মহাজন-হৰিচন্দ্ৰ ডেকা

: খুখ্না কা দেখোন! চুঁচি-মাজি কেনিনো যোৱা? বোৱাৰীৰ মৰমে চাগৈ চহৰৰ পৰা হাত বাউল দি মাতিছে?

: এৰা অ’ বাপধন ! পিছে বোৱাৰীৰ মৰমত বুলিয়ে কৱ নে নাতিৰে মোহ নাজানো, সিহঁতৰ আকৌ বাৰীৰ শাক পাচলি অথবা পুখুৰীৰ মাছ নহ’লে পেটেই নভৰে। দেখিছই নহয়, চিকনে সময় নাপাই বুলিহে, বাপধনে অকলে কিমান কৰিব?হওঁতে পাচলিৰ ফাৰ্মখনত গাঁৱৰে কিমানজন বেকাৰ ল’ৰাই কাম কৰি আছে, এয়া গাঁওখনৰে কাৰণে মঙ্গলৰ কথা নহয়নে বাপধন? তাতেই আজি মৈমনচিঙিয়া জালোৱা মাতি ফিচাৰীৰ পৈণত মাছবোৰ বিক্ৰী কৰি দিলে৷ বোলো এই চেগতে চিকনকো কিছু দি আহোঁ॥আজিকালি পাইকাৰীয়ে বাগানৰ পৰাই শাক-পাচলি লৈ যায়হি নহয়, কেৱল গোটাই থ’লেই হ’ল ৷ তই পিচে কেনি ওলালি?

: মিছা ক’লে কিটো হ’ব! হওঁতে তোমাৰ তালৈকে আহিছিলোঁ৷ তুমিও যাত্ৰা কৰি এঠাইলৈ যাবলৈ ওলাইছা৷ কওঁ নে নকওঁ কথাটো তাকে ভাবিছোঁ।

: আহিছ যেতিয়া কৈয়ে পেলা আকৌ৷ মোৰ ওচৰৰপৰা তই শুদা হাতে যাব নালাগে নহয়৷

: খুখ্না কা! টকা কেইটামান লাগিছিল৷ সৰু ল’ৰাটোৱে আই আই টি ইন্দোৰত চিট পাইছে৷ হওঁতে ইয়াৰ কাৰণে টকা কিছু সাঁচি নোথোৱা নহয়; পিচে জোৰা নমৰিল৷ 

: কিমান লাগেনো তোক?

: এডমিচন হৈ গ’ল৷ যোৱাৰ খৰচটো লগতে হাত খৰচ বুলি  পাঁচ হাজাৰমান পালেই হৈ যাব৷ বিশ্বাসক ভৰসা কৰিব নালাগে খুখ্না কা; সেয়েহে গৃহিণীয়ে আঙুঠিটো দি পঠিয়াইছে।এইটোৰ অবৰ্তমানে মোক বন্ধকী মুকলি কৰিবলৈ তাগিদা দি থাকিব৷ ইয়াকে ৰাখি থোৱা।

: হেৰৌ সেইবোৰ বন্ধকী-চন্ধকী কেলেই লাগিছে? বাৰু আনিছ যেতিয়া থৈ যা তেতিয়াহে তোৰো কথাটো মনত থাকিব। মই তোৰপৰা সুতৰ নামত একো নলওঁ৷ টকা পাঁচ হাজাৰ দি এইটো লৈ যাবি৷ পিচে মোৰ এটা কাম কৰি দিব পাৰিবি?

:কি কাম খুখ্না কা?

: বাপধনৰ মুখ শুকাই গ’ল৷ নতুনকৈ হোৱা ধনী। কি ফান্দখন বা পাতে!

