সাক্ষাৎকাৰ

(আজীৱন অসমীয়া সাহিত্যৰ সাধিকা,সুলেখিকা, ‘জোনাকী মন’ৰ স্ৰষ্টা, ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰত পৰিৱেশন হোৱা গীতৰ গীতিকাৰ কুমকুম দেৱী শৰ্মাবৰুৱা বাইদেউৰ সৈতে এটি সাক্ষাৎকাৰ।সাক্ষাৎকাটি গ্ৰহণ কৰিছে সমীৰণ শৰ্মাই।অন্যান্য ক্ষেত্ৰত সহযোগ কৰিছে উপাসা ভাগৱতীয়ে)

সমীৰণ: বাইদেউ নমস্কাৰ। আৰম্ভণিতে আপোনাৰ জন্ম, পিতৃ-মাতৃ আৰু বৰ্তমানৰ পৰিয়ালৰ বিষয়ে অলপ জনাওকচোন।

শৰ্মাবৰুৱা: নমস্কাৰ, মোৰ জন্ম হয় যোৰহাট কেন্দুগুৰিৰ ২ নং ব্ৰাহ্মণ গাঁৱত ১৯৬১ চনৰ ১৯ জানুৱাৰীত।মোৰ মাতৃৰ নাম স্বৰ্গীয় অৰুণি দেৱী আৰু পিতৃৰ নাম স্বৰ্গীয় ৰামেশ্বৰ শৰ্মা। ঘৰখনত সাতোটি সন্তানৰ ভিতৰত মই নুমলীয়া আছিলোঁ। বিভিন্ন সৰু -সুৰা ব্যৱসায় কৰা দেউতা আছিল এজন সমাজকৰ্মীও।

বৰ্তমান বিয়া হৈ অহা ঘৰত মোৰ শহুৰ দেউতা প্ৰখ্যাত মুক্তিযুঁজাৰু দীননাথ শৰ্মাদেৱ। মৰমীয়াল ,ধাৰ্মিক শাহুআইৰ নাম দেৱলা দেৱী। এখেতসকলৰ ঘৰতো সাতোটি সন্তান। জীৱনসঙ্গী মাজু সন্তান।তেখেত দুলীয়াজান অইল ইণ্ডিয়াৰ উদ্যানবিদ (Horticulturist) আছিল। ডাঙৰ সন্তান ডা০ পৰশ শৰ্মাবৰুৱা চৰকাৰী হস্পিতালত কৰ্মৰত।মোৰ এগৰাকী বোৱাৰী আৰু এজনী মৰমলগা নাতিনীও আছে। বোৱাৰী উদ্ভিদ বিজ্ঞানত এম এছ চি আৰু বি এড। তেওঁ উচ্চতৰ মাধ্যমিকৰ বিষয় শিক্ষয়িত্ৰী আছিল। বৰ্তমান নাতিনীজনী ডাঙৰ কৰিছে। একমাত্ৰ ছোৱালীজনীয়ে ডিব্ৰুগড় পলিটেকনিকত কেমিষ্ট্ৰিৰ লেকচাৰাৰ কৰে। সৰু পুত্ৰ মেকানিকেল ইঞ্জিনিয়াৰ আৰু মিউজিকৰ একান্ত অনুৰাগী।

সমীৰণ: আপোনাৰ শিক্ষা আৰু কৰ্মজীৱনৰ বিষয়ে কিছু কথা জানিব বিচাৰোঁ। এই সময়চোৱাৰ দুই এক অভিজ্ঞতাৰ বিষয়ে জনালে নথৈ আনন্দিত হ’ম।

