হাতো নেমেলিবি ফুলো নিছিঙিবি-চিত্ৰলেখা দেৱী
(প্ৰথম খণ্ড) চলৌপ-চলৌপ-চলৌপ,চলৌপ-চলৌপ-চলৌপ….ভৰ দুপৰীয়া কেউফালে নিজান,আন শব্দৰ পয়োভৰ নাই। ৰংমনে ব’ঠাপাত আৰু জোৰেৰে মাৰিবলৈ চেষ্টা কৰিছে…সোনকালে ঘৰ পাবগৈ লাগে।আজি এবছৰ দিন ধৰি আই-পিতাই,ককাই-ভাই কাকো দেখা নাই।কিমান হেঁপাহেৰে চাগৈ ৰংমন আহিব আহিব বুলি তেওঁলোকে বাটলৈ চাই আছে!তাতোকৈ…তাৰ কলিজাৰ এফাল তেজীজনীকো যে কিমান দিন লগ পোৱা নাই!আজি এবছৰে তাই চাগৈ ৰঙে-ৰূপে পাটগাভৰুজনী হৈ পৰিছে।তাইৰ মুখখন এবাৰ প্ৰাণ ভৰি চাবলৈ ৰংমনৰ মনটো ব্যাকুল হৈ পৰিল।ইতিমধ্যে সাউদৰ বৰনাও বুকুত মেটমৰা বোজা লৈ লুইতৰপৰা দিখৌৰ মোহনাৰে সোমাই পৰিল।উজাই নাও বাবলৈ কিছু কষ্ট হয় যদিও কষ্টৰ
Read more