: চিন্তা কৰিব নালাগে দে, একো ডাঙৰ কাম নহয়৷ 

মুখখন বাপধনৰ কাণৰ ওচৰলৈ নি ফুচফুচাই কোৱাৰ দৰে ক’লে………

:গাঁওবুঢ়াৰ ঘৰত মৰকীয়া হাল বাওঁতে মোক খুখ্না কা বুলি মাতিছিলি বুলি এতিয়াও এনেকৈ মাতিলে ভাল নালাগে অ’ বাপধন৷ এতিয়া মোৰ গাঁওবুঢ়াতকৈয়ো ধন,সা-সম্পত্তি বেছি হ’ল। মহাজন বুলি মাতিবি আকৌ। এয়া ল তোৰ টকা পাঁচ হাজাৰ। তোৰ আঙঠিটোও তোকে দিলোঁ। আৰু শুন, মোক পাঁচ হাজাৰটো ঘূৰাই নিদিলেও হ’ব যা; কেৱল তই এই কথাটো গাঁৱত জনাই দিলেই হ’ল, মোক যাতে সকলোৱে মহাজন বুলি মাতে। হাজাৰ হওক তই মোৰ আপোন ভাইৰ দৰে৷

আঙুঠি আৰু টকা পাঁচ হাজাৰ লৈ বাপধনে কিছু সময় খুখ্নাৰ মুখলৈ চাই থাকিল।

কিমান বছৰনো হ’ল! যেন সৌ সিদিনাৰহে ঘটনা৷ বাপধনে পাকঘৰৰ মজিয়াত মাকে কল সানি দিয়া পঁইতা ভাত খাই আছিল৷ এদোণ চাউলৰ ভাত এবাৰতে খাই পেলাব পৰা বয়স তাৰ৷ পিৰালিৰ পৰা খুখ্না কাই মৰা সেই চিঞৰটো এতিয়াও যেন বাজি আছে৷

: খুড়ী পাগত সোমালাই হবলা? ৰাতিৰ পানী দিয়া ভাত অলপো নাই নে? পানীখিনি হ’লেও হ’ব খুড়ী।

আচল নাম কি আছিল সকলোৱে পাহৰিলে চাগৈ৷ হাৰমনিয়ামৰ কিবোৰৰ দৰে কামি হাড় ওলাই থকা ল’ৰাটোক সকলোৱে খুখ্না (কামৰূপীয়া ভাষাত খুখ্না মানে শুকান, খীণ-মীন হাড় ওলোৱা) বুলি মাতিবলৈ ল’লে৷ মাক, ভনীয়েক আৰু এচিকটামান খেতি মাটি পুতেকক গটাই কফে লগ এৰা নিদিয়া বাপেকটো সি স্কুলত থাকোঁতেই সিপুৰীলৈ গ’ল। মাকে আনৰ ঘৰত ভূঁই ৰুই তিনিওৰে কাৰণে যেনে তেনে চাউল মুঠি যোগাৰ কৰিব নোৱৰা হলত পঢ়া-শুনা সিমানতে এৰি খেতিত মন দিলে;পিছে খেতি কৰে কেনেকৈ, বাপেকৰ চিকিৎসাতে গৰুহাল গ’ল৷ উপাই নাপাই মৰকীয়া হাল মাৰিবলৈ আৰম্ভ কৰিলে৷ দুদিন যদি গাঁওবুঢ়াৰ ঘৰত এদিন নিজৰ মাটিত হাল বায়৷ ইফালে মাকৰ খেচখেচনি,গাভৰু ছোৱালীজনী ঘৰতে বুঢ়ী হৈ আছে৷ দুখীয়া মানুহ, বদনাম ৰটিবলৈ মানুহৰ কেতপৰ৷ গতিকে অৱশিষ্ট খেতি মাটিখিনি বেচি দায়মুক্ত হোৱাৰ লগতে নিজৰ বিয়াখনো পাতি ল’লে।এতিয়া দিন হাজিৰাই খুখ্নাৰ একমাত্ৰ জীৱিকা।সি যদি গাঁৱৰ কাৰোবাৰ ঘৰত হাল বায়,পত্নীয়ে ভূঁই ৰুই দুই পইছা অতিৰিক্ত  উপাৰ্জন কৰে। অভাৱে খুখ্নাৰ সংসাৰ বঢ়োৱাত কোনোপধ্যেই বিধি-পথালি দিয়া নাই৷ দুবছৰৰ ব্যৱধানত দুটা ল’ৰা জন্ম পোৱাত পৰিয়াল চাৰিজনীয়া হ’ল৷ দেখিবলৈ ধুনীয়া কাৰণে ডাঙৰটোৰ নাম ৰাখিলে চিকন আৰু সৰুটোৰ নাম নুমলীয়া কাৰণে নোমল ৰাখিলে৷ ল’ৰা দুটা অভাৱৰ মাজেৰেই ডাঙৰ হ’ল৷ গতিকে সৰুৰেপৰাই নিজকে এককভাৱে প্ৰতিষ্ঠিত কৰাত লাগিল৷ চিকনে গাঁৱতে সৰু ল’ৰা-ছোৱালীক পঢ়ুৱাই নিজৰ খৰচ উলিয়াবলৈ ধৰিলে৷ পঢ়াত মজলীয়া আছিল কাৰণে একেবাৰতে সি মেট্ৰিকৰ ডেওনাখন পাৰ হ’ল৷ কিবা এটা আৰম্ভণি কৰাৰ এয়াই উপযুক্ত সময় বুলি পঢ়া-শুনা এৰি ব্যৱসায়ত নামিল।

: দেউতা! মই আৰু নপঢ়োঁ, নোমলকে পঢ়ুৱাম৷

: নপঢ়ি কি কৰিবি?

পুতেকে নপঢ়োঁ বুলি কৈ যেনিবা খুখ্নাক উদ্ধাৰহে কৰিলে৷ 

: কি কৰিম  তোক এতিয়াই ক’ব নোৱাৰিম; যি কৰোঁ তহঁতক সুখত ৰাখিবলৈকে কৰিম৷

ক’লেহে তেনেকৈ, কি কৰিব নিজেও থিৰাং কৰিব পৰা নাই।

: হেই চিকন! তোৰ বুদ্ধি আছে৷ এটা কাম নকৰ কিয়?

চাকৰি বাকৰিৰ প্ৰসঙ্গত কথা পাতি থাকোতে এদিন বন্ধু লতিফে ক’লে৷ প্ৰশ্নবোধক চাৱনিৰে সি লতিফৰ ফালে চাই থাকিল৷

: চা ভাই! দালালিও আজিকালি ব্যৱসায়ৰ ভিতৰতে পৰে৷ এইটো মূলধন বিহীন ব্যৱসায়৷তহঁতৰ এম এল এ জন প্ৰভাৱশালী ব্যক্তি৷ তেওঁৰ ওচৰ নাচাপ কিয়? মনত ৰাখিবি পোনে পোনে কাম এটা বিচাৰি গ’লে খেদা খাবি কিন্তু৷ প্ৰথমতে দলীয় সভাবোৰত তেখেতৰ চকুত পৰাকৈ কামত ব্যস্ত থাকিবি৷ দেখিবি এদিন নিজেই তোৰ আঁতিগুৰি ল’ব৷

লতিফৰ কথাই সঁচা হ’ল৷ এম এল এ সমষ্টিলৈ আহিলে কিছুমানৰ দৰে  সি উথপথপ নকৰে৷ নেতাৰ চকুত পৰাকৈ দূৰে দূৰে সভা তদাৰক কৰা কামত ব্যস্ত থাকে৷  চহৰৰ দলীয় সভাবোৰত শ্ৰোতা দৰ্শক যোগান ধৰা ঠিকাটো সাধাৰণতে সমষ্টিৰ সভাপতিৰ হাতত থাকে৷ উৰ্দ্ধতম মহলৰপৰা এজন লোকৰ বিপৰীতে পাঁচ শ টকাকৈ আহে৷ আঞ্চলিক সভাপতিয়ে তাৰ পৰা এশ ৰাখি চাৰিশ টকা বুথ কমিটিক দিয়ে৷ বুথ কমিটিৰ সভাপতিয়ে তাৰপৰা এশ ৰাখি তিনিশ টকা চিকনক দিয়ে৷ চিকনে দিনে নিশাই গাঁৱে গাঁৱে ঘূৰি মানুহ যোগাৰ কৰে আৰু পিছদিনালৈ দলে যোগান ধৰা বাছত যাবলৈ আগতীয়াকৈ এশ টকা দিয়ে, পিছত যাতে কোনেও নোযোৱাকৈ থাকিব নোৱাৰে৷ এইদৰে তাৰ হাতলৈ কিছু টকা অহাৰ লগতে  বুথ কমিটিৰ এজন অপৰিহাৰ্য্য সদস্য হৈ পৰিল৷ চিকনৰ উত্থানত বুথ কমিটিৰ সভাপতিও হতবাক৷

আখৰ ভাল কাৰণে দলীয় সভাৰ এজেণ্ডাবোৰ লিখাৰ ভাৰ চিকনৰ হাততে পৰিল৷ বুথ সভাপতিয়ে মিটিং আয়োজনৰ দায়িত্ব চিকনৰ হাতত সঁপি  এম এল এৰ লগত ছাঁটোৰ দৰে থাকি ভালপোৱা হ’ল৷

: এই সূচীপত্ৰখন কোনে লিখিছে?

: আমাৰ এজন সক্ৰিয় কৰ্মী চিকনে লিখিছে ছাৰ৷

:মাতচোন তাক।

সভাৰ কামত ব্যস্ত হৈ থকা চিকনত হাতবাউল দি মাতি আনিলে৷ এনে এটা দিনৰ অপেক্ষাতে আছিল চিকন৷

: তোৰ নাম চিকন?

: হয় ছাৰ৷

: পঢ়ি আছ?

: নাই ছাৰ! এৰিলোঁ৷ কিবা এটা কাম কৰাৰ সুযোগ বিচাৰি আছোঁ৷

: ঠিক আছে৷ কাম তোক মই পিচে পৰেও দিম৷ সদ্যহতে তই মোৰ কোৱাৰ্টাৰলৈ যাবি৷ তাত মোৰ কিছুমান নথি কপি কৰিবলগীয়া আছে৷

সেয়াই আৰম্ভণি৷এম এল এ সময়ত গৈ এজন প্ৰভাৱশালী মন্ত্ৰী হ’ল৷ চিকনক চেৰাই কোনেও মন্ত্ৰীক লগ কৰিব নোৱাৰে৷ মন্ত্ৰীয়ে কৰবাত অনুদান দিবলগীয়া হ’লে চিকনৰ হাতেৰেহে পাৰ হয়৷ নোমলেও ইতিমধ্যে পঢ়া-শুনা সামৰিলে৷ চৰকাৰী সভাবোৰৰ পেন্দেল সজোৱাৰ কাম নোমলেহে পায়৷ চাৰিখন জেচিবি আৰু অগণন ডাম্পাৰ পাহাৰ কটা কামত দিনে নিশাই ব্যস্ত থাকে৷ এসময়ত যিবোৰ মাটিত খুখ্নাই মৰকীয়া হাল বাইছিল সেইবোৰ মাটিৰ বুজন অংশ চিকন আৰু নোমলৰ হাতলৈ আহিল৷ আপাত দৃষ্টিত খুখ্না এতিয়া অঘোষিত জমিদাৰ৷ পূজা-পাৰ্বনত প্ৰসাদৰ প্ৰথম দোনাটো খুখ্নাই পায়৷ নতুন নামঘৰৰ  আৰম্ভণি চিকনৰ মাকৰ উৰুলিৰে হোৱাটো বাধ্যতামূলক৷ তেৰাৰ কৃপাত খুখ্নাই সকলো পালে কেবল শৈশৱৰ ঘা টুকুৰাহে নুশুকুৱাত পৰিল৷  

নহয় নহয় আপুনি ভুল বুজিছে; এয়া শৰীৰৰ কোনো ঘা নহয়৷ খুখ্না নামটোৱে যেন তাক ছাঁটোৰ দৰে পিছে পিছে খেদি ফুৰিছে৷

: হেই বাপধন! কোন জগতত বিচৰণ কৰি আছ তই? ইমান মাতি আছোঁ৷ ভেবা লগি মোৰ ফালে চাই থকাত ভয়েই খালোঁ, বোলো বজ্ৰপাত পৰিল নেকি তোৰ গাত৷ বাৰু মনত থাকিল নহয় মই কোৱা কথাটো৷ 

: হ’ব খুখ্না কা৷ মই ক’ম সকলোকে৷

: তই কি ক’বি মোৰ বুজা আছে৷ তয়েই দেখোন মাতিলি মোক খুখ্না কা বুলি।

: ভুল হ’ল খুখ্না কা…. মানে মহাজন কাইদেউ৷ ময়ো মহাজন কাইদেউ বুলিয়ে মাতিম দিয়া৷ অ’ নহয় নহয় …. মাতিম দিয়ক৷

কৈয়ে কোনোফালে নোচোৱাকৈ বাপধনে খোজ ল’লে৷

*******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *