আনন্দৰ অশ্ৰু-নয়নমণি শৰ্মা

প্ৰভাতৰ প্ৰথম সুৱৰ্ণ ৰশ্মিটো যেতিয়া বন্ধ খিৰিকীৰ ফাঁকেৰে আহি ৰূপমৰ মেজত থকা  পুৰণি, ধূলিয়ৰি ডায়েৰীখনৰ ওপৰত পৰিল, সি তেতিয়াও নিদ্ৰা বিহীন চকুৰে খিৰিকীখনলৈ চাই আছিল। চকুৰ তলৰ গাঢ় ক’লা দাগবোৰে স্পষ্টকৈ কৈছিল—এইটো মাত্ৰ এটা  উজাগৰী নিশা নহয়, ইয়াৰ আঁৰত আছে বহুতো নিশাৰ স্বপ্ন, কঢ়িয়াই ফুৰা হৈছে বহু বছৰৰ নীৰৱ সংগ্ৰাম, ভাগৰ আৰু অগণন বিফলতাৰ গধুৰ ইতিহাস।

​ৰূপম আছিল এক নিভৃত গাঁৱৰ অতি সাধাৰণ ডেকা। সৰুতেই দেউতাকৰ ছাঁটো মূৰৰ পৰা আঁতৰি যোৱাৰ পিছত, জীৱনৰ কঠিন বাস্তৱৰ সৈতে সি আৰু তাৰ মাকে যুঁজ দিবলগীয়া হৈছিল। অভাৱেই আছিল তেওঁলোকৰ সংগী। গাঁৱৰ মানুহে প্ৰায়ে তাৰ পঢ়া-শুনা কৰা টেবুলখন দেখি তাচ্ছিল্যৰ হাঁহি মাৰি কৈছিল—

​”হেৰা, পঢ়া-শুনা কৰি একো লাভ নাই! ঘৰৰ অৱস্থা দেখিছায়ে নহয়, কিবা এটা সৰু-সুৰা কামত লাগি মাকে সহায় কৰা।”

​কিন্তু ৰূপমৰ বুকুত এক অদম্য জুই জ্বলিয়েই আছিল। সৰু জুপুৰিটোৰ পৰাই সি এক ডাঙৰ সপোন দেখিছিল-প্ৰশাসনিক বিষয়া হৈ সমাজৰ শোষিত-বঞ্চিত মানুহখিনিলৈ পোহৰ কঢ়িয়াই অনাৰ সপোন।

​তাৰ এই যাত্ৰা অলপো মসৃণ নাছিল। যেতিয়া নিশা চাকিৰ তিৰবিৰাই থকা পোহৰত সি কিতাপৰ পাতত বুৰ গৈছিল, তেতিয়া অভাৱৰ কাল ধুমুহাই আহি দুৱাৰত টোকৰ  দিছিল। পঢ়া টেবুলৰ চুকত থিয় হৈ মাকে যেতিয়া পুতেকৰ পঢ়াৰ প্ৰতি থকা হেঁপাহ আৰু তাৰ সমান্তৰালভাৱে খহি পৰা ঘৰখন চাইছিল, মাতৃৰ দুচকুৰে ধাৰাসাৰ চকুলো বৈ আহিছিল।

​এদিন নিশা  সৰু জুপুৰিটোৰ নিস্তব্ধতা ভাঙি মাকে হুকহুকাই কান্দি কৈ উঠিছিল-

​”ৰূপম, আৰু কিমান দিন এইদৰে কষ্ট পাবি বোপা? এইবোৰ আমাৰ নিচিনা দুখীয়া মানুহৰ সপোন নহয়… আমি জীয়াই থকাটোৱেই এক যুদ্ধ, তাতে এইবোৰ চাবলৈ গ’লে হিয়া ভাঙি যায়।”

​ৰূপমে পঢ়ি থকা কিতাপখন জপাই থৈ মাকৰ  হাতখন নিজৰ দুহাতৰ মাজত সুমুৱাই ল’লে।  সি হাঁহি এটা মাৰি শান্ত সুৰত কৈছিল—

