প্ৰেম এক সত্তা-মাতু কুকুৰাচোৱা

প্ৰেমৰ অবিহনে মানুহৰ জীৱনটো কেনে হ’লহেঁতেন বাৰু? এটা আবেগ, অনুভূতিহীন জীৱন! ৰুক্ষ, খৰাং মন আৰু যে কত কি! কাৰ হৃদয়ৰ দুৱাৰত প্ৰেমে কেতিয়া টুকুৰিয়াই কোনেও ক’ব নোৱাৰে। নোখোলাকৈ থাকিম বুলি ভবাজনৰো যেতিয়া সেই দুৱাৰ খোল খায়, এজাক মলয়াই শীতল কৰি তোলে মনৰ আকাশ। চৌপাশৰ সেউজীয়াবোৰে বুকুলৈকে শিপায়। সদায় দেখি থকা বনৰীয়া ফুলপাহেও অনন্য ৰূপত ধৰা দিয়ে প্ৰেমিকৰ মনত। দুটা ভিন্ন মন এক হৈ একেদিশে চাবলৈ ধৰে । ঠিক নদীয়ে সাগৰলৈ চোৱাৰ দৰে! কেণা সকলোতে লাগে। প্ৰেমতো লাগে। ভুল বুজাবুজিৰ ফলতেই

Read more

‘নাপায়’ কোৱাৰ বৈজ্ঞানিক যুক্তি-ধীৰাজ কুমাৰ বায়ন  

: ঐ মাজনী, তুমি মোৰ কথাবোৰৰ কিয় গুৰুত্ব নিদিয়া? এতিয়া ডাঙৰ হৈছা।দুদিন পিচত এখন ঘৰৰ বোৱাৰী হ’বা।এনেকৈ হ’লে কেনেকৈ চলিবা? মই আৰু কিমান ক’ম যে ৰাতি হ’লে ঘৰ সাৰিব নাপায়,চুলি চুচা, নখ কটা কামবোৰ কৰিব “নাপায়”। তোমাক কৈ কৈ ভাগৰি গৈছোঁ দেই।  : এ ৰ’বা না মা, এইটো নাপায়, সেইটো নাপায়। এইযে নাপায়, নাপায় বুলি কৈ থাকা কি কাৰণে নো নাপায় বুজাই দিয়াচোন মা।  আমাৰ আইতা, মাহঁতে ৰাতি এই কামবোৰ কৰিব নাপায় বুলি কৈছিল।আমিও এই বয়সলৈকে সেইবোৰ তেনেকৈয়ে মানি আহিছোঁ

Read more

কাতি বিহু: লোকবিশ্বাস আৰু বৈজ্ঞানিক দৃষ্টিভংগী-সমীৰণ শৰ্মা

আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। কাতি বিহুৰ দিনা সমগ্ৰ অসমীয়াই তুলসী গছৰ পুলি ৰোৱে আৰু গধূলি সেই তুলসীজোপাৰ তলত চাকি-বন্তি জ্বলায়। আচলতে ঘৰে ঘৰে ৰোৱা সেই তুলসীজোপাৰ তলত গোটেই মাহ জুৰি চাকি-বন্তি জ্বলায়। কাতি বিহুৰ দিনাৰপৰা আকাশ বন্তিও জ্বলায় যাতে আকাশ বন্তিয়ে সমগ্ৰ অঞ্চল আলোকিত কৰি ৰোগ ব্যাধি নিবাৰণ কৰাৰ লগতে শস্য অনিষ্টকাৰী পোক-পৰুৱাবাৰ নাশ কৰে। ইয়াৰ উপৰি ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীৰ স্তুতিৰ অর্থে কাতিবিহুৰ দিনা ভঁৰাল আৰু শস্য ক্ষেত্ৰত চাকি বন্তি জ্বলায় যাতে

Read more

মনেই একমাত্ৰ সঁজুলি যাক নিয়ন্ত্ৰণ কৰি অসাধ্য সাধন কৰিব পাৰি-বিজয়া শৰ্মা

এই পৃথিৱীত সফল ব্যক্তিসকলৰ সফলতাৰ আঁৰত থকা মূল শক্তিয়েই হৈছে প্ৰচণ্ড ইচ্ছা শক্তি। স্বামী বিবেকানন্দই কৈছিল,  “এটা নিয়ন্ত্ৰিত আৰু শান্ত মন সংসাৰত সকলোতকৈ  শক্তিশালী। এনেকুৱা মনৰ ওচৰত গোটেই বিশ্ব নতমস্তক হৈ যায়।” সঁচাকৈয়ে, মনত কৈ শক্তিশালী আৰু একোৱেই নাই। যক্ষই যেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰক পৰীক্ষা লওঁতে সুধিছিল, বায়ুতকৈ বেগী কি? যুধিষ্ঠিৰেও কৈছিল,  “আমাৰ মনটোৱেই হৈছে বায়ুতকৈ বেগী।” আমাৰ মনটো ৰাতিপুৱা শুই উঠাৰ পৰা  ৰাতি নিদ্ৰা নোযোৱালৈকে ক’ত ক’ত যে বিচৰণ কৰি ফুৰে ভাবিলে আচৰিত লাগে। এইখিনিতে মই ইণ্টাৰনেটত পঢ়া এটা সুন্দৰ  কাহিনী

Read more

শৰতৰ বৰ্ণনা-নৱশ্চাৰণজ্যোতি খাওন্দ

ঋতুৰাণী শৰৎ৷ স্নিগ্ধ শৰৎ৷ সুকোমল শৰৎ৷ শুকুলা মেঘ৷ শুভ্ৰ কহুৱা৷ দূৱৰিৰ দলিচাত সুশোভিত নিয়ৰসিক্ত শেৱালি৷গেৰ ঢৰা সেউজীয়া ধাননি৷ এই সকলোবোৰৰ সংমিশ্ৰণেই,শৰতৰ জলছবি৷প্ৰকৃতিৰ এই বিনন্দীয়া সাজোন কাচোনৰ উপৰিও,শাৰদীয় দুৰ্গোৎসৱ,নৱৰাত্ৰি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোসৱ,লক্ষ্মী পূজা, শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা আদি শৰৎকালীন অনেক উৎসৱে মানুহৰ মন-প্ৰাণ পুলকিত কৰি তোলে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত উল্লেখ কৰা অনুযায়ী ‘শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন’ৰপৰা ধৰি সুধাকণ্ঠই কণ্ঠ নিগৰোৱা ‘শাৰদী ৰাণী তোমাৰ হেনো নামাতুমি যে বুকুৰ আপোন’ ইত্যাদি অনেক শৰৎ বৰ্ণনাই অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি তুলিছে৷

Read more

মই কাপুৰুষ নহয়-প্ৰদীপ বৰা

২০১০ চনতে ভাগ্যপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  পৰা অৱসৰ গ্ৰহণ কৰা ৰাজ্যিক কৃতী শিক্ষকৰ  সন্মান  পোৱা  অধ্যক্ষ  ভৱানী বল্লভ গোস্বামীয়ে  বোৱাৰী পুৱাতে  বিছনা ত্যাগ কৰি  জুহালত অলপ পানী গৰম কৰি মুখ ধুই  এগিলাচ গৰম পানী খাই  শাকনিবাৰীত সোমাই  কেইটামান পাচলি ছিঙি আনিলে। হেণ্ডালিত থকা লতাজাতীয় পাচলিৰ গছবিলাকৰ বুঢ়া পাতবিলাক কাটি পেলালে ৷  তাৰ পিছত কিছুসময় বাৰাণ্ডাৰ আৰামী চকীখনত গাটো এৰি দি কিছুমান বেবেৰিবাং চিন্তাৰ জগতখনৰ মাজত কুৰুকি কুৰুকি সোমাই পৰিল। মোবাইলটোত তেতিয়া সময়  ৭ বাজি ৩৫ মিনিট । বহুত দিনৰ মূৰত 

Read more

শিশু সকলৰ সাধু শুনাৰ প্ৰয়োজনীয়তা -কমলা দাস

বৰ্তমান যুগত শিশুসকলৰ উপযোগী বহুতো কিতাপ-পত্ৰ, দেশ, বিদেশৰ কাহিনীৰ কাৰ্টুন ছবি আদি সামাজিক মাধ্যমত সুলভ যদিও সাধুকথা শুনাৰ প্ৰয়োজনীয়তা কেতিয়াও  নুই কৰিব নোৱাৰি। কাহিনী এটা চোৱা আৰু শুনাৰ মাজত বহুতো পাৰ্থক্য আছে।  চোৱা কাহিনীত যি দেখুৱায় তাকেহে চাবলৈ পায়। কিন্তু যেতিয়া শ্ৰৱণ কৰে, তেতিয়া কাহিনীৰ লগত শিশুৰ মনো সমানে আগুৱাই গৈ কল্পনাৰ জগতখনত বিচৰণ কৰি ফুৰে।  শিশুৰ মনৰ জগতখন অতি কোমল। কোমলতে বাঁহ ভাজ লোৱাৰ নিচিনাকৈ শিশুসকলকো কুমলীয়া বয়সতে দিয়া শিক্ষা মনৰ স্মৃতি কোঠাত সঞ্চিত হৈ ৰৈ যায়।  ভাল শিক্ষা

Read more

 সন্তানৰ চৰিত্ৰ গঠনত পিতৃ-মাতৃৰ দায়িত্ব-অনামিকা কলিতা

সন্তানৰ চৰিত্ৰ গঠন আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত পৰিয়ালৰ স্থান আগত আৰু পিতৃ-মাতৃ হ’ল প্ৰধান শিক্ষক। ঘৰখনেই মূল আধাৰ আৰু পিতৃ-মাতৃ হ’ল প্ৰধান গুৰু, তেওঁলোকৰ অৱদান অতুলনীয়।  শিশুৰ জন্মৰ পিছৰপৰাই পাঁচ বছৰ বয়সলৈ ৯০% বিকাশ হয়। গতিকে এই সময়খিনিত শিশুৰ বিকাশ পূৰ্ণগতিত হয়, তাৰ বাবে সু-পৰিকল্পিতভাৱে শিশুটিৰ তদাৰক কৰিব লাগে, এই ক্ষেত্ৰত মাকৰ দায়িত্ব অধিক।  শিশুটোৰ প্ৰাথমিক আৰু মৌলিক চাহিদা পূৰণৰ লগে-লগে সিহঁতৰ মানসিক-দৈহিক গঠন, ৰুচি, প্ৰবৃত্তি, বিশ্বাস, ধাৰণাৰ সম্যক জ্ঞানৰ স্বৰূপ পূৰ্ণ বিকশিত হয় আৰু তাৰ ধ্যান ৰখাৰ দায়িত্ব মাক-দেউতাকৰ।

Read more

আধুনিক প্ৰযুক্তি আৰু বৰ্তমান সমাজ-পৰিস্মিতা গোস্বামী

বৰ্তমান যুগটো হৈছে আধুনিকতাৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ৷ বিজ্ঞানৰ ন ন উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যাৰ বহুল প্ৰয়োগে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাত প্ৰভূত পৰিমাণে বৰঙণি যোগাইছে। প্ৰযুক্তিবিদ্যাৰ নিত্য নতুন কৌশলসমূহে সভ্যতাৰ বিকাশ ঘটাই মানুহৰ চিন্তাধাৰা, আদৰ্শ, লক্ষ্য, উদ্দেশ্য, মূল্যবোধ, নৈতিকতা আৰু পৰিৱেশ আদিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ কাৰণে মানুহৰ দৃষ্টিভংগী আৰু জ্ঞানৰ পৰিসৰ প্ৰসাৰত বাৰুকৈয়ে উৎসাহিত কৰিছে। বিশেষকৈ আধুনিকতাৰ প্ৰভাৱত শিক্ষাৰ দিশতো উন্নতি হৈছে। নাৰী শিক্ষা আধুনিক সমাজৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু আধুনিকতাই এই দিশটোক আগুৱাই লৈ

Read more
1 2