তমসো মা জ্যোতিৰ্গময়-বিজয়া শৰ্মা
“তমসো মা জ্যোতির্গময়” প্রাচীন বৃহদাৰণ্যক উপনিষদৰ এক প্ৰসিদ্ধ মন্ত্ৰৰ এটা অংশ। ইয়াৰ অৰ্থ হৈছে……
“হে ঈশ্বৰ মোক অন্ধকাৰৰ পৰা পোহৰৰ দিশে লৈ যোৱা।”
এই বাক্যাংশৰ মাজত বহুত গভীৰ অর্থ নিহিত হৈ আছে। পোহৰ মানে অন্তৰাত্মাৰ পোহৰ। অজ্ঞানতাৰ পৰা জ্ঞান প্ৰাপ্তিৰ দিশে যাত্রা।
অজ্ঞানতা প্ৰকৃততে মন আৰু আত্মাৰ অন্ধকাৰ।এই মন্ত্ৰৰদ্বাৰা আমি নিজকে প্ৰেম,সত্য আৰু বিনম্ৰতাৰ দিশে লৈ যাব পাৰোঁ। বর্তমান ভোগবাদী পৃথিৱীখনত মানৱতা, নৈতিকতা আদিৰ কোনো মূল্যয়েই নোহোৱা হৈছে। আমি যেন বর্তমান অন্ধকাৰৰ দিশে ধাবিত হৈছোঁ। কিন্তু আমাৰ ভাৰতীয় গ্রন্থসমূহে সুস্থ সমাজ গঢ়াৰ পথ দেখুৱাই আহিছে। যিগৰাকী ব্যক্তিৰ মনত কোনো কলুষতা নাথাকে তেনে ব্যক্তিৰ চাৰিওফালে এক সুন্দৰ আভা দেখা যায়। সেয়াই হৈছে আভামণ্ডল। আভামণ্ডল হৈছে আমাৰ চিন্তা, ব্যৱহাৰ আৰু সংস্কাৰৰ প্রতিবিম্ব।
স্কন্ধ পুৰাণত নটৰাজ শিৱ আৰু অপস্মাৰ দানৱৰ কাহিনী পোৱা যায়। নটৰাজৰ অর্থ হৈছে নৃত্যৰ ৰজা বা নৃত্যৰ অধিপতি। নটৰাজৰ প্রতিটো আভূষণ আৰু ভংগীতে আছে ব্ৰহ্মাণ্ডৰ গভীৰ ৰহস্য। নটৰাজৰ ওপৰলৈ থকা সোঁহাতখন অভয় মুদ্রা, ওপৰলৈ থকা বাঁওহাত অগ্নি বিনাশৰ প্রতীক। ওপৰলৈ উঠোৱা সোঁহাতত ডম্বৰু আছে। ডম্বৰুৱে সৃষ্টিৰ আদি নাদ বা ধ্বনিক প্রতিনিধিত্ব কৰে। তললৈ থকা হাতখন হৈছে মুক্তিৰ প্রতীক। নটৰাজৰ চাৰিওফালে আৱৰি থকা বৃত্তই ব্রহ্মাণ্ডক বুজায়। প্ৰভামণ্ডলে সময় চক্ৰক বুজায়।
নটৰাজ শিৱৰ মূৰ্তিত শিৱই অপস্মাৰ নামৰ এটা দানৱক এখন ভৰিৰ তলত ৰখা দেখা যায়। দানৱটো কিন্তু অমৰ। অপস্মাৰ হৈছে অজ্ঞানতাৰ প্ৰতীক। মানুহৰ মনত থকা মোহ,অহংকাৰ , ক্রোধ, অজ্ঞানতাৰ প্রতীক। অপস্মাৰক সম্পূর্ন বিনাশ নকৰি নিয়ন্ত্ৰণত ৰাখিছে। ইয়ে বুজায় যে, পৃথিৱীৰ পৰা অজ্ঞানতা দূৰ কৰিব নোৱাৰি কিন্তু জ্ঞানৰ প্রকাশৰদ্বাৰা ইয়াক ভষ্ম কৰিব পাৰি। অপস্মাৰ দমনে এক গভীৰ অর্থ বহন কৰিছে। অজ্ঞানতা,অহংকাৰ, ক্রোধ,ভয় আদিক আমি প্রশ্রয় নিদি নিয়ন্ত্রণ কৰি ৰখা উচিত।
গৌতম বুদ্ধই কঠোৰ সাধনাৰ ফলতহে সিদ্ধি লাভ কৰিছিল। গৌতম বুদ্ধৰ জ্ঞান প্ৰাপ্তিৰ সময়ত ‘মাৰ’ক প্রতিৰোধ কৰাৰ এটা কাহিনী পোৱা যায়।
বুদ্ধ পৰম্পৰাত ‘মাৰ’ হৈছে কাম, ক্ৰোধ, লোভ, মোহ, ভীৰুতা, সন্দেহ, ক্ষুধা, তৃষ্ণা, কামনা, বাসনা, আলস্য, ভণ্ডামি, অহংকাৰ, পৰনিন্দা, প্রলোভন আৰু ভয়ৰ প্রতীক। মাৰে সিদ্ধার্থক বিচলিত কৰিবলৈ সমস্ত শক্তি প্ৰয়োগ কৰিছিল।
এই সকলো প্রলোভনত বিচলিত নহৈ সিদ্ধার্থ একেবাৰে স্থিতপ্ৰজ্ঞ হৈ আছিল আৰু যিকেইটা গুণেৰে মাৰক প্রতিহত কৰিছিল সেয়া হৈছে দয়া, নৈতিকতা, প্রজ্ঞা, প্রচেষ্টা, ধৈর্য, প্রকৃত জ্ঞান, দৃঢ় সংকল্প আৰু প্রেম।
মাৰক প্রতিৰোধ কৰি বুদ্ধৰ বুদ্ধত্ব প্রাপ্তি হয়। এয়াই হৈছে মানৱীয় মূল্যবোধৰ শিক্ষা।
গৌতম বুদ্ধ মৃত্যুশয্যাত থাকোঁতে ভিক্ষু এজনে সুধিছিল,
“আপোনাৰ অবিহনে আমাক মাৰ্গ দৰ্শন কোনে কৰিব?”
তেতিয়া গৌতম বুদ্ধই কৈছিল,
“আত্ম দীপো ভৱ।”
অৰ্থাৎ নিজেই নিজৰ পোহৰ হোৱা। নিজে নিজৰ আভ্যন্তৰীণ শক্তিক জগাই তুলি জীৱনৰ অজ্ঞানতা, অন্ধকাৰ দূৰ কৰিব লাগিব।
ঋগ্বেদত উল্লেখ আছে “প্রজ্ঞানং ব্রহ্ম” অৰ্থাৎ জ্ঞানেই ব্রহ্ম। আমাৰ সকলোৰে ভিতৰত ঐশ্বৰিক শক্তি আছে। আমাৰ ভিতৰৰ অজ্ঞানতা আঁতৰাই পেলালেহে সেই শক্তিক জানিব পাৰিম।
মানৱীয় অন্তৰাত্মা আৰু বিবেকৰ গুৰুত্ব স্বীকাৰ কৰি প্রতি বছৰে ৫ এপ্রিলত সমগ্র বিশ্বই (International day of Conscience) আন্তঃৰাষ্ট্ৰীয় অন্তৰাত্মা দিৱস পালন কৰি আহিছে।
ইয়াৰ মুখ্য উদ্দেশ্য প্রেম আৰু সহানুভূতিৰে বিশ্বত শান্তি সম্প্ৰীতি প্ৰতিষ্ঠা কৰা। ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদে ২০১৯ চনৰ ২৫ জুলাইত প্রথমে এই দিৱস
অনুষ্ঠানিকভাৱে ঘোষণা কৰে।
অন্তৰাত্মা হৈছে শুদ্ধ অশুদ্ধ বিচাৰ কৰিব পৰা এক
আন্তৰিক শক্তি। যি আমি ভিতৰৰ পৰা শুনিবলৈ পাওঁ প্রধানতঃ সেই সময়ত আমি অসুবিধাৰ সন্মুখীন হওঁ। অন্তৰাত্মা বা বিবেকে সদায় আমাক শুদ্ধ পথ দেখুৱায়। অন্তৰাত্মাৰ আহ্বানে আমাক সদায় সত্য পথত চলিবলৈ প্রেৰণা যোগায়। অহংকাৰী মানুহ অহংকাৰত ইমান মত্ত হৈ থাকে যে তেওঁলোকে অন্তৰাত্মাৰ আহ্বান শুনা নাপায়। ফলত পতন আৰম্ভ হয়। অন্তৰাত্মাই বাধা দিয়া কাম কেতিয়াও কৰা উচিত নহয়। কাৰণ অন্তৰাত্মাৰ আহ্বান হৈছে ভগৱানৰ আহ্বান।
*******
