বিহুঃ সংস্কৃতি আৰু অপসংস্কৃতিৰ দোমোজাত আমাৰ জাতীয় উৎসৱটি-ড° চাহিন জাফ্ৰি

‘বিহু’ অসমীয়াৰ এক অবিচ্ছিন্ন জাতীয় সংস্কৃতি। জন্মৰপৰা মৃত্যুলৈ অসমীয়াৰ এক গৌৰৱোজ্জ্বল মানৱীয় আৰু সাংস্কৃতিক ধাৰা। অসমত বসবাস কৰি অহা বিভিন্ন নৃগোষ্ঠীসমূহৰ অঞ্চলভেদে স্বকীয়তাৰে অনুষ্ঠিত হোৱা বিভিন্ন বসন্তকালীন উৎসৱ অনুষ্ঠানৰ ভিতৰত বিহুক অন্যতম প্ৰধান উৎসৱ হিচাপে ধৰা হয়। বিহু কোনো নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ নিজস্ব সম্পদ নহয়, ই হৈছে সমগ্ৰ অসমৰ জাতীয় উৎসৱ।জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ আটাইবোৰ জনগোষ্ঠীৰ উৎসৱ-পাবৰ্ণসমূহক বিহুৰ সামগ্ৰিক ৰূপ বুলি অভিহিত কৰিব পাৰি। ভিন্নতাক পৰিহাৰ কৰি একতাৰ ডোলেৰে উদাৰভাৱে অনুষ্ঠিত হোৱা বিহু উৎসৱটি হৈছে অসমীয়া জাতীয় সম্প্ৰীতিৰ এক উৎকৃষ্ট

Read more

অসমীয়া জনজীৱন অন্যতম সম্পদ তাঁতশাল-অনামিকা কলিতা

অসমীয়া জনজীৱনৰ অন্যতম সম্পদ তাঁতশাল। হয়, বস্ত্ৰনগৰী শুৱালকুছিৰ  জীয়ৰী-বোৱাৰী হিচাপে অনুভৱ কৰো। তাঁতশালৰ অন্যতম স্থান আমাৰ শুৱালকুছিত কুটীৰ শিল্পটোৱে প্ৰাচীন কালৰপৰাই এক উল্লেখযোগ্য ভূমিকা বহন কৰি আহিছে ।এই শিল্পবোৰে গ্ৰাম্য অৰ্থনীতিত ওপৰত প্ৰভাৱ পেলাই আহিছে আৰু লগতে অসমৰ শিল্প সংস্কৃতিৰো নিদৰ্শন দাঙি ধৰিছে।কিন্তু বৰ্তমান কুটীৰ শিল্পবোৰৰ শোচনীয় অৱস্থা দেখি মন সেমেকি যায়। বিশেষকৈ তাঁতশালৰ পৰিবৰ্তন হ’ল।এতিয়া থলুৱা তাঁত শালৰ ঠাইত পাৱাৰ লুমৰ মেছিনৰ প্ৰচলন বেছি। আমাৰ শুৱালকুছিত ২০ বছৰৰ আগত প্ৰত্যেক ঘৰ মানুহৰ চাৰিখনকৈ  থলুৱা তাঁতশাল আছিল।সকলো পৰিয়ালৰ লোক সূতা লোৱা,মহুৰা

Read more

অসমীয়া ভাষা: নৱ প্ৰজন্ম আৰু অংগুলীয় মাধ্যম (চমু আলোকন) -হৰগোবিন্দ দাস

সাম্প্ৰতিক কালত সময়ে – সময়ে সভা- সমিতি,দূৰদৰ্শনৰ আলোচনা, বাতৰি কাকত, আলোচনী ,বিজ্ঞলোকৰ আলোচনা আদিত অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে ভিন্ন জনে, ভিন্ন মত প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷এচাম বিজ্ঞলোকে বৰ্তমানৰ পৰিৱেশ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে নেতিবাচক মন্তব্য কৰা দৃষ্টিগোচৰ হয় ৷ আন এচামে আকৌ অত্যুৎসাহী  মনোভাৱেৰে অসমীয়া ভাষা পৃথিৱীৰ বুকুৰ পৰা কেতিয়াও হেৰাই যাব নোৱাৰে বুলি মত প্ৰকাশ কৰা শুনা যায় ৷ উল্লিখিত বিজ্ঞলোকসকলৰ চিন্তা-চেতনাৰ প্ৰতি সন্মান জনায়ো আমাৰ ব্যক্তিগত অনুভৱ কিঞ্চিত অৱলোকন কৰাৰ প্ৰয়াসেই এই লিখনিৰ

Read more

প্ৰেম এক সত্তা-মাতু কুকুৰাচোৱা

প্ৰেমৰ অবিহনে মানুহৰ জীৱনটো কেনে হ’লহেঁতেন বাৰু? এটা আবেগ, অনুভূতিহীন জীৱন! ৰুক্ষ, খৰাং মন আৰু যে কত কি! কাৰ হৃদয়ৰ দুৱাৰত প্ৰেমে কেতিয়া টুকুৰিয়াই কোনেও ক’ব নোৱাৰে। নোখোলাকৈ থাকিম বুলি ভবাজনৰো যেতিয়া সেই দুৱাৰ খোল খায়, এজাক মলয়াই শীতল কৰি তোলে মনৰ আকাশ। চৌপাশৰ সেউজীয়াবোৰে বুকুলৈকে শিপায়। সদায় দেখি থকা বনৰীয়া ফুলপাহেও অনন্য ৰূপত ধৰা দিয়ে প্ৰেমিকৰ মনত। দুটা ভিন্ন মন এক হৈ একেদিশে চাবলৈ ধৰে । ঠিক নদীয়ে সাগৰলৈ চোৱাৰ দৰে! কেণা সকলোতে লাগে। প্ৰেমতো লাগে। ভুল বুজাবুজিৰ ফলতেই

Read more

‘নাপায়’ কোৱাৰ বৈজ্ঞানিক যুক্তি-ধীৰাজ কুমাৰ বায়ন  

: ঐ মাজনী, তুমি মোৰ কথাবোৰৰ কিয় গুৰুত্ব নিদিয়া? এতিয়া ডাঙৰ হৈছা।দুদিন পিচত এখন ঘৰৰ বোৱাৰী হ’বা।এনেকৈ হ’লে কেনেকৈ চলিবা? মই আৰু কিমান ক’ম যে ৰাতি হ’লে ঘৰ সাৰিব নাপায়,চুলি চুচা, নখ কটা কামবোৰ কৰিব “নাপায়”। তোমাক কৈ কৈ ভাগৰি গৈছোঁ দেই।  : এ ৰ’বা না মা, এইটো নাপায়, সেইটো নাপায়। এইযে নাপায়, নাপায় বুলি কৈ থাকা কি কাৰণে নো নাপায় বুজাই দিয়াচোন মা।  আমাৰ আইতা, মাহঁতে ৰাতি এই কামবোৰ কৰিব নাপায় বুলি কৈছিল।আমিও এই বয়সলৈকে সেইবোৰ তেনেকৈয়ে মানি আহিছোঁ

Read more

কাতি বিহু: লোকবিশ্বাস আৰু বৈজ্ঞানিক দৃষ্টিভংগী-সমীৰণ শৰ্মা

আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। কাতি বিহুৰ দিনা সমগ্ৰ অসমীয়াই তুলসী গছৰ পুলি ৰোৱে আৰু গধূলি সেই তুলসীজোপাৰ তলত চাকি-বন্তি জ্বলায়। আচলতে ঘৰে ঘৰে ৰোৱা সেই তুলসীজোপাৰ তলত গোটেই মাহ জুৰি চাকি-বন্তি জ্বলায়। কাতি বিহুৰ দিনাৰপৰা আকাশ বন্তিও জ্বলায় যাতে আকাশ বন্তিয়ে সমগ্ৰ অঞ্চল আলোকিত কৰি ৰোগ ব্যাধি নিবাৰণ কৰাৰ লগতে শস্য অনিষ্টকাৰী পোক-পৰুৱাবাৰ নাশ কৰে। ইয়াৰ উপৰি ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীৰ স্তুতিৰ অর্থে কাতিবিহুৰ দিনা ভঁৰাল আৰু শস্য ক্ষেত্ৰত চাকি বন্তি জ্বলায় যাতে

Read more

মনেই একমাত্ৰ সঁজুলি যাক নিয়ন্ত্ৰণ কৰি অসাধ্য সাধন কৰিব পাৰি-বিজয়া শৰ্মা

এই পৃথিৱীত সফল ব্যক্তিসকলৰ সফলতাৰ আঁৰত থকা মূল শক্তিয়েই হৈছে প্ৰচণ্ড ইচ্ছা শক্তি। স্বামী বিবেকানন্দই কৈছিল,  “এটা নিয়ন্ত্ৰিত আৰু শান্ত মন সংসাৰত সকলোতকৈ  শক্তিশালী। এনেকুৱা মনৰ ওচৰত গোটেই বিশ্ব নতমস্তক হৈ যায়।” সঁচাকৈয়ে, মনত কৈ শক্তিশালী আৰু একোৱেই নাই। যক্ষই যেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰক পৰীক্ষা লওঁতে সুধিছিল, বায়ুতকৈ বেগী কি? যুধিষ্ঠিৰেও কৈছিল,  “আমাৰ মনটোৱেই হৈছে বায়ুতকৈ বেগী।” আমাৰ মনটো ৰাতিপুৱা শুই উঠাৰ পৰা  ৰাতি নিদ্ৰা নোযোৱালৈকে ক’ত ক’ত যে বিচৰণ কৰি ফুৰে ভাবিলে আচৰিত লাগে। এইখিনিতে মই ইণ্টাৰনেটত পঢ়া এটা সুন্দৰ  কাহিনী

Read more

শৰতৰ বৰ্ণনা-নৱশ্চাৰণজ্যোতি খাওন্দ

ঋতুৰাণী শৰৎ৷ স্নিগ্ধ শৰৎ৷ সুকোমল শৰৎ৷ শুকুলা মেঘ৷ শুভ্ৰ কহুৱা৷ দূৱৰিৰ দলিচাত সুশোভিত নিয়ৰসিক্ত শেৱালি৷গেৰ ঢৰা সেউজীয়া ধাননি৷ এই সকলোবোৰৰ সংমিশ্ৰণেই,শৰতৰ জলছবি৷প্ৰকৃতিৰ এই বিনন্দীয়া সাজোন কাচোনৰ উপৰিও,শাৰদীয় দুৰ্গোৎসৱ,নৱৰাত্ৰি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোসৱ,লক্ষ্মী পূজা, শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা আদি শৰৎকালীন অনেক উৎসৱে মানুহৰ মন-প্ৰাণ পুলকিত কৰি তোলে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত উল্লেখ কৰা অনুযায়ী ‘শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন’ৰপৰা ধৰি সুধাকণ্ঠই কণ্ঠ নিগৰোৱা ‘শাৰদী ৰাণী তোমাৰ হেনো নামাতুমি যে বুকুৰ আপোন’ ইত্যাদি অনেক শৰৎ বৰ্ণনাই অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি তুলিছে৷

Read more

মই কাপুৰুষ নহয়-প্ৰদীপ বৰা

২০১০ চনতে ভাগ্যপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  পৰা অৱসৰ গ্ৰহণ কৰা ৰাজ্যিক কৃতী শিক্ষকৰ  সন্মান  পোৱা  অধ্যক্ষ  ভৱানী বল্লভ গোস্বামীয়ে  বোৱাৰী পুৱাতে  বিছনা ত্যাগ কৰি  জুহালত অলপ পানী গৰম কৰি মুখ ধুই  এগিলাচ গৰম পানী খাই  শাকনিবাৰীত সোমাই  কেইটামান পাচলি ছিঙি আনিলে। হেণ্ডালিত থকা লতাজাতীয় পাচলিৰ গছবিলাকৰ বুঢ়া পাতবিলাক কাটি পেলালে ৷  তাৰ পিছত কিছুসময় বাৰাণ্ডাৰ আৰামী চকীখনত গাটো এৰি দি কিছুমান বেবেৰিবাং চিন্তাৰ জগতখনৰ মাজত কুৰুকি কুৰুকি সোমাই পৰিল। মোবাইলটোত তেতিয়া সময়  ৭ বাজি ৩৫ মিনিট । বহুত দিনৰ মূৰত 

Read more

শিশু সকলৰ সাধু শুনাৰ প্ৰয়োজনীয়তা -কমলা দাস

বৰ্তমান যুগত শিশুসকলৰ উপযোগী বহুতো কিতাপ-পত্ৰ, দেশ, বিদেশৰ কাহিনীৰ কাৰ্টুন ছবি আদি সামাজিক মাধ্যমত সুলভ যদিও সাধুকথা শুনাৰ প্ৰয়োজনীয়তা কেতিয়াও  নুই কৰিব নোৱাৰি। কাহিনী এটা চোৱা আৰু শুনাৰ মাজত বহুতো পাৰ্থক্য আছে।  চোৱা কাহিনীত যি দেখুৱায় তাকেহে চাবলৈ পায়। কিন্তু যেতিয়া শ্ৰৱণ কৰে, তেতিয়া কাহিনীৰ লগত শিশুৰ মনো সমানে আগুৱাই গৈ কল্পনাৰ জগতখনত বিচৰণ কৰি ফুৰে।  শিশুৰ মনৰ জগতখন অতি কোমল। কোমলতে বাঁহ ভাজ লোৱাৰ নিচিনাকৈ শিশুসকলকো কুমলীয়া বয়সতে দিয়া শিক্ষা মনৰ স্মৃতি কোঠাত সঞ্চিত হৈ ৰৈ যায়।  ভাল শিক্ষা

Read more
1 2