সময়-মানসী শৰ্মা
জীৱনৰ চাকনৈয়াই সকলোকে দিহাদিহি নিলে
মাহ, বছৰলৈকেও কোনেও নেদেখাকৈ ৰ’লে।
জোকোৰা-জুকুৰি, চুলি টনাটনি
কিমান যে দ্বন্দ্ব হাই
নমতা-নমতি
সকলো যে এতিয়া সাধুকথা হ’ল
লগে-ভাগে এসাঁজ খাবলৈ
সকলোটি একগোট হ’বলৈ
সময়ৰ অভাৱ হ’ল।
কথাবোৰ ভাবি উঠে বুকুত এটি বিষ
নতুন সম্বন্ধ গঢ়োঁতে পুৰণাত
ধৰে নেকি মামৰ।
আজিকালি আইৰ চোতালখনো
চাপি-কুচি এধানমান হ’ল
জুহালখনো যে ভাগ ভাগ হ’ল।
ভাতৰ মজিয়াত নাই বোৱাৰীৰ
ফুচফুচিয়া মেল
চাৰিচুকৰ চাৰিজনীৰ নিমিলা হ’ল সমন্ধ।
ব্যস্ততাৰ দোহাই দি লভো মনত সান্ত্বনা
সকলোৰে মনত দোলা দি যায়
মাথোঁ স্মৃতিৰ সঁফুৰা।
*******

1:21 PM
বৰ সুন্দৰ