কুঁৱা -কুমকুম শৰ্মাবৰুৱা

প্ৰাচীন কুঁৱাটোৰ এনেয়ে কাম নাইকিয়া হ’ল। ঘৰৰ ওচৰতে টিউবৱেলটো বহুৱাই লোৱাৰ পৰা পানীকণৰ সমস্যাটো যেনিবা সমাধান হ’ল।এতিয়া মদনে বাৰীত শাক-পাচলিৰ খেতিত পানী দিবলৈ সুবিধা হ’ব বুলি কুঁৱাটো পৰিষ্কাৰ কৰাই ল’ব খুজিলে। দুজন হাজিৰা কাম কৰা লোক লগাই জখলা এটাৰে নমাই কাম কৰিবলৈ দিওঁতেই  অঘটনটো আৰম্ভ হ’ল।প্ৰথমতে নামি যোৱাজন উশাহ ল’ব নোৱাৰি ছটফটাবলৈ ধৰিলে।সিজন লৰালৰিকৈ ওপৰলৈ উঠি আহিল কি হৈছে ধৰিব নোৱাৰি।ওপৰৰপৰা তলত থকাজনক চিঞৰিবলৈ ধৰিলে, ‘ওপৰলৈ উঠি আহ বেগেতে,ওপৰলৈ উঠি আহ বেগেতে’ বুলি। কাষৰ ঘৰত থকা ৰজনী মাষ্টৰে কিহৰনো হুলস্থূল

Read more

আমাৰ  খাদ্যত  আমাৰ  স্বাস্থ্য-ড০ মৃদুস্মিতা ফুকন

খাদ্যৰ প্ৰতি মানুহৰ যি প্ৰেম আন কোনো প্ৰেমেই তাতোতকৈ আন্তৰিক হ’ব নোৱাৰে – বাৰ্ণাৰ্ড শ্ব’ চিকিৎসা  বিজ্ঞানৰ পিতৃস্বৰূপ হিপ’ক্ৰেটিছে প্ৰায় ২৫০০ বছৰৰ আগেয়ে কৈছিল – ‘আপোনাৰ খাদ্যই আপোনাৰ ঔষধ হ’ব(Let food be thy medicine)।’ আকৌ সংস্কৃততো এষাৰ কথা আছে – “যস্য দেশস্য যো মৰ্ত্তস্তস্য এজোষধ্যং হিতং।” অৰ্থাৎ যি দেশৰ যি প্ৰাণী, সেই দেশৰ বনজ দ্ৰব্যহে সেই প্ৰাণীৰ বাবে বেছি হিতকৰ। মানুহে ঘৰ আৰু সমাজ পাতি বাস কৰাৰ আগতে অঘৰী জীৱন-যাপন কৰাৰ সময়ত গছৰ ফল-মূল, জীৱ-জন্তুৰ মঙহ আদিৰে কেঁচা আহাৰহে গ্ৰহণ

Read more

জেমছ্ মহাকাশ টেলিস্কোপেৰে নীৰিক্ষণ শনিৰ অদ্ভুত উপগ্ৰহ টাইটান-পংকজ বৰুৱা

গৱেষকসকলে নাছাৰ জেমছ্ ৱেব মহাকাশ টেলিস্কোপ (JWST) ব্যৱহাৰ কৰি ৪ নৱেম্বৰ,২০২২ চনত শনিৰ উপগ্ৰহ টাইটানৰ নতুন ছবি তোলে। নতুন ছবিসমূহত জটিল উপগ্ৰহটোৰ উত্তৰ গোলাৰ্ধত ঋতুভিত্তিক ডাৱৰ দেখা পায়, যিয়ে গৱেষকৰ আগৰ ভৱিষ্যদ্বাণীক নিশ্চিত কৰে। নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপ (JWST)ত শনি গ্ৰহৰ সৰ্ববৃহৎ উপগ্ৰহ টাইটানৰ নতুন ছবি বন্দী কৰিছে।এই দৃশ্যসমূহে কেৱল মিথেন সাগৰ ক্ৰেকেন মেৰে আৰু বেলেটৰ ক’লা বালিৰ টিলাৰ দৰে পৃষ্ঠৰ বৈশিষ্ট্যসমূহ উজ্জ্বল কৰি তোলাই নহয়, ইয়াৰপৰা টাইটানৰ উত্তৰ গোলাৰ্ধৰ কিছু অংশ আৱৰি থকা দুটা বৃহৎ ডাৱৰৰ থুপো উন্মোচিত

Read more

ক্ৰম’জোম নাম্বাৰ-কুমকুম দেৱী শৰ্মাবৰুৱা

“অ’ ৰীমা , তহঁতৰ এইজোপা জলকীয়া গছনে বৰগছ।মোতকৈ ওখহে।ডালে-পাতে নাচাবা কি!” “আৰে পেহী, পিছফালে আহিলেনেকি ?জোক-চোক লাগিছেনেকি চাওক।এইজোপা ‘প’লিপ্লয়দি’ জলকীয়া গছ।আহক আহক ,চাহ-তাহ খাই মই ভালকৈ বুজাই দিম।আপুনি তপককৈ বুজি পাব।” “তই গোঁসানী থাকোঁতে মই বুজি নাপামনে আৰু।হোঁ ল, পিঠা কেইটামান ভাজিছিলো নাৰিকল দি। তিল নাই অ’।” “আইজ্জাও জোন পিঠা।ঈদো নহয় আজি।মোৰহে পেহী আপুনি।এতিয়া বহক।মই কেক বনাইছিলো ।একেলগে ভালকৈ খাই লওঁ।তাৰপিছত মজলিছ, হাঁ।” লৰালৰিকৈ ৰীমাই চাহ বনালে ।মাকে দুপৰীয়া পাকঘৰ মুচি-কাচি আকৌ এবাৰ গা ধোৱেগৈ ।টেঙা কৰ্দৈজোপাৰ পৰা কৰ্দৈ এটা

Read more

সঁচাকৈয়ে আমি মানৱজাতি এই পৃথিৱীৰ?নে মনত কেতিয়াবা প্ৰশ্ন হয়?-পঙ্কজ বৰুৱা

আপোনালোকৰ মনলৈ কেতিয়াবা এই ভাৱ আহেনে যে আমি পৃথিৱীৰ এই মানৱ জাতি সঁচাকৈয়ে এই পৃথিৱীৰ! নে এই পৃথিৱীৰ বাহিৰৰপৰা বা বাহিৰৰ কোনো এলিয়েন প্ৰজাতিৰ লগত সংকৰণ হৈ আমাৰ সৃষ্টি হ’ল?ই এক জটিল প্ৰশ্ন কিয়নো আজিলৈকে আমি মানৱ জাতিয়ে পৃথিৱীৰ বাহিৰত এতিয়ালৈকে আমাতকৈ বুদ্ধিমানতো বাদেই কোনো জীৱনেই আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই।তথাপিও আমাৰ মানৱ জাতিৰ কিছুমান বৈশিষ্ট্যলৈ চালে আমি এই পৃথিৱীৰ নহয় যেন অনুভৱ হয়। পৃথিৱীৰ মানুহেই একমাত্ৰ জীৱ যাৰ ভাষা আছে যি লিখিব পাৰে।এই বৈশিষ্ট্যই মানুহক পশুৰপৰা পৃথক কৰে।বিগত পাঁচ

Read more

পতঙ্গভোজী উদ্ভিদ-কুমকুম শৰ্মাবৰুৱা

  বিষয় আৰম্ভলৈ যোৱাৰ আগতে এটা সাধু শুনি লওঁচোন আহক।  এবাৰ এজন চিকাৰীয়ে ঘন জঙ্ঘলৰ মাজত চিকাৰ কৰি থাকোঁতে তেওঁৰ কুকুৰকেইটাই প্ৰাণৰ মমতাত চিঞৰা শুনিবলৈ পালে। তেওঁ ততালিকে বন্দুকত গুলি ভৰাই দৌৰি দৌৰি কুকুৰকেইটাৰ মাতৰ ফালে যাবলৈ ধৰিলে। কিন্তু কি আচৰিত,তেওঁ দেখা পালে এজোপা শাখা -প্ৰশাখাৰে পৰিবেষ্টিত গছৰ কিছুমান ডালে কুকুৰকেইটা মেৰাই ধৰিছে।তেওঁ কুকুৰকেইটা এৰুৱাবলৈ যত্ন কৰোঁতে তেওঁকো  ডালবোৰে মেৰাই ধৰিলে আৰু সকলোটি লাহে লাহে লেতুসেতু হৈ মৰি থাকিল।  পিছে এইধৰণৰ ডাঙৰ মাংসভোজী গছ এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই। কিন্তু সৰু

Read more

মহাকাশৰ ৰহস্যময়ী সেই ধুমুহাজাক-পংকজ বৰুৱা

আমি মানৱ জাতিয়ে পৃথিৱীত ধুমুহা অহা দেখিছো, মংগল গ্ৰহত ৩০০ কিঃমিঃ/ঘন্টাৰ অধিক বেগত বালিৰ ধুমুহা বলে বুলি শুনিছো,বৃহস্পতিৰ বুকুৰ সেই ৰঙা দাগো এক বিশাল ঘূৰ্ণিবতাহ যে সেই কথাও জানো। কিন্তু কেতিয়াবা শুনিছে নে অনন্ত মহাকাশত  বিশাল নহয়, বিশালৰো বিশাল প্ৰচণ্ড ধুমুহাৰ কথা?যি পলকতে  আমাৰ পৃথিৱীতো বাদেই দিয়ক,ইয়াতকৈও বিশাল আকৃতিৰ গ্ৰহকো সহজে উৰুবাই নিব পাৰে।  বৈজ্ঞানিকসকলে মহাকাশৰ বুকত আমাৰপৰা প্ৰায় ১৩০০ কোটি কিঃমিঃ দূৰত্বত এক বিশাল কৃষ্ণগহ্বৰৰ উপস্থিতি ধৰা পেলায়।মহাকাশৰ বুকুত বা তাৰকাৰাজ্যৰ কেন্দ্ৰত এনে বিশাল কৃষ্ণ গহ্বৰ আৱিষ্কাৰ কৰাটো এটা

Read more

সেউজগৃহ (Greenhouse)-কুমকুম দেৱী শৰ্মাবৰুৱা

‘ৰীমা বা আজি তুমি মোক সেউজগৃহৰ কথা ক’ব লাগিব। মই কিতাপ লৈয়েই আহিছোঁ।’ ‘ ৰ’বা, কিবা এটা খাই লওঁ প্ৰথমতে।’ ‘কি ৰান্ধিছা। বৰ ধুনীয়া গোন্ধাইছে।’ ‘পায়স অকণমান ৰান্ধিছোঁ অ’। হ’বই এতিয়া গোঁসানী।’ ‘মই লৰাই থাকোঁ দিয়া।তুমি বেলেগ কাম কৰা।’ ‘হোৱা যেন দেখিলে এই ইলাচি গুড়িকণ দি দিবা দেই।’ ‘বাৰু, জেঠাই নামঘৰলৈ গ’ল নহয়নে, ৰীমা বা? ‘ ‘ হয় অ’ আইজনী, কিমান নো ঘৰৰ কামকে কৰি থাকিব।’ ‘ হয়তো, মই আজি নামঘৰৰ গছকেইজোপাৰপৰা বুটলি বহুত বকুলফুল আনিলোঁ ৰীমা বা।’ ‘ অকলে

Read more

অসমৰ ঈগল চৰাইবোৰ-প্ৰান্তৰ ভাগৱতী

“সেইটো কি চৰাই পাপা?সেই আকাশত যে ঘূৰি ঘূৰি  উৰি আছে।” কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী ৰেঞ্জত জীপচীৰে বনৰীয়া জীৱ-জন্তু আৰু চৰাইবোৰ চাই থাকোঁতে দূৰৰ আকাশত উৰি থকা ডাঙৰ চৰাই এটা লৈ আঙুলিয়াই দি মোৰ ছোৱালী জনীয়ে সুধিলে। “ৰ’বা মাজনী। এনেকৈ ইমান দুৰৰপৰা চাই ক’বলৈ অসুবিধা।মই ফটো এখন তুলি চাওঁচোন দেই।” এইবুলি কেমেৰাৰে উৰি থকা চৰাইটোৰ ফটো কেইখনমান তুলিলোঁ। তাৰ পিছত ফটো কেইখন চাই নিশ্চিত হৈ ছোৱালীজনীক কলো—- “এইটো এটা ‘Short Toed Snake Eagle’ ।  অসমীয়া নাম ” চুটি আঙুলিয়া ঈগল “।

Read more

গছৰ উশাহ-কুমকুম দেৱী শৰ্মাবৰুৱা

“ৰুমীবা , আজিৰপৰা মই তোমালোকৰ ঘৰত থাকিম”,  মুনুৱে চিঞৰি আহিল। “আহি যোৱা, আহি যোৱা। তোমাৰ বস্তু লৈ”,  ৰুমীয়ে মাত লগালে। মুনু আৰু ৰুমীৰ ঘৰ সন্মুখা-সন্মুখি। ৰুমীয়ে পঢ়ে কলেজত বি.এচ.চি আৰু মুনুৱে পঢ়ে ষষ্ঠ শ্ৰেণীত।ৰুমীৰ খুৰাকৰ ছোৱালী মুনু। মুনুহঁতৰ কেঁচা ঘৰবোৰ ভাঙি নতুনকৈ সাজিবলৈ লৈছে কেঁচাকৈয়ে।সেয়ে তাই ৰুমীহঁতৰ ঘৰত থাকিবহি ঘৰ সাজি নোহোৱালৈকে। মুনুৱে প্ৰথমে কিতাপখিনি আনিলে বেগত ভৰাই। তাৰপিছত অলপ কাপোৰ আনিলে। তাই ৰুমীবাৰ লগতে শুব, লগতে খাব আৰু লগতে পঢ়িব। ৰুমীবায়ে তাইক নজনাটো শিকাই দিব। “ৰুমীবা আজি বিজ্ঞান পঢ়িম।

Read more
1 2 3