শৰ্মাবৰুৱা: মোৰ চাৰিবছৰ সম্পূৰ্ণ হওঁতেই ঘৰৰ ওচৰৰে ১৫ নং জানপৰীয়া প্ৰাথমিক বিদ্যালয়ত ‘ক’ মান শ্ৰেণীত নাম লগাই দিছিল। প্ৰথম বছৰ পৰীক্ষাবোৰহে দিছিলোঁ। স্কুললৈ বৰকৈ যোৱা নাছিলোঁ।দেউতাই মৰ্টন দি ফুচুলাই স্কুলত থৈ অহাৰ দহমিমিটমানৰ পিছতে সদায় ঘূৰি আহি ঘৰ পাওঁহি। তেনেকৈয়ে ক, খ আৰু প্ৰথমমান তিনি শ্ৰেণীত প্ৰথম হৈ পাচ কৰিলোঁ। তাৰপিছত হেডছাৰে মোক দ্বিতীয় মান নপঢ়াকৈ তৃতীয় মানলৈ দবল প্ৰমোচন দি দিলে। ফলত বৃত্তি দিবলৈ আঁঠ বছৰলৈ এমাহ কম হ’ল। ডি আই আবিদুৰ ৰহমান ছাৰৰপৰা হেডছাৰে বিশেষ অনুমতি (Special permission)লৈ মোক পৰীক্ষা দিব পৰা কৰি দিলে।মই ভালদৰেই বৃত্তি পাইছিলোঁ। মই বৃত্তি পোৱাৰ বাবেই স্কুলঘৰ সাজিবলৈ চৰকাৰৰ পৰা টকা আহিছিল আৰু ধুনীয়াকৈ স্কুল ঘৰটো সাজিছিল। আমি স্কুললৈ আহিয়েই গৰু খেদাই , গোবৰ গুচাই কলঠৰুৱাৰ কঠত বহি পঢ়িছিলোঁ। বিদ্যালয়, মহাবিদ্যালয় মই য’তেই পঢ়িছিলোঁ সকলোতে প্ৰথম তিনিটা স্থানৰ ভিতৰত আছিলোঁ অনুষ্ঠানটোৰ ভিতৰত। এইদৰেই উদ্ভিদ বিদ্যাত সন্মানসহ স্নাতক হোৱাৰ পিছত জন্মনগৰীতে বি এড পঢ়িছিলোঁ অসমৰ ভিতৰত প্ৰথম বি এড কলেজখনত (Post Graduate Training College, Jorhat)। পাচ কৰিয়েই কেন্দ্ৰীয় বিদ্যালয়ত এডহক হিচাবে চাকৰি পাইছিলোঁ যদিও বিয়া ঠিক হোৱাত নকৰিলোঁ। দুলীয়াজানলৈ বিয়া হৈ অহাৰ পিছত অসম চৰকাৰৰ স্কুলত ‘স্নাতক বিজ্ঞান শিক্ষয়িত্ৰী’ হিচাবে নিযুক্ত হ’লো। চাকৰি কৰি থাকোঁতেই পঢ়িবৰ বাবে ছুটী লৈ মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এম এড(M Ed) সম্পূৰ্ণ কৰিলোঁ।

সৰুৰেপৰাই সদায় অভাৱ -অনাটনত ডাঙৰ হৈছিলোঁ। প্ৰায়েই নাম লগোৱা ফিজকেইটাৰ কাৰণে কান্দি -কাটি হাত পাতি ফুৰিবলগীয়া হৈছিল। কিতাপ বৃত্তিৰ টকা আহিলেহে কিনিছিলোঁ।তথাপিও বি এছ চি ত নাম লগোৱাৰ কাহিনীটো চিৰদিন মনত থাকিব। পইচাৰ অভাৱত নাম লগোৱাৰ দিন প্ৰায় পাৰ হৈয়েই গৈছিল। নাম লগোৱাৰ ফিজ ১৫০ টকামান আছিল। মই গৈছোঁ ৫০ টকা লৈ। বন্ধু -বান্ধৱীয়ে উপদেশ দিলে উপাধ্যক্ষ ৰাজেন দত্ত ছাৰৰ ওচৰলৈ যাবলৈ। মৰসাহ কৰি গ’লো কাহানিও নেদেখা ছাৰৰ ওচৰলৈ। ছাৰে তাতে বহি ফিজ মাফৰ আবেদন পত্ৰ এখন লিখিবলৈ ক’লে আৰু সম্পূৰ্ণ ফিজ মাফ কৰি দিলে। ভালকৈ পঢ়ি ভালকৈ পাচ কৰিব লাগিব বুলিও ক’লে। মই মোৰ বছৰত বি এছ চি পৰীক্ষাত কলেজৰ ভিতৰত প্ৰথম হৈছিলোঁ। সেইদৰে বি এড কলেজতো নাম লগাওঁতে ফিজ আছিল ২০০ টকা । মই নিছিলো ১০০ টকা । হেডক্লাৰ্কে মোক ধেমালিকৈ কৈছিল……’গৰু বেচি দিয়াগৈ।’

পিছত সেই ১০০ টকা তেখেতে নিজেই দিছিল আৰু মই স্কলাৰশ্বিপ পাওঁতে ঘূৰাই দিছিলোঁ।

তিনিটা সৰু সৰু সন্তান আৰু বিছনাত পৰি থকা শহুৰ দেউতাক লৈ মোৰ চাকৰি কৰোঁতে বৰ কষ্ট হৈছিল। তাৰপিছত গৃহস্থৰ দুৰ্ঘটনা হৈ দুয়োটা ভৰি ভাগিলত দহবছৰ মান কৰিয়েই মই চাকৰিটো এৰি দিছিলোঁ।

তাৰে এটা অভিজ্ঞতা উল্লেখ কৰিলোঁ।

এদিন বৰ উৎপতীয়া ল’ৰা এটাক স্কেলেৰে এচাত কম জোৰত দিলোঁ। টংকৈ উঠিল। কি আছে উলিয়াবলৈ ক’লো। সি হাঁহি হাঁহি মোক কৈছে যে সি যাদু দেখুৱাব আৰু মই তাক পাঁচ টকা দিব লাগিব। লাহেকৈ সি চাদাৰ টেমাটো উলিয়াই দুয়োফালে খুলি এফালে চাদা আৰু আনফালে চূণ উলিয়াই দেখুৱালে। মই কথাটো হেডছাৰক ক’লোগৈ। সি কাণত ধৰি উঠা-বহা নিজেই কৰি মাফ খুজিলে আৰু সেইদিনাৰ পৰা চাদা নাখায় বুলি ক’লে।

আমাৰ দিনত শিক্ষা অনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োবিধ আছিল। অনানুষ্ঠানিক শিক্ষাই আমাক চিন্তা কৰিবলৈ শিকাইছিল। জঁপিয়াই জঁপিয়াই ইঘৰ-সিঘৰ ঘূৰি ফুৰা, হাবিয়ে- বননিয়ে ফল-মূল বিচাৰি ফুৰা , কোনোবা এঘৰত লগ হৈ খেলা -ধূলা কৰা ইত্যাদিয়ে আমাক বহু কথা শিকাইছিল। কিতাপ এখন এঘৰত কোনোবাই আনিলেই খুজি আনি পঢ়াৰ নিয়ম আছিল। জিলা পুথিভঁৰালৰ পৰা খুৰাৰ ঘৰৰ দাদাহঁতে আনি দিয়া কিতাপবোৰ গোগ্ৰাসে পঢ়িছিলোঁ। তাৰোপৰি দেওবাৰে ৰেডিঅ’ৰ মইনামেল শুনিয়েই দৌৰি গৈছিলোঁ মিউজিক স্কুললৈ। আহি ভাত খায়েই পিছবেলা আছিল মইনামেল। মোক মিউজিক স্কুলত হাৰমনিয়াম বজাব নোৱাৰাৰ বাবে গানৰ ক্লাচৰ পৰা উলিয়াই দিছিল। মই নাচ শিকিছিলোঁ আৰু অলপ অচৰপ এতিয়াও নাচো।

মইনামেলত কুইজ, আবৃত্তি, বক্তৃতা দিয়া, লিখা -মেলা ইত্যাদিৰ ভাল চৰ্চা হৈছিল। সাত বছৰমানৰ পৰাই এই সকলোতে মই পাৰ্গত হৈ পৰিছিলো। তৰ্ক প্ৰতিযোগিতাত মোৰ বিশেষ ৰাপ আছিল। হাইস্কুলত পঢ়োতে মই তৰ্কৰ সম্পাদিকাও আছিলোঁ।ডাঙৰ হৈও সেয়ে এইবিলাকৰ চৰ্চা মোৰ হৃদয়ত থাকি গ’ল। য’তেই সুবিধা পাওঁ যোগদান কৰোৱেই।

সমীৰণ: আজৰি সময়খিনি আপুনি সাধাৰণতে কেনেদৰে পাৰ কৰে, আমাক অলপ ক’ব নেকি?

শৰ্মাবৰুৱা: আজৰি সময় মই নিজে উলিয়াই ল’ব লগাহে হয়। সময় পালেই কিতাপ পঢ়ি মই ভাল পাওঁ। মোৰ হাতত সদায়েই এখন আধাপঢ়া কিতাপ থাকেই। বৰ্তমান পঢ়ি থকা খন ‘আইজাক নিউটন আৰু প্ৰিন্সিপিয়া’। অনুবাদ কৰিছে ড০ জয়ন্ত কুমাৰ শৰ্মাই।

সমীৰণ: লিখা-মেলাৰ পথত আপুনি প্ৰথম খোজ কেতিয়া দিছিল? প্ৰথম লেখা কি বিষয়কলৈ আছিল আৰু কি কাৰণে আপুনি এই পথ বাছি লৈছিল?

কুমকুম বাইদেউ: লিখা-মেলা মই কমেও সাত বছৰ বয়সৰ পৰাই কৰিছোঁ মইনামেলত। হাইস্কুলত প্ৰথম আঁঠ বছৰ বয়সতে মই শঙ্কৰদেৱৰ বিষয়ত কবিতা আৰু ৰচনা দুয়োটাতে প্ৰথম হৈছিলোঁ তিনিটা শ্ৰেণীৰ ভিতৰত। তাৰপিছত কিমান প্ৰতিযোগিতাত যোগদান কৰিলোঁ আৰু কিমান পুৰস্কাৰ পালোঁ তাৰ হিচাব নাই। বহুতো পুৰস্কাৰ খুৰাৰ ঘৰৰ দাদাই লৈ আহে (বৰ্তমান শিশু বিশেষজ্ঞ ডাক্তৰ স্যমন্ত মাধৱ শৰ্মা)। তেৱোঁ পায় ওপৰৰ শ্ৰেণীৰ ভাগত। গতিকে দেউতাই দূৰৈৰ পুৰস্কাৰ হ’লে তেওঁকে লৈ আহিবলৈ কয়।

সমীৰণ: সাহিত্যৰ উপৰিও কুইজৰ প্ৰতি আপোনাৰ যথেষ্ট আগ্ৰহ আছে বুলি আমি জানি আহিছোঁ। এই দুয়োটা চৰ্চা আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল?

কুমকুম বাইদেউ: আগতেই উল্লেখ কৰিছোঁ যে মইনামেলত সাত বছৰ মানৰ পৰাই এই দুয়োটাৰে চৰ্চা আৰম্ভ হৈছিল।

সমীৰণ: আপুনি সামাজিক আৰু ছপা—দুয়ো মাধ্যমতে লিখি আহিছে। এই দুয়োৰ ভিতৰত ক’ত লিখি আপুনি বেছি সন্তুষ্টি পায়? লগতে, বৰ্তমান ফেচবুকৰ দৰে সামাজিক মাধ্যমত হোৱা লিখা-মেলাই ছপা মাধ্যমৰ বাবে এক প্ৰত্যাহ্বান সৃষ্টি কৰিছে বুলি আপুনি ভাবেনে? বিতংভাৱে জনাবচোন।

কুমকুম বাইদেউ: মই লিখোঁ নিজৰ বাবে। নিলিখাকৈ আৰু নপঢ়াকৈ মই থাকিব নোৱাৰোঁ।ক’ত প্ৰকাশ হৈছে সেইটো মোৰ বাবে গৌণ কথা।

ছপা মাধ্যমৰ নিজস্বতা সদায় থাকিবই। ই যুগ যুগলৈ থাকি যোৱা এবিধ সম্পদ হৈ পৰে।

ফেচবুকত অনুশীলন কৰা ভাল। ভালদৰে কিতাপ -পত্ৰ নপঢ়িলে জ্ঞান ক’ৰ পৰা হ’ব। জ্ঞান নহ’লে লিখা ক’ৰ পৰা ভাল হ’ব। য’তেই নিলিখিলেও প্ৰথমে জ্ঞান অৰ্জনৰ বাবে খুব ভাল ভাল কিতাপ পঢ়িব লাগিব। মোৰ এটা ডাঙৰ ঘৰুৱা পুথিভঁৰাল আছে। তাত যথেষ্ট পৰিমাণে কিতাপ সংগ্ৰহ কৰিছোঁ। কেইবাটাও লাইব্ৰেৰীত মই কিতাপ দান দিছোঁ। বিয়াৰ আগতে গাঁৱৰ পুথিভঁৰালত মই পুৰস্কাৰ পোৱা কিতাপকে ত্ৰিশখনমান দান দি আহিছোঁ।

সমীৰণ: আজিকালি ফেচবুকৰ বিভিন্ন গোটৰ মাধ্যমেৰে বহু নতুন লেখক-লেখিকাই নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে। এইক্ষেত্ৰত ফেচবুকৰ অৰিহণাৰ বিষয়ে আপোনাৰ মতামত কি?

কুমকুম বাইদেউ: হয়, সেইটো ভাল কথা হৈছে। ফেচবুকত অনুশীলন কৰা ভাল। লিখোঁতে লিখোঁতে ভাল হৈ গৈ থাকে।

সমীৰণ: স্বৰ্গীয় ইলি সন্দিকৈৰ স্মৃতিত দিয়া “প্ৰজ্ঞা নাৰী” বঁটা আপুনি লাভ কৰিছে। দীৰ্ঘদিনৰ সাধনাৰ পাছতহে এনে বঁটা লাভ কৰা সম্ভৱ হয়। আপোনাৰ মতে, বঁটা-বাহনেই এগৰাকী লেখকৰ সাহিত্যিক জীৱনৰ আটাইতকৈ ডাঙৰ স্বীকৃতি নেকি? এনে সন্মানে এজন লেখকক কেনেদৰে অনুপ্ৰেৰণা দিয়ে বুলি আপুনি ভাবে?

কুমকুম বাইদেউ: বঁটা-বাহনতকৈ মই মানুহে পঢ়ি ভাল পালেহে বেছি ভাল পাওঁ। লিখোঁতে সদায় এটা কথা ভাবোঁ যে এইখিনি পঢ়োঁতে পাঠকে যিখিনি সময় খৰছ কৰিছে সেইখিনি যেন অথলে নাযায়। কিবা এটা শিকিব লাগে পাঠখিনিৰ পৰা।

স্বৰ্গীয় ইলি সন্দিকৈৰ স্মৃতিত দিয়া ‘প্ৰজ্ঞা নাৰী’ বঁটাতো পাই মই ভাল পাইছোঁ। কিন্তু তেওঁলোকে শিৱসাগৰত পতা বঁটা বিতৰণী সভাখনত মই উপস্থিত থাকিব নোৱাৰিলোঁ। তেতিয়া মই আৰু গৃহস্থ দুয়ো বেছিকৈ অসুখ হৈ ডিব্ৰুগড়ত নাৰ্চিং হোমত ভৰ্তি হৈ আছিলোঁ। পিছত তেওঁলোকে মোক ঘৰত আহি সন্মান জনাই গ’লহি। মই কৃতজ্ঞ তেওঁলোকৰ ওচৰত।

সমীৰণ: বিজ্ঞানৰ জটিল বিষয়বস্তুক সহজ ভাষাত গল্প-নাটকৰ ৰূপ দি উপস্থাপন কৰাত আপুনি সিদ্ধহস্ত। ইয়াৰেই স্বীকৃতিস্বৰূপে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে আয়োজন কৰা “ৰাণী দেৱী স্মৃতি বিজ্ঞানভিত্তিক শিশুগ্ৰন্থ প্ৰতিযোগিতা”ত আপুনি প্ৰথম স্থান দখল কৰি আমাক গৌৰৱান্বিত কৰিছে। এই সন্দৰ্ভত অলপ জনাবচোন।

কুমকুম বাইদেউ: এইখন কিতাপ মূলতঃ মই সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰাবৰ কাৰণে লিখিছিলোঁ। নামটো হ’ল—বিজ্ঞানৰ মৌকোঁহ(Superstition and Science)। ফেচবুকতে মই কুঁৱাৰ তলত সোমালে কিয় মানুহ মৰে আৰু তাৰ প্ৰতিকাৰ হিচাবে কি কৰিব লাগে ইত্যাদিৰে আৰম্ভ কৰিছিলোঁ গল্প একলানি। বৰ দুখ লাগে শুনি প্ৰতিবছৰে কুঁৱা পৰিষ্কাৰ কৰোঁতে বহুত মানুহৰ মৃত্যু হয়।এঙাৰ গেছ বায়ুতকৈ গধুৰ। জীৱৰ বাবে অপকাৰী এই এঙাৰ গেছ কুঁৱাৰ তলত ভৰি থাকে। সেয়ে অক্সিজেন মাস্ক নিপিন্ধাকৈ কুঁৱাৰ তললৈ যাব নালাগে। তাকে পঢ়ি যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক তথা পিছলৈ কলেজখনৰ অধ্যক্ষ শ্ৰদ্ধাৰ ড০ অদিতি বেজবৰুৱা বাইদেৱে আৰু কেইটামান গল্প লিখি কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ বৰ জোৰ দিলে আৰু পাণ্ডুলিপিটো চাই আগকথাও বৰ সুন্দৰকৈ লিখি দিলে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পঞ্চাশ বছৰ পূৰ্ণ হোৱাত সোণালী জয়ন্তী উপলক্ষে কিছুমান প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। কিতাপৰ প্ৰতিযোগিতাত ২০২২, ২০২৩, ২০২৪, ২০২৫ চন অৰ্থাৎ চাৰিবছৰত প্ৰকাশ হোৱা সমুদায় কিতাপ চালি -জাৰি চাইহে বিবেচনা কৰিছিল। তেজপুৰত হোৱা সোণালী জয়ন্তীৰ মূল সভালৈ নিজে গৈ পুৰস্কাৰ আনিবলৈ পোৱাত বৰ আনন্দ লাগিছিল। মোৰ সন্তান কেইটায়ো বৰ ভাল পাইছিল। এইয়া মোৰ সৌভাগ্য বুলিয়েই ভাবোঁ।

সমীৰণ: জীৱনৰ অন্যান্য ব্যস্ততাৰ মাজতে আপুনি কেইবাখনো গ্ৰন্থ লিখি অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰিছে বুলি জানিব পাৰিছো।আপুনি ৰচনা কৰা প্ৰথম গ্ৰন্থখনৰ নাম কি?অনুগ্ৰহ কৰি আপুনি লিখা আটাইকেইখন গ্ৰন্থৰ নাম জনাবনেকি?

কুমকুম বাইদেউ: মই বৰ্তমানলৈকে সাতখন গ্ৰন্থ লিখিছো যাৰ ভিতৰত ‘জোনাকী মন’ নামৰ কবিতা পুথিখন প্ৰথম

১৯৯৮ চনত প্ৰকাশ পাইছিল।মোৰদ্বাৰা ৰচিত গ্ৰন্থসমূহৰ নাম হ’ল………

(১)জোন গলা নগৰী দুলীয়াজান(উপন্যাস)

(২) জোনাকী মন (কবিতাৰ পুথি)

(৩)মনালিছাৰ হাঁহি (গল্পৰ সংকলন)

(৪) বিজ্ঞানৰ মৌকোঁহ(বিজ্ঞান ভিত্তিক গল্পৰ সংকলন)

(৫)স্থলপদ্মৰ ৰং (গল্প,কবিতা আৰু গীতৰ সংকলন)

(৬) ৰ’দালি (শিশু কবিতাৰ সংকলন)

(৭) মোৰ কথা মোৰ চিন্তা (প্ৰবন্ধৰ সংকলন)

সমীৰণ: অসমৰ বিভিন্ন কাকত-আলোচনীত আপুনি নিয়মীয়াকৈ শিশু, কৈশোৰ আদি সকলোৰে উপযোগী হোৱাকৈ নানা লেখা লিখি আহিছে। এই বিষয়ে অলপ জনাব নেকি?

কুমকুম বাইদেউ: এই লেখাবোৰৰ ভালেমান লেখা তেওঁলোকে ফেচবুকৰ পৰা নিজেই বিচাৰি লৈ যায়। কিছুমান লেখা মই অনুৰোধ অনুসৰি লিখো। ‘সঁফুৰা’ত ভালেমান লিখিছিলো। মোৰ সন্তান যিহেতু কেন্দ্ৰীয় বিদ্যালয়ত পঢ়া। সিহঁতক অসমীয়া ঘৰতে শিকাওঁতে বহুতো গল্প আৰু সাধু ইত্যাদি নিজেই লিখিছিলোঁ। সেইবোৰেই এতিয়াও দি থাকো য’তেই সুবিধা পাওঁ।অৱশ্যে অসমীয়া বিদ্যালয়ৰ অসমীয়া কিতাপখন কিনি আনিও সিহঁতক পঢ়াই-লিখাই দিছিলোঁ। তাৰোপৰি, সঁফুৰা, মৌচাক, বুঢ়ী আইৰ সাধু আৰু সৰু ল’ৰা-ছোৱালীৰ কাৰণে লিখা আন কিতাপ পালেই আনি বন্ধ বাৰত পঢ়িবলৈ দিছিলোঁ। ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰৰ কিতাপকেইখন পঢ়ি সিহঁতে বৰ ভাল পাইছিল।এতিয়া তিনিওটাই অসমীয়া লিখিব আৰু পঢ়িব পাৰে।

সমীৰণ: আপুনি যেনেকৈ সাহিত্য জগতত সফল, তেনেকৈয়ে পৰিয়ালতো এগৰাকী সফল পত্নী আৰু তিনিগৰাকী সুযোগ্য সন্তানৰ মাতৃ হিচাপে প্ৰতিষ্ঠিত।এই দুয়ো ভূমিকা একেলগে নিৰ্বাহ কৰোঁতে আপুনি কি ধৰণৰ প্ৰেৰণা বা শক্তি পায় বুলি ভাবে?

কুমকুম বাইদেউ: মই সকলো কাম নিজেই কৰোঁ। লগতে মই দশমমান শ্ৰেণীলৈকে সন্তান কেইটাক নিজে পঢ়াও। এই কামবোৰ কৰি থাকোঁতে মনলৈ আহি থাকে নিজে নিজেই কবিতা অথবা গল্পৰ কাহিনী। কাম শেষ হ’লে অকণো নোৰোৱাকৈ মই লিখি যাব পাৰোঁ। যদিহে লিখিবলৈ সময় নাপাওঁ পাহৰি যাওঁ সকলোখিনি। পিছদিনা আকৌ বেলেগ ভাবহে মনলৈ আহে। মোক প্ৰেৰণা দিবলৈ দুয়োখন ঘৰৰ কোনেও লিখা -মেলা নকৰে। মোৰ প্ৰেৰণা মই নিজেই। বন্ধুবৰ্গই অৱশ্যে সাহস দি থাকে। যেনেকৈ আপোনালোকে সদায় সাহস দি আছে।

শেষত মই ‘শব্দচিত্ৰ ‘ গোটৰ মুখ্য প্ৰশাসক শ্ৰীযুত অৰবিন্দ গোস্বামী, আলোচনী সম্পাদক চেনেহৰ সমীৰ কাশ্যপ বৰা,মোৰ সাক্ষাৎকাৰ লওঁতা মৰমৰ সমীৰণ শৰ্মালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তোমালোকৰ সদায় ভাল হওক আৰু ‘শব্দচিত্ৰ’ গোট সদায় জিলিকি থাকক তোমালোকৰ যোগেদি।

এয়াই কামনা কৰোঁ তোমালোকৰ চেনেহৰ কুমকুম বাইদেৱে।

সমীৰণ: আপোনালৈও আমাৰ তৰফৰপৰা আন্তৰিক ধন্যবাদ থাকিল।

*******

One comment

  • বৰষা ডেকা

    সাক্ষাৎটিত বহু কথাই জানি বৰ ভাল লাগিল । কুমকুম বাইদেৱে বৰ সুন্দৰকৈ উত্তৰবোৰ উত্থাপন কৰিছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *