প্ৰেম এক সত্তা-মাতু কুকুৰাচোৱা
প্ৰেমৰ অবিহনে মানুহৰ জীৱনটো কেনে হ’লহেঁতেন বাৰু? এটা আবেগ, অনুভূতিহীন জীৱন! ৰুক্ষ, খৰাং মন আৰু যে কত কি! কাৰ হৃদয়ৰ দুৱাৰত প্ৰেমে কেতিয়া টুকুৰিয়াই কোনেও ক’ব নোৱাৰে। নোখোলাকৈ থাকিম বুলি ভবাজনৰো যেতিয়া সেই দুৱাৰ খোল খায়, এজাক মলয়াই শীতল কৰি তোলে মনৰ আকাশ। চৌপাশৰ সেউজীয়াবোৰে বুকুলৈকে শিপায়। সদায় দেখি থকা বনৰীয়া ফুলপাহেও অনন্য ৰূপত ধৰা দিয়ে প্ৰেমিকৰ মনত। দুটা ভিন্ন মন এক হৈ একেদিশে চাবলৈ ধৰে । ঠিক নদীয়ে সাগৰলৈ চোৱাৰ দৰে! কেণা সকলোতে লাগে। প্ৰেমতো লাগে। ভুল বুজাবুজিৰ ফলতেই
Read more