​”মা, সংঘাত অবিহনে কোনো সফলতাৰে আচল মূল্য নাথাকে। ধুমুহা আহিলে গছৰ ডাল ভাঙে সঁচা, কিন্তু যি গছৰ শিপা মাটিৰ বহু গভীৰলৈ যায়, সি থিয় হৈয়ে থাকে। তুমি মাথোঁ মোৰ সাহস হৈ লগত থাকা, মই তোমাৰ চকুপানী অথলে যাবলৈ নিদিওঁ।”

​কিন্তু যাত্ৰাটো কঠিনৰ পৰা কঠিনতৰ হৈ পৰিল। প্ৰথম দুবাৰৰ প্ৰচেষ্টাত ৰূপমে সফলতাৰ মুখ দেখা নাপালে। সি কাট-অফ মাৰ্কৰ তেনেই ওচৰৰ পৰা উভতি আহিল। তাৰ বিফলতাৰ বাতৰি পাই ইষ্ট-কুটুম্ব আৰু গাঁৱৰ উপহাসকাৰীসকলে কটু কথাৰে আক্ৰমণ কৰিবলৈ ধৰিলে।

​”আমি আগতেই কৈছিলোঁ নহয়, ইয়াৰদ্বাৰা একো নহ’ব! লাখ লাখ টকা খৰচ কৰি পঢ়া ল’ৰাবোৰেহে পাৰে, আমাৰ গাঁৱৰ ল’ৰাই ইমান ডাঙৰ বিষয়া হ’বলৈ গ’লে এনেকুৱাই হয়।”

​মানুহৰ এই বিষাক্ত বাক্যবোৰে কাঁইট হৈ তাৰ বুকুখন বিন্ধি পেলাইছিল। নিশা নিজৰ অন্ধকাৰ কোঠাত অকলশৰে বহি সি আঁঠুৰ ওপৰত মূৰ গুঁজি উচুপি উঠিছিল। কিন্তু সেই কান্দোন আছিল তাৰ শক্তি। চকুপানীৰ পিছতেই সি পুনৰ এক নতুন উদ্যমেৰে থিয় হৈছিল। সি হৃদয়ঙ্গম কৰিছিল—হাঁহি আৰু কান্দোন জীৱনৰ দুটা পাৰ, এটাৰ অস্তিত্ব নহ’লে আনটো সম্পূৰ্ণ হ’ব নোৱাৰে। কান্দোনে মানুহক ভাঙি নেপেলায়, বৰঞ্চ ভিতৰৰপৰা আৰু বেছি শক্তিশালীহে কৰে।

​তৃতীয়বাৰৰ বাবে যেতিয়া পৰীক্ষা আহিল, ৰূপমে নিজৰ সকলো মানসিক আৰু শাৰীৰিক শক্তি ঢালি দিলে। সামাজিক যোগাযোগ, অপ্ৰয়োজনীয় সম্পৰ্ক—সকলো ত্যাগ কৰি সি নিজৰ লক্ষ্যত সততাৰে মন দিলে। দিন আৰু ৰাতি তাৰ বাবে এক হৈ পৰিল।​আৰু অৱশেষত, সেই আকাংক্ষিত ফলাফল প্ৰকাশৰ দিনটো আহি পালে।

​স্মাৰ্টফোনৰ সৰু স্ক্ৰীনখনত ইণ্টাৰনেটৰ ধীৰ গতিৰ বাবে পেজটো লোড হ’বলৈ সময় লৈছিল। ৰূপমৰ বুকুখন ঢপঢপাবলৈ ধৰিলে, যেন বুকুৰ ভিতৰত হাঁতুৰীৰ কোবহে পৰিছে! অনবৰতে ঈশ্বৰক সুঁৱৰি থকাৰ মাজতে অৱশেষত  প্ৰশাসনিক সেৱাৰ ফলাফলৰ দীঘলীয়া PDF তালিকাখন স্ক্ৰীনত প্ৰকাশ পালে…

