‎‎সময়-মানসী শৰ্মা

জীৱনৰ চাকনৈয়াই সকলোকে দিহাদিহি নিলে

‎মাহ, বছৰলৈকেও কোনেও নেদেখাকৈ ৰ’লে।

‎জোকোৰা-জুকুৰি, চুলি টনাটনি

‎কিমান যে দ্বন্দ্ব হাই

‎নমতা-নমতি

‎সকলো যে এতিয়া সাধুকথা হ’ল

‎লগে-ভাগে এসাঁজ খাবলৈ 

‎সকলোটি একগোট হ’বলৈ

‎সময়ৰ অভাৱ হ’ল।


‎কথাবোৰ ভাবি উঠে বুকুত এটি বিষ

‎নতুন সম্বন্ধ গঢ়োঁতে পুৰণাত

‎ধৰে নেকি মামৰ।

‎আজিকালি আইৰ চোতালখনো 

‎চাপি-কুচি এধানমান হ’ল

‎জুহালখনো যে ভাগ ভাগ হ’ল।

‎ভাতৰ মজিয়াত নাই বোৱাৰীৰ

‎ফুচফুচিয়া মেল

‎চাৰিচুকৰ চাৰিজনীৰ নিমিলা হ’ল সমন্ধ।

‎ব্যস্ততাৰ দোহাই দি লভো মনত সান্ত্বনা

‎সকলোৰে মনত দোলা দি যায় 

‎মাথোঁ স্মৃতিৰ সঁফুৰা।

‎*******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *