জ্যোতিপ্ৰসাদৰ নাটকত জিলিকা অসমীয়া নাৰী চৰিত্ৰ, এটি আলোকপাত-উপাসা ভাগৱতী
জ্যোতিৰে জেউতিৰে অসমীয়া ভাষা সাহিত্য,সমাজ, সংস্কৃতি উজলি আছে। পুৰোধা ব্যক্তিগৰাকীয়ে নিজৰ নামটোৰ দৰেই জ্যোতিৰ্মান কৰি গৈছে অসমীয়া সাহিত্যৰ প্ৰতিটো চুক-কোণ। সাহিত্যৰ প্ৰতিটো খলপ তেখেতৰ কলমেৰে নিগৰা সুৰে অসমীয়াৰ কাণত লাগি হৃদয় পৰশেগৈ। অসমৰ সাহিত্য, সংস্কৃতিৰ প্ৰতিটো দিশ তেখেতৰ কলমৰ জ্যোতিৰে আজিও আলোকিত। জ্যোতিপ্ৰসাদ আগৰৱালা নামৰ অগৰৰ সুগন্ধিৰে অসমীয়াৰ দেহ-প্ৰাণ সুগন্ধিময়। একেধাৰে অসমীয়া ভাষা-সংস্কৃতি, গীত-মাত, নৃত্য-বাদ্য, অভিনয়, নাট্যকলা, চিত্রকলা সকলো দিশতে প্ৰতিভাশালী ব্যক্তিসকলৰ ভিতৰত তেজপুৰৰ বিখ্যাত আগৰৱালা পৰিয়ালত জন্ম গ্রহণ কৰা জ্যোতি প্ৰসাদে প্ৰতিটো সাহিত্যৰ ধাৰাত জুবুৰিয়াই গৈছে তেখেতৰ কলম। এই ভাগসমূহৰ ভিতৰত অন্যতম নাটকৰ বিভাগটো। জ্যোতিপ্ৰসাদ আগৰৱালাই ‘শোণিত কুঁৱৰী’ (১৯২৫), ‘কাৰেঙৰ লিগিৰী’, ‘লভিতা’, ‘ৰূপালীম’ আদি নাটৰ জৰিয়তে অসমীয়া নাটকত নতুনত্ব আৰু সামাজিক বাস্তৱতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতত অসমীয়া নাটকে যেন আধুনিক যুগলৈ গতি কৰিলে ।
নাৰীক বাদ দি সমাজ সৃষ্টি হব নোৱাৰে। গতিকে বাস্তৱৰ নাৰীৰ চৰিত্ৰবোৰৰ দোষ-গুণবোৰ ৰূপকোঁৱৰে তেখেতৰ দ্বাৰা লিখিত নাটসমূহত সুন্দৰকৈ অংকন কৰিছে। ‘শোণিত কুঁৱৰী’ (১৯২৫), ‘কাৰেঙৰ লিগিৰী’, ‘লভিতা’, ‘ৰূপালীম’ আদি নাট নাৰীৰ নামকৰণেৰে আৰু সেই নামৰ চৰিত্ৰটোৰ লগতে সহ-নায়িকাৰ ৰূপত থকা চৰিত্ৰসমূহতো বাস্তৱৰ অসমীয়া নাৰীৰ বৈশিষ্ট্য মনোৰমকৈ দাঙি ধৰিছে।প্ৰতিখন নাটকৰ অন্তৰালত জিলিকি উঠা অসমীয়া নাৰীৰ জেউতিৰে তেখেতৰ নাটকসমূহে অসমীয়া নাট ৰূপে এক ন-অৱস্থানলৈ গতি কৰিছে ।
১৯২৬ চনৰ পৰা ১৯৩০ চনলৈকে আগৰৱালাদেৱে ইউৰোপত ইউৰোপীয় থিয়েটাৰৰ বিকাশ আৰু আধুনিক উন্নয়নৰ বিষয়ে অধ্যয়ন কৰিছিল আৰু জাৰ্মানীৰ ইউনিভাৰ্চম ফিল্ম এ জি (বা ইউ এফ এ)ত চলচ্চিত্ৰ নিৰ্মাণৰ কলা কৌশল শিকিছিল। সেইবাবে তেখেতৰ নাটসমূহত পশ্চিমীয়া নাট্যকলাৰ পদ্ধতি, নাটৰ অন্যান্য দিশসমূহৰ লগতে নাৰী চৰিত্ৰটো সণ্ঢালনি কৰিব পাৰিছে যদিও ইয়াত অসমীয়া নাৰীৰ চৰিত্ৰহে অধিক প্ৰৌজ্জ্বলিত।
ৰূপকোঁৱৰ অসমীয়া কথাছবিৰ বাটকটীয়াই নহয় তেখেতক আধুনিক অসমীয়া নাট্য সাহিত্যৰো বাটকটীয়া বুলি কোৱা হয়। সেইবাবে নাৰী চৰিত্ৰ চিত্ৰনত অসমীয়া নাৰীৰ সহজ-সৰল গুণ,প্ৰয়োজন হ’লে সাহসেৰে প্ৰতিবাদ কৰিব পৰা,দেশপ্ৰেমেৰে আন্দোলিত হৃদয়,হৃদয়ত প্ৰেমৰ শলিতা জ্বলাই প্ৰেমিকৰ বাবে আত্মত্যাগ কৰা আৰু কেতিয়াবা প্ৰেমিকৰ লগতে আপোনজনৰ সুৰক্ষাৰ বাবে নিজৰ দেহ আনৰ হাতত সঁপি দিবলৈ কুণ্ঠাবোধ নকৰা আদি গুণেৰে বিভূষিত। কুশলী ক্ষমতা, মননশীল উপস্থাপন আৰু বিষয়বস্তুৰ ভিন্নতাৰে কৰা তেখেতৰ নাটৰ চৰিত্ৰ চিত্ৰনৰ বাবে নাটকসমূহ এতিয়াও জনপ্ৰিয় আৰু সমাদৃত হৈ আছে।
জ্যোতিপ্ৰসাদৰ নাটকসমূহ হ’ল- শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, নিমাতী কইনা, লভিতা, সোণপখিলা (অসম্পূর্ণ), খনিকৰ, কনকলতা (অসম্পূর্ণ) সুন্দৰ কোঁৱৰ (অসম্পূর্ণ: কাৰেঙৰ লিগিৰীৰ পিচৰছোৱা)। ড° সত্যেন্দ্রনাথ শর্মাই তেখেতৰ নাটককেইখন দুটা শ্রেণীত ভাগ কৰিছে।কাব্যধর্মী আৰু নাট্যধৰ্মী। ‘নিমাতী কইনা’, ‘সোণ পখিলী’ কাব্যধর্মী নাট, বাকী কেইখনক নাট্যধর্মী বুলি ক’ব পাৰি।
তেজপুৰৰ ঊষা-অনিৰুদ্ধৰ কাহিনীয়ে সৰুৰেপৰা মন আলোড়িত কৰাৰ বাবেই বোধকৰো তেখেতে ১৪ বছৰ বয়সতে লিখি উলিয়াইছিল পৌৰাণিক কাহিনীৰে ‘শোণিত কুঁৱৰী’ নাটখন। হাইস্কুলত পঢ়ি থকা অৱস্থাতে শোণিত কুঁৱৰী নাটক লিখি তেজপুৰৰ বাণ মঞ্চত সফল মঞ্চস্থ কৰিবলৈ সক্ষম হৈছিল। বাণীকান্ত কাকতি দেৱৰ মতে ইয়াত ৰোমাণ্টিক উচ্ছাসৰ প্ৰাবল্য অধিক কাৰণ এইখন বৰ কম বয়সতে লিখা নাট।শোণিত কুঁৱৰী নাটকৰ কাহিনী হৰি বংশ , শ্রীমদ্ভাগৱত পুৰাণ ,পিতাম্বৰৰ ঊষা পৰিণয় আদিত আছে যদিও অনন্ত কন্দলীৰ
“কুমাৰ হৰণ” কাব্যৰ ঊষা-অনিৰুদ্ধৰ কাহিনীৰ লগত শোণিত কুঁৱৰী কাহিনীৰ সাদৃশ্য দেখা যায়। শোণিত কুঁৱৰী নাটকখনৰ মূল নাৰী চৰিত্র দুটি হৈছে ঊষা আৰু চিত্রলেখা।অন্যান্য সৰু চৰিত্ৰৰ ভিতৰত ৰাজমাও আৰু কুঁজী বুঢ়ী নামৰ দুটা নাৰী চৰিত্ৰ বিশেষভাৱে উল্লেখযোগ্য। ঊষা-চিত্ৰলেখাৰ সখিত্ব ,স্বপ্নত অনিৰুদ্ধক দেখি প্ৰেমত অস্থিৰ হৈ পৰা ঊষাৰ মনক শান্ত কৰাৰ বাবে চিত্ৰ আঁকি সখীক সকাহ দিয়াৰ চেষ্টা আৰু শেষত অনিৰুদ্ধক চিনি পাই সখীৰ মনৰ অৱস্থা দেখি তেওঁক বিচাৰি আনি সখীক অৰ্পণ কৰাৰ দায়িত্ব আদিৰ ঘটনাই ঊষাতকৈ চিত্ৰলেখাক অধিক উজ্জীৱিত কৰি নায়িকাৰ সম পৰ্যায়ৰ এক চৰিত্ৰ ৰূপে তুলি ধৰিছে। মহেন্দ্ৰ বৰঠাকুৰৰ মতে চিত্ৰলেখাক জ্যোতিপ্ৰসাদে সপোন সুন্দৰী ৰূপে গঢ়ি তুলিছে। ঊষাক লাগে অনিৰুদ্ধক। আনপিনে কুমাৰক আনিব নোৱাৰিলে চিত্রলেখাই “ময়ো আক’ উলটি নাহো” বুলি পণ কৰিছে। চিত্রলেখা ঊষাৰ অতি মৰমৰ সখী। চিত্ৰলেখা নাটকখনৰ সূত্ৰধাৰস্বৰূপ,নৃত্য-গীত-বাদ্যবিশাৰদ আৰু চিত্ৰশিল্পী। জ্যোতিপ্ৰসাদৰ চিৰন্তন শিল্পী সত্তাৰ উন্মেষ এই চৰিত্ৰৰ মাজেৰে জিলিকিছে। পুৰাণৰ অপেশ্বৰী হিচাপে চিত্ৰলেখা মায়াবিনী। কিন্তু নাটত পুৰাণৰ দৰে অনিৰুদ্ধক যাদুৰ বলেৰে চিত্ৰলেখাই হৰণ কৰি অনা দেখুওৱা নাই। নাটকৰ সপ্তম দর্শনত চিত্রলেখাই অনিৰুদ্ধক লৈ ঊষাৰ নগৰ পাইছেহি, এই দৃশ্যহে দেখুৱা হৈছে। নাট্যকাৰে চৰিত্ৰ চিত্ৰনত বাস্তৱৰ পৰশ দিছে। ঊষা-অনিৰুদ্ধৰ মিলনৰ পিচত তেওঁলোকে চিত্ৰলেখাকো বিবাহ বন্ধনত আৱদ্ধ হ’বলৈ কওঁতে, চিত্ৰলেখায়ো জানো কাৰোবাক ভাল নাপায় বুলি সোধোঁতে চিত্ৰলেখাই কৈছিল, ‘ভালতো সকলোকে পাওঁ।’ ইয়াত জ্যোতিৰ শিল্পী মনৰ শান্তি, সৌন্দৰ্য আৰু মাধুৰ্যতা বিৰিঙিছে। ব্যক্তিকেন্দ্ৰিক ভোগ-বিলাসৰপৰা বহু আঁতৰত থাকি সৰ্বসাধাৰণৰ শান্তি আৰু সমৃদ্ধি বৃদ্ধি কৰাটো শিল্পীৰ সাৰ্থকতা, সেই কথা চিত্ৰলেখাৰ চৰিত্ৰৰ জৰিয়তে জ্যোতিপ্ৰসাদে সমাজক কৈ গৈছে।সেইবাবেই এই চৰিত্ৰটো শোণিত কুঁৱৰী নাটকৰ এক অনন্য চৰিত্ৰ।
ঊষাৰ মাতৃ তথা ৰজা বানাসুৰৰ পত্নী হিচাপে ৰাজমাওৰ চৰিত্ৰটোত গাম্ভীৰ্য্য অটুট আছে। কুঁজীৰ মুখেৰে ঊষাই এজন কোঁৱৰক আনি ৰখাৰ কথা ৰজাৰ কাণত পৰিলে হ’ব পৰা বিষম পৰিস্থিতিৰ কথা অনুমান কৰি কুঁজীৰ মুখ বন্ধ কৰিবলৈ মুক্তাৰ মালা দান কৰিছে। এই কথাই সাধাৰণ মাতৃৰ দৰে সন্তানৰ দোষ ঢাকি ৰখাৰ চেষ্টা ৰাজমাওৰ চৰিত্ৰটিৰ মাজেৰে ফুটি উঠিছে। তেনেদৰেই কুঁজীক আমি পাওঁ এক ব্যংগ্যাত্মক চৰিত্ৰ ৰূপে। হাস্যৰস সৃষ্টি কৰি কুঁজীৰ মুখতো এটি গীত আৰু কুঁজীৰ এটি নাচ দি নাট্যকাৰে ৰসৰ স্ফূৰণ ঘটাবলৈ চেষ্টা কৰিছে।নাৰী মনৰ লালসা কুঁজীৰ চৰিত্ৰত দেখুৱাইছে। কুঁজীয়ে ৰাণীৰপৰা মুক্তাৰ মালা পাই ৰজাৰপৰা তাতোকৈ অধিক নিজকে ৰাণী হোৱাৰ অদ্ভুত কল্পনাৰে নাচি-বাগি ৰজাৰ ওচৰলৈ যাত্ৰা কৰা দৃশ্যৰ অৱতাৰণাই লুভীয়া কুঁজীৰ চৰিত্ৰ সুন্দৰকৈ অংকিত কৰিছে। নাটখনত ভগৱতী, ৰতি, স্বপ্নদেৱী আদি চৰিত্ৰবোৰক পুৰাণৰ অলৌকিকতাৰ বান্ধোনৰপৰা মুক্ত হৈ বাস্তৱসন্মতৰূপে আমাৰ আগত দাঙি ধৰিছে। কিন্তু এই পুৰাণ প্ৰসিদ্ধ চৰিত্ৰবোৰৰ গাম্ভীৰ্য সম্পূৰ্ণ অটুট আছে। ইয়াতে নাট্যকাৰে সফলতা অৰ্জন কৰিছে।
‘কাৰেঙৰ লিগিৰী’ নাটখন তেওঁ ১৯৩৭ চনত ৰচনা কৰিছিল।ই এখন মনস্তাত্বিক নাটক।এই নাটত কাৰেঙৰ লিগিৰীৰূপে শেৱালি সামন্ত যুগীয় নিষ্পেষিত জনতাৰ প্ৰতিনিধি।স্বল্পভাষী শেৱালিৰ মুখ নীৰৱ যদিও যেন মুখৰ।চালচলনত আছে ছন্দ ,কাব্যিক ব্যঞ্জনা।এসময়ত সুন্দৰ কোঁৱৰে ‘এগৰাকী লিগিৰীৰ ইমান স্পৰ্ধা’ -বুলি কৰা উক্তিৰ পিছত ধীৰে ধীৰে শেৱালিৰ প্ৰেমৰ সুৰৰ মূৰ্ছনাত উটি ভাহি গৈছে যদিও শেৱালিৰ মৃত্যুলৈকে এই কথাৰ অনুধাৱন কৰা নাই। শেৱালিয়ে সুন্দৰ কোঁৱৰৰ প্ৰেমক হৃদয়ত অনুভৱ কৰিলেও কোনো কথাৰ প্ৰত্যুত্তৰ নিদিয়া, এগৰাকী লিগিৰীৰূপে ৰাজঘৰৰ সকলো কথা নিৰ্বিবাদে মানি লোৱা এগৰাকী সৰলমনা নাৰী। শেৱালিয়ে ৰাজপুত্ৰ সুন্দৰ কোঁৱৰে তেওঁৰ দৰে এগৰাকী লিগিৰীক আঁকোৱালি ল’লে সমাজৰ সন্মুখত হেয় হোৱাতকৈ আত্মত্যাগ কৰি প্ৰেমিকক এই বিবাদৰপৰা ৰক্ষা কৰাই অধিক যুক্তিসংগত বুলি বিবেচনা কৰিলে। শেৱালিৰ প্ৰেম নিষ্কলুষ ,তাইৰ প্ৰেমত পোৱাৰ লোভ নাই। আকাশৰ জোনটোক পোৱাৰ আকাংক্ষা নাই।-
“জোনটোক যেনেকৈ মানুহে ভালপায়,কিন্তু তাক পাবলৈ আকাংক্ষা নকৰে,পোৱা অসম্ভৱ বুলি জানে,কিন্তু তাৰ শীতল কিৰণত ফুৰি আনন্দ পায়,সেইদৰে তোমাক পাবলৈ কেতিয়াও আকাংক্ষা নকৰে,কিন্তু তোমাৰ মৰমৰ উমনি সপোন দেখি বলিয়া হয়”……..সুদর্শনৰ সংলাপৰ মাজেৰে শিল্পীজনাই এইদৰেই শেৱালি চৰিত্ৰৰ মহত্ব প্ৰকাশ কৰিছে। কিন্তু সুন্দৰ কোঁৱৰে মাতৃৰ হৃদয়ৰ বিননি শুনি বিয়া কৰি পিছত পত্নী কাঞ্চনমতীৰ তেওঁৰে বন্ধু অনংগৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা জ্ঞাত হৈ তেওঁৰ হাতত নিজ পত্নীক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে। কিন্তু আমাৰ সমাজত নাৰীয়ে বিবাহৰ আগতে প্ৰেম কৰিলেও এবাৰ শিৰত সেন্দূৰ লোৱাৰ পিছত স্বামীৰ বাহিৰে অন্যৰ কথা নাভাবে। সুন্দৰ কোঁৱৰে কৰিব খোজা কাৰ্যক প্ৰতিবাদ তথা সুন্দৰ কোঁৱৰক সতৰ্ক কৰি কৈছে…….
“কিছুমান ভুল নুশুধৰালে অপকাৰ হয়।কিন্তু কিছুমান ভুল শুধৰাবলৈ গ’লে ধ্বংস হয়।বৰঘৰৰ খুটাবোৰ ভুলকৈ পুতি ঘৰটো সজাৰ পিছত খুটাবোৰ শুদ্ধকৈ খুৱাবলৈ গলে গোটেই ঘৰটোকেই ভাঙিব লাগিব।’সুন্দৰ কোঁৱৰে এৰি যোৱাৰ পিছত কাঞ্চনমতীয়ে নিজকে শেষ কৰি দিছে।
আন এটি চৰিত্ৰ ৰাজমাও সামন্তযুগীয় সমাজৰ প্ৰতিভূ ৰূপে আত্ম প্ৰকাশ কৰিছে। তেওঁ যি কৰিছে সেয়া সেই সময়ৰ সমাজৰ কথা ভাবি কৰিছে, পুত্ৰৰ ভালৰ বাবেই কৰিছে।এগৰাকী সাধাৰণ মাতৃৰ দৰে তেখেতে পুত্ৰৰ বিয়াৰ চিন্তা কৰিছে।কিন্তু সেয়া এগৰাকী লিগিৰীৰ লগত কদাপি নহয়। ৰজাই কেতিয়াও লিগিৰী এগৰাকী বিয়া কৰাব নোৱাৰে এই কথা তেওঁৰ মনত ৰাখি সুন্দৰ কোঁৱৰ আৰু শেৱালিৰ মাজত দেৱাল ৰূপে থিয় দিছে,শেৱালীক নিৰ্বাসন দিছে। নাটকৰ শেষৰফালে নগপাহাৰৰ কন্যা ৰুণুক,জুনুক, ঠুনুক নামৰ চৰিত্ৰ সৃষ্টি কৰিলেও এই চৰিত্ৰই নাটৰ গতিত তেনে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই।এই নাটকৰ নাৰী চৰিত্ৰ সমূহলৈ চালে কাঞ্চনমতী চৰিত্ৰটোৱে বাস্তৱসন্মত এক মনোৰম চৰিত্ৰ বুলি অনুভৱ কৰিব পাৰি। কাঞ্চনমতীৰ যুক্তিৰ ওচৰত সুন্দৰ কোঁৱৰৰ যুক্তি নিষ্প্ৰভ হৈ পৰিছে।
‘ৰূপালীম’ নাটত নাট্যকাৰে নিজে কোৱাৰ দৰে মান্না ভান্না নাটৰ প্ৰভাৱ স্বীকাৰ কৰিছে। তেওঁ কোৱাৰ দৰেই সেয়া নামমাত্ৰহে। ৰূপালীম নাটত ৰূপালীম নায়িকা যদিও ইতিভেনো সম পৰ্য্যায়ৰ চৰিত্ৰ। জনজাতীয় সমাজৰ সৰলতা ৰূপালীমত আৰোপিত হৈছে। তেওঁৰ সংলাপটো প্ৰেমৰ ৰূপ প্ৰকৃতিৰ বিভিন্ন অংগৰ জৰিয়তে প্ৰকাশ কৰিছে মায়াবৰ সন্মুখত। তেওঁৰ প্ৰেমত যেন শিশুসুলভ সৰলতাৰ প্ৰলেপ আছে। মণিমুগ্ধৰ ক্ৰুৰ চকু পৰি বন্দী হোৱা ৰূপালীমে নিজৰ সতীত্ব ৰক্ষার্থে পলাবলৈ সাহস গোটাইছিল আন সাধাৰণ নাৰীৰ দৰে। নিজৰ প্ৰেমিক তথা নিজৰ আপোনজনক হেৰুৱাৰ ভয়ত পিছত নিজকে মণিমুগ্ধৰ হাতত দেহ সপি দিবলৈকো কুণ্ঠাবোধ কৰা নাই। শেষত ইতিভেনৰ ঈৰ্ষাৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছে কঠোৰ কুসংস্কাৰপূৰ্ণ মানুহৰ মনত সতীত্ব বিসৰ্জন দিয়াৰ অপৰাধৰ বাবে। কিন্তু শেষত দেশমাতৃকাৰ ধ্বনিৰ মাজেৰে অগ্নিত বিসৰ্জন দিয়াত মায়াবৰ প্ৰতি থকা প্ৰেম যেন স্বদেশ প্ৰেমলৈ ৰূপান্তৰ ঘটিছে। ইতিভেন এগৰাকী তেজস্বিনী নাৰীৰূপে আত্মপ্ৰকাশ কৰিছে। স্বজাতিৰ সন্মান আৰু গৌৰৱৰ প্ৰতি সদা সচেতন হৈ ৰাইজৰ মাজত কৌতূহল সৃষ্টি কৰিলেও শেষত ৰূপালীমক দিয়া মৃত্যুদণ্ডই ,ৰূপালীমৰ সৌন্দৰ্যই মোহিত কৰা মণিমুগ্ধক দেখি তাই এগৰাকী ঈৰ্ষান্বিতা নাৰীলৈ পৰিণত হৈছে। নায়িকাৰ সমপর্যায়েৰে গতি কৰিলেও ৰূপালীমক হত্যা কৰাৰ আদেশ দিয়াৰ পিছত শেষত দৰ্শকৰ চকুত এগৰাকী খলনায়িকা হৈ পৰিছে।
লভিতা সম্পৰ্কে শিল্পীজনাই কৈ গৈছে……
“এই নাটকত অসমৰ জনসাধাৰণৰ ওপৰত বিয়াল্লিছ চনৰ বিপ্লৱ আৰু অসমৰ ওপৰেদি যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল তাকেই বাস্তৱিক চিত্ৰ আঁকি দেখুৱাব খোজা হৈছে।”
নাট্যকাৰে এই নাটত নায়ক-নায়িকাৰ চৰিত্ৰ নাই বুলি ক’লেও নামকৰণেই আমাক জনায় যে লভিতা এই নাটৰ মুখ্য চৰিত্ৰ।
সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে—
“অসমৰ সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনত জ্যোতিপ্ৰসাদে যি মহান বিপ্লৱী শিল্পীৰ ভূমিকা গ্ৰহণ কৰি গৈছে তাৰ তুলনা দিবলৈ দ্বিতীয় এজন ব্যক্তি হয়তো বিচাৰি পোৱা টান হ’ব৷”
সেই বিপ্লৱী মনস্তত্বৰ ৰস বিৰিঙি ওলাইছে লভিতা নাটত লভিতা চৰিত্ৰৰ মাজেৰে। নামকৰণৰ পৰাই অনুমান কৰিব পাৰি লভিতা মূল চৰিত্ৰ আৰু চৰিত্ৰটি এটা সবল নাৰী চৰিত্ৰ। এই নাটত সমাজৰ লগত সংগ্ৰাম, বিশ্বযুদ্ধৰ সময়ত মানুহৰ জীৱন লভিতা নামৰ চৰিত্ৰটিয়ে তাৰ মাজত থাকি পৰিস্থিতিৰ লগত যুঁজি,প্ৰতিবাদ কৰি শেষত প্ৰেমিক গোলাপৰ সৎ সাহসৰ অভাৱ দেখি তেওঁৰ প্ৰেম পৰিত্যাগ কৰি দেশপ্ৰেমক আঁকোৱালি লৈছে। প্ৰগতিশীল লভিতাই গোলাপক কৈছে……
“আজিকালিৰ ডেকা ল’ৰা৷ আজিকালি উপজিছা, সেই বুলিয়েই নে? তোমাৰ মনটো আজিৰ দিনতো দুকুৰি বছৰ আগৰ দৰে৷ যি কথাটো সত্য বুলি ভাবা তাক সমাজৰ ভয়ত ক’বলৈ সাহ নাই৷ কৰিবলৈ সাহ নাই৷ তুমি নক’বা আজিৰ দিনৰ ডেকা বুলি-।”
ভেটিৰ পৰা উঠাব খুজোঁতে বেয়নেটৰ সন্মুখত কোৱা সংলাপত লভিতাৰ মনৰ দৃঢ়তা,সংগ্ৰামী মনৰ পৰিচয় পোৱা যায়। ই যেন ৰূপকোঁৱৰৰ মনৰ বতৰা।
“মোৰ ভেটি,মোৰ ঘৰ,মোৰ মাটি,মোৰ দেশ-ইয়াত মোৰ মাতিবৰ অধিকাৰ আছে। নাযাওঁ, নাযাওঁ,এই ভেটিৰ পৰা নাযাওঁ-।”
শেষত দেশৰ বাবে নিজৰ বুকু পাতি বন্দুকৰ গুলিক সাবটি মৃত্যুৰ কোলাত ঢলি পৰা লভিতা চৰিত্ৰটি নাট্যকাৰৰ অন্যতম সৃষ্টি বুলি অনুভৱ কৰিব পাৰি। নায়িকা লভিতাৰ বিপৰীতে নায়ক বৃহৎ অসমীয়া সমাজখন। লভিতাৰ সংলাপৰ মাজেৰে নাট্যকাৰে সমাজখনৰ প্ৰতি নিজৰ মনৰ অনুভৱ প্ৰকাশ কৰিছে। দেখা যায় যে জ্যোতিপ্ৰসাদৰ নাটসমূহত বিষয়বস্তু,কাহিনী,চৰিত্ৰ,সংলাপ,সংঘাত সকলো গতিশীল।
‘নিমাতী কইনা’ নাটকখনত মাত নুফুটা কইনাজনীৰ মাত ফুটাবলৈ কৰা যত্নত শিল্পীজনাই মাত মাতিব নজনা সমাজখনৰ জনতাৰ প্ৰতীক ৰূপে লৈ এখন ৰূপকধৰ্মী নাট ৰচনা কৰিছে। ইয়াত নিমাতী কইনাই মুখ্য চৰিত্ৰ। আন বহুতো নিমাতী কইনাৰ মাক,সখীয়েক ৰত্নাৱলী, চিত্ৰাৱলী,মুক্তাৱলী, ৰূপাৱলী, নিদ্ৰাৱলী আদি নাৰী চৰিত্ৰ আছে যদিও গীত-নৃত্যৰ পয়োভৰত চৰিত্ৰবোৰ ধুৱলী-কুঁৱলী হৈ পৰিছে। নিমাতী কইনাক নাট্যকাৰে কলা লক্ষ্মী বুলি কৈ আমোদদায়ক কলাবিদ্যাৰে যে মাত ফুটাব নোৱাৰি সেই কথা সকলোকে জনাব বিচাৰিছে। তেওঁৰ মতে যি কলাই সকলোৰে বাবে সুখকৰ,হিতকৰ, য’ত পাণ্ডিত্যৰ ভেম, গৰ্ব অহংকাৰ নাই সেই কলাইহে নিমাতী কইনাৰ মাত ফুটুৱাৰ দৰে সমাজখন সকলো দিশেৰে সুন্দৰ কৰি তুলিব পাৰে।
‘সোণ পখিলী’ নাটকখন শিশুৰ বাবে লিখা কাব্য নাটিকা। অসম্পূৰ্ণ এই নাটখন পিছত অতুল চন্দ্ৰ হাজৰিকাই সম্পূৰ্ণ কৰি তোলে। ইয়াত কবিতা কুমাৰে সোণ পখিলীক বিচাৰি ফুৰা দেখুৱা হৈছে। মেটাৰলিঙ্কৰ ‘ব্লু বাৰ্ড’ৰ দৰে এই পখিলীজনী সৌন্দৰ্য্য আৰু আনন্দৰ প্ৰতীক।
‘ কনকলতা’ আৰু ‘সুন্দৰ কোঁৱৰ’ তেওঁৰ আন দুখন অসম্পূৰ্ণ নাট। তেখেতৰ অসুস্থতাৰ অন্তিম সময়ত লিখা নাট। ‘কনকলতা’ নাটখন সম্পূৰ্ণ হোৱা হ’লে স্বদেশপ্ৰেমেৰে আলোকিত নাৰী চৰিত্ৰটিৰ বিষয়ে আমি অধিক জানিব পাৰিলোঁহেঁতেন বা লভিতাৰ দৰে সমপর্যায়ৰ এক সবল নাৰী চৰিত্ৰৰূপে দেখিবলৈ পালোঁহেঁতেন। সুন্দৰ কোঁৱৰ কাৰেঙৰ লিগিৰীৰ পিছৰ এক অংশ ৰূপে তেখেতে লিখিব লৈছিল।
শেষত আমি এটা কথাই কব পাৰোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটসমূহৰ সৰহসংখ্যক নাৰী অৰ্থাৎ মূল নায়িকাৰ নামকৰণ কৰা বাবে তেখেতে নাৰী যে সমাজখনৰ এক গুৰুত্বপূৰ্ণ অংগ তথা সমাজখনক প্ৰয়োজন হ’লে সলনি কৰিব পৰা গুণৰ অধিকাৰী সেয়া অনুধাৱন কৰায়। ৰূপালীম, কাৰেঙৰ লিগিৰী,লভিতা ব্যৰ্থ প্ৰেমৰ নাট য’ত কাহিনীৰ শেষত মূল নাৰী চৰিত্ৰই মৃত্যুক সাবটি লৈছে।কিন্তু শোণিত কুঁৱৰীত প্ৰেমৰ সফলতা দেখুৱাইছে। নাৰীৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদৰ মনোভাৱ সদায় উচ্চ আছিল। নাৰী চৰিত্ৰবোৰৰ মাজেৰে সমাজৰ খলা- বমাবোৰ দেখুৱাই যুক্তিৰে প্ৰতিবাদ কৰা দেখুৱাইছে। নাৰী পৰিস্থিতিত পৰি সাহসী হৈ উঠিব পাৰে, আনৰ হিতৰ বাবে,দেশৰ বাবে প্ৰাণ দিব পাৰে আদি বিভিন্ন কাহিনীৰে নাৰীৰ গৰিমাক প্ৰৌজ্জ্বল কৰি তুলিছে।
*******
