মৰমৰ সোণ-পূৰ্ণিমা শইকীয়া গগৈ
মৰমৰ
সোণ,
তহঁতৰ মঙ্গল কামনা কৰিলোঁ। ভগৱানৰ ওচৰত পুৱা গধূলি প্ৰাৰ্থনা কৰোঁ ভগৱানে তহঁতক ভালে ৰাখক। কথাখিনি ক’বলৈ বহু দিনৰ পৰাই চেষ্টা কৰি আছিলোঁ। দৈনিক তোৰপৰা ফোনটো ঠিকেই আহে। আমাৰ খা-খবৰ কৰ। দেউতাৰে সময় মতে প্ৰেচাৰ, চুগাৰৰ দৰৱ খাইছে নে নাই সোধ। কিন্তু মোৰ কিবা ক’বলৈ আছে নেকি সেই কথা সুধিবলৈ বা মোৰ কথা শুনিবলৈ সময়ৰ অভাৱ। সেয়ে মোৰ ক’বলগীয়া খিনি প্ৰতিদিনেই লিখি ৰাখোঁ।
দৈনিক সময় মতে সকলো ঔষধ খোৱাৰ পিছতো দেউতাৰৰ শৰীৰটো যথেষ্ট দুৰ্বল। যোৱা সপ্তাহত গাটো বেছিকৈয়ে বেয়া হৈছিল। তোক কথাটো ক’বলৈ দেউতাৰাই বাধা দিলে।
“তাক নক’বা। অযথা চিন্তা কৰিব। কামৰ দায়িত্ব এনেই বেছি।”
তোৰ দেউতাৰৰ তোক লৈ এতিয়াও বহু চিন্তা।
তোৰ বাৰু মনত পৰে নে সেই দিনটোলৈ। দেউতাৰক যে অফিচলৈ যাওঁতে আনিবলৈ কৈ পঠিওৱা বহীখন ননাৰ বাবে যে তোৰ সকলো কিতাপ বহী দলিয়াইছিলি। দেউতাৰে কিন্তু তেতিয়া তোক গালি পৰা নাছিল। সাত কিলোমিটাৰ নিলগৰ টাউনলৈ গৈছিল তোৰ বহীখন আনিবলৈ। নিজকহে দোষী সজাইছিল সেইদিনা।
দেউতাৰে তেওঁৰ দায়িত্ব ঠিকেই পালন কৰিলে। তই বাৰু পুত্ৰৰ দায়িত্ব পালন কৰিছনে? পুৱা গধূলি ফোন কৰি দেউতাৰাই চুগাৰৰ, প্ৰেচাৰৰ ঔষধ সময়মতে খাইছেনে নাই তাক সুধিলেই তোৰ দায়িত্ব শেষ নেকি? আচলতে তোৰ ভয় হয় দেউতাৰৰ কিবা এটা হ’লেই যে তই ঘৰলৈ আহিব লাগিব। অযথা সময় আৰু টকাৰ অপচয়। দেউতাৰে এটা সিদ্ধান্ত লৈছে। আমাৰ মৃত্যুৰ সময়ত তই নাহিলেও হ’ব। আমাৰ মৃত্যুৰ শেষকৃত্য সম্পন্ন কৰাৰ পৰা শ্ৰাদ্ধানুষ্ঠানৰ সকলো দায়িত্ব ৰজতক দিছে। সিয়ো আনন্দৰে গ্ৰহণ কৰিছে। কাম কৰা ল’ৰা হ’লেও সি কেতিয়া আমাৰ সন্তানৰ স্থান ল’লে,আমি নিজেই নেজানো। তই চিন্তা নকৰিবি সকলো সম্পত্তি তাৰ নামত দিয়া নাই। সমানে দুভাগ কৰিছোঁ। তইতো সদায়েই কৈ থাক মাটিখিনি বিক্ৰী কৰাৰ কথা। এতিয়া তোৰ ভাগৰ খিনি বিক্ৰী কৰিব পাৰ। আমাৰ কোনো আক্ষেপ নাই। প্ৰতিযোগিতাৰ পিছত দৌৰিবলৈ আমিয়েই শিকাইছিলো। কিন্তু তই দৌৰি দৌৰি বহুদূৰ পালিগৈ,য’ৰপৰা আমাৰ এই দুৰ্বল হাতেৰে তোক ঢুকি পোৱাৰ সক্ষমতা নাই। য’ৰ পৰা উভতি অহাটোও তোৰ বাবে কঠিন। কিবা ভুল কৰিলোঁ যদি ক্ষমা কৰি দিবি।
ইতি
তোৰ মা
*******

3:57 PM
বাস্তৱৰ কৰুণ সত্য।
4:22 PM
বাস্তৱৰ চিত্ৰ এখন ।