মই তোৰ জুবিনে কৈছোঁ গৰিমা-আস্মা ইয়াছমিন। (ৰাণী)
‘মাজ ৰাতি মোৰ কাষত কোনেনো কান্দে?
কাৰ উচুপনিয়ে নিশাৰ নীৰৱতা ভেদি মোৰ বুকু ভাঙে…!’
তই নাকান্দিবি গৰিমা,
একবিংশ শতিকাৰ মই
আটাইতকৈ সাহসী, শক্তিশালী ৰজা,
বলবান যোদ্ধা,
টকাৰে নহয় কামেৰে।
গৰ্ব, অহংকাৰেৰে নহয়, মমতাৰে।
তথাপিও তই জান
যেতিয়া তোৰ চকুত চকুলো দেখোঁ
পৃথিৱীৰ আটাইতকৈ দুৰ্বল পুৰুষজন মই হৈ পৰোঁ অ’ গৰিমা…!
ৰাতি যেতিয়া তই মোৰ সমাধিত ৰৈ
কান্দি কান্দি হাতযোৰ কৰি আছিলি,
মই তোৰ কাষে কাষে আছিলোঁ।
তোক এবাৰ চুই চাবলৈ,
সাবটি ধৰি চকুহাল মচি দিবলৈ,
কিমান যে চেষ্টা কৰিলোঁ মই
উহুঁ নোৱাৰিলোঁ…!
তোক স্পৰ্শ কৰিবলৈ মাত্ৰ
এক ইঞ্চিমান ব্যৱধান জান,
আৰু সেইখিনিয়েই আমাৰ মাজত
বিৰাট প্ৰাচীৰ হৈ থিয় দিলে অ’ গৰিমা…!
মই কিমানযে চিঞৰিলোঁ
তই নুশুনিলি,
তোৰ কাষৰবোৰক কিমান ক’লোঁ
তাইক কান্দিবলৈ নিদিবি বুলি
চাল্লা সিহঁতেও নুশুনিলে…!!
দিনটোত অজস্ৰ মানুহ মোৰ
কাষলৈ আহে,
মই সিহঁতক দূৰৰ পৰা হাঁহিৰে
সম্ভাষণ জনাওঁ।
কিন্তু সিহঁতে মোক অগ্ৰাহ্য কৰি
চকুলো মচে,
মোৰ কথা, মোৰ চিঞৰ আজি কালি
কোনেও নুশুনে অ’ গৰিমা।
মোৰ ভয় হৈছে জানোচা
মানুহবোৰে মোক পাহৰি গ’ল,
কিন্তু…..!!!
কিন্তু, পিছ মুহূৰ্ততে সান্ত্বনা লওঁ
সিহঁতে পাহৰি গ’লে মোৰ ওচৰলৈ
এনেকৈ আহিলহেঁতেন কিয়?
মই সাহস ঘূৰাই পাওঁ
যেতিয়া তোৰ শিৰত ৰঙা তিলক দেখোঁ ,
মই বুজোঁ গৰিমা
সেই ৰঙাৰ আঁৰত এতিয়া যে
অজস্ৰ অন্ধকাৰ,
ঘন ক’লাই তোৰ চৌপাশ ঘেৰি আছে।
সেন্দূৰৰ ৰং ৰঙা বুলি জানিছিলোঁ গৰিমা
কিন্তু ইমান ৰঙা বুলি কেতিয়াও ভবা নাছিলোঁ
য’ত হেৰাই যাব পাৰে
তোৰ চকুত জিলিকি থকা ৰামধেনুবুলীয়া
সপোনৰ ৰংচঙীয়া ৰঙবোৰ…!!!
তোৰ গভীৰ ক’লা চকুত
কত নিদ্ৰাহীন ৰাতিবোৰ সাৰে থকা দেখি,
তোৰ ওঁঠৰ ফাঁকেৰে ক্ষোভৰ বহিৰ্প্ৰকাশ দেখি,
মই নিতে অপৰাধত বুৰ যাওঁ গৰিমা,
অহাৰ সময়ত তোক যে মোৰ একোৱেই কোৱা নহ’ল।
সেই লৈ তোৰ যি অভিমান মই বুজিছোঁ,
মই এয়াও বুজোঁ গৰিমা
নাৰীৰ অভিমান যেতিয়া চকুলো হৈ সৰে
তাতকৈ অন্ধকাৰ পৃথিৱী আৰু ক’ত থাকিব পাৰে,
ক’ত……????
তথাপিও তই ভাগি নপৰিবি,
মই তোৰ তেজত, উশাহত, প্ৰাণত আছোঁ।
তোক বাদ দি মই যে ইয়াতো অস্তিত্বহীন…!!!
আকৌ কৈছোঁ গৰিমা,
তই নাকান্দিবি দেই,
তই কান্দিলে মই বৰ কষ্ট পাওঁ অ’
বৰ কষ্ট পাওঁ….!!!
*******
