৱাৰ দৰে একেই দৃশ্য…..কেৱল ইয়াত জাহাজবোৰ বহুত ডাঙৰ ডাঙৰ। আধাঘন্টামান সাগৰৰ পাৰত মানুহৰ ৰেহ-ৰূপ চাই ফটো দুখনমান তুলি হোটেলৰ কোঠালৈ উভটি আহিলো।
আমি পাঁচ দিনৰ কেৰেলা ভ্ৰমণৰ বাবে বুক কৰা গাড়ীখন পুৱা চাৰে ন বজাত হোটেলৰ সমুখত উপস্থিত হ’লহি। আমিও ইতিমধ্যে হোটেলত পুৱাৰ আহাৰ কৰি বয়বস্তু লৈ হোটেলৰপৰা ওলাই আহিছিলো। পুৱাৰ কোমল ৰ’দজাকত গছে ফুলে জিলিকি উঠা উজ্বল হালধীয়া ৰঙেৰে ৰঙোৱা পুৰণি ঘৰবোৰৰ শোভা চাই বৰ ভাল লাগিল। ভ্ৰমণ কাৰ্যসূচী মতে আমি আজি কোচ্চিৰপৰা ওলাই গৈ বাটত চাব পৰা দৰ্শনীয় ঠাইসমূহ চাই মুন্নাৰত ৰ’মগৈ। কোচ্চিৰপৰা মুন্নাৰলৈ যাওঁতে ভাৰতবৰ্ষৰ নায়েগ্ৰা জলপ্ৰপাত নামেৰে বিখ্যাত বাহুবলী (আথিৰাপল্লী) জলপ্ৰপাতটো চাই যাবলৈ মোৰ খুব ইচ্ছা আছিল যদিও সেই ৰাস্তাটো যথেষ্ট বেয়া আৰু দূৰত্ব কিছু বেছি হ’ব বাবে আমি জৰ্জৰ কথামতে নেচনেল হাইৱে- ৮৫ ৰে যোৱাটোকে ঠিক কৰিলো। গাড়ী চালক জৰ্জ ৩৫-৪০ মান বয়সৰ ল’ৰা। পৰিস্কাৰ ধকধকীয়া বগা চাৰ্ট পিন্ধা পৰিপাটি নম্ৰ ভদ্ৰ ল’ৰাজনক আমাৰ পাঁচদিনৰ যাত্ৰাপথৰ সঙ্গী হিচাবে পাই কিছু সকাহ বোধ কৰিলো। তেওঁ প্ৰথমেই আমাক ইউৰোপীয়ান সকলৰদ্বাৰা স্থাপিত ভাৰতৰ অন্যতম পূৰণি চেইন্ট ফ্ৰান্সিছ গীৰ্জাটো দেখুৱালেগৈ। এই গীৰ্জা ঘৰটো ১৫০৩ চনত পৰ্তুগীজ সকলে কোচিনৰ ৰজাৰ অনুমতিত নিৰ্মাণ কৰিছিল। পৰ্তুগীজ নাবিক তথা আৱিস্কাৰক ভাস্কো-ডা-গামা তেওঁৰ তৃতীয় ভাৰত ভ্ৰমণৰ সময়ত ১৫২৪ চনৰ ডিচেম্বৰ মাহত কোচ্চি চহৰত মৃত্যু মুখত পৰে। প্ৰথমে তেখেতক এই চেইন্ট ফ্ৰান্সিছ গীৰ্জা ঘৰৰ চৌহদতে সমাধিস্থ কৰা হৈছিল যদিও তাৰ প্ৰায় চৌধ্য বছৰৰ পিছত তেখেতৰ দেহৰ অৱশিষ্ট অংশ লিচবনলৈ স্থানান্তৰ কৰা হয়। আমাৰ গাড়ী চালক তথা গাইড জৰ্জে তেওঁৰ পৰিষ্কাৰ ইংৰাজীৰে আমাক কথাবোৰ সুন্দৰকৈ কৈ গৈছিল। আমাৰ হাতত সময় কম থকা বাবে গীৰ্জাটোৰ ভিতৰত সোমাই দৰ্শন কৰিব নোৱাৰিলো। জৰ্জে গাড়ীখন চলাই থকাৰ লগে লগে আমাক ফোৰ্ট কোচ্চিৰ ইতিবৃত্ত শুনাই গৈ আছিল। প্ৰায় ১৫ মিনিটমান যোৱাৰ পিছতে বাটৰ দাঁতিৰ বাওঁহাতে পোৱা বহু পুৰণি ৰাজ মহল এটালৈ আঙুলিয়াই দি ক’লে…….
“এই মহলটোতেই ভুল ভুলেইয়া চিনেমাখনৰ শ্বুটিঙ হৈছিল।”
ঠাইখনৰ নামটো সুধি গম পালো ‘ট্ৰাভাঙ্কোৰ’..
মই কথাটো মানি ল’বলৈ টান পালো। ‘ভুল ভুলেইয়া’ চিনেমাখনৰ শ্বুটিঙ ৰাজস্থানৰ চমু ৰাজপ্ৰসাদত হৈছিল বুলি জানো। কথাটো কোৱাত তেওঁ ক’লে যে ‘ভুল ভুলেইয়া’ চিনেমাখনৰ কাহিনীটো আচলতে মালায়ালম চিনেমাৰ পৰাহে লোৱা। ১৯৯৬ চনত নিৰ্মাণ কৰা মূল চিনেমাখনৰ শ্বুটিঙ এই মহলটোতে হৈছিল। কথা পাতি পাতি বহুদূৰ আগুৱাই আহিছিলো। কোচ্চিৰপৰা মুন্নাৰলৈ অহা বাটছোৱা সাংঘাটিক ধৰণে ধুনীয়া। সেউজীয়া পাহাৰৰ মাজে মাজে অকোৱা পকোৱা বাটেৰে গৈ থাকোঁতে হঠাতে সমুখতে ওলাই পৰা জলপ্ৰপাতবোৰ দেখি হতবাক হৈ পৰিছিলো। বহু দূৰৈৰ পৰা দেখা বাটৰ দুয়োকাষৰ ঘন সেউজীয়া পাহাৰ শৃংখলৰ মাজৰপৰা তলৰ উপত্যকালৈ বাগৰি অহা জলপ্ৰপাত কেইবাটাও চকুত পৰিল। সুন্দৰ দৃশ্যৰাজিৰ মাজেৰে আধাঘন্টামান আগুৱাই যোৱাৰ পিছতে দূৰৈৰ পৰা দেখিলো বাটৰ কাষত কেইবাখনো গাড়ী ৰৈ আছে। ভালদৰে চাই দেখিলো বহু ওপৰৰপৰা বাগৰি অহা এটা ডাঙৰ জলপ্ৰপাত। জৰ্জে ক’লে……
“এইটো চীয়াপ্পাৰা জলপ্ৰপাত। প্ৰায় ১০০০ ফুট উচ্চতাৰ পৰা বাগৰি অহা এই জলপ্ৰপাতটো সাতটা তৰপৰ শিলৰ ওপৰেৰে বৈ আহিছে।”
আমি গাড়ীৰপৰা নামি জলপ্ৰপাতটোৰ ওচৰ পালোগৈ। পৰ্যটকে নিৰাপদে জলপ্ৰপাতৰ সৌন্দৰ্য্য উপভোগ কৰিব পৰাকৈ ৰাস্তাৰপৰা কিছু তলত পকী বেৰা আৰু ৰেলিং দি থোৱা আছে। জলপ্ৰপাতৰ পানীবোৰ বহু ওপৰৰপৰা আহি তলত পৰা বাবে কণিকাবোৰে আমাৰ গাল মূৰ তিয়াই পেলালে। চিপচিপীয়া বৰষুণৰ লগতে কুঁৱলীও পৰিবলৈ আৰম্ভ কৰিছিল। ফটো দুখনমান তুলি দৌৰাদৌৰিকৈ গাড়ীত বহিলোহি। কিছুদূৰ যোৱাৰ পিছত বাটৰ কাষতে আৰু এটা বেছ ডাঙৰ জলপ্ৰপাত পালো। এইটো ভালাৰা জলপ্ৰপাত। সেউজীয়া গছ বনেৰে সুশোভিত পাহাৰৰ মাজৰ শিলাখণ্ডৰ ওপৰেৰে বাগৰি অহা এই জলপ্ৰপাতটোৰ সুন্দৰ দৃশ্য উপভোগ কৰিবলৈ তাত বহুতো পৰ্যটকে গাড়ী ৰখাই চেল্ফি, ফটো আদি তোলাত ব্যস্ত হৈ থকা দেখিলো। বাটৰ দুয়োকাষৰ ওখ চাপৰ টিলাবোৰৰ মাজে মাজে কুঁৱলীয়ে লুকাভাকু খেলি অপূৰ্ব দৃশ্যপটৰ সৃষ্টি কৰিছে। দূৰৈৰ পাহাৰত দেখিলো আৰু দুটা জলপ্ৰপাত। তাত আৰু কিছু সময় কটোৱাৰ ইচ্ছা আছিল যদিও সময়ৰ নাটনিৰ বাবে লৰালৰিকৈ গাড়ীত বহিলোহি। এইবাৰ গাড়ীখন আগুৱাই যোৱাৰ লগে লগে দুয়োকাষৰ পট পৰিবৰ্তন হৈ ঘন সেউজীয়া পাহাৰীয়া চাহ বাগিচাবোৰ আৰম্ভ হ’ল। মুন্নাৰৰ চাহ বাগিচাবোৰ অসমৰ চাহ বাগিচাবোৰতকৈ একেবাৰে বেলেগ। জোপোহা চাহ গছবোৰৰ মাজত অসমৰ বাগিছাবোৰত থকাৰ দৰে ছাঁ দিবৰ বাবে ওখ গছবোৰ নাই। একে উচ্ছতাৰ জোপোহা চাহ গছবোৰ দেখিলে বিভিন্ন নক্সা কটা সেউজীয়া দলিচা পাৰি থোৱা যেন লাগে। মসৃণ অকোৱা-পকোৱা বাটটোৰ দুয়োকাষৰ ফটো দুখনমান তুলিবৰ বাবে জৰ্জক গাড়ীখন ৰখাবৰ বাবে অনুৰোধ কৰিলো। জৰ্জে ক’লে…….
“ইয়াতকৈ আৰু বহুত ধুনীয়া বাগিছা পাব। তাত ৰখাম।”
পিছে চাহ বাগিচা পোৱাৰ আগতেই হঠাতে মূল ৰাস্তাৰ পৰা বাওঁহাতে গাড়ীখন কিছু সুমুৱাই দি প্ৰকাণ্ড গেট এখনৰ সমুখত ৰ’লগৈ।গেটত লিখা আছে…….
‘ ফ্লোৰা এণ্ড ফনা- মুন্নাৰ ইকো পাৰ্ক’।
প্ৰৱেশ মূল্য জনেপ্ৰতি ৫৫০ টকাকৈ। মই যাওঁনে নাযাওঁ চিন্তা কৰি থাকোতেই ল’ৰা আগুৱাই গৈ টিকেট কৰি আনিলেগৈ। তাৰ কথা- ‘ ফুৰিবলৈ আহিলে এইবোৰত কৃপণালি কৰিব নালাগে। নহ’লে পিছত পস্তাব লাগে’। টিকেট লোৱাৰ প্ৰমাণ হিচাবে আমাৰ হাতত নাম লিখা বেণ্ড এচটাকৈ লগাই দিলে। গেটখনৰ ভিতৰলৈ সোমাই গৈয়েই ঋতমৰ কথাখিনিৰ সত্যতা অনুভৱ কৰিলো। ভিতৰলৈ নহা হ’লে পস্তালোহেঁতেন! মূল গেটখন পাৰ হৈয়েই অসমীয়া ল’ৰা এজন লগ পালো। তেওঁ আৰু পৰিবাৰ দুয়ো তাতেই কাম কৰে। ধুনীয়া ধুনীয়া দেশী বিদেশী গছ ফুলেৰে সুশোভিত ফুলনি, কৃত্ৰিম জীৱজন্তু আৰু জলপ্ৰপাত আদিৰে সজোৱা প্ৰাঙ্গণৰ মাজেৰে পাৰ হৈ গৈ তাঁৰ জালিৰে ঘেৰা এলেকা এটাত সোমালোগৈ। তাত থকা মহিলা কৰ্মচাৰী এগৰাকীয়ে দুৱাৰ মুখতে আমাৰ হাতত মাছৰ দানা এমুঠিকৈ গুজি দিলে। সমুখত থকা ডাঙৰ ডাঙৰ চৌবাচ্চা আকাৰৰ ৰঙীন পকী পুখুৰীত উজ্বল বহুৰঙী মাছ। প্ৰতিটো মাছ আধা কিলোৰপৰা এক কিলো মান জোখৰ হ’ব। হাতত লৈ থকা দানাবোৰৰ সতে হাতখন পানীত সুমুৱাই দিলেই মাছবোৰে পানীত থপথপাই হেতা ওপৰা লগাই হাতৰ পৰা দানাবোৰ খাইহি। বৰ সুন্দৰ অভিজ্ঞতা। কাষতে দেখিলো ৰঙা, হালধীয়া কমলা, সেউজীয়া আদি বিভিন্ন ৰঙৰ ভাটৌজাতীয় কাকাতুৱা চৰাই। চৰাইবোৰ কৰ্মচাৰী মহিলা কেইগৰাকীৰ গায়ে মূৰে পৰি আছে। কেইবাটাও চৰাই ওপৰৰ ফালেও বহি থকা দেখিলো। তাৰে মহিলা কৰ্মচাৰী এগৰাকীয়ে আমাৰ হাতত চৰাইয়ে খোৱা দানা একোমুঠিকৈ গুজি দিলে। দানাৰে স’তে হাতখন মেলি ধৰিলেই চৰাইবোৰে হাতত পৰি দানা খাইহি। আমি ডাঙৰ ডাঙৰ ধানৰ দৰে দানাবোৰ হাততলৈ হাতবোৰ মেলি দিয়াৰ লগে লগে চৰাইবোৰ আহি হাতত পৰিলেহি। ঋতমৰ দীঘল জপৰা চুলিকোছা সিহঁতৰ বৰ পছন্দ হ’ল হ’বপায়, কেইবাটাও চৰাই আহি তাৰ কান্ধ আৰু মূৰৰ ওপৰত বহি ললেহি। কাষতে দেখিলো এটা ইগুৱানা। কৰ্মী ছোৱালী এজনীয়ে তাক কোলাত ল’লে। দেখি গাটো শিৰশিৰাই গ’ল। আমি গেটত লগ পোৱা অসমীয়া ল’ৰাজনৰ পৰিবাৰ আহি আমাৰ লগত নিজে চিনাকি হ’লহি। তেওঁ কিছুমান বিৰল প্ৰজাতিৰ চৰাইৰ নাম কৈ কৈ চৰাইবোৰ আমাক পৰিচয় কৰি দিলে। ৰঙীন উজ্বল ৰঙৰ চৰাইবোৰে মনটো ভাল লগাই তুলিলে। চৰাইৰ জালি দিয়া ঘৰটোৰপৰা ওলাই গৈ পাৰ্কখনত পাক এটা মাৰোগৈ বুলি ওলাই আহিলো। এঠাইত অষ্ট্ৰিছ চৰাই কেইটামানো দেখিলো। আমাৰ মাজতে কথা পাতি পাতি বিৰল প্ৰজাতিৰ কমলা জাতীয় ফলৰ গছবোৰ পাৰ হৈ যাওঁতেই আন এগৰাকী অসমীয়া যুবতী লগ পালো। তেওঁৰ স্বামীও তাতে কাম কৰে। ইকো ফাৰ্মখনত নতুনকৈ কামত সোমাইছে। কেৰেলাৰ ইমান ভিতৰুৱা ঠাইত কাম কৰা অসমীয়া ল’ৰা ছোৱালীবোৰ দেখি বৰ ভাল লাগিল। পাহাৰৰ ওপৰ ফালেও কিছুমান জীৱ জন্তু আছিল যদিও সেইফালে জীৱজন্তুবোৰৰ গোন্ধ বৰ বেছি বাবে আদবাটৰ পৰাই ঘূৰিলো।
জৰ্জক সুধি গম পালো এইবাৰ আমি বাটৰ কাষতে পৰা বিখ্যাত মচলাৰ উদ্যান এখনলৈ যাম। প্ৰায় পোন্ধৰ মিনিটমান গাড়ীৰে গৈ মচলাৰ উদ্যানখনৰ সমুখত গাড়ীখন ৰখোৱাৰ লগে লগে ইউনিফৰ্ম পিন্ধা মানুহ এগৰাকী গাড়ীৰ ওচৰলৈকে আগুৱাই আহি আমাক উদ্যানখনৰ ভিতৰলৈ লৈ গ’ল। গছ-লতিকাৰ মাজে মাজে ওখ-চাপৰ ঠাইবোৰৰ মাজে মাজে আমাক লৈ গৈ লং, ইলাচি, ডালচেনি , জালুক, কোকা বিন আৰু বহুতো আয়ুৰ্বেদিক গছ লতাৰ সতে পৰিচয় কৰি দিলে। কোনবিধ গছৰ ৰস কোনটো বেমাৰৰ বাবে উপযোগী সুন্দৰকৈ বুজাই দিয়াৰ পাছত আমাক বিক্ৰীৰ বিপনী খনলৈ লৈ গ’ল। তাত আয়ুৰ্বেদিক ঔষধসমূহৰ বাদেও লং, ইলাচি, দালচেনি, জালুক, জাৱিত্ৰী, জাইফল, ষ্টাৰ আনী আদি বিভিন্ন বস্তু বিক্ৰীৰ বাবে ৰাখি থোৱা আছে। ইয়াৰোপৰি কোকো পাউডাৰ, চকলেট, কাজু, কিচমিচ, বাদাম আদিও ভৰি আছে। মানুহে কাউন্টাৰত শাৰী পাতি পেকেটে পেকেটে বস্তু কিনিছে। আমিও কিবা কিবি দুটামান কিনি গাড়ীত বহিলোহি। আমি মুন্নাৰৰ প্ৰায় ওচৰ পাইছিলোহি। মই গুৱাহাটীৰ পৰাই মুন্নাৰত থকাৰ বাবে দুহেজাৰ টকা আগধন হিচাবে দি হোটেল এখনত দুৰাতিৰ বাবে কোঠা বুক কৰিছিলো। ঠাইখন ওখ চাপৰ টিলাৰে ভৰা চাহ বাগিচা এখনৰ মাজত আছিল বাবে ধুনীয়া ফটোবোৰ চাই মোৰ খুব পছন্দ হৈছিল। কিন্তু হোটেলখনৰ লাইচেন্সৰ কিবা এটা অসুবিধা হোৱাৰ বাবে সেইখন হোটেলত ৰুম নিদি হোটেল প্ৰায় ওচৰতে থকা আন এখন হোটেলত থকাৰ প্ৰস্তাৱ দিলে। জৰ্জে নেটত চাই ক’লে এইখন হোটেল মুন্নাৰ চিটিৰপৰা প্ৰায় বিশ কিলোমিটাৰ আগুৱাই যাব লাগিব। পাহাৰীয়া ৰাস্তা আৰু কিছু ভিতৰুৱা বাবে আন্ধাৰৰ পিছত যোৱাটো ঠিক নহ’ব। গতিকে জৰ্জৰ কথা মতে চিটি চেন্টাৰতে থকা আন এখন হোটেল বুক কৰিলো। আগৰখনে বুকিঙৰ পইচাটো ঘূৰাই নিদিওঁ বুলি কোৱাত মনটো বেয়া লাগিল।
সেউজীয়া ওখ-চাপৰ টিলাৰ চাহ গছেৰে সমৃদ্ধ মুন্নাৰ চহৰখনৰ সৌন্দৰ্য্যত বিমোহিত হৈ ভোক ভাগৰ পাহৰি আছিলো। টাউনখনত সোমায়েই জৰ্জে আহল বহল ৰেষ্টুৰেন্ট এখনৰ আগত গাড়ীখন ৰখাই দিলে। দুপৰীয়া খোৱাৰ সময় কেতিয়াবাই পাৰ হৈ গৈছিল।ৰেষ্টুৰেন্ট খনত বেলেগ বিকল্প নাছিল বাবে দক্ষিণ ভাৰতীয় ইডলি, ডোছা, সম্বৰ আদিৰেই পেট পূজা কৰিলো। বতৰ ডাৱৰীয়া বাবে বজাৰৰ মাজতে থকা হোটেলখনত সোমাওঁতে প্ৰায় এন্ধাৰ হ’বৰ হৈছিল। আলফুলীয়া ৰ’দ, চিপচিপিয়া বৰষুণ আৰু কুঁৱলীৰে বিধৌত চাহ বাগিচাৰ টিলা আৰু জলপ্ৰপাতেৰে সমৃদ্ধ এই যাত্ৰাই আমাক God’s own country কেৰেলাৰ এটা মাত্ৰ চুক দৰ্শন কৰালে যিটোৰ স্মৃতি চিৰজীৱনৰ বাবে আমাৰ মানসপটত অঙ্কিত হৈ ৰ’ব।
(এই ভ্ৰমণৰ পৰৱৰ্তী খণ্ড ‘জুলাই সংখ্যা’ত প্ৰকাশ হ’ব)
*******