​সি কঁপি উঠে। কঁপা হাতৰ আঙুলিৰে স্ক্ৰীনত থকা ক্ৰমিক নম্বৰবোৰ চাই গ’ল। আৰু হঠাতে তাৰ চকু ৰ’ল—

​ৰূপম বৰুৱা (ৰেংক- ১)

​সমগ্ৰ ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান!!​ৰূপম কিছু সময়ৰ বাবে একেবাৰে স্তব্ধ হৈ পৰিল। যেন চাৰিওফালৰ সময় থমকি ৰ’ল। সি নিজৰ চকুযোৰক বিশ্বাস কৰিব পৰা নাছিল। দুবাৰ-তিনিবাৰ চকু মোহাৰি সি ৰোল নম্বৰটো মিলাই চালে। তাৰ পিছত বুকু ভৰি অহা এক প্ৰচণ্ড আৱেগেৰে সি লগে লগে মাকৰ ওচৰলৈ দৌৰি গ’ল।

​মাক তেতিয়া পাকঘৰত কামত ব্যস্ত আছিল।

​”মা! মই পাৰিলোঁ মা! মই সমগ্ৰ ৰাজ্যৰ ভিতৰতে টপ কৰিলোঁ!”

​ৰূপমে গৈ মাকক সংগ্ৰামৰ সমভাগী হিচাপে সজোৰে সাবটি ধৰি চিঞৰি উঠিল।​মাকৰ কাম কৰি থকা হাতখন ৰৈ গ’ল- কি শুনিছে তেওঁ! মাকে পুতেকৰ মুখলৈ চালে—সেই মুখখনত আজি কোনো বিষাদ নাই, কেৱল আছে এক উজ্জ্বল দীপ্তি! মাক-পুতেক দুয়ো দুয়োকো সাবটি ধৰি  কান্দি পেলালে।

​কিন্তু এই কান্দোনত কোনো দুখ নাছিল, নাছিল কোনো প্ৰাপ্তিৰ অভাৱ। এই অশ্ৰু আছিল বছৰ বছৰ ধৰি বুকুত কঢ়িয়াই ফুৰা সংঘাত, নিশাৰ অনাহাৰ, উপহাস আৰু যন্ত্ৰণাৰ উপশম। এয়া আছিল কংক্ৰীটৰ ফাঁকেৰে ফালি ওলোৱা এক প্ৰশান্তিৰ অশ্ৰু—’আনন্দৰ অশ্ৰু’।

​অলপ সময়ৰ ভিতৰতে খবৰটো জুইৰ দৰে বিয়পি পৰিল। গাঁওবাসী আহি ৰূপমৰ জুপুৰি ঘৰটোৰ চোতালত ভিৰ কৰিলেহি। যিবোৰ মানুহে এদিন তাক ‘একো নহ’ব’ বুলি উপহাস কৰিছিল, তেওঁলোকেই আজি চকুত বিস্ময় আৰু মুখত গৌৰৱ লৈ তাক ফুলাম গামোচা আৰু ফুলৰ থোপাৰে আদৰণি জনাবলৈ প্ৰতিযোগিতাত নামিল।

​মানুহবোৰৰ আদৰণিৰ মাজতে ৰূপমে শান্ত হাঁহি এটা মাৰি  দুচকুৰ পানী মচি থকা মাকজনীলৈ চালে।

​সি অনুভৱ কৰিলে—জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা সেয়াই, যি সংঘাত আৰু ত্যাগৰ অগ্নিপৰীক্ষাৰ পিছত আহে। কাৰণ যি সফলতাত চকুৰ পানী, ৰক্ত-ঘাম আৰু কষ্ট নাথাকে, তাত আনন্দৰ প্ৰকৃত অনুভূতিক কেতিয়াও বিচাৰি পোৱা নাযায়।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *