দ্বিতীয় বিশ্বযুদ্ধৰ ঐতিহাসিক ষ্টিলৱেল ৰোড আৰু বৰ্ণ বৈষম্যৰ বিদ্ৰোহী নায়ক হাৰ্মান পেৰী-জয়ন্ত গগৈ

অসমৰ মাৰ্ঘেৰিটাৰ ইতিহাসত ১৮৮৪ চনটো এটা সোণালী বছৰ। ১৮৮৪ চনৰ ১৮ ফেব্ৰুৱাৰীত এই কয়লাক্ষেত্ৰখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয় আৰু এই উপলক্ষে ডিব্ৰুগড়ৰপৰা এখন বিশেষ ৰে’ল লিডুৰ কলিয়াৰীলৈ প্ৰেৰণ কৰা হয়। ৰেলখনে আদিম অৰণ্যৰ মাজমজিয়াত ডুব গ’ল আৰু সেই দিনটোতে অসমৰ কয়লা চহৰখনক ইটালীৰ ৰাণী মাৰ্ঘেৰিটা মাৰিয়া টেৰেছা জিওভানাক সন্মান জনাই মাৰ্ঘেৰিটা নামেৰে নামাকৰণ কৰা হয়। এই কয়লা খনিৰ নগৰতে ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ সম্বলিত ঐতিহাসিক চিহ্নৰ প্ৰতীক হিচাপে কয়লা সংগ্ৰহালয় (Coal Heritage Park & Museum) হৈছে উত্তৰ-পূব ভাৰতৰ কয়লা খননৰ ইতিহাস আৰু ঐতিহ্য প্ৰদৰ্শন কৰা একমাত্ৰ সংগ্ৰাহালয়। ১৯ শতিকাৰ পুৰণি বস্তু যেনে ব্ৰিটিছ আমোলৰ মুদ্ৰা, পুৰণি টেলিফোন, কেমেৰা, আৰু বিভিন্ন দেশৰ ডাকটিকটৰ বিৰল সংগ্ৰহ আছে। ভূ-গৰ্ভস্থ কয়লা খনিৰ (Underground) এটা প্ৰদৰ্শনী খণ্ড আৰু মুক্ত খনন পদ্ধতিৰ (Open cast) এক সুন্দৰ মডেল আছে, য’ত কয়লা নিষ্কাশনৰ প্ৰক্ৰিয়া বুজিব পাৰি। দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি ষ্টিলৱেল ৰোড (Stilwell Road) নিৰ্মাণৰ বিৰল ছবি আৰু যুদ্ধত ব্যৱহৃত বোমাৰ খালী খোলাও ইয়াত সংৰক্ষিত কৰা হৈছে। ইংলেণ্ডৰপৰা অনা পুৰণি ট্ৰান্সফৰ্মাৰ আৰু ড° জন বেৰী হোৱাইটৰ (ডাঃ জন বেৰী হোৱাইট) প্ৰতিমূৰ্তি ইয়াত দেখিবলৈ পোৱা যায়। ষ্টিলৱেল ৰোড (Stilwell Road) সম্পৰ্কে থকা তথ্য এটিত সেই বিখ্যাত ৰোডটিৰ সন্দৰ্ভত এনেদৰে ফলক এখন আছিল……..

“প্ৰথম অৱস্থাত বৰ্তমান ষ্টিলৱেল ৰোড নামেৰে বিখ্যাত ঐতিহাসিক পথটোক ‘লিডু ৰোড’ বুলি কোৱা হৈছিল।  ১৯৪২ চনত জাপানীসকলে কাটি পেলোৱা বাৰ্মা পথৰ বিকল্প হিচাপে ভাৰতৰ অসমৰ লিডুৰপৰা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জেনেৰেল জোচেফ ৱাৰেন ষ্টিলৱেল (বিশ্বৰ মাজত ভিনেগাৰ জো বা আংকল জো নামেৰে বেছি পৰিচিত)ৰ নিৰ্দেশনাত আমেৰিকান সকলে নিৰ্মাণ কৰিছিল। পাংছাউ পাছ (ডাকনাম হেল পাছ) আৰু বাৰ্মা ৰোডৰ সৈতে যোগ হয় যি বাৰ্মা (ম্যানমাৰ)ৰ শ্বিংবৱিয়াং,ম্যিট্‌ক্যিনা আৰু ভাওমা আৰু চীনৰ ৱাণ্টিং আৰু কুনমিঙৰ মাজেৰে পাৰ হৈ যায়।চীনত ৰাষ্ট্ৰসংঘ বাহিনীৰ উচ্চতম কমাণ্ড মাৰ্শ্বাল চিয়াং কাই-শ্বেকৰ পৰামৰ্শ মতে ১৯৪৫ চনত এই পথটোৰ নাম ষ্টিলৱেল ৰোড ৰখা হৈছিল। পথটোৰ মুঠ দৈৰ্ঘ্য ১৭২৬ কিলোমিটাৰ ইয়াৰে ৬১ কিলোমিটাৰ ভাৰতত, ১০৩৩ কিলোমিটাৰ বাৰ্মা (ম্যানমাৰ) আৰু ৬৩২ কিলোমিটাৰ চীনত।ভাৰতত ৬১ কিলোমিটাৰৰ ভিতৰত ৩০ কিলোমিটাৰ অসমত আৰু ৩১ কিলোমিটাৰ অৰুণাচল প্ৰদেশত। ১৫,০০০ আমেৰিকান সৈনিক আৰু ৩৫,০০০ স্থানীয় শ্ৰমিকে ১১ মাহত ১৫ কোটি মাৰ্কিন ডলাৰ ব্যয় কৰি নিৰ্মাণ কৰিছিল। ১,১০০ আমেৰিকান লোকৰ লগতে আৰু বহু স্থানীয় লোকৰ নিৰ্মাণৰ সময়ত মৃত্যু হৈছিল। পথ নিৰ্মাণৰ দায়িত্ব প্ৰথমে মেজৰ জেনেৰেল আৰ এইচ হুইলাৰৰ হাতত, তাৰ পিছত কৰ্ণেল জন চি এৰ’স্মিথ আৰু শেষত কৰ্ণেল লুইছ এ পিক নামৰ এজন বিশেষজ্ঞ আমেৰিকান সেনা অভিযন্তাৰ হাতত ন্যস্ত কৰা হয়। ১৯৪৫ চনৰ ১২ জানুৱাৰীত কৰ্ণেল পিকৰ নেতৃত্বত ১১৩খন বাহনৰ প্ৰথম কনভয় লিডুৰ পৰা যাত্ৰা কৰি ১৯৪৫ চনৰ ৪ ফেব্ৰুৱাৰীত চীনৰ কুনমিঙত উপস্থিত হয়।”

বাৰ্মা ৰোড জাপানী সৈন্যই ১৯৪২ চনত দখল কৰি লৈছিল আৰু দ্বিতীয় মহাযুদ্ধৰ সময়ত অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছিল এই গিৰিপথছোৱা। যুদ্ধৰ সময়ত চীনৰ ইউন্নান প্ৰদেশৰ কুনমিঙৰ সৈতে পূৱ ভাৰতৰ লিডু সেনা ঘাটিৰ যোগাযোগ নিতান্তই প্ৰয়োজনীয় হৈ দেখা দিছিল। আকাশী পথ খৰচী হোৱাৰ লগতে পাটকাইৰ ‘হাম্প’ৰ ওপৰেদি চলোৱা উৰণ অতি বিপজ্জনক আছিল। দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা বেছিকৈ আছিল।উপায়ন্তৰ হৈ শেষত জেনেৰেল যোচেফ ৱাৰেন ষ্টিলৱেলৰ নেতৃত্বত অসমৰ লেখাপানীত আৰম্ভ কৰি ব্ৰহ্মদেশ চুই চীন দেশলৈ ৰাস্তা সজাৰ দুঃসাহস কৰিলে- হে’ল গে’ট, পাংছাউ পাছ, ইণ্ডিয়ান বাৰ্মুডা ট্ৰায়েংগলৰ গিৰিপথৰ সমীপেৰে।পাটকাই পাহাৰৰ কঠিন গড়াবোৰৰ কাষেৰে কষ্টকৰ বাট কাটি যুদ্ধগতিত আগুৱাই নিয়া হৈছিল পথ নিৰ্মাণৰ কাম।পাছে পাছে আহি আছিল দৰৱ আৰু খোৱা বস্তু অনা ট্ৰাক।কেম্পত সেইবোৰ নমাই থৈ লিডুলৈ উভতিছিল পথ নিৰ্মাণত মৃত্যু হোৱা শ্ৰমিকৰ মৃতদেহ, যুদ্ধবিধ্বস্ত বাৰ্মাৰ পৰা ভগনীয়া, মেলেৰিয়া-ডায়েৰিয়া-ডিছেণ্টেৰী-নিউমোনিয়া-টাইফয়ডত আক্ৰান্ত, অসুখীয়া শ্ৰমিক, কাম কৰোঁতে আঘাতপ্ৰাপ্ত সেনা জোৱানক লৈ মৃতদেহবোৰ নিৰ্দিষ্ট ঠাইত পেলোৱা হৈছিল।ৰুগীয়া মানুহবোৰক লিডু-লেখাপানীৰ সামৰিক হাস্পতাল, মাৰ্ঘেৰিটাৰ ২০ নং হাস্পতাললৈ নিয়া হৈছিল৷ ভগনীয়াক কেম্পত ৰখা হৈছিল৷ পাহাৰৰ পৰা নামি অহা পানীৰ বাবে , অতিমাত্ৰা পৰিমাণৰ বৰষুণৰ বাবে নতুনকৈ হাবি-জংঘল ,পাহাৰৰ গড়াৰ মাটি কাটি বনোৱা বোকাময় পথেৰে শামুকীয়া গতিৰে আগুৱাইছিল সেই ট্ৰাকবিলাক।ঠায়ে ঠায়ে পৰি ৰোৱা শ্ৰমিকৰ মৃতদেহৰপৰা নিৰ্গত দুৰ্গন্ধ, গৰাকীহীন মৃতদেহৰ পৰা শগুনে মাংস টানি খাই থকা আদি অতি ভয়াৱহ দৃশ্যৰ ব্যাখ্যা ষ্টিলৱেল ৰোড সম্পৰ্কীয় ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ আছে। এই বাবেই  ষ্টিলৱেল ৰোডটো আছিল একালৰ মৰণ-থলী, ডে’থ অব্ ভেলী। য’ত মৃত্যুৱে কিৰিলি পাৰি থাকে। লগতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পাংছাউ পাছৰ লে’ক অব্ ন’ ৰিটাৰ্ণ হ্ৰদৰ সমভূমিলৈ গৈ উভতি নহা সৈনিকৰ ওপৰত ভিত্তি কৰিয়েই মৃত্যু উপত্যকা হিচাপে জনাজাত হৈছিল। ভাৰতৰ অসম ৰাজ্যৰ লিডু নামৰ ঠাইত আৰম্ভ হোৱা এই পথ ম্যানমাৰৰ কাচিন প্ৰদেশৰ শ্বিংব্ৱিয়াং, ম্যিট্‌ক্যিনা  আৰু ভামো হৈ চীনদেশৰ ইউন্নান প্ৰদেশৰ কুনমিঙত শেষ হৈছে। ঘন বৰ্ষাৰণ্যৰ মাজেৰে ইমান দীঘল আৰু কঠিন এক স্থলযাত্ৰা অতিক্ৰম কৰি আচলতে কিমান পৰিমাণৰ সামগ্ৰী সৰবৰাহ কৰিব পৰা যাব বা এই পৰিমাণটো যে তেতিয়াৰ বস্তু কঢ়িওৱা উৰাজাহাজৰ ক্ষমতাতকৈ যে বেছি হ’ব, এই বিষয়ত জেনেৰেল চেনাউল্টে সন্দেহ প্ৰকাশ কৰিছিল। তথাপি আমেৰিকান সেনাই স্থলপথ ৰ্নিমাণৰ পৰিকল্পনা ল’লে যেতিয়া স্থলপথ ৰ্নিমাণ কৰিবই আৰু এই উদ্দেশ্য প্ৰায় ১৫০ মিলিয়ন আমেৰিকান ডলাৰ খৰচ হোৱা এই পথনিৰ্মাণ কাৰ্য্যত ৩৫,০০০ জন থলুৱা আৰু ১৫,০০০ জন আমেৰিকান (ইয়াৰ ৬০ শতাংশই আছিল আফ্ৰিকান-আমেৰিকান বংশোদ্ভৱ লোক) সৈন্য নিয়োজিত হৈছিল। ইয়াৰে ১,১০০ জন আমেৰিকান সৈন্য আৰু বহুতো থলুৱা সৈন্য পথ নিৰ্মাণৰ সময়ত মৃত্যুমুখত পৰিছিল। বনোৱা পথৰ অংশ ঠেক আৰু ক্ৰমান্বয়ে ওখ হৈ যোৱা, কোনো কোনো ঠাইত ইয়াৰ উচ্চতা ৪,৫০০ ফুট (১,৪০০ মিটাৰ) পৰ্য্যন্তও হৈছিলগৈ। পাটকাই ,পাংছাউ পাছ গিৰিপথৰ বিপদসংকুল আৰু কঠিন ভৌগোলিক অৱস্থানৰ বাবে তেতিয়া ইয়াক “নৰকৰ পাচ” (Hell Pass) বুলিও কোৱা হৈছিল। এইছোৱা পথ নিৰ্মাণ কৰোঁতে ১,০০,০০০ কিউবিক ফুট প্ৰতি মাইল (১৮০০ কিউবিক মিটাৰ প্ৰতি কিলোমিটাৰ) হাৰত মাটি কটা হৈছিল। এই পথছোৱাৰ কিছুমান বৈশিষ্ট্য হ’ল ঠায়ে ঠায়ে অতি ওখলৈ উঠি যোৱা পথ, ‘একা-বেঁকা কেঁকুৰি, ঠায়ে ঠায়ে হঠাতে প্ৰায় ২০০ ফুট তললৈ নামি যোৱা পথ। অটব্য অৰণ্যাঞ্চল আৰু পাহাৰীয়া থিয় এঢলীয়া মাটি কাটি কাটিয়েই গোটেই ষ্টিলৱেল পথটো ৰ্নিমাণ কৰি উলিয়াইছিল। এই পথটো ৰ্নিমাণৰ সময়ত জেনেৰেল যোচেফ ষ্টিলৱেলৰ প্ৰভূত অৰিহণা আছিল। সেই হেতুকে যোচেফ ষ্টিলৱেলৰ স্বীকৃতি স্বৰূপে সমগ্ৰ পথটোৱে নাম ষ্টিলৱেল ৰোড নামেৰে নামকৰণ কৰা হয়। 

ষ্টিলৱেল ৰোড এই বুৰঞ্জী প্ৰসিদ্ধ পথটোৰ ইতিহাস যিমানেই দুঃসাহসিক, ঠিক একেদৰেই এই পথ নিৰ্মাণৰ সতে জড়িত শ্ৰমিক সকলৰ ইতিহাসো কোনো গুণে কম নাছিল। যুদ্ধৰ ইতিহাসৰ ধূলিৰ মাজত হেৰাই যোৱা এনে বহু শোকাৱহ আৰু জটিল অধ্যায় এই বিখ্যাত পথটোৰ সতে সাঙোৰ খাই আছে। এই সম্বন্ধে অধিক অধ্যয়ন কৰিলেহে বুজিব পৰা যায় আমাৰ নিজৰ এই অসমৰ মাটিতেই যে বিশ্ব ইতিহাসৰ এনে কিছুমান কৰুণ আৰু গভীৰ মানৱীয় ট্ৰেজেডী লুকাই আছিল। হাৰ্মান পেৰীৰ (Herman Perry) কাহিনীও তেনেকুৱা এক কৰুণ কাহিনী। এই কাহিনীটো সঁচাকৈয়ে এনে এটা অধ্যায়, যিয়ে ইতিহাস আৰু মানৱীয় অনুভূতিক এক গভীৰ অন্তৰস্পৰ্শী জোকাৰণি দি যায়। ইতিহাসৰ পাতত কেৱল বিজয়ীসকলৰ নামহে সদায়েই জিলিকি থাকে, কিন্তু হাৰ্মান পেৰীৰ দৰে হেৰাই যোৱা মানুহবোৰৰ বেদনা অলক্ষিতে ৰৈ যায়। হাৰ্মান পেৰীৰ কাহিনী কেৱল এজন পলাতক সৈনিকৰ কাহিনী নহয়; ই বৰ্ণবৈষম্য, যুদ্ধ, অপমান, পলায়ন, নিঃসঙ্গতা আৰু বাচি থকাৰ সংগ্ৰামৰ কাহিনী। এই কাহিনী ঘটিছিল আমাৰ নিজৰ এই অঞ্চলতেই—লিডু, মাৰ্ঘেৰিটা, আৰু পাটকাই পাহাৰৰ বুকুত। হাৰ্মান পেৰীৰ জন্ম হৈছিল ১৯২২ চনত। যুদ্ধই তেওঁক আমেৰিকাৰপৰা টানি আনিছিল বহু দূৰলৈ—অসমলৈ। তেতিয়া তেওঁ মাত্ৰ বাইছ বছৰীয়া এজন যুৱক। তেওঁ আছিল 849th Engineer Aviation Battalion-ৰ সদস্য। এই বেটেলিয়নটো আছিল বৰ্ণৰ ভিত্তিত পৃথক কৰি ৰখা এটা সামৰিক গোট, য’ত অধিকাংশ সৈনিক আছিল কৃষ্ণাঙ্গ, অনান্য বিষয়াসকলৰ অধিকাংশেই আছিল শ্বেতাঙ্গ। তেওঁলোকৰ কাম আছিল “লিডু ৰোড” নিৰ্মাণ কৰা।

এক অসম্ভৱক সম্ভৱ কৰাৰ যুঁজৰ ফলাফল ষ্টিলৱেল ৰোড। ইতিহাসে এই পথ নিৰ্মাণৰ কৃতিত্ব কেৱল শ্বেতাঙ্গ জেনেৰেলসকলক দিয়ে ঠিকেই, কিন্তু বাস্তৱত এই পথটো তৈয়াৰ হৈছিল কৃষ্ণাঙ্গ সৈনিকসকলৰ তেজ আৰু ঘামেৰে। এই পথ নিৰ্মাণত নিয়োজিত ১৫,০০০ ৰো অধিক আমেৰিকান সৈনিকৰ ভিতৰত প্ৰায় ৬০% সামৰিক অভিযন্তা আছিল কৃষ্ণাঙ্গ (African American), যাৰ ভিতৰত হাৰ্মান পেৰীও এজন আছিল। তেওঁলোকক ‘849th Engineer Aviation Battalion’ ৰ দৰে বৰ্ণৰ ভিত্তিত পৃথক কৰি ৰখা (Segregated) গোটবোৰত ভৰ্তি কৰা হৈছিল। শ্বেতাঙ্গ সৈনিকসকলক যিহেতু তুলনামূলকভাৱে সহজ বা কাৰিকৰী কামত লগোৱা হৈছিল, কৃষ্ণাঙ্গ সৈনিকসকলক দিয়া হৈছিল আটাইতকৈ বিপদজ্জনক আৰু কঠিন শাৰীৰিক কাম— যেনে ডিনামাইটেৰে পাহাৰ ভঙা, ঘন জংঘল কটা আৰু বোকা চাফা কৰা। পাটকাইৰ নৰকসদৃশ পৰিৱেশত যি সময়ত হাৰ্মান পেৰীয়ে লিডুত কাম কৰি আছিল, সেই সময়ত পাটকাইৰ পৰিৱেশ আছিল অতি ভয়ংকৰ। ধাৰাসাৰ বৰষুণ, ইটাতকৈও টান বোকা, ডাঙৰ জোক, আৰু সমগ্ৰ অঞ্চলটোত আছিল মেলেৰিয়া আৰু টাইফাচ (Typhus) মহামাৰীৰ প্ৰকোপ। গড়ে প্ৰতি এক মাইল পথ নিৰ্মাণ কৰোঁতে এজনকৈ সৈনিকৰ মৃত্যু হৈছিল বুলি কোৱা হয়। সেয়া কোনো সাধাৰণ কাম নাছিল। বৰষুণ, বোকা, জোক, মেলেৰিয়া, অপুষ্টিকৰ খাদ্য আৰু কঠোৰ শাৰীৰিক পৰিশ্ৰমৰ সৈতে যুঁজিয়েই তেওঁলোকৰ দিন পাৰ হৈছিল। কেতিয়াবা অৰণ্য কাটি, কেতিয়াবা পাহাৰ ভাঙি, কেতিয়াবা বেমাৰত কঁপিও কাম কৰি থাকিবলগীয়া হৈছিল। কিন্তু কৃষ্ণাঙ্গ সৈনিকসকলৰ বাবে কষ্ট কেৱল প্ৰকৃতিৰ সৈতে যুঁজৰ বাবেই নাছিল; তাৰ লগত যুক্ত হৈছিল সেনাবাহিনীৰ ভিতৰত বৰ্ণ বৈষম্যৰ। শ্বেতাঙ্গ বিষয়াসকলৰ অধীনত তেওঁলোকে কাম কৰিব লাগিছিল, অপমান সহ্য কৰিব লাগিছিল, আৰু বহুসময়ত সহযোদ্ধা হিচাপে সমান সন্মান পোৱা নাছিল। বাস্তৱতে, তেওঁলোকক বহুক্ষেত্ৰত পূৰ্ণ মৰ্যাদাৰ সৈনিকৰ সলনি মূলতঃ কঠিন শাৰীৰিক কামৰ বাবে নিয়োজিত লোক হিচাপেই ব্যৱহাৰ কৰা হৈছিল। প্ৰাকৃতিক দুৰ্যোগতকৈও ভয়ংকৰ আছিল সামৰিক ছাউনীত থকা এই বৰ্ণ বৈষম্য। কৃষ্ণাঙ্গ সৈনিকসকলক পশুতকৈও অধম ব্যৱহাৰ কৰা হৈছিল। তেওঁলোকৰ বাবে থকা ‘লিডু ষ্টকেড’ (Ledo Stockade) নামৰ সামৰিক কাৰাগাৰখন আছিল অমানৱিক শাস্তিৰ কেন্দ্ৰবিন্দু। হাৰ্মান পেৰী আগতেই Ledo Stockade-ত শাস্তি ভুগি আহিছিল। সেই ঠাইখনক অনেকে নৰকৰ লগত তুলনা কৰিছে—অস্বাস্থ্যকৰ, অপমানজনক, কঠোৰ আৰু অমানৱিক। তাত কিছুদিন কটোৱাৰ পিছত পেৰীৰ ভিতৰত কিবা এটা ক্ষোভত  হয়তো ইতিমধ্যে ভাঙি গৈছিল। হাৰ্মান পেৰীয়ে এই কাৰাগাৰত শাস্তি পাই অহাৰ পিছত সম্পূৰ্ণ মানসিকভাৱে ভাঙি পৰিছিল।

লেফটেনেণ্ট হেৰল্ড কেডিয়ে পেৰীক বিচাৰি গৈছিল। অভিযোগ আছিল—পেৰী অনুমতি নোলোৱাকৈ শিবিৰৰ পৰা আঁতৰি গৈছিল। কেডিয়ে তেওঁক court-martial-ৰ ভয় দেখুৱাইছিল। লেফটেনেণ্ট হেৰল্ড কেডিয়ে পেৰীক পুনৰ সেই নৰকসদৃশ কাৰাগাৰলৈ পঠোৱাৰ ভাবুকি দিছিল, তেতিয়া পেৰীৰ ভিতৰত থকা পুঞ্জীভূত ক্ষোভ আৰু অপমানে এক বিস্ফোৰণৰ ৰূপ লৈছিল। পেৰীয়ে নিজৰ কাৰ্বাইনেৰে অফিচাৰ কেডিক গুলীয়াই হত্যা কৰি সৈনিকৰ জীৱন, সামৰিক শৃংখলা, শাস্তি—এই সকলো পিছত এৰি গোপনে পাটকাই পাহাৰৰ অৰণ্যৰ ভিতৰত অন্তৰ্ধান হৈ গ’ল। পাটকাই পাহাৰৰ সেই দুৰ্গম, হিংস্ৰ অৰণ্যত কেৱল নিজৰ বুদ্ধিৰে পেৰী জীয়াই আছিল । যি অৰণ্য কাটি তেওঁ ইমান দিনে পথ নিৰ্মাণ কৰিছিল। ১৯৪৪ চনত বৰষুণত তিতি থকা, ঘন কুঁৱলীয়ে আৱৰা পাটকাই পাহাৰৰ দুৰ্গম, হিংস্ৰ অৰণ্যৰ মাজত এজন যুৱ কৃষ্ণাঙ্গ আমেৰিকান সৈনিক হঠাৎ অন্তৰ্ধান হৈ গ’ল , এই কথালৈ আমেৰিকান সামৰিক চাউনীত হৈ চৈ লাগিল। তাতে হাতত তেজ লগা অপৰাধেৰে দোষী। কোনো পূৰ্ব অভিজ্ঞতা নোহোৱাকৈয়ে সেই দুৰ্গম অৰণ্যৰ মাজত জনজাতি লোকৰ সৈতে মিলি সম্পূৰ্ণভাৱে নিজকে খাপ খুৱাই লৈ জীৱন অতিবাহিত কৰাৰ বাবেই সেই সময়ৰ সামৰিক মেজৰ কালামে নিজৰ জীৱনৰ শেষ বয়সত পেৰীৰ আশ্চৰ্যজনক জংঘল ছাৰ্ভাইভেল স্কিল দেখি ইমানেই অভিভূত হৈছিল যে তেওঁ নিজেই পেৰীক আন্তঃৰাষ্ট্ৰীয় প্ৰেছৰ আগত “Jungle King” বুলি অভিহিত কৰিছিল।

এই ঐতিহাসিক সত্যটোক গোলকীয় পৰ্যায়ত পোহৰলৈ আনিছিল আমেৰিকান সাংবাদিক আৰু লেখক ব্ৰেণ্ডন আই কাৰ্নাৰে (Brendan I. Koerner)। তেওঁৰ দীৰ্ঘদিনীয়া গৱেষণামূলক কিতাপখনে পেৰীৰ এই বিস্মৃত অধ্যায়টোক পুনৰ জীৱন্ত কৰি তুলিছিল -“Now the Hell Will Start: One Soldier’s Flight from the Greatest Manhunt of WWII” এই কিতাপখনত হাৰ্মান পেৰীৰ জীৱন, লিডু ৰোডৰ ভয়ংকৰ বৰ্ণ বৈষম্য আৰু পাটকাই পাহাৰৰ অৰণ্যত তেওঁ কটোৱা দিনবোৰৰ এক অতি নিখুঁত আৰু প্ৰামাণ্য চিত্ৰ ডাঙি ধৰা হৈছে। 

পাটকাই পাহাৰৰ ঘন অৰণ্যই সামৰিক আইনৰ কঠোৰতাতকৈ এজন পলাতক কৃষ্ণাঙ্গ যুৱকক অধিক মৰমেৰে আশ্ৰয় দিছিল। অৰণ্যৰ গভীৰলৈ পলাই যাওঁতে পেৰীয়ে ভাৰত-ম্যানমাৰ সীমান্তৰ (বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলা আৰু 

পাংছাউ পাছৰ ওচৰৰ অঞ্চল) ‘হেইমি নগা’ (Heimi Naga) জনজাতিৰ এখন গাঁও বিচাৰি পাইছিল। এই অঞ্চলটো ‘Lake of No Return’ বা ‘উভতি নহাৰ হ্ৰদ’ৰ ওচৰত আছিল। তেওঁ প্ৰথমতে অৰণ্যৰ মাজত এটা ‘মৰুং’ (Morung – নগা ডেকাসকলৰ পৰম্পৰাগত বাঁহৰ চাংঘৰ) দেখা পাইছিল আৰু তাতেই আশ্ৰয় লৈছিল। সেই সময়ত বৰ দুৰ্ধৰ্ষ আৰু ‘হেড-হাণ্টাৰ’ (Head-hunters) হিচাপে পৰিচিত এই জনজাতিৰ মূৰব্বী বা ‘আং’ (Ang)-ৰ বিশ্বাস জিকিবলৈ পেৰীয়ে নিজৰ বুদ্ধি ব্যৱহাৰ কৰিছিল। তেওঁৰ লগত থকা আমেৰিকান সামৰিক সঁজুলি, গৰম কাপোৰ আৰু বুট জোতা তেওঁ গাঁওবাসীৰ মাজত বিলাই দিছিল। তেওঁ অতি সোনকালেই তেওঁলোকৰ ভাষা আৰু কিছুমান স্থানীয় ৰীতি-নীতি আয়ত্ত কৰি লৈছিল। সেনাৰ এজন আধুনিক কাৰ্বাইন বন্দুকধাৰী সৈনিকক নিজৰ ফলীয়া কৰি লোৱাটো গাঁৱৰ মূৰব্বীজনৰ বাবেও সুৰক্ষাজনিতভাৱে লাভজনক আছিল, যাৰ বাবে তেওঁক গাঁৱত এক বিশেষ মৰ্যাদা দিয়া হৈছিল।

সামৰিক বাহিনীৰ বৰ্ণবাদ আৰু ‘লিডু ৰোড’ নিৰ্মাণৰ অমানৱিক কষ্টৰ পৰা বাচিবলৈ পেৰীয়ে এই অৰণ্যকেই নিজৰ মুক্তিৰ পথ কৰি লৈছিল। তেওঁ স্থানীয় লোকসকলৰ দৰে কানি (Opium) আৰু গাঞ্জা সেৱন কৰিবলৈ লৈছিল, যিয়ে সামৰিক জীৱনৰ পুৰণি মানসিক আঘাত (Trauma) আৰু ভাগৰ পাহৰি থকাত তেওঁক সহায় কৰিছিল। তেওঁ লাহে লাহে আমেৰিকান ইউনিফৰ্ম আৰু বুট জোতা এৰি নগা জনজাতিৰ পৰম্পৰাগত সাজ-পোছাক পিন্ধিবলৈ লৈছিল আৰু সম্পূৰ্ণ খালী ভৰিৰে পাহাৰ বগাব পৰা হৈছিল। লাহে লাহে পেৰী গাঁৱৰ এজন অবিচ্ছেদ্য সদস্য হৈ পৰে আৰু গাঁৱৰ আং (Chief)-ৰ প্ৰায় ১৪ বছৰীয়া জীয়ৰীক বিয়া কৰায়। কাৰ্নাৰৰ কিতাপখনত উল্লেখ আছে যে পেৰীয়ে সঁচাকৈয়ে আমেৰিকাৰ পুৰণি জীৱন ধূলিসাৎ কৰি সেই অৰণ্যতে নতুনকৈ সংসাৰ পাতি শান্তিপূৰ্ণ জীৱন কটাব বিচাৰিছিল। ধৰা পৰাৰ পূৰ্বে তেওঁলোকৰ এটি কন্যা সন্তানৰো জন্ম হৈছিল।

আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্যটো হ’ল—সামৰিক বাহিনীৰ চকুত ধূলি দি পেৰীয়ে ইমান দিন অৰণ্যত জীয়াই থকাটো কেৱল তেওঁৰ অকলে সম্ভৱ নাছিল। ‘লিডু ৰোড’ নিৰ্মাণত নিয়োজিত আন কৃষ্ণাঙ্গ আমেৰিকান সৈনিক সকলৰ পেৰীৰ প্ৰতি তীব্ৰ সহানুভূতি আছিল। বৰ্ণবাদী শ্বেতাঙ্গ বিষয়াসকলৰ বিৰুদ্ধে পেৰীৰ এই বিদ্ৰোহক তেওঁলোকে মনে মনে সমৰ্থন কৰিছিল আৰু সেনাৰ গাড়ীৰ পৰা মনে মনে সামৰিক খাদ্য, চিগাৰেট আৰু ৰেচনৰ বাকচ অৰণ্যৰ দাঁতিত পেৰীৰ বাবে এৰি থৈ গৈছিল। কিন্তু এই শান্তিপূৰ্ণ জীৱন পেৰীৰ বেছিদিন নিটিকিল। আমেৰিকান সেনাই তেওঁক ধৰিবলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে দ্বিতীয় বিশ্বযুদ্ধৰ আটাইতকৈ ডাঙৰ অনুসন্ধান অভিযান (Manhunt) আৰম্ভ কৰিছিল।

হাৰ্মান পেৰীক বিচাৰি উলিওৱাটো আমেৰিকান সামৰিক বাহিনীৰ বাবে কেৱল এজন পলাতক অপৰাধীক ধৰাৰ অভিযান নাছিল, বৰঞ্চ ই আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ আৰু ব্যয়বহুল সামৰিক অনুসন্ধান অভিযান (Manhunt)। আমেৰিকাৰ সামৰিক কৰ্তৃপক্ষই পেৰীক জীৱন্তে বা মৃত অৱস্থাত ধৰিবলৈ সকলো ধৰণৰ আধুনিক সামৰিক শক্তি, চোৰাংচোৱা আৰু স্থানীয় সম্পদ ব্যৱহাৰ কৰিছিল। এই নাটকীয় অভিযানৰ প্ৰথম শুংসূত্ৰ ওলাইছিল ১৯৪৪ চনৰ জুলাই মাহৰ এটি ৰাতিপুৱাত।পেৰী নগা গাঁৱত আশ্ৰয় লৈ থকাৰ সময়ত গাঁৱৰে এজন মানুহে ব্লেক মাৰ্কেটৰ পৰা আমেৰিকান চিগাৰেট কিনিবলৈ ওচৰৰ এখন বজাৰলৈ গৈছিল। তাত কথা প্ৰসংগত তেওঁ প্ৰকাশ কৰে যে এজন ওখ-পাখ কৃষ্ণাঙ্গ আমেৰিকান সৈনিক তেওঁলোকৰ লগত হাবিত আছে।এই খবৰটো ব্ৰিটিছ চোৰাংচোৱাৰ জৰিয়তে আমেৰিকান সেনাৰ কাণত পৰে। ১৯৪৪ চনৰ ২০ জুলাইত এই খবৰ পাই ৫০২ নং মিলিটাৰী পুলিচ বেটেলিয়নৰ এটা দলে ‘টগুম গাম’ (Tgum Gam) নামৰ নগা গাঁওখন হঠাত আৱৰি ধৰে। পেৰীয়ে জাপ মাৰি অৰণ্যৰ পিনে পলাই যাবলৈ চেষ্টা কৰোঁতে পিঠিৰ ফালৰ পৰা সেনাৰ গুলী তেওঁৰ বুকুত লাগে। গুৰুতৰভাৱে আহত পেৰীক ধৰি আনি সেনাৰ ২০ নং জেনেৰেল হাস্পতালত ভৰ্তি কৰা হয়। হাস্পতালত পেৰীৰ প্ৰাণৰক্ষা পৰে আৰু হাস্পতালত চিকিৎসাৰ পিছত গা অলপ সুস্থ হোৱাৰ লগে লগেই তেওঁ পুনৰ আমেৰিকান সামৰিকৰ কাঢ়া পহৰা ফালি পুনৰ পলাই যাবলৈ সক্ষম হয়। এইবাৰ তেওঁ লিডুৰ পৰা প্ৰায় ৫ মাইল দূৰৈৰ পৰিত্যক্ত কাঠৰ মিল অৰ্থাৎ টিম্বৰ কেম্প এটাত আত্মগোপন কৰে।

পেৰী দ্বিতীয়বাৰ পলাই যোৱাৰ পিছত ১৯৪৫ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকান ব্ৰিগেডিয়াৰ জেনেৰেল যোচেফ ক্ৰেনষ্টনে ডলাছ আৰক্ষীৰ প্ৰাক্তন দক্ষ ডিটেকটিভ তথা মেজৰ আৰ্ল ওৱেন কালামক (Major Earl Owen Cullum) এই অভিযানৰ বিশেষ দায়িত্ব দিয়ে। কালামে সমগ্ৰ পাটকাই পাহাৰ আৰু অৰণ্য অঞ্চলত বিভিন্ন ভাষাত ইস্তাহাৰ বিলোৱা, নগদ ধন তথা লোন (Salt) পুৰস্কাৰ হিচাপে ঘোষণা কৰাৰ লগতে চোৰাংচোৱাৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তোলে। দীৰ্ঘদিন ধৰি অনাহাৰে-অনিদ্ৰাৰে হাবিয়ে-বনে পলাই ফুৰি পেৰী সম্পূৰ্ণভাৱে অসুস্থ, মেলেৰিয়াত আক্ৰান্ত আৰু পুৰণি আঘাতত জৰ্জৰিত হৈ পৰিছিল। অৱশেষত ১৯৪৫ চনৰ ৯ মাৰ্চত অসমৰে এটা গোপন আশ্ৰয়স্থলীত মেজৰ কালামৰ সশস্ত্ৰ দলে তেওঁক চাৰিওফালৰ পৰা ঘেৰি ধৰে।শাৰীৰিকভাৱে ভাগি পৰা পেৰীৰ হাতত এইবাৰ প্ৰতিৰোধ কৰাৰ কোনো শক্তি নাছিল। অৱশেষত পেৰীক চূড়ান্তভাৱে গ্ৰেপ্তাৰ কৰি লিডুৰ সামৰিক চাউনীলৈ লৈ অহা হয়। ধৰা পৰাৰ মাত্ৰ ৬ দিনৰ পিছত, অৰ্থাৎ ১৫ মাৰ্চ ১৯৪৫ চনত সামৰিক আদালতৰ খৰতকীয়া বিচাৰৰ অন্তত তেওঁক লিডূ ষ্টকেডতে ফাঁচি দিয়া হয়। তেওঁৰ বয়স তেতিয়া মাত্ৰ ২২ বছৰ আছিল। ফাঁচিৰ পিছত পেৰীৰ মৃতদেহ মাৰ্ঘেৰিটাৰ সামৰিক সমাধিক্ষেত্ৰলৈ লৈ যোৱা হয়। তাত তেওঁক আন সৈনিক সকলৰ মাজত নহয়, এটা বগা cross-সহ বেলেগকৈ, আনবোৰৰ পৰা অলপ আঁতৰতে পৃথককৈ সমাধিস্থ কৰা হৈছিল। জীৱনত যি সেনাবাহিনীয়ে তেওঁক পৃথককৈ ৰাখিছিল, মৃত্যুৰ পিছতো যেন সেই পৃথকীকৰণ শেষ নহ’ল। একে সেনাবাহিনীৰ সদস্য হৈও তেওঁ আন মৃত সৈনিকসকলৰ লগত একেলগে শুই থাকিব নোৱাৰিলে। মৃত্যুৰ পিছতো মাৰ্ঘেৰিটাৰ সামৰিক সমাধিক্ষেত্ৰত তেওঁক যিদৰে আন শ্বেতাঙ্গ সৈনিকসকলৰ পৰা পৃথক কৰি ৰখা হৈছিল, সি সেই সময়ৰ বৰ্ণবাদৰ কুৎসিত ৰূপটোকে সোঁৱৰাই দিয়ে। জীৱনত যি বৈষম্যৰ পৰা তেওঁ পলাই ফুৰিছিল, মৃত্যুৱেও তেওঁক তাৰ পৰা মুক্তি নিদিলে। 

আমেৰিকাৰ সামৰিক বাহিনীৰ বিশেষ অনুসন্ধানকাৰী দলৰ চকুৰ পৰা পেৰী পলাই থকাৰ সময়তে, পাটকাই পাহাৰৰ সেই নগা গাঁৱত, পেৰীৰ যুৱতী স্ত্ৰীয়ে তেতিয়ালৈকে এটা সন্তান জন্ম দিছিল। পিছত এটা অনুসন্ধানী দলে পাহাৰৰ মাজত এগৰাকী নগা মহিলাক এটা কেঁকোৰা চুলিৰ শ্যামবৰ্ণ শিশুৰ সৈতে দেখা পাইছিল বুলি উল্লেখ কৰিছিল। তেওঁলোকৰ আশ্ৰয়স্থলীত আমেৰিকান সেনা বাহিনীৰ ৰেচনৰ বাকচো পোৱা গৈছিল, আৰু পেৰীৰ সন্ধান বিচাৰি বিলোৱা ইস্তাহাৰো ঘৰখনত ওলমি থকা দেখা গৈছিল। সেই শিশুটো পেৰীৰ সন্তান আছিল বুলিয়েই ধৰা হয়। আৰু তাৰ পিছত—ইতিহাস যেন হঠাৎ নীৰৱ হৈ যায়। সেই নগা মহিলাগৰাকী ক’লৈ গ’ল ? শিশুটোৰ কি হ’ল ? ক’ত ডাঙৰ হ’ল, বাচি থাকিল নে নাই—ইতিহাসৰ হাতত তাৰ কোনো নিশ্চিত উত্তৰ নাই। সেনাবাহিনীৰ নথিপত্ৰত সেই অনুসন্ধান অভিযানৰ খতিয়ান আছে, বিচাৰৰ বিৱৰণ আছে, ফাঁচিৰ কথাও লিপিবদ্ধ আছে। কিন্তু পাহাৰৰ মাজত এৰি থৈ অহা সেই নগা যুৱতী স্ত্ৰী গৰাকীৰ কথা, কেঁকোৰা চুলিৰ শ্যামবৰ্ণৰ শিশুটোৰ কথা ইতিহাসে প্ৰায় একো কোৱা নাই। ইতিহাসৰ বুকুত হেৰাই যোৱা পেৰীৰ সেই সন্তান আৰু পত্নীৰ পৰিচয় সঁচাকৈয়ে এক নিস্তব্ধ, অপূৰণীয় শূন্যতাৰ দৰে আজিও পাটকাইৰ পাহাৰত ৰৈ গ’ল।   

ষ্টিলৱেল ৰোড আছিল আমেৰিকান প্ৰযুক্তি আৰু সামৰিক গৌৰৱৰ প্ৰতীক, কিন্তু হাৰ্মান পেৰীৰ কাহিনীয়ে সোঁৱৰাই দিয়ে যে এই গৌৰৱৰ পথটো আচলতে নিৰ্মাণ হৈছিল বৰ্ণবাদৰ বলি হোৱা বহুতো নিষ্পাপ যুৱকৰ প্ৰাণহীন শৰীৰৰ ওপৰত। আজিও মাৰ্ঘেৰিটাৰ যুদ্ধকালীন কবৰস্থান (Margherita WWII Cemetery) বা লিডু, চাবুৱাৰ আশে-পাশে থকা পুৰণি সামৰিক এয়াৰষ্ট্ৰিপবোৰে সেই সময়ৰ হাজাৰ হাজাৰ কৃষ্ণাঙ্গ সৈনিকৰ নীৰৱ চকুলো আৰু হাড়ভগা পৰিশ্ৰমৰ উমান দিয়ে। এই কাহিনী আমাৰ অসমৰে লিডু, আমাৰ মাৰ্ঘেৰিটা, আমাৰ চাবুৱা, আমাৰ পাটকাই পাহাৰৰ বুকুত ঘটিছিল। যি ভূমিয়ে ষ্টিলৱেল ৰোড, যুদ্ধকালীন বিমান ঘাটি, চীনা সমাধিক্ষেত্ৰ আৰু CBI theatre-ৰ বহু বিস্মৃত স্মৃতি এতিয়াও বুকুত কঢ়িয়াই ফুৰিছে, সেই একেই ভূমিয়ে হাৰ্মান পেৰীৰ পদচিহ্নও নিঃশব্দে সাঁচি ৰাখিছে। ( সহায় লৈ লিখা)

                                                             

*******

One comment

  • Kumkum sarmabaruah

    হাৰ্মান পেৰীৰ বিষয়ে বিস্তৃতভাৱে পঢ়ি ভাল পালোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *