পুত্ৰস্নেহ-পূৰ্ণিমা শইকীয়া গগৈ

”আজি কালি মই ৰান্ধি দিলে তোৰ পেট নভৰা হ’ল। ইমান বছৰে ময়ে ৰান্ধি খুৱালোঁ। ঘৈণীয়েৰ অহাৰ দুদিন হওঁতেই মই ৰান্ধিব নজনা হ’লোঁ।”  

মাকৰ মুখৰ এনেবোৰ কথা শুনি সি বেয়া নাপায়। কিন্তু মাকক বুজাবলৈ গ’লেই তাক ঘৈণীয়েকে শিকাই দিছে বুলি গালি পাৰে। কথাখিনি সদায়ে শুনি শুনি অশান্তি পায় ৰাহুলে। কেনেকৈ বুজায় মাকক। শৈশৱতে দেউতাকক হেৰুৱাই মাকৰ মৰমতে ডাঙৰ হৈছে সি। গোটেই জীৱনটো তাক মানুহ কৰিবলৈ মাকে কি কৰা নাই? সি ভাবে মাকে এতিয়া জিৰণি লওক।কিন্তু মাকে যে এতিয়াও  আগৰদৰেই তাৰ বাবে সকলো কৰিব বিচাৰে।

ৰীমাই কয়….. 

“মায়েহে কৈছে। ক’ব দিয়া। আজিৰপৰা ভাত মায়ে ৰান্ধিব।”

ৰীমাৰ কথাত ৰাহুল মান্তি হ’ল। 

ৰীমাই ক’লে, 

“কথাটো ময়ে মাক ক’ম।” 

ৰাতিপুৱা শুই উঠি ৰীমা কামত লাগিল। শাহুৱেকে গা ধুই আহিল। 

ৰীমাই শাহুৱেকক ক’লে, 

“মা, মই কামখিনি কৰোঁ আপুনি চাহ কাপ বনাওক চোন।”

চাহ খোৱাৰ পিছত ৰীমাই মাকক ক’লে,

“মা ভাত কেইটা ৰান্ধিব নেকি? মই ঘৰটো মচি লওঁ।”

শাহুৱেকে ভালেই পালে।ৰান্ধনীঘৰত সোমাল। বোৱাৰীজনী অহাৰ পিছত, বহু দিনেই হ’ল ভাত ৰন্ধা নাই। সকলোবোৰ বৰ পৰিপাটিকৈ থৈছে ৰীমাই।

“ৰীমা কি ৰান্ধিম?”

“আপোনাৰ যি মন যায়। কিবা বস্তু বিচাৰি নাপালে মোক ক’ব।”

শাহুৱেকে ৰান্ধিবলৈ ল’লে। ৰাহুলক ৯ বজাত ভাত লাগিব। সেয়ে তেওঁ খৰধৰকৈ ৰন্ধাত লাগিল। যেনেতেনে ভাত কেইটা কাঁহীত দি ৰাহুলক মাতিলে। সময় তেতিয়া ৯.১৫ । ৰাহুলে খৰধৰকৈ খাই অফিচলৈ ওলাল। মাক চকীখনত বহিল। ৰীমাই চাহ কাপ আগবঢ়াই দিলে।

 আবেলি ৰাহুল অফিচৰ পৰা আহিল। গধূলিৰ সাঁজৰ বাবে ছাগলীৰ মাংস আনিছে। 

ৰীমাই শাহুৱেকক ক’লে…… 

“মা, মাংসখিনি জুইতে ৰান্ধিলে ভাল হ’ব। মই যোগাৰ কৰি দিওঁ।”

“তুমিয়ে ৰান্ধাচোন। মই দেখোন বস্তুৰ জোখেই পাহৰিলোঁ।  মই ৰন্ধাতকৈ তুমি ৰান্ধিলেহে বেছি সোৱাদ  হয়।”

“হ’ব দিয়ক মা।” 

সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিলে ৰীমাই।ৰাহুলে ৰীমাৰ বুদ্ধিৰ শলাগ ল’লে